শীতকালত ছালৰ যতনৰ বাবে কেইটামান টিপছ
শীতকালত আমাৰ ছালখন অলপ বেছিকৈ যত্ন
লোৱাৰ প্ৰয়োজন হয়। এই ঋতুবোৰত মইশ্ব’ৰাইজাৰ লগোৱাৰ পৰা আৰম্ভ কৰি মৃদু চাবোন
ব্যৱহাৰ কৰালৈকে আন বহু বস্তুৰ যত্ন ল’ব লাগে। শীতকালত ছালৰ বিশেষ যত্ন ল’বলৈ কি
কি বস্তুৰ প্ৰয়োজন আৰু কি কি বস্তুৰ পৰা আঁতৰি থাকিব লাগে সেই বিষয়ে কিছু জানো
আহকঁ।
শীতকালত আমি ছালৰ প্ৰাকৃতিক তেল হেৰুৱাই পেলায় আৰু শীতকালত গা ধুবলৈ সঠিক উপায় হ’ল নূন্যতম পৰিমাণৰ চাবোন আৰু কুহুমিয়া গৰম পানীৰ ব্যৱহাৰ। অতি গৰম পানী ব্যৱহাৰ কৰা ৰ পৰা দূৰত থাকিব, বেছি সময় পানীত নাথাকিব। কেৱল এয়াই নহয়, গা ধোৱাৰ পিছত কেৱল আৰ্দ্ৰ ছালত মইশ্ব’ৰাইজাৰ বা তেল লগাওক, তেতিয়া ই ভালদৰে শোষণ কৰে।
ৰাতি শুৱাৰ আগতে ডিপ মইশ্ব’ৰাইজাৰ
ট্ৰিটমেণ্ট কৰক
শীতকালত সাধাৰণ মইশ্ব’ৰাইজাৰৰ সলনি অইল
ভিত্তিক মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপোনাৰ ছালৰ অধিক শুকান অংশ যেনে
কঁকাল, আঁঠু, ওঁঠ
আদি ভাল হয়। কপাহী মোজা আৰু গ্ল’ভছেৰেও হাত-ভৰি ঢাকিব পাৰে যাতে মইশ্ব’ৰাইজাৰ ওৰে
ৰাতি থাকে।
প্ৰচুৰ পৰিমাণে পানী খাব লাগে
ছালৰ বাহ্যিক যত্ন লোৱাৰ লগতে
আভ্যন্তৰীণ যত্নও নাপাহৰিব। ইয়াৰ বাবে হাইড্ৰেটেড হৈ থাকক। যেতিয়া ছালখন
হাইড্ৰেটেড হৈ থাকে তেতিয়া নিজেই সুস্থ দেখা যায় আৰু শুকান হোৱাৰ কোনো সমস্যা
নাথাকে। ইচ্ছা কৰিলে এই ঋতুৰ বাবে আপোনাৰ ঘৰত হিউমিডিফায়াৰো স্থাপন কৰিব পাৰে। ই
আপোনাক ঘৰৰ ভিতৰৰ শুকান পৰিৱেশৰ পৰা ৰক্ষা কৰিব।
ছানস্ক্ৰীন আৰু ক্লিনজাৰ পাহৰি নাযাব
শেষত ছালখন শুকান হোৱাৰ পৰা ৰক্ষা
কৰিবলৈ ক্লিনজাৰ সলনি কৰিব লাগে। এই বতৰত গ্ৰীষ্মকালীন ক্লিনজাৰ ব্যৱহাৰ নকৰিব।
ইয়াৰ ফলত ছালখন আৰু অধিক শুকান হ’ব। বিশেষভাৱে শীতকালৰ বাবে নিৰ্মিত মৃদু
ক্লিনজাৰ ব্যৱহাৰ কৰক। ইয়াৰ লগতে ৰ’দত ওলাই যাওক বা ঘৰতে থাকক,
কিন্তু ছানস্ক্ৰীণ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। UV
ৰশ্মিয়ে প্ৰতিটো ঋতুতে ছালৰ ক্ষতি কৰে।
নাৰিকল তেল
আৰ্দ্ৰতা ধৰি ৰখাত নাৰিকল তেল সৰ্বোত্তম
বুলি গণ্য কৰা হয়, গা ধোৱাৰ পিছত ছালত
লগাব পাৰে। ইয়াৰ বাবে গা ধোৱাৰ এঘণ্টা আগতে ছালত নাৰিকল তেল লগাই কিছু সময় মালিচ
কৰি তাৰ পিছত গা ধুব, ছাল শুকান নহয়।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments