29 March, Fri 2024
support@thecriticalscript.com
Blog image

সীমা গুৰুত্বপূৰ্ণ নে মানবীয়তা?

09 Jan,2020 03:33 PM, by: Super Admin
1 minute read Total views: 772
1 Likes 0.0

সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষ বাংলাদেশৰপৰা অহা বাহিৰাগতৰে ভৰপূৰ হৈ আছে। বাংলাদেশীৰ ব্যাপক আগ্ৰাসনৰ পৰিণতিত জনগাঁথনিৰ পৰিৱৰ্তনৰ ধাৰা বৰ্তমানো অব্যাহত আছে যাৰ পৰিণতিত অসমত সংখ্যালঘূ হ’বলৈ ধৰিছে ৰাজ্যখনৰ খিলঞ্জিয়া জনসাধাৰণ। যিটো সময়ত বাংলাদেশৰপৰা ভাৰতলৈ বিভিন্ন লোকৰ আগমন ঘটিছিল, সেইসময়ত ভাৰত-বাংলাদেশ অবিভক্ত ৰূপত আছিল। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আগমনে বিভাজিত কৰাৰ পিছত অবৈধভাৱে বাংলাদেশৰপৰা ভাৰতলৈ মানুহৰ প্ৰব্ৰজন হ’বলৈ ধৰিলে।

বিভিন্ন অজুহাতত ভাৰতবৰ্ষলৈ আগমন ঘটিছিল বাংলাদেশৰপৰা বিভিন্ন লোকৰ। বিভিন্ন লোকে মন্তব্য কৰে যে, বাংলাদেশৰ সংস্কৃতি ভাৰতৰ বঙালীলোকসকলৰ সৈতে সাদৃশ্য আছে। সেইহেতু তেওঁলোকৰ বাবে ভাৰতত বসবাস কৰাটো সহজ হৈ পৰিছিল। বাংলাদেশৰ পৰা যিসকল লোক ভাৰতলৈ আহিছিল তেওঁলোকৰ বেছিভাগৰে অভিপ্ৰায়  আছিল জীৱিকাৰ সন্ধান কৰা। তেওঁলোকৰ বেছিভাগেই অৰ্থনৈতিক নিৰাপত্তাৰ লগতে ধৰ্মীয়তাৰ ভিত্তিত ইয়ালৈ আগমন কৰিছিল।

ভাৰতত প্ৰৱেশ কৰা অবৈধ বাহিৰাগত ৰহিংগ্যা সম্প্ৰদায় লোকেও ভাৰতবৰ্ষখনক ভাৰসাম্যহীন কৰি তুলিছে। ২০১৬-১৭ চনত হোৱা সংকটৰ পূৰ্ৱে প্ৰায় ১০ লাখ ৰহিংগ্যা ম্যানমাৰত আছিল। ১৯৬২ চনত ম্যানমাৰ মিলিটেৰী ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ পিছত যিবোৰ উপদ্ৰৱ হৈছিল তাৰ সন্মুখীন হৈছিল ৰহিংগ্যা সম্প্ৰদায়। বৰ্তমান, ৰহিংগ্যাক অবৈধ বহিৰাগতৰূপে গণ্য কৰা হয়। ৰহিংগ্যা লোকসকল যিকোনোধৰণৰ সামাজিক সেৱাসমুহ লাভ কৰাৰ পৰাও বঞ্চিত, যিহেতু তেওঁলোকক আইনৰ অধীনত গণ্য কৰা নহয়।

ৰহিংগ্যা শৰণাৰ্থীসকল সমাজ আৰু ৰাষ্ট্ৰ উভয়ৰে বাবে বিপদজনক। এই সম্প্ৰদায়ৰ লোকসকল প্ৰথমতে ভাৰতলৈ শৰণাৰ্থীৰূপে প্ৰৱেশ কৰিবলৈ বিচৰা নাছিল। অসম তথা ত্ৰিপুৰাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে এই বিষয়ত নিশ্চিত হৈ ঘোষণা  কৰিছিল যে, এই সম্প্ৰদায়ৰ লোকসকলে কেৱল মাত্ৰ বাংলাদেশত প্ৰৱেশ কৰিবলৈহে বিচাৰিছিল। কিন্তু, বৰ্তমান ভাৰতবৰ্ষত ৰহিংগ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰা পৰিলক্ষিত হৈছে।

অন্যহাতে, একেই পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছিল ইউ.এছৰ জনসাধাৰণ। বিভিন্ন সময়ত বিভিন্ন লোক মেস্কিকোৰ পৰা ইউ.এছ লৈ প্ৰব্ৰজন কৰিছিল। বাহিৰাগমন হোৱাৰ মূলতেই আছিল অৰ্থনৈতিক স্থিতিৰ অৱনতি। বিশেষকৈ দুখীয়া লোকসকলে উন্নত-মানদণ্ডৰ জীৱন বিচাৰি, নিৱনুৱা সমস্যাৰ অৱসান বিচাৰি ইউ.এছ ৰ লগতে আন-আন দেশলৈ প্ৰব্ৰজন কৰিছিল।  মেস্কিকোৰ পৰা প্ৰব্ৰজনৰ আৰম্ভণি প্ৰায় এক শতাব্দীৰ পূৰ্ৱে হোৱা বুলি অভিহিত কৰিব পাৰি।

