মহানগৰীত বানপানীৰ ফলত প্ৰতিবছৰে হোৱা মৃত্যু! প্ৰকৃততে ইয়াৰ দায়ী কোন?
গুৱাহাটীত বৰষুণ এতিয়া কেৱল এটা ঋতুগত পৰিঘটনা নহয়, ই এক পুনৰাবৃত্তি হোৱা সংকটত পৰিণত হৈছে। অলপ বৰষুণ হ’লেই চহৰখনৰ বহু অংশ পানীত ডুব যায়, পথ-ঘাট নদীৰ দৰে হৈ পৰে আৰু দৈনন্দিন জীৱন ব্যাহত হয়। কিন্তু এই অসুবিধাৰ আঁৰত আছে অধিক ভয়ংকৰ সত্য—বহু মানুহে ইয়াৰ বাবে জীৱন হেৰুৱাইছে। শেহতীয়া বছৰবোৰত কেইবাটাও ঘটনাই এই সমস্যাটোক স্পষ্ট কৰি তুলিছে। বানপানীৰ তলত থকা খোলা ড্ৰেইন আৰু মেনহ’লত পৰি মানুহে প্ৰাণ হেৰুৱাইছে। এইবোৰ এবাৰ হোৱা ঘটনা নহয়, বৰঞ্চ ই এক পুনৰাবৃত্তি।যিয়ে শাসন, পৰিকল্পনা আৰু নাগৰিকৰ দায়িত্ব সম্পৰ্কে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।
বিশেষজ্ঞসকলৰ মতে যে গুৱাহাটীত হোৱা বানপানী মানুহে সৃষ্টি কৰা সমস্যা। ড্ৰেইনৰ বেয়া ব্যৱস্থা, অবিকল্পিত নগৰ বিস্তাৰ, প্ৰাকৃতিক পানীৰ পথসমূহত দখল আৰু পাহাৰ কটাৰ ফলত পৰিস্থিতি আৰু অধিক গুৰুতৰ হৈ পৰিছে।
চহৰখনে উন্নয়নৰ গতিবিধিৰ লগত তাল মিলাব পৰা নাই। ফলস্বৰূপে, মাত্ৰ কেইঘণ্টামান বৰষুণেই ড্ৰেইনেজ ব্যৱস্থাক অতিভাৰগ্ৰস্ত কৰি তোলে আৰু গম্ভীৰ জলাবদ্ধতাৰ সৃষ্টি কৰে।
ড্ৰেইনেজ ব্যৱস্থা ভালকৈ ৰখা, সঠিক ভাৱে ব্যৱস্থাপনা কৰা আৰু মেনহ’লসমূহ সুৰক্ষিত কৰি ৰখা—এইবোৰৰ মুখ্য দায়িত্ব Guwahati Municipal Corporation (GMC)-ৰ ওপৰতেই থাকে। কিন্তু প্ৰতিবাৰেই হোৱা এনে মৃত্যুৰ ঘটনাই স্পষ্টকৈ দেখুৱায় যে ব্যৱস্থাত গুৰুতৰ ত্ৰুটি আছে।
প্ৰতিবছৰে বৰষুণৰ আগতে প্ৰস্তুতি আৰু পৰিষ্কাৰ অভিযানৰ কথা কোৱা হয়, কিন্তু ইয়াৰ বাস্তৱতা প্ৰায়ে সম্পূৰ্ণ ভিন্ন দেখা যায়।
একেই সমস্যাই বছৰৰ পিছত বছৰ ধৰি অব্যাহত থকাটো এই কথাৰেই সূচক যে বৰ্তমান ব্যৱস্থা যথেষ্ট নহয়, ইয়াক সঠিকভাৱে কাৰ্যকৰী কৰা হোৱা নাই।
গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰা এক পদক্ষেপৰ কথা হয়তো সকলোৰে মনত আছে। কোৱা হৈছিল যে, গুৱাহাটীৰ নলা চাফা কৰিব ৰবটে। উত্তৰ-পূৱৰ ভিতৰতে গুৱাহাটীত প্ৰথমবাৰৰ বাবে ৰবটৰ জৰিয়তে নলা নিষ্কাসন কৰা হ’ব। পৌৰ নিগমৰ কোনো চাফাই কর্মী দুর্গন্ধময় নলাত ননমাকৈয়ে ৰবটৰ জৰিয়তে নলা নিষ্কাসন কৰাৰ বাবে চাফাইকর্মীসকলক প্রশিক্ষণ দিয়াৰ কথা কোৱা হৈছিল।
সমান্তৰালভাৱে ছুপাৰ চাকাৰ আহিল আৰু কোটি কোটি টকা খৰচ কৰা হ’ল, কিন্তু কৃত্রিম বানৰ পৰা গুৱাহাটীবাসীয়ে মুক্তি পোৱাতকৈ অধিক যন্ত্রণাকাতৰহে হ’ল। উল্লেখ্য যে মুষলধাৰ বৰষুণজাকৰ ফলত সৃষ্টি হোৱা কৃত্রিম বানে গুৱাহাটীত সোমোৱা-ওলোৱা সকলো পথ বন্ধ কৰি পেলালে। ফলত মহানগৰীৰ পথসমূহৰ সমান্তৰালভাৱে উৰণ সেতুসমূহতো শ শ বাহন স্তব্ধ হৈ পৰাত তীব্র যানজটৰ সৃষ্টি হয়।
প্ৰতিশ্ৰুতি আৰু বাস্তৱতা
অসমত বান নিয়ন্ত্ৰণ আৰু নগৰ উন্নয়ন বহু দিন ধৰি ৰাজনৈতিক আলোচনাৰ অংশ। বিকাশৰ ধ্বজা উৰুওৱা চৰকাৰে,অমিত শ্বাহৰ পৰা আদি কৰি বহুতো ৰাজনৈতিক নেতাসকলে বছৰ বছৰ ধৰি ৰাজ্যলৈ আহোঁতে উন্নত আৰু বানপানী ব্যৱস্থাপনা সম্পৰ্কে গুৰুত্ব আৰোপ কৰে।অমিত শ্বাহে ডাঙৰ পুখুৰী, সৰোবৰ খান্দি অসমক বান মুক্ত কৰাৰ দিছিল প্ৰতিশ্ৰুতি।পুখুৰী, সৰোবৰ চাবলৈ পর্যটক আহিব বুলিও কৰিছিল ঘোষণা।
৬৯২ কোটি টকীয়া জলাশয় প্ৰকল্প: আকৌ ২০২৬ ত ৩০ জানুৱাৰীত অমিত শ্বাহে অসমত ১৫ টা বৃহৎ জলাশয় খন্দাৰ এক ৬৯২ কোটি টকীয়া প্ৰকল্পৰ শুভাৰম্ভ কৰে। ইয়াৰ উদ্দেশ্য হ'ল ব্ৰহ্মপুত্ৰৰ অতিৰিক্ত বান পানী ব্যৱস্থাপনা কৰি গুৱাহাটীৰ লগতে ৰাজ্যখনক বানমুক্ত কৰা।
১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি: শেহতীয়া তথ্য অনুসৰি, বান নিয়ন্ত্ৰণৰ বাবে অসমত মুঠ ১৮,০০০ কোটি টকা খৰচ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে।
ৰাজ্য চৰকাৰেও ড্ৰেইনেজ উন্নয়ন আৰু নিয়ন্ত্ৰণৰ বাবে বিভিন্ন প্ৰকল্প ঘোষণা কৰিছে। কিন্তু প্ৰতি বছৰে একে সমস্যাই উত্থান লোৱাত এই প্ৰতিশ্ৰুতিৰ প্ৰভাৱ আৰু কাৰ্যকৰিতাৰ ওপৰত প্ৰশ্ন উঠে।
জনসাধাৰণৰ অৱহেলা—এটা গুৰুত্বপূৰ্ণ কাৰণ
এই সমস্যাৰ বাবে কেৱল প্ৰশাসনকেই দোষ দিব নোৱাৰি। জনসাধাৰণৰ আচৰণো ইয়াত সমানভাৱে জড়িত। ড্ৰেইন আৰু পানীৰ পথত লেতেৰা পেলোৱা এক সাধাৰণ অভ্যাস হৈ পৰিছে। ফলত ড্ৰেইন বন্ধ হৈ যায় পানীৰ প্ৰবাহ বাধাপ্ৰাপ্ত হয়
বানপানীৰ পৰিস্থিতি অধিক গুৰুতৰ হয়। নাগৰিক দায়িত্বৰ অভাৱেও সমস্যাটোক আৰু গম্ভীৰ কৰি তোলে।
সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়টো হৈছে দায়িত্ব নিৰ্ধাৰণৰ অভাৱ।যেতিয়া কোনো মানুহে খোলা ড্ৰেইনত পৰি প্ৰাণ হেৰুৱায়, তেতিয়া সেইটো প্ৰায়ে “দুৰ্ভাগ্যজনক ঘটনা” হিচাপে গণ্য কৰা হয়। কিন্তু প্ৰশ্ন থাকি যায়—দায়ী কোন? যেতিয়া দায়িত্ব স্থিৰ নহয়, তেতিয়া একে ভুল পুনৰাবৃত্তি হয়।
গুৱাহাটীৰ বানপানী কেৱল প্ৰাকৃতিক নহয়—ই এটা ব্যৱস্থাগত ত্ৰুটি আৰু সামূহিক অৱহেলাৰ ফল। এই সমস্যাৰ সমাধানৰ বাবে অস্থায়ী ব্যৱস্থা নহয়, দীৰ্ঘম্যাদী পৰিকল্পনা, দায়বদ্ধ শাসন আৰু দায়িত্বশীল নাগৰিক আচৰণ প্ৰয়োজন।
যেতিয়ালৈ এইবোৰ একেলগে নহয়, তেতিয়ালৈ প্ৰতি বৰষুণৰ লগে লগে একেই কাহিনী পুনৰাবৃত্তি হ’ব।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments