29 March, Fri 2024
support@thecriticalscript.com
Blog image

অসমৰ ভৱিষ্যত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক

10 Jan,2020 12:35 PM, by: Super Admin
1 minute read Total views: 737
0 Like 0.0

সাম্প্ৰতিক সময়ত অসমৰ এক সৰ্বত্ৰ চৰ্চিত বিষয়- “নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬”। নাগৰিকত্ব বিধেয়ক ২০১৬ ৰ বিৰোধ তুংগত উঠিছে। এই বিধেয়ক বিৰোধ নকৰাসকলক অসম-অসমীয়াৰ শত্ৰু ৰূপে পৰিগণিত কৰাৰ চেষ্টা প্ৰতিহত ৰাখিছে। এনেকুৱা এটা ধাৰণাৰ সৃষ্টি হৈছে যে অসম-বাংলাদেশৰ সীমান্তত বাংলাদেশৰ সকলো হিন্দু অসমত প্ৰৱেশ কৰিবলৈ সাজু হৈ আছে, বিধেয়কখন গৃহীত হ’লেই তেওঁলোক অসমত সোমাই আহিব আৰু তেতিয়া ভাষা-সংস্কৃতি লুপ্ত হৈ যাব। আমি আমাৰ আই-মাতৃৰ ভাষা ত্যাগ কৰি বঙালী ভাষাক আঁকোৱালি ল’ব লাগিব। মেখেলা-চাদৰ বিসৰ্জন দি শাৰী পিন্ধিব লাগিব। নিজৰ বাপতি-সাহোন বিহুটিকো পালন কৰিব নোৱাৰিম আৰু যদি বিহুৱেই উদযাপন কৰিব নোৱাৰো তেন্তে অসমীয়াৰ নিজস্বতা বুলি থাকিল কি? গতিকে, এই বিধেয়কখনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় নহ’লে অসমীয়া জাতিৰ বিলুপ্তি ঘটিব।

বিধেয়কৰ বিৰোধত নিৰ্বাচিত কিছু লোক ৰাজপথলৈ ওলাই আহিছে বিদেশীৰ নামত বঙালী হিন্দুৰ বিৰোধ কৰিবলৈ। কোন কোন ওলাই আহিছে? অসম আন্দোলন অৰ্থাৎ ৬ বছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত যিসকলে মুক্তভাৱেৰে বিৰোধিতা কৰিছিল, বিগত নিৰ্বাচনত বিজেপিক ভোট দিব নালাগে বুলি যিসকলে আহ্বান জনাইছিল যিটো গণতন্ত্ৰ বিৰোধী আৰু মত প্ৰকাশৰ স্বাধীনতাৰ পৰিপন্থী আছিল, যাৰ আন্দোলনে পেছা, জনসাধাৰণৰ হিতৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ লওঁতে যিসকলৰ স্বাৰ্থ বিঘ্নিত হৈছে আৰু চৰকাৰখনৰ পতন হ’লে যিসকলে নেতা হোৱাৰ বাসনা মনত পুহি ৰাখিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ ৰ লগত সম্পৰ্কিত বিভিন্নজনে বিভিন্নধৰণৰ উৰা বাতৰি উলিওৱাও সন্মুখলৈ আহিছে আৰু সেই উৰাবাতৰিসমূহৰ সত্যাসত্য বিচাৰ নকৰাকৈ জনসাধাৰণেও বিপথে পৰিচালিত হ’বলৈ ধৰা পৰিলক্ষিত হৈছে। কিন্তু, প্ৰকৃতাৰ্থত সেই উৰা বাতৰিসমূহৰ আঁৰত লুকাই থকা প্ৰকৃত সত্যনো কি? বাংলাদেশৰ পৰা ডেৰ কোটিৰো অধিক হিন্দু অসমলৈ আনিব বিচৰা হৈছে বুলি উলিওৱা কথাটোৰ মাজত লুকাই থকা সত্যনো কিমান? কিয়নো,২০১১ চনৰ লোকপিয়ল মতে, সমগ্ৰ বাংলাদেশতেই ডেৰ কোটি হিন্দু নাই। গতিকে, ডেৰ কোটি হিন্দু আনিব ক’ৰ পৰা? তদুপৰি, নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ গৃহীত হ’লে ভৱিষ্যতে বাংলাদেশৰপৰা কোনো নতুন হিন্দু আহিলেও নাগৰিকত্ব নাপাব, অন্যথা ১৯৫৫ চনৰ নাগৰিকত্ব আইন অনুসৰি ভৱিষ্যতলৈও এই বাট খোলা থাকিব।

অসমত বৰ্তমান মুছলমানৰ সংখ্যা ৩৪% আৰু অহা লোক গণনাত ৪০% হ’বগৈ। ইতিমধ্যে অসমৰ ৯খন জিলাত মুছলমানসকল সংখ্যাগুৰু। ১৯৭১ চনৰ ২৫ মাৰ্চ আৰু ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বাংলাদেশৰপৰা অহা হিন্দুৰ সংখ্যা আনুমানিক ২ লাখ। এই ২ লাখ মানুহ অসমত থকা স্বত্বেও অসমত জাতিগত সংকট হৈছে জানো?

বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি এটা ফৈদে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বেদখল উচ্ছেদ কৰোতে তাৰ প্ৰতিবাদত আন্দোলন কৰিছিল। আন এটা ফৈদে মুছলমান মৌলবাদী মাদানীৰ লগত দিল্লীত সভা পাতি মন্ত্ৰণা কৰি অসম ধ্বংসৰ পৰিকল্পনা কৰিছিল। এওঁলোকৰ এচামেই অসমত ৰোহিংগ্যা মুছলমানক মানৱতাৰ খাতিৰত প্ৰৱেশ কৰিবলৈ দিব লাগে বুলি দাবী জনাইছিল। এওঁলোকে অসম উদ্ধাৰ কৰিব?

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ গৃহীত হ’লে অসমীয়া ভাষালৈ গভীৰ সংকট নামি আহিব বুলি চলোৱা কথাষাৰ কিমান তাৎপৰ্যপূৰ্ণ? ১৯৭১ চনৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন বঙলা স্কুল স্থাপিত হৈছে? হাজাৰ-হাজাৰ মাদ্ৰাছাই অসমীয়া ভাষালৈ এদিন সংকট নমাই নানিবনে? গতিকে, কথাবোৰ যুক্তিৰে ভাবি ছোৱাৰ সময় সমাগত।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.