29 March, Fri 2024
support@thecriticalscript.com
Blog image

সংকটত মোডী চৰকাৰ

09 Jan,2020 05:54 PM, by: Super Admin
1 minute read Total views: 1074
0 Like 5.0

আজিৰ পৰা প্ৰায় পাঁচ বছৰৰ পূৰ্ৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশাল জন-সমাৱেশৰ আগত সম্বোধন কৰি কৈছিল যে “ভাৰতবৰ্ষত অচ্ছে দিনৰ আগমন ঘটিছে”। কিন্তু, সাম্প্ৰতিক কালত বিৰ্তকৰ মূল ভিত্তিয়ে হৈছে “মোডী চৰকাৰৰ অচ্ছে দিন”। বৰ্তমান সময়ত প্ৰায়ভাগ জনসাধাৰণৰ চকুত প্ৰশ্ন-“অচ্ছে দিন ক’ত”? পেট্ৰ’ল, ডিজেলৰ মূল্য কমক চাৰি বৃদ্ধি হ’বহে ধৰিছে। ইয়াৰ লগে-লগে বাঢ়ি গৈছে নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ মূল্য, ৰন্ধন গেছৰ মূল্য, বাছৰ ভাড়াৰ মূল্য।

বিজেপি দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে মোডী চৰকাৰৰ জনমূখী আঁচনিবোৰৰ বিষয়ে সমগ্ৰ দেশতে প্ৰচাৰ চলাবলৈ দলীয় কৰ্মীসকলক বিশেষকৈ প্ৰচাৰ কোষৰ সদস্যসকলক নিৰ্দেশ দিয়াৰ বাতৰি পোৱা গৈছে। ইয়াৰ অৰ্থ এয়ে যে তেওঁলোক পাঁচ ৰাজ্যৰ বিধানসভা আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনক লৈ সন্ত্ৰষ্ট হৈ পৰিছে। শাসক দল হিচাপে স্বাভাৱিকতে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ বাবে প্ৰতিষ্ঠানবিৰোধী ঢৌৰ প্ৰৱল প্ৰত্যাহ্বান থাকিবই। কিন্তু, সামগ্ৰিকভাৱে মোডী চৰকাৰৰ কাম-কাজক লৈ জনসাধাৰণ বিতুষ্ট হোৱা দেখা গৈছে।

মিজোৰামৰ দৰে ৰাজ্যত শাসকীয় কংগ্ৰেছক পৰাভূত কৰিবলৈ বিজেপীয়ে আঞ্চলিক দলৰ সৈতে লগ-লাগি কংগ্ৰেছমুক্ত ভাৰতৰ শ্ল’গান দিছে। ইফালে তেলেংগনাত বিজেপিয়ে এতিয়াও এককভাৱে দলৰ সাংগঠনিক স্থিতি কাৰোবাক প্ৰত্যাহ্বান জনোৱাৰ জোখেৰে শক্তিশালী কৰিব পৰা নাই।

দেশৰ আগশাৰীৰ সংবাদ সংস্থা এবিপিচি ভোটাৰৰ প্ৰাকনিৰ্বাচনী সমীক্ষাতো এই কথা প্ৰকাশ পাইছে। এই সমীক্ষা অনুসৰি ছত্তীশগঢ়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানতো বিজেপিয়ে ক্ষমতা হেৰুৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

কেন্দ্ৰত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনৰ ক্ষমতালৈ অহা মাত্ৰ পাঁচ বছৰ সম্পূৰ্ণ নহওঁতে দেশৰ জনসাধাৰণ অতিষ্ট হোৱা দেখা গৈছে। অতি সহজতে অভিমত দাঙি ধৰিছে যে ‘অচ্ছে দিনৰ বিপৰীতে বুৰে দিনহে আহিল’। এই ক্ষেত্ৰত জনসাধাৰণে বহুত খৰতকীয়া সিদ্ধান্ত লোৱা দেখা গৈছে।

প্ৰত্যেক চৰকাৰে জনসাধাৰণৰ পৰা কৰ আদায় কৰে। মোডী চৰকাৰে জনসাধাৰণৰ পৰা আদায় কৰা মূল্যৰে জনসাধাৰণৰ  হিতৰ বাবে কাম কৰিছে । দেশখনৰ বিভিন্ন ঠাইত ঘাই-পথ নিৰ্মাণ কৰি আছে, দেশখনৰ আন্তঃগাঠনিৰ কাম কৰি আছে।

জনসাধাৰণে খৰতকীয়া নকৰি ভাল-বেয়া উভয় দিশৰ পৰা নিজৰ অভিমত ব্যক্ত কৰা উচিত।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

1 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.