28 January, Wed 2026
support@thecriticalscript.com
Blog image

মাজুলীৰ ৰাসলীলা!

23 Jan,2026 05:48 PM, by: Ankita Gogoi
1 minute read Total views: 61
0 Like 0.0

মাজুলীৰ ৰাসলীলা উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে এই উৎসৱৰ আৰম্ভ হয়। এই ৰাসে ২০২৫ চনত ১৮৪ বছৰত আৰু আহঁতগুৰি বৰসত্ৰৰ ৰাসে ২০২৫ চনত ১৫৯ বছৰত ভৰি থৈছিল ৷ নতুন চামগুৰি ৰাসো বহু পুৰণি ৷ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ঘটে।আজিৰ পৰা এশবছৰ বছৰৰ পূৰ্বে স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে মুকলি মঞ্চ নিৰ্মাণ কৰি মহিলাই অভিনয় কৰিব পৰা ব্যৱস্থা কৰিছিল আৰু তাকেই আৰ্দশ হিচাপে লৈ অৰ্ধশতাধিক মঞ্চ ৰাস উদযাপান কৰে। 

শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে এক মুখ্য উৎসৱ। এই ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাই সুকীয়া বৈশিষ্ট্য বহন কৰে। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ বিষয়। বৰ্ষাকালৰ বানত জুৰুলা হোৱা মাজুলীবাসীয়ে বৰ্ষান্তত নৱ উদ্যম আৰু হেঁপাহেৰে ৰাস মহোৎসৱৰ বাবে প্ৰস্তুত হয়। লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰাই নাটকৰ আখৰা আৰম্ভ কৰি এমহীয়া পৰিক্ৰমাৰ অন্তত তিনিদিনীয়াকৈ ৰাস অনুষ্ঠিত কৰা হয়। ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত ৰাসলীলাৰ নাট্য-কাহিনীৰ লগত সমান্তৰালভাৱে বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা অনুষ্ঠানে সত্ৰৰ পৰিৱেশ আধ্যাত্মিক ৰসসিক্ত কৰি তোলে। শ্ৰী শ্ৰী আউনীআটী সত্ৰত পূজা আৰু ৰাসলীলাৰ অভিনয় কৰা হয়। চামগুৰি সত্ৰৰ মাংগলিক পৰিৱেশত বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা আৰু ৰাসলীলা অভিনয়েৰে এই উৎসৱ উদযাপন কৰা হয়।  শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰত পৰম্পৰাগতভাৱে গোবিন্দ মূৰ্তিৰ পূজাৰে ৰাসলীলা অনুষ্ঠিত কৰে। গড়মূৰ সত্ৰত আধুনিক মঞ্চৰ উপযোগীকৈ ৰাসলীলা প্ৰদৰ্শন কৰা হয়। উত্তৰ কমলাবাৰী সত্ৰ, নতুন কমলাবাৰী সত্ৰ প্ৰমুখ্যে মাজুলীৰ বিভিন্ন স্থানত প্ৰদৰ্শিত প্ৰায় পঞ্চাশটি মঞ্চত আয়োজন কৰা ৰাসলীলাৰ আকৰ্ষণীয়তাই দৰ্শকক বিস্ময় মুগ্ধ কৰি আহিছে। এইসমূহ দৰ্শনৰ বাবে দেশীয় বাবে আৰু বিদেশী পৰ্যটকৰ আগমনে সেই সময়ত মাজুলীক মৰততে সৰগীয় পৰিৱেশ কৰি তোলে। ৰাধাকৃষ্ণৰ কাহিনী জনপ্ৰিয় কৰি তোলে দ্বাদশ শতিকাৰ শেষ ভাগত ৰচিত জয়দেৱৰ গীতগোৱিন্দ আৰু ত্ৰয়োদশ শতিকাৰ ৰচিত ব্ৰহ্মবৈৱৰ্ত পুৰাণে৷ শংকৰদেৱে ভাগৱত পুৰাণৰ অনুকৰণত নিজৰ ৰচনাৰ পৰা ৰাধাক বৰ্জন কৰিছিল৷

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.