তেজপুৰৰ ঐতিহ্যমণ্ডিত বামুণী পাহাৰ
ঐতিহ্যমণ্ডিত বামুণী পাহাৰ তেজপুৰৰ অন্যতম। তেজপুৰৰ বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত পাহাৰ হ’ল বামুণী পাহাৰ৷তথ্য অনুসৰি খ্ৰীষ্টীয় নৱম আৰু দশম শতিকাৰ মন্দিৰৰ ভগ্নাৱশেষ সংৰক্ষণ কৰা আছে এই বামুণী পাহাৰত ৷ এই পাহাৰত ফুল কটা অসংখ্য সুন্দৰ আকৃতিৰ শিলাখণ্ড দেখিবলৈ পোৱা যায়৷ সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ দুয়োকাষে আছে বিভিন্ন প্ৰকাৰৰ গছ-লতিকা৷ বামুণী পাহাৰৰ বক্ষ সুশোভিত কৰি ৰাখিছে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদিয়ে৷ ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নান্দীমুখ আদিও দেখিবলৈ পোৱা যায়৷
প্ৰবাদ আছে যে বামুণী পাহাৰত থকা শিলত কটা লতাফুল, দীঘলীয়া শিল আৰু খুঁটাসমূহে বাণৰ জীয়াৰী ঊষাৰ তাঁতশালৰ দোৰ্পতি, টোলোঠা আদিক বুজায় ৷ পাহাৰটোক ‘ঊষা পাহাৰ’ বুলিও কোৱা হয় ৷ বামুণী পাহাৰ, ওচৰতে থকা লুথেৰান চাৰ্চত থকা টিলা আৰু ভৈৰৱী মন্দিৰক সামৰি মুঠতে সাতটা মন্দিৰ আছিল বুলি জনা যায় ৷ এই ধ্বংসৱাশেষবোৰ এটা ঢিপৰ ওপৰত আছে আৰু চাৰিওফালে আয়তাকাৰ দেৱালে ঘেৰি আছে ৷এক পঞ্চযতন মন্দিৰৰ বুলি অনুমান কৰা এই ধ্বংসৱাশেষবোৰ এটা ঢিপৰ ওপৰত আছে আৰু চাৰিওফালে আয়তাকাৰ দেৱালে ঘেৰি আছে। এইসমূহ শালস্তম্ভ ৰাজবংশৰ পাছৰ শাসকসকলৰ সময়ৰ হ'ব পাৰে।[2] নৰসংহ, পৰশুৰাম, ৰাম আদি দশাৱতাৰৰ ছবি থকা এক ভাস্কৰ্যৰ পৰা অনুমান কৰা হয় যে এই মন্দিৰটো বিষ্ণুৰ উপসনাস্থল আছিল। মজিয়া আৰু পদপথৰ অৱশেষৰ পৰা বুজিব পাৰি যে বিষ্ণুৰ কেন্দ্ৰীয় উপাসনা স্থল ঢিপটোৰ ওপৰত আৰু শিৱ মন্দিৰবোৰ চৌপাশে চাৰিওটা কোণত অৱস্থিত আছিল। ইয়াৰ কেইবাটাও স্তম্ভ আৰু ভাস্কৰ্য চিত্ৰলেখা উদ্যানলৈ তুলি নিয়া হৈছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments