
পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাময় ঠাই ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাট ক্ষেত্ৰ
অসমৰ এক ইতিহাস প্ৰসিদ্ধ স্থানসমূহৰ ভিতৰত বিশ্বনাথ ঘাট উল্লেখনীয়। গুপ্তকাশী হিচাপেও পৰিচিত এই বিশ্বনাথ ঘাট এতিয়া অসমৰ উপৰিও বহিঃৰাজ্যৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰস্থলী। বিশ্বনাথ জিলাৰ সদৰৰ পৰা প্ৰায় দক্ষিণে মূল পথৰ দুয়োকাষে সেউজীয়া শাৰী শাৰী গছ-গছনি ,মাজে মাজে আবাসিক অঞ্চল পাৰ হৈ প্ৰায় ৯/১০ কিলোমিটাৰৰ অন্তত ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীগাং নদীৰ মিলনস্হল।নদীৰ উত্তৰ পাৰত অৱস্থিত বিশ্বনাথ ঘাটৰ সৌন্দৰ্যই মুগ্ধ কৰি আহিছে পৰ্যটকসকলক। ঘাটৰ উত্তৰফালে প্ৰসিদ্ধ বিশ্বনাথ মন্দিৰ । পুৰণি কালৰেপৰা জ্ঞাত ভালুবাবাৰ থানখন এই মন্দিৰতে অবস্থিত। কোনো লোকৰ কিবা বস্ত্ত হেৰুৱালে এই থানত সেৱা আগবঢ়ালে হেৰুৱা বস্ত্ত ঘুৰাই পোৱা যায় বুলি লোকবিশ্বাস আছে ।
সুবিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশি-বিধৌত অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যই সকলো শ্ৰেণীৰ লোককে এই স্থানলৈ আকষৰ্ণ কৰে। জলৰাশিৰ পাৰত প্ৰকাণ্ড প্ৰকাণ্ড শিলকে ধৰি বহুতো সৰু-বৰ শিলেৰে আবৰি আছে । ৰহস্যময় "বৰলা শিল" খ্যাত শিলভাগ বানৰ প্ৰকোপটো ডুব নোযোৱাকৈ থাকে । কঠিত আছে যে এই শিল ডুবিলে গোটেই অসমখনেই ডুব যাব লাগিব ।
শিলৰ কাষেৰে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ ধাৰা মৃদু চেঁচা শীতল বতাহৰ লগতে কুমলীয়া ৰ'দ কাচঁলিৰ প্ৰকৃতিৰ বুকুত এক বিনন্দীয়া দৃশ্য। নদীৰ মাজ ভাগতে সেউজীয়া গছ-গছনিৰে ভৰা প্ৰাকৃতিক নদী দ্বীপ । এইখনেই উমাটুমনি বা উমাবন, ব্ৰহ্মপুত্ৰ নদী আৰু বিশ্বনাথ ঘাটৰ বুঢ়ীগাং নদীৰ সঙ্গমস্থলত উমাবন অৱস্থিত।উমাটুমনিৰ প্ৰাকৃতিক সৌন্দৰ্য্য বৰ অনুপম।
এটা পাৰৰ পৰা আনটো পাৰলৈ অহৰহ নৌকাবিহাৰ চলাত যাত্ৰী সকলে সেই ঠাইখনৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ সুবিধা হৈছে । এই দ্বীপটোত পৰ্যটকৰ কাৰণে লজ আৰু "গ্ৰীণ আচিয়ানা" নামেৰে ৰেষ্টোৰা বা ৰিৰ্জটো আছে । দ্বীপটোত কিছুমান পূৰণা মন্দিৰৰ ভগ্নাবশেষ দেখিবলৈ পোৱা যায় । ইয়াত ১৭৪১ চনত আহোম স্বৰ্গদেউ শিৱ সিংহই স্থাপন কৰা উমা মন্দিৰ আছে। ভগবান শিৱই নটৰাজৰূপে সতীৰ মৃতদেহ লৈ তাণ্ডৱনৃত্য কৰা সময়ত সতীৰ বাওঁ বাহু আৰু স্তন পৰা বুলি কিম্বদন্তিয়ে কয়। কথিত আছে, হৰক পতিৰূপে পাবলৈ উমাই ইয়াতে তপস্যা কৰিছিল বাবে ইয়াৰ নাম 'উমাবন' হয়। উমাই তপস্যা কৰা ঠাইতে দেৱালয় আছে। ইয়াতে উমা ভাগৱতী, মহেশ্বৰ শিৱৰ দেৱালয়, নাংগলেশ্বৰ দেৱালয়, সিদ্ধেশ্বৰ দেৱালয় আছে।