মেস্কিকোৰ জনসংখ্যাৰ প্ৰায় ৯৮%  লোক ইউ.এছত বাস কৰে। সাধাৰণতে, যিবোৰ লোক মেস্কিকো ত্যাগ কৰি ইউ.এছ লৈ প্ৰব্ৰজন কৰিছে, তেওঁলোক অতিশয় নিম্ন শ্ৰেণীৰ লোক। পুৰুষসকলে ইউ.এছত জীৱিকাৰ  উৎস নিৰ্ধাৰণ কৰি নিজৰ নিজৰ পৰিয়াললৈ ধন প্ৰেৰণ কৰে, যিখিনি ধনেৰে মহিলাসকলে পৰিয়াল চলাবলৈও অসমৰ্থ হয়।

একেদৰেই, বেপাৰ-বাণিজ্য, সুৰক্ষা তথা বাহিৰাগতৰ আগমনৰ ফলত হোৱা কিছুমান পৰিৱৰ্তনে বিভেদৰ সৃষ্টি কৰাৰ বাবে ব্ৰিটেইন ইউৰোপীয়ান ইউনিয়নৰ পৰা ফালৰি কাটি আহিব বিচাৰিছিল, যাৰ ফলত সৃষ্টি হৈছিল ‘ব্ৰিক্সিট’ ৰ। ইয়াৰ মূলতেই আছিল ইউৰোপীয়ান ইউনিয়নত যিবোৰ শৰণাৰ্থীয়ে বাস কৰিছিল, তেওঁলোকৰ পৰা ব্ৰিটেনিয়ানসকল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তেওঁলোকৰ মনত সংকটৰ সৃষ্টি হৈছিল যে শৰণাৰ্থীসকলে তেওঁলোকৰ অধিকাৰ তথা অৰ্থনৈতিক প্ৰতিপত্তি কাঢ়ি ল’ব।

উগ্ৰ জাতীয়তাবাদী ভাৱধাৰাৰে মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ইছলামিক সন্ত্ৰাসবাদীসকলে। বিশেষকৈ ইৰাক, আফগানিস্তান, নাগেৰিয়া, পাকিস্তান আৰু ছিৰিয়াত। শেহতীয়াকৈ, উগ্ৰ-জাতীয়তাবাদী ভাৱধাৰাৰে জনসাধাৰণক ভিতিগ্ৰস্ত কৰা ঘটনা কেৱলমাত্ৰ আফ্ৰিকা আৰু এছিয়াৰ মুছলমান সংখ্যাগৰিষ্ঠ দেশসমুহতে সীমাবদ্ধ হৈ থকা নাই। এনেকুৱা ধৰণৰ ঘটনা ইউৰোপীয়ান ইউনিয়ন, ৰুছিয়া, অষ্ট্ৰেলিয়া, কানাডা, ইউ.কে আদিলৈও বিস্তাৰিত হৈছে। ইয়াৰ বাবে ভিন্ন-ভিন্ন ঠাইৰপৰা বিভিন্ন লোক নিজৰ স্থানসমুহ ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছে।  দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত ইউৰোপে অধিকাংশ শৰণাৰ্থীৰ সন্মুখীন হ’ব লগা হৈছিল। এইক্ষেত্ৰত নাটোই সেই শৰণাৰ্থীসমুহৰ প্ৰতি অধিক সহায়তা আগবঢ়াইছিল।

মানৱ ধৰ্মই পৰম ধৰ্ম। কিন্তু, কথাষাৰ কিমান প্ৰযোজ্য? যদি মানৱীয়তাই পৰম ধৰ্ম হয়, তেন্তে সীমাৰ বিষয়টো অপ্ৰাসংগিক হৈ পৰে। ইতিবাচকভাৱে বিশ্লেষণ কৰিলে বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক বিভিন্ন কাৰণত যেনে- টকাৰ নাটনিত, জীৱিকাৰ অভাৱত বিভিন্ন ঠাইলৈ স্থানান্তৰ কৰা দেখা যায়। তাৰ ভিতৰত কিছুমান মানুহ উভতি আহে আৰু কিছুমান সেই ঠাইতেই থাকি যায়। কিন্তু, নেতিবাচক দিশৰপৰা বিশ্লেষণ কৰিলে অভিহিত কৰিব পাৰি যে, ইয়াৰ ফলত সেই দেশখনৰ বা ঠাইখনৰ জনসংখ্যাৰ ভাৰসাম্যতা ৰক্ষা কৰাটো কঠিন হৈ পৰে। যাৰ ফলত সেই ঠাইৰ স্থানীয় লোকে নিৱনুৱা সমস্যাকে আদি কৰি বিভিন্নধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হয়।  

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.