11 February, Wed 2026
support@thecriticalscript.com
Blog image

ৰাভাসকলৰ বায়খো উৎসৱ!

10 Feb,2026 05:43 PM, by: Ankita Gogoi
1 minute read Total views: 41
0 Like 0.0

বায়খো উৎসৱ ৰাভাসকলৰ  এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত উৎসৱ। ৰাভাসকলৰ বাইখ দেৱী হৈছে লক্ষ্মী দেৱী।এই উৎসৱ বহাগ বা জেঠ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। নতুন বছৰত কৃষিক্ষেত্ৰৰ উৰ্বৰতা বৃদ্ধি আৰু সুখ-সমৃদ্ধিৰ কামনাৰে এই উৎসৱ কৰা হয়। বৰ্তমান সময়ত বহু ঠাইত এই উৎসৱ দুদিন বা তিনিদিনীয়া পালন কৰা দেখা যায়। বায়খো উৎসৱৰ মুখ্য পৰ্বসমূহ হ’ল— বাইখ টক্কায়, হায়মৰ, কিল্লা দিবিকায়, লেওৱা বুকায় আদি।

বায়খো পূজাৰ সময়ত পূজাৰ আগ নিশা গাঁওৰ মুৰব্বী আৰু জ্যেষ্ঠ লোকসকল একেলগে মিলি ৰাভা জনগোষ্ঠীৰ বীৰ-বীৰাংগনাসকলৰ স্মৃতিত গীত গাই প্ৰতিটো ঘৰৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰে। এই গীতসমূহক ‘হাইমাৰু গীত’ বুলি কোৱা হয়। গীত পৰিৱেশনৰ সময়ত পৰম্পৰাগত ডাইডি, ঢাক, ব্ৰাংচি, খুতিতাল আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। এই গীতসমূহৰ আখ্যান দদান, দাদুৰী, চাচুৰী, চাম্পায়, মাৰুক্ষেত্ৰী, জিমাৰী, ৰংবদী, তমাই, নাকতি আদি লোককথাৰ ওপৰত আধাৰিত হয়।পিছদিনা দলটোৱে গাঁৱৰ পৰা কিছু আঁতৰত হাবিৰ মাজত বা নৈৰ পাৰত নিৰ্দিষ্ট স্থানত বায়খ' দেৱীক পূজা আগ বঢ়ায়। 

বায়খো পূজাৰ থলীত বাইব্ৰা (পূজাৰী)ৰ তত্বাৱধানত দিনজুৰি পূজা কৰা হয়।এই পূজাত কেৱল পুৰুষ সকল থাকে। আৰু তেওঁলোকে গা ধুই তিতা কাপোৰেৰে থকা এক নিয়ম। তাৰোপৰি পূজা শেষ নোহোৱা পৰ্যন্ত পুজস্থলীৰ পৰা কোনো লোক ঘৰলৈ অহাত আহিব নোৱাৰে। সন্ধিয়া পূজা শেষ হোৱাৰ পিছতহে সকলোৱে একেলগে গাঁৱলৈ আহে। ঘূৰি অহাৰ বাটত গছৰ ডাল, লতা, মাটিৰে সাজি থোৱা কিলা জঁপিয়াই ভাঙি থৈ আহিব লগে। যিটোক ' কিল্লা দিবিকায়' বোলে। এই পৰ্বৰ পাছতেই ডেকাসকলে মূল পূজাৰীৰ ঘৰৰ চোতালত 'বায়খ টক্কায়' পৰ্বৰ আয়োজন কৰে। ইয়াৰ পাছতেই ২০-২৫ ফুটমান দীঘল এবিধ বনৰীয়া লতাৰে দুয়োফালে দুটা দল ভাগ হৈ লতা টনা খেল খেলে যাক ' লেউৱা বুকায়' ' বোলে। খেলৰ পৰিসমাপ্তিৰ পাচত দল দুটাৰ মাজত জয় পৰাজয়ক লৈ গীতৰ মাধ্যমেৰে জোকায়। ইয়াৰ পাচতেই বাইখ টক্কায় আয়োজন কৰা চোতালত বাঁহৰ চুঙাৰে প্ৰস্তুত কৰা চাকি জ্বলাই গীত আৰম্ভ কৰে। পূৰ্ণিমাৰ ৰাতি ডেকা গাভৰুৱে জঁপিয়াই জঁপিয়াই নৃত্য কৰে। টক্কাই গীতৰ যোগেদি ইজনে আনজনক প্ৰেম নিবেদন কৰে আৰু ধেমালি কৰে। এনেদৰে উৰেটো নিশা নৃত্য কৰি কৰি ৰাতিপুৱাৰ ভাগত সকলোৱে বিদায় লয়। মনে বিচৰা লগৰী পালে বিয়া পাতি লৈ যায় অথবা বিবাহৰ কথা দি যায়। এনেদৰেই নতুন বছৰটোৰ আদৰি বায়খো পূজা পালন কৰা হয়।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.