প্ৰধানকৈ শীতকালত বিশ্বনাথ ঘাটক মূখ্য পৰ্যটন স্থলী হিচাপে গণ্য কৰা হয় । শীতকালত ব্ৰহ্মপুত্ৰ নদীৰ পানী শুকাই যোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ নদীৰ বালিয়ে প্ৰকৃতিৰ শোভা দুগুণে বৃদ্ধি কৰি মনোমোহা হৈ পৰে আৰু পৰ্যটক সকলক আৰ্কষিত কৰে।
অসমৰ বাবে গৌৰৱৰ বিষয় যে ৩১খন ৰাজ্য-কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৭৯১খন আবেদনৰ ভিতৰত কেন্দ্ৰীয় পৰ্যটন মন্ত্রালয়ে ২০২৩ চনত বিশ্বনাথঘাটক শ্রেষ্ঠ হিচাপে নিৰ্বাচিত কৰাৰ লগে লগে অঞ্চলটোৱে প্রাচীন কালৰ পৰা লাভ কৰা ৰজাঘৰীয়া স্বীকৃতিৰ যেন পুনৰাবৃত্তি ঘটিল। হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ'- এই ইংৰাজী বাক্যশাৰীৰ যেন যথার্থতা প্রতিফলিত হ'ল অসমমুলুকৰ বিশ্বনাথঘাটৰ ক্ষেত্ৰত। কাৰ্যতঃ পুৰণি ৰজাঘৰৰ আদৰ-সম্ভ্রম আদায় কৰা বিশ্বনাথঘাটে দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ স্বীকৃতি লাভ কৰিছে। প্রাচীন কালৰ শালস্তম্ভ বংশ, পাল বংশ, মধ্যযুগীয় আহোম ৰাজবংশ আৰু আধুনিক যুগত ব্ৰিটিছৰ সমান্তৰালভাৱে এইবাৰ স্বৰাজোত্তৰ কালত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰো দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে গুপ্তকাশীখ্যাত বিশ্বনাথঘাটে।
ইতিহাস প্ৰসিদ্ধ এই ঠাইখনত নদীৰ মাজ পানীভাগত আৰু পাৰত মঠ-মন্দিৰে আগুৰি আছে । বিশ্বনাথ ঘাটৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ ইয়াত থকা দৌল, দেৱালয় সমূহো ।শিৱ দৌল, বিশ্বনাথ ঘাট ।
এই প্ৰাচীনতম পবিত্ৰ স্থান বিশ্বনাথ ঘাটৰ ঐতিহাসিক গুৰুত্ব খুঁচৰি চালে আমি পাওঁ যে, বিশ্বনাথকে কেন্দ্ৰ কৰি এই বৃহৎ বিশ্বনাথ ঘাট অঞ্চলটোৰ সৈতে সংপৃক্ত হৈ ইয়াৰ আশে-পাশে প্ৰায় ত্ৰিশখনমান দ'ল-দেৱালয় আছে। সেই সমূহ ক্ৰমে উমা, চক্ৰেশ্বৰ, হৰিহৰ -কৰ্দমেশ্বৰ, বাসুদেৱ, নাংগলেশ্বৰ, ভৈৰৱেশ্বৰ, বাঘেশ্বৰী সিদ্ধেশ্বৰ, বিশ্বনাথ, চণ্ডী কমলেশ্বৰ, শিৱনাথ, মুক্তিনাথ, বানেশ্বৰ বা বৰদ'ল জাগ্ৰা, বুঢ়ামাধৱ(প্ৰতাপগড়), কালভৈৰৱ, বীৰভদ্ৰ বা বৰলা শিল, জোঙাশিল,পূৰ্বশংকৰ, সুৰ্য্যমাধৱ, অণ্ণপূৰ্ণা, গণেশ, বৃষধ্বজ, কাশীনাথ, উদ্ৰেশ্বৰ, গৌৰীবল্লভ, বিষ্ণু, দুৰ্গাশক্তি আৰু মংগল চণ্ডিকা।
আহোম ৰাজত্বৰ সময়ছোৱাত বিশ্বনাথত ৰুদ্ৰসিংহই যজ্ঞ কৰিবলৈ আহিছিল। লগত আহিছিল পাণীফুকন, বৰগোহাঞি, ফুকন আলো ৰাজখোৱা। মাঘৰ মাহত ইয়াত তেওঁলোকে যজ্ঞ সমাপণ কৰি পুনৰ গড়গাঁৱলৈ উভতি গৈছিল।
সেইদৰে বিশ্বনাথ অঞ্চলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও এই অঞ্চলত কিছুদিন বাস কৰিছিল। কছাৰী আৰু বাৰভূঞাৰ সংঘৰ্ষৰ সময়ছোৱাত শংকৰদেৱে বৰদোৱা এৰি বিশ্বনাথ অঞ্চলত কিছুদিন পাৰ কৰিছিল। ইয়াৰ পৰাই তেওঁ উজাই মাজুলী পাইছিলগৈ। তাৰ পাছতেই তেওঁ বেলগুৰিত বাৰ বছৰ সত্ৰ পাতি বাহৰ পাতিছিল।
গুপ্তকাশী হিচাপে পৰিচিত বিশ্বনাথৰ সৈতে আছে মহাদেৱ আৰু বাণাসুৰৰ সম্পৰ্ক। কিংবদন্তি মতে কাশীৰ দৰে জনাজাত নহৈ বাণ ৰজাৰ দিনত দুজন মুনিৰ অভিশাপত এই বিশ্বনাথ গুপ্তকাশী হিচাপে জনাজাত হৈছিল।চক্ৰেশ্বৰ নামেৰে খ্যাত উমাটুমনীৰ মাজত অৱস্থিত চক্ৰেশ্বৰ শিলা ।
আন এক কিংবদন্তি মতে আকৌ এক কোটি শিৱ লিংগৰ অধিস্থান ক্ষেত্র বিশ্বনাথ পূৰ্ণ কাশী আছিল। কিন্তু পৃথিৱীত দুখন কাশী হ'লে মোক্ষ লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ শেষত সৃষ্টিয়েই লোপ পাব বুলি আশংকা কৰি দেৱতাসকলে এটা শিৱলিংগ বিশ্বনাথ ক্ষেত্রৰ পৰা চুৰি কৰি নি আন এঠাইত লুকুৱাই ৰাখিছিলগৈ।
প্রকৃত ইতিহাস ধূসৰ হৈ থকা বিশ্বনাথৰ মূল মন্দিৰটি অতি প্রাচীন বুলি ভৱা হয়।বিশ্বনাথৰ মূল শিৱ লিংগ থকা প্রাচীন এই মন্দিৰভাগ বুঢ়ীগাং নদী আহি ব্রহ্মপুত্রত মিলন হোৱা ঠাইতে আছিল । প্রকৃত ইতিহাস ধূসৰ হৈ থকা বিশ্বনাথৰ মূল মন্দিৰটি অতি প্রাচীন বুলি ভৱা হয় । বিশ্বনাথ ঘাটৰ বিশ্বনাথ মন্দিৰ ভাগ শালস্তম্ভ বংশৰ শাসনৰ কালতে পোনপ্রথমে বিশ্বনাথ শিৱৰ নামত শৈলমন্দিৰ নিৰ্মাণ কৰা হৈছিল। ১৬১৫ চনৰ পৰা ১৬২০ চনৰ ভিতৰত প্রাচীন শৈল মন্দিৰটো ভাগি পৰাত ১৬২১ চনত প্রতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ হতুৱাই বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰাইছিল।
পিছত প্রতাপ সিংহৰ দিনৰ বিশ্বনাথ মন্দিৰটো সম্ভৱতঃ পুনৰ ভাগি পৰে। আৰু প্রমত্ত সিংহ স্বৰ্গদেৱে ১৭৫০ চনত খাপনা দ'ল নামেৰে বুৰঞ্জীত পৰিচিত বিশ্বানাথ দ'লটো সুউচ্চকৈ বনাই দিয়ে। ইয়াৰ পাছত আকৌ ব্রহ্মপুত্রৰ বানত এই মন্দিৰ ধ্বংশ হয় আৰু পুনৰ নিৰ্মাণৰ অনুপযুক্ত হোৱাত স্বৰ্গদেউ লক্ষ্মী সিংহই ১৭৭৪ চনত পুৰণি পীঠৰ পৰা ২০০ মিটাৰমান পশ্চিমৰ বৰ্তমানৰ ঠাইত নতুনকৈ সামান্য ৰূপত বিশ্বনাথ মন্দিৰ সজাই। বিশ্বনাথ ঘাটৰ এই মনোমোহা দৃশ্যই হাত বাউলি মাতে পৰ্যটকক । কিন্তু মানৰ আক্রমণৰ সময়ত এই মন্দিৰৰ সোণৰ কলচি ভাঙি নিয়াৰ উপৰিও অপবিত্র কৰাত এই মন্দিৰ পৰিত্যক্ত হয় আৰু সেয়েহে ইয়াৰ কাষতে পুনৰ ইংৰাজৰ দিনত আধুনিক বিশ্বনাথ দেৱালয় প্রতিষ্ঠা কৰা হয়।
এই বিশ্বনাথ ঘাট এক ধাৰ্মিক কেন্দ্রস্থল হিছাপে পৰিচিত যদিও বৃটিছ যুগলৈকে বিশ্বনাথ নদীপথ,সামৰিক আৰু প্রতিৰক্ষাৰ বাবে প্রাকৃতিক ভাৱে সুবিধাজনক স্থল আৰু প্রশাসনিক দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ স্থান হিছাপে বিখ্যাত আছিল।
অন্যহাতেদি, ধৰ্মীয় আৰু ঐতিহাসিক গুৰুত্বৰ বিপৰীতে প্ৰাকৃতিক দিশটো অত্যন্ত চহকী বিশ্বনাথ ঘাট। বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযুক্ত হৈ থকা বিশ্বনাথ ঘাটত দেখিবলৈ পোৱা মহাবাহু ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা নান্দনিক সৌন্দৰ্য, বিশ্বনাথ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ সিটো পাৰে জিলিকি ৰোৱা বুঢ়াপাহাৰৰ অন্তহীন সেউজীয়াই আৰু বিশ্বনাথ ঘাটৰ কাষতেই ব্ৰহ্মপুত্ৰৰ এটি সৰু সুতি পাৰ হৈ নৌকাৰে প্ৰবেশ কৰিব পৰা উমাটুমুনিৰ সেউজীয়া আৰু শীতলতাই প্ৰকৃতি প্ৰেমীসকলক সদায় বিশ্বনাথ ঘাটলৈ হাতবাউল দি মাতে। তদুপৰি বিশ্বনাথ ঘাটৰ আশে-পাশে কৰা নৌকা ভ্ৰমণ বৰ ৰোমাঞ্চকৰ; বিশেষকৈ ইয়াত হাত নাওঁৰ যথেষ্ট সুবিধা আছে। অৱশ্যে বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী ফেনফুটুকাৰে বাঢ়ি অহাৰ ফলত এই নৈসৰ্গিকতাত কিছু ম্লান পৰিলেও এয়া অতি ক্ষন্তেকীয়া।
তাৎপৰ্যপূৰ্ণ যে পুৰণি কালৰ লগতে মধ্যযুগত আহোম স্বৰ্গদেউ প্রতাপ সিংহৰ পৃষ্ঠপোষকতাৰে ধন্য হোৱা বিশ্বনাথঘাট তথা বিশ্বনাথ মন্দিৰ মোমাই তামুলী বৰবৰুৱাৰ দ্বাৰা ১৬২১ চনত নির্মাণ কৰা বুলি ইতিহাসত উল্লেখ আছে। একেদৰে স্বৰ্গদেউ জয়ধ্বজ সিংহ, চক্রধ্বজ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱ সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ আদিৰ বদান্যতাৰে বিশ্বনাথঘাটৰ বিশ্বনাথ মন্দিৰ সমৃদ্ধ হোৱাৰ লগতে স্বর্গদেউ ৰুদ্র সিংহই বিশ্বনাথক দ্বিতীয় ৰাজদৰবাৰৰ স্বীকৃতি দিছিল। তদুপৰি ব্ৰিটিছে অসম দখল কৰাৰ পিছত বিশ্বনাথঘাট প্রশাসনিক আৰু সামৰিক ঘাটি হৈ পৰিছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত এই ঘাটৰ গুৰুত্ব দুগুণে বৃদ্ধিপ্ৰাপ্ত হৈছিল। কিয়নো সমগ্ৰ বিশ্বনাথ অঞ্চলটোৰ পৰা এই বিশ্বনাথ ঘাটেদিয়েই অসমৰ বাহিৰৰ ঠাইসমূহলৈ চাহকে আদি কৰি বিভিন্ন বয়-বস্তুসমূহ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি পৰিবহণ কৰা হৈছিল । বিশ্বনাথত আজিও আছে