21 November, Fri 2025
support@thecriticalscript.com
Blog image

গ্ৰাম’ফোন ৰেকৰ্ড - অসমীয়া সংগীতৰ মাইলৰ খুঁটি

21 Nov,2025 06:01 PM, by: Ankita Gogoi
1 minute read Total views: 60
0 Like 0.0

অসমীয়া সংগীত জগতৰ সুন্দৰ ইতিহাসক আগবঢ়োৱা অন্যতম গুৰুত্বপূর্ণ পৰিচয় হ’ল অসমীয়া গ্ৰামোফোন ৰেকৰ্ড। প্ৰযুক্তি আৰু আধুনিকতাৰ প্ৰভাৱত ক্ৰমাৎ ইতিহাস হৈ পৰিল গ্ৰাম'ফোন ৰেকৰ্ড ৷ নতুন প্ৰজন্মৰ বাবে গ্ৰাম'ফোন ৰেকৰ্ড অপৰিচিত হ'লেও ই অসমৰ সংগীত জগতৰ মাইলৰ খুঁটিস্বৰূপ ৷ উল্লেখযোগ্য যে ভাৰতৰ প্ৰথম গ্ৰামোফোন ৰেকৰ্ড বজাৰত ওলাইছিল ১৯০২ চনত, আৰু অসমৰ বজাৰত প্ৰথম গ্ৰামোফোন ৰেকৰ্ড আহিছিল ১৯২৪ চনত।

আধুনিক প্ৰযুক্তিৰ বিকাশত আজিৰ যুগে গ্ৰামোফোন ৰেকৰ্ড ব্যৱহাৰ কৰা বন্ধ কৰিছে যদিও, কেছেট বা ভিচিডিৰ পূৰ্বৰ সেই আগৰ দিনৰ সুৰ আজিও সংৰক্ষিত হৈ আছে এই গ্ৰামোফোন ৰেকৰ্ডসমূহতেই। ১৯২৪ চনৰ প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডত কন্ঠদান কৰিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ 

অসমীয়া সংগীতৰ এই ইতিহাস গঢ়িবলৈ গ্ৰামোফোন ৰেকৰ্ডে যে অপাৰ ভূমিকা পালন কৰিছে, সেই কথা আজিও প্ৰতিটো অসমীয়াই গৌৰৱ অনুভৱ কৰে। প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা মৰাণৰ উমানন্দ দুৱৰাৰ মতে, ১৯২৪ চনত কলকাতাতেই প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত ৰেকৰ্ড কৰা হৈছিল এই প্ৰথম অসমীয়া ভাষাৰ গ্ৰামোফোন ৰেকৰ্ডটো।

প্ৰফুল্ল চন্দ্ৰ বৰুৱাই ১৯২৪ চনত 'এইচএমভি' (HMV)ৰ সৈতে সহযোগী হৈ প্ৰথম অসমীয়া গ্ৰামাফোন ৰেকৰ্ড প্ৰকাশ কৰিছিল। তেওঁ অসমৰ সঙ্গীত জগতৰ আধুনিক যুগৰ পাতনি মেলিছিল। তেওঁৰ প্ৰচেষ্টাৰ ফলত অসমীয়া গীতসমূহ গ্ৰামাফোনৰ যোগেদি জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰে।সেই সময়ত চাৰিটা গীতত কন্ঠদান কৰিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাই ৷ দুখন গ্ৰাম’ফোন ৰেকৰ্ড বাণীবদ্ধ কৰা হৈছিল ৷ ইয়াৰে এখন ৰেকৰ্ড সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল মৰাণৰ শিল্পী উমানন্দ দুৱৰাই ।

মৰাণৰ উমানন্দ দুৱৰাই এটা বৃহৎ গ্ৰামাফোন ৰেকৰ্ডৰ সংগ্ৰহালয় স্থাপন কৰিছে, য'ত প্ৰায় ৫,০০০ পুৰণি অসমীয়া গ্ৰামাফোন ৰেকৰ্ড সংৰক্ষিত হৈ আছে। এই সংগ্ৰহত শিশু শিল্পী ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি জ্যোতি-বিষ্ণুৱে গোৱা গীতৰ ৰেকৰ্ডো অন্তৰ্ভুক্ত আছে।এই সংগ্ৰহালয়টোৱে অসমৰ সাংস্কৃতিক ইতিহাসৰ এক জীৱন্ত দলিল হিচাপে কাম কৰিছে আৰু ই অসমীয়া সংগীতৰ ধাৰাৱাহিকতা জীয়াই ৰাখিছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.