27 July, Sat 2024
support@thecriticalscript.com
Blog image

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ইয়াৰ উন্নতিকৰণ

24 Dec,2021 05:57 PM, by: Super Admin
1 minute read Total views: 386
1 Likes 0.0

  সাম্প্ৰতিক অসমৰ পৰিস্থিতি কেনে ধৰণৰ নকলেও হয়তো সকলোৱে বুজিছে। কৰ’না ভাইৰাছৰ আতংকই গ্ৰাস কৰি পেলাইছে সমগ্ৰ বিশ্ব। কৰ’নাত আক্ৰান্ত লোকৰ লক্ষণ সমূহ হ’ল, জ্বৰ, শুকান কাহ, পেশীৰ বিষ, ক্লান্তি ইত্যাদি। অস্ট্ৰেলিয়াৰ চিকিৎসা বিশেষজ্ঞৰ মতে কৰ’না ভাইৰাছে শৰীৰৰ প্ৰতিৰোধ ক্ষমতালৈ ভাবুকি কঢ়িয়াই আনে। গতিকে যিসকলৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তুলনামূলক ভাবে উন্নত, সেইসকল আৰোগ্য হৈ উঠিছে।

  গতিকে এই লেখাটো লিখাৰ মূল উদ্দেশ্যটোৱেই হৈছে শিশু তথা কিশোৰ-কিশোৰীকে ধৰি প্ৰাপ্ত বয়স্ক সকলৰ মাজত প্ৰতিৰোধ ক্ষমতা আৰু উন্নত কৰি তুলিবৰ বাবে সজাগতাৰ সৃষ্টি কৰা। নতুনকৈ জন্ম হোৱা এটি শিশুৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা ২-৩ মাহলৈ গঢ় লৈ নুঠে। সেয়েহে শিশুটি যাতে বেক্টেৰিয়া, ভাইৰাছৰ দ্বাৰা সংক্ৰমিত নহয় তাৰ বাবে সহায় কৰিব। যদি কোনো ব্যক্তিৰ সঘনাই জ্বৰ, চৰ্দি, কাহ, নিউমোনিয়া, ব্ৰংকাইটিচ, মেনিংগিটিছ, ছালৰ সংক্ৰমন, কানৰ তথা ছাইনাছৰ সংক্ৰমণ হয়, তেন্তে এইবোৰ হৈছে দুৰ্বল ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ লক্ষণ।

    ৰোগ প্ৰতিৰোধ ব্যৱস্থাই শৰীৰত থকা বা প্ৰৱেশ কৰা বিভিন্ন বেক্টেৰিয়া তথা ভাইৰাছৰ চিনাক্ত কৰি ধংস কৰে আৰু সুৰক্ষিত কৰি ৰাখে। এই ক্ষেত্ৰত শৰীৰৰ প্ৰতিৰোধ ক্ষমতা আৰু অধিক সফল কৰি তুলিবৰ বাবে শিশু তথা জেস্ঠসকলে কিছুমান সুস্হ অভ্যাস গঢ়ি তোলাৰ খুবেই প্ৰয়োজন আছে। তেনে কিছু অভ্যাস তলত উল্লেখ কৰা হ’ল।

১) সতেজ ফলমূলৰ সেৱন বেছিকৈ কৰিব।

২) টোপনি ক্ষতি নকৰি অন্তত ৬-৭ ঘন্টাকৈ শুব।

৩) দৈনিক ব্যয়াম কৰিব।

৪) শিশু সকলক মাতৃ দুগ্ধ পান কৰাব।

৫) সুৰাপান পৰাপক্ষত নকৰিব।

৬) শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিব।

৭) শিশুটিৰ লগতে নিজকো যিকোনো সংক্ৰমণৰ পৰা বচাব।

৮) খুব প্ৰয়োজন নহলে এন্টিবায়টিকছৰ সেৱন নকৰিব।

   খাদ্য ক্ষেত্ৰত বিশেষভাৱে মনোযোগ দিব লাগে শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থা সুস্থ ৰাখিবলৈ। প্ৰ’বায়টিক্স যুক্ত খাদ্য যেনে দৈ বা অন্য সংৰক্ষিত খাদ্য গ্ৰহণ কৰিব পাৰে। প্ৰ’বায়টিক্স সমূহ হ’ল এক ধৰনৰ অনুজীৱ যিবোৰ দৈ বা তেনেধৰণৰ সংৰক্ষিত কিছুমান খাদ্যত পোৱা যায়। প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ কেইবিধমান অতিকৈ পুষ্টিকৰ খাদ্যৰ নাম আৰু গুণাগুণ সমূহ উল্লেখ কৰা হ’ল-

দৈ: দৈয়ে কিছুমান শৰীৰোপযোগী বেক্টেৰিয়া বহন কৰে, যেনে- বাইফিড’বেক্টেৰিয়া, লেক্টিক এচিড বেক্টেৰিয়া। দৈ খালে হাঁড় মজবুত হয়। এন্টিবায়’টিকৰ ফলত শিশু সকলৰ হোৱা ডায়েৰিয়া দৈৰ দ্বাৰা ৰোধ কৰিব পৰা যায়। পৰাপক্ষত সক্ৰিয় আৰু live culture দৈ হে সেৱন কৰিব।

নেমু: নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন C, ফাইট’নিউট্ৰিয়েন্টছ আৰু ফাইবাৰ থাকে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন C ৰ প্ৰয়োজনীয়তা খুবেই বেছি। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পৰা দেখা গৈছে নেমুত থকা কিছুমান ফাইবাৰে শৰীৰত থকা প্ৰবায়’টিক্স যেনে বাইফিড’বেক্টেৰিয়াম ইত্যাদিৰ বৃদ্ধিত সহায় কৰে।

কল: কলত ফাইবাৰ, পটাছিয়াম, ভিটামিন B6, ভিটামিন C, ফাইট’নিউট্ৰিয়্ন্টছ আৰু এন্টি-অক্সিডেন্টছ থাকে। কল প্ৰিবায়’টিক্সৰ ভাল উৎস হয়। প্ৰিবায়’টিক্স এ প্ৰবায়’’টিক্স ক খাদ্য যোগান ধৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.