ইংৰাজ চাহাবৰ বাংলা। একেদৰে নৌ পৰিবহণৰ বাবে বিশ্বনাথ একালৰ গুৰুত্বপূৰ্ণ জাহাজঘাট। স্বৰ্গদেউ পুৰন্দৰ সিংহৰে হোৱা চুক্তি অনুসৰি দ্বিখণ্ডিত আহোম ৰাজ্যৰ ব্ৰিটিছৰ অংশটোৰ পশ্চিম দিশটোৰ একেবাৰে প্ৰথম অংশটোৱেই হৈছে বিশ্বনাথঘাট। আধুনিক যুগতো ৰূপান্তৰৰ লগত খোজ দিয়া বিশ্বনাথঘাট চৰকাৰী ৰাজহ নথিত সম্ভৱতঃ আটাহতকৈ পুৰণি নগৰ।
নাটক, শংকৰী সংস্কৃতি, গোসাঁই ফুৰোৱা উৎসৱ, প্ৰকৃতিৰ নৈসর্গিক শোভা, ব্রহ্মপুত্ৰৰ শিহুৰ জলকেলি, প্রকাণ্ড বৰলা শিলা আদিৰ বিশ্বনাথঘাটে দেশৰ পৰ্যটন মানচিত্ৰত স্থান লাভ কৰাটো সাধাৰণ কথা নহয়। কিয়নো এই স্বীকৃতিয়ে সলনি কৰিব পাৰে অঞ্চলটোৰ অৰ্থনীতি। নদী পর্যটন, ধর্মীয় পৰ্যটন, আৰু কাষৰীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন আদিৰে একপ্ৰকাৰ পৰ্যটনৰ সম্ভাৱনা আছে এই প্ৰসিদ্ধ ঠাইখনৰ ।
ইতিহাস প্ৰসিদ্ধ ঠাইখনলৈ যাতায়ত ব্যৱস্থা এতিয়াও সুচল নহয় । নিজা যান-বাহন নাথাকিলে বিশ্বনাথ চহৰৰ পৰা ঘাটলৈ যোৱাটো বহুজনৰ বাবে অসম্ভব হয়। অসম চৰকাৰৰ পৰিবহন বিভাগে এই ক্ষেত্ৰত নজৰ দিয়া প্ৰয়োজন । দেশী-বিদেশী পৰ্যটকক আৰ্কষণ কৰিব পৰাকৈ হোটেল ব্যৱস্থাৰ অভাৱ পৰিলক্ষিত হ'ল। চোৱা-চিতাৰ অভাৱত প্লাষ্টিক,চিপচ্ ৰ পেকেট আদি জাবৰ-জোঠৰ সমুহ য'তে ত'তে পেলোৱাৰ ফলত ঘাট তথা ব্ৰহ্মপুত্ৰৰ পানীত আবৰ্জনাৰ সৃষ্টি কৰি পৰিবেশ প্ৰদূষিত কৰিছে । অসম চৰকাৰৰ পৰ্যটন বিভাগে যদি সমগ্ৰ অঞ্চলটোৰ আন্তঃগাঁথনিসমূহ উন্নত কৰাৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰি লগতে ঠাইখনৰ উপযুক্ত প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে নিশ্চিতভাৱে ইয়াৰ স্থানীয় লোকসকলৰ পৰা পৰ্যটন উদ্যোগটোও যথেষ্ট লাভৱান হ'ব।
এই ঐতিহাসিক ঠাই খন মূলতঃ ধৰ্মকেন্দ্ৰিক হ'লেও ঐতিহাসিক, সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক আদি প্ৰতিটো দিশতে বহু গুৰুত্ব আছে। যদি এই ঠাইসমূহক সুন্দৰৰূপত আমি পৰিৱেশন কৰোঁ তেন্তে ইয়াৰ গুৰুত্ব যথেষ্ট বৃদ্ধি হ'ব; আৰু লগতে অসমত পৰ্যটন উদ্যোগটো সম্প্ৰসাৰণৰো এখন নতুন দুৱাৰ খোল খাব।ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা মাত্ৰ ২৬৫ কিলোমিটাৰ দূৰত্বত থকা এই বিশ্বনাথ ঘাট ঠাইখনক পৰ্যটনৰ এখন সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰাৰ বহুখিনি থল এতিয়াও বাকী ৰৈ আছে।
✍ জ্যোতিৰ্ময়ী শৰ্ম্মা
বশিষ্ঠ ; গুৱাহাটি
-------------------
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments