27 July, Sat 2024
support@thecriticalscript.com
Blog image

UPSC ত জিলিকিল‌ উত্তৰ পূবৰ ২০ গৰাকী প্ৰাৰ্থী দেশৰ ভিতৰতে পঞ্চম স্থানত‌ অসমৰ ময়ূৰ হাজৰিকা

24 May,2023 06:03 PM, by: Ankita Gogoi
1 minute read Total views: 296
0 Like 0.0

উত্তৰ-পূব ভাৰতৰ বাবে এটা সুখী আৰু গুৰুত্বপূৰ্ণ দিন।। সদ্যঘোষিত UPSC পৰীক্ষাত উজলিল উত্তৰ-পূবৰ ২০ গৰাকী প্ৰাৰ্থী। তাৰে ভিতৰত ইতিহাস ৰচি ময়ূৰ হাজৰিকাই দেশৰ ভিতৰতে পঞ্চম স্হান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। UPSCৰ লিখিত পৰীক্ষা যোৱা বৰ্ষৰ ছেপ্তেম্বৰত অনুষ্ঠিত হৈছিল। তাৰে নিৰ্বাচিতসকলৰ ব্যক্তিত্ব পৰীক্ষাৰ বাবে জানুৱাৰী-মে, ২০২৩ত সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। এইবাৰৰ UPSCৰ ফলাফল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে স্মৰণীয় আছিল। কিয়নো বিগত বৰ্ষত এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৯ গৰাকী পৰীক্ষাৰ্থী। এইবাৰৰ সফল প্ৰাৰ্থীসমূহৰ ভিতৰত আছে অসমৰ ৬ জন, নাগালেণ্ডৰ ৪ জন, মণিপুৰৰ ৪ জন, অৰুণাচল প্ৰদেশৰ ৩ জন আৰু ছিকিম,ত্ৰিপুৰা আৰু মেঘালয়ৰ এজনকৈ।

অসম

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱা (UPSC) পৰীক্ষাত প্ৰথম বাৰতেই দেশৰ ভিতৰত পঞ্চম আৰু পুৰুষৰ ভিতৰতে প্ৰথম স্থান দখল কৰি ঈৰ্ষনীয় সফলতাৰে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিলে তেজপুৰৰ মাজখোৱাৰ নিবাসী ময়ূৰ হাজৰিকাই। কোনো ক'চিং নোলোৱাকৈয়ে তেওঁ এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয়। ময়ূৰ হাজৰিকাই ২০১৩ চনত তেজপুৰ ডন বস্কৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ দশম স্থান দখল কৰিছিল আৰু ২০১৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান বিভাগৰ পৰা শীৰ্ষ নৱম স্থান দখল কৰে। তাৰ পিছতে তেওঁ MBBS  কৰি নগাৱঁত এজন চিকিৎসক হিচাপে কৰ্মৰত হৈ আছিল।

ময়ুৰ হাজৰিকাৰ বাহিৰেও ৰাজ্যখনক গৌৰৱাম্বাৱিত কৰা আন প্ৰাৰ্থীসকল হ’ল ইদুল আহমেদ(২৯৮), অঞ্জলি ভৰদ্বাজ(২৭১), নিবেদিতা দাস(৮৪৮), দীক্ষা লাংথাছা((৬৬৪) আৰু মানস জ্যোতি দাস(৮৮১)স্হান লাভ কৰে।

নাগালেণ্ড

UPSC ২০২২-২৩ পৰীক্ষাত যোগ্যতা অৰ্জন কৰা নাগালেণ্ডৰ চাৰিগৰাকী প্ৰাৰ্থী হ’ল- ইউমকুম অজুকুম (২০৩), ৱেভটলো কেজো (৩৮৭), ইমকংনুক্লা আও (৭২৩) আৰু অওটুলা অজুকুম (৮৭৪)।

অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হোৱা তিনিগৰাকী পৰীক্ষাৰ্থী হ’ল পেবিকা লেগো (২৯০) , টেনজিন ইয়াংকিয়ে (৫৪৫) আৰু অষ্টিন টায়েঙে (৭৪৭) স্থান লাভ কৰে।

মণিপুৰ

সফল প্ৰাৰ্থীৰ ভিতৰত মণিপুৰৰ চাৰিজন প্ৰাৰ্থী হৈছে অৰবিন্দ হাংলেম (৮৩ নং স্থান), ছায়লেমথাং বেফেই (৬১৯ নং), চিংজৌকিম টুংনুং (৭০৪ নং স্থান) আৰু লৌৰেম্বাম নেলছন মাংগাংচা (৯১৫ নং স্থান)।

মেঘালয়, ছিকিম, ত্ৰিপুৰা

মেঘালয়, ছিকিম আৰু ত্ৰিপুৰাৰ পৰাও এজনকৈ পদবী লাভ কৰে। ছিকিমৰ পৰা দীপিকা আগৰৱালে ১৫১ নম্বৰ স্থান দখল কৰি ভাৰতীয় আৰক্ষী সেৱাত স্থান লাভ কৰে।মেঘালয়ৰ স্বপ্নীল ভট্টাচাৰ্জ্যই ৩৪৪ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে ত্ৰিপুৰাৰ চুমিত পালে ৬২৭ নম্বৰ স্থান লাভ কৰে।


কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱা (UPSC) পৰীক্ষাক দেশৰ অন্যতম কঠিন পৰীক্ষা বুলি গণ্য কৰা হয়, আৰু এই পৰীক্ষাত পৰীক্ষাৰ্থীৰ সফলতা তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু অধ্যৱসায়ৰ সাক্ষ্য। এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক বিভিন্ন পদবীত দেশৰ সেৱা আগবঢ়াবলৈ নিৰ্বাচিত কৰা হয় আৰু দেশৰ নীতি আৰু কাৰ্যসূচী গঢ় দিয়াৰ দায়িত্ব লোৱা হয়। তথ্য অনুসৰি এইবাৰ মুঠ ৯৩৩ গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ বাবে পৰামৰ্শ দিয়া হৈছে ইয়াৰে ১৮৩ গৰাকীক আই এ এছ বিষয়া হিচাপে নিৰ্বাচিত কৰা হৈছে। ৯৩৩ জনৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ ৩৪৫ গৰাকী, অৰ্থনৈতিকভাৱে দুৰ্বল শাখাৰ ৯৯ গৰাকী, অ’ বি চিৰ ২৬৩ গৰাকী, অনুসূচিত জাতিৰ ১৫৪ গৰাকী আৰু এছ টি শাখাৰ ৭২ গৰাকী।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.