পদ্মশ্ৰী হেলি ৱাৰ: যিজনে বহু বছৰ ধৰি মেঘালয়ৰ 'Living Root Bridge' ঐতিহ্য ৰক্ষা কৰি আহিছে!
হেলি ৱাৰ, মেঘালয়ৰ ছিজ গাঁৱৰ এজন সন্মানীয় পৰিবেশবিদ আৰু কৃষক। খাছি সমাজৰ প্ৰাচীন পৰম্পৰা “লিভিং ৰুট ব্ৰিজ” (জীৱন্ত শিপাৰ দলং) সংৰক্ষণ আৰু লালন-পালনত ৫০ বছৰতকৈ অধিক সময় ধৰি আগবঢ়োৱা অনন্য অৱদানৰ বাবে তেওঁক ২০২৬ চনত সন্মানীয় পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।
মেঘালয়ৰ চোহৰা ছিজ গাঁৱৰ হেলি ৱাৰ পেছাত এজন কৃষক তেওঁ পান-তামোল, জালুক আৰু বিভিন্ন ধৰণৰ ফলৰ খেতি কৰে, লগতে প্ৰকৃতি আৰু পৰম্পৰাগত জ্ঞানৰ ৰক্ষক হিচাপেও কাম কৰি আহিছে।
মাত্ৰ ১০ বছৰ বয়সৰ পৰাই তেওঁ ককাকৰ পৰা অনুপ্ৰাণিত হৈ ৰবৰ গছৰ শিপাৰ পৰা জীৱন্ত শিপাৰ দলং গাঁথিবলৈ শিকিছিল। তেওঁৰ এই জৈৱ-প্ৰযুক্তিগত কৰ্মই অঞ্চলটোৰ পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে মেঘালয়ৰ পৰ্যটন উদ্যোগলৈ বিপুল অৰিহণা যোগাইছে, যাৰ বাবে বৰ্তমান দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটক এইসমূহ চাবলৈ আহে।
এই সন্মান লাভ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি হেলি ৱাৰ ডাঙৰীয়াই কয়, পান-তামোল, জালুক আৰু বিভিন্ন ধৰণৰ ফলৰ খেতি কৰা এজন কৃষক হিচাপে মই প্ৰথমে ভগৱানক ধন্যবাদ জনাইছো যে তেওঁ মোক এই বঁটা লাভ কৰাৰ সুযোগ দিলে।এই বঁটাৰ বাবে মোৰ নাম বাছি লোৱাসকলৰ প্ৰতি মই অতিশয় সুখী আৰু কৃতজ্ঞ।”
স্থানীয় পৰম্পৰাৰ ওপৰত ভিত্তি কৰি স্থায়ী বৃক্ষৰোপণৰ প্ৰচেষ্টাৰ জৰিয়তে তেওঁ পৰিৱেশৰ বহনক্ষমতা আৰু সম্প্ৰদায়ৰ মংগলৰ বাবে অমূল্য অৱদান আগবঢ়াইছে। আধুনিক পৰিৱেশগত প্ৰয়োজনীয়তা পূৰণৰ বাবে পৰম্পৰাগত জ্ঞানক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তেওঁ তাৰে এক উদাহৰণ।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments