06 July, Sun 2025
support@thecriticalscript.com
Blog image

ধীৰ গতিত ( Slow Living)জীৱন: আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা!

04 Jul,2025 05:41 PM, by: Ankita Gogoi
1 minute read Total views: 45
0 Like 0.0

আজি আমাৰ জীৱন এক অবিৰত দৌৰ। পুৱা উঠিয়েই মোবাইল চোৱা, সোনকালে খাই কামলৈ দৌৰা, ৰাতিপুৱাৰ পৰা নিশালৈকে কামত ব্যস্ত। এইবোৰেই হ’ল আমাৰ দৈনন্দিন অভ্যাস।

কেতিয়াবা আপুনিও নিজক প্ৰশ্ন কৰে নে?

"মই ক'লৈ দৌৰি আছোঁ?"

"এইদৰে দৌৰি থাকোতেই জীৱন শেষ হৈ যাবনে?"

এই ভাবনাৰ উত্তৰেই হৈছে — ধীৰে গতিত জীৱন যাপন, বা ইংৰাজীত কোৱা Slow Living।


"ধীৰ গতিত( Slow Living) জীৱন-যাপন" মানে কি?

"স্লো লিভিং" মানে হৈছে এক জীবনশৈলী য'ত মানুহে নিজৰ জীৱনৰ গতিত কিছু পৰিৱৰ্তন আনি, অধিক সচেতনভাৱে আৰু আনন্দৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰে। ইয়াত দৌৰা দৌৰি নকৰি নিজৰ কামবোৰ বুজি-শুনি নিজৰ ওপৰত গুৰুত্ব দিয়া হয়। 

 Slow Living ৰ লাভ

1. মানসিক শান্তি:

যেতিয়া আপুনি এনেদৰে জীৱন জীয়াব আৰম্ভ কৰে, মগজুয়েও বিশ্ৰাম পায়। টেনচন আৰু চিন্তাৰ পৰিমাণ কমে।

2. সম্পর্ক উন্নত হয়:

Slow Living এ আপোনাক আপোনজনৰ সৈতে এক গভীৰ সময় কটোৱাত সহায় কৰে।

3. স্বাস্থ্যৰ উন্নতি:

বাহিৰৰ ফাষ্টফুডৰ সলনি ঘৰুৱা খাদ্য খোৱা, অলপ খোজ কঢ়া, ধ্যান কৰাৰ দৰে অভ্যাসে আপোনাৰ স্বাস্থ্য উন্নত কৰে।

4. প্ৰকৃতিৰ সৈতে সংযোগ:

বতাহৰ শব্দ শুনা, বৰষুণৰ সুৱাস লোৱা, গছৰ ছাঁত বহি কিতাপ পঢ়া, এইবোৰে আপোনাক সঁচাকৈ জীয়াই থকা এক সুন্দৰ অনুভৱ কৰায়।

Slow Living কেনেদৰে আৰম্ভ কৰিব?

পুৱা উঠিয়েই মোবাইল চোৱা এৰক

প্ৰতি দিন কিছু সময় নিজৰে সৈতে অতিবাহিত কৰক

অলপ সময় লৈ মনোযোগেৰে খোৱা

সামাজিক মাধ্যমত সময় সীমিত কৰক

প্ৰত্যেক কথাত "হয়" নকয়, "নহয়" ক'ব শিকক।

গুণগত সময়:

কম কাম কৰিও ভালদৰে কৰা, আৰু সেই কামৰ পৰা সন্তুষ্টি লাভ কৰা।

শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়া, যেনে যোগ বা ধ্যান কৰা।


Slow Living এটা “ট্ৰেণ্ড” নহয়।এইটো হৈছে জীৱনক সঁচাকৈ অনুভৱ কৰাৰ এক শিল্প।যেতিয়া আপুনি সময়ৰ গতিত নহয়, এনেদৰেই জীয়াব, তেতিয়াহে সঁচা সুখ অনুভৱ কৰিব।তেন্তে আজিৰ পৰা অলপ ধীৰ গতিৰে জীয়াওক, নিজক , আপোনজনক সময় দিয়ক।"Slow living"ৰ দ্বাৰা মানুহে নিজৰ জীৱনৰ গুণগত মান উন্নত কৰিব পাৰে আৰু এক সুখী জীৱন যাপন কৰিব পাৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.