মহাবীৰ লাচিত বৰফুকনৰ বীৰ গাথা
আজি ২৪ নৱেম্বৰ, লাচিত দিৱস। আজিৰ দিনটোতে এজন
পৰাক্ৰমী বীৰৰ জন্ম হৈছিল। যাৰ বীৰত্বৰ কাহীনিয়ে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত
শিহৰণ জগাই তোলে। যিয়ে ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত শক্তিশালী মোগল সেনাবাহিনীক
পিছুৱাই নিয়াৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল আৰু ঔৰংজেৱৰ সাম্ৰাজ্য
অসমলৈ সম্প্ৰসাৰণৰ ইচ্ছাক ক্ষতিগ্ৰস্ত কৰি তুলিছিল।এইজনেই
হৈছে আমাৰ অসমীয়াৰ গৌৰৱ মহাবীৰ লাচিত বৰফুকন। সমগ্ৰ দেশতে আজি লাচিত দিৱস পালন কৰা
হৈছে। আজি তেওঁৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে তেওঁৰ সোঁৱৰণীত বীৰজনাৰ বীৰত্বৰ
কিছু কথা আমাৰ লেখনিৰ জৰিয়তে প্ৰকাশ কৰিছো।
লাচিত বৰফুকন আছিল এজন
দক্ষ ৰণনীতিবিদ আৰু অসমৰ আহোম সাম্ৰাজ্যৰ এজন সেনাপতি। শৰাইঘাটৰ যুদ্ধত তেওঁৰ জয়ক
ভাৰতীয় ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামৰিক বিজয় হিচাপে গণ্য কৰা হয়। যি লাচিত
বৰফুকনক ভাৰতীয় ইতিহাসৰ অন্যতম উৎকৃষ্ট সামৰিক নেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৬২২
চনৰ ২৪ নৱেম্বৰত মোমাই তামুলী বৰবৰুৱা আৰু কুন্তী মৰাণৰ ঘৰত লাচিত বৰফুকনৰ জন্ম
হয় আৰু খুউব কম বয়সতে সামৰিক বাহিনীত প্ৰৱেশ
কৰিছিল। তেওঁৰ পিতৃ আহোম সেনাৰ প্ৰধান সেনাপতি আৰু উজনি অসমৰ বৰবৰুৱা আছিল। মানৱীয়
আৰু সামৰিক কৌশলৰ শিক্ষা সমাপ্ত কৰাৰ লগে লগে লাচিত বৰফুকনক আহোম ৰজাৰ ব্যক্তিগত সম্পাদকৰ আধুনিক সমতুল্য
সোলাধৰা বৰুৱা হিচাপে সেৱা আগবঢ়োৱাৰ
দায়িত্ব দিয়া হৈছিল। বৰফুকনৰ পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ ঘোঁৰাবৰুৱা, দুলীয়া
বৰবৰুৱা, দোলাকাষৰীয়া বৰুৱা আৰু শিমলু গুৰীয়া ফুকনৰ
কমাণ্ডৰ,
ৰয়েল হৰ্চৰ অধীক্ষক আৰু ৰয়েল হাউচহ’ল্ড গাৰ্ডৰ অধীক্ষক আদি অন্যান্য
গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। নিজৰ বীৰত্ব, সততা, কৰ্তব্যনিষ্ঠা, আদি
গুণৰ বলত আহোম ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই আহোমৰ বৰসেনাপতি আৰু বৰফুকন খিতাপ
প্ৰদান কৰিছিল আৰু ১৬৭১ চনৰ বিখ্যাত শৰাইঘাটৰ ৰণত তেওঁক ঘাই সেনাপতি হিচাপে
নিৰ্বাচন কৰে।
এইটো সেই সময়ৰ কথা যেতিয়া মোগলে নিজৰ
সাম্ৰাজ্যখন অসমলৈ বিস্তাৰ কৰিব বিচাৰিছিল। তেতিয়া মোগলৰ সম্ৰাট আছিল ঔৰংগজেৱ।
মোগল-আহোম সংঘাত প্ৰথমে ১৬১৫ চনতে আৰম্ভ হৈছিল আৰু তাৰ পিছতো অব্যাহত আছিল। ১৬৩৮ চনৰ নৱেম্বৰ মাহত মোগলৰ আৰু আহোমৰ
যুদ্ধৰ পিছত মোগল জয়ী হৈ
গুৱাহাটীখন নিজৰ অধীনলৈ আনে। ১৬৩৯ চনৰ ফেব্ৰুৱাৰী মাহত মোগল জেনেৰেল আল্লাহ ইয়াৰ
খান আৰু আহোম জেনেৰেল মোমাই তামুলীৰ মাজত আছুৰ আলীৰ চুক্তি স্বাক্ষৰিত হয়।সন্ধি
অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ বৰনদী আছিল মোগল আৰু আহোমৰ মাজৰ সীমা। লাচিত
বৰফুকনক সেনাপতি নিযুক্তি পোৱাৰ সময়লৈকে মোগলে গুৱাহাটী দখল কৰি ১৬৬৩ চনত
ঘিলাঝাৰিঘাট সন্ধিৰ অপমানজনক শান্তি চুক্তিত আহোমসকলক স্বাক্ষৰ কৰিবলৈ বাধ্য
কৰাইছিল যিয়ে আহোম ৰাজ্যৰ ওপৰত কঠোৰ চৰ্ত আৰোপ কৰিছিল আৰু
ৰাজধানী গৰগাওঁ দখল কৰিছিল। মোগলসকলে হয়তো ভাবিছিল যে তেওঁলোকে অসম দখল কৰিছে
কিন্তু তেওঁলোকে নাজানিছিল যে ইয়াৰ শিখৰত যুদ্ধত দক্ষ এজন সক্ষম নেতাৰ সৈতে
হেৰুৱা ভূমিৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভৰ বাবে এক তীব্ৰ যুদ্ধত পৰিণত হ’ব।
আহোম ৰজা চক্ৰধ্বজ সিংহই সমগ্ৰ অঞ্চলটোক
মোগলৰ দখলৰ পৰা মুক্ত কৰাৰ সংকল্প ল’লে,আৰু
হেৰুৱা ভূমি পুনৰ লাভ কৰিবলৈ চেষ্টা কৰে।এইবাৰ তেওঁ লাচিত বৰফুকনক হেংডাং আগবঢ়াই
দিছিল। লাচিত বৰফুকনে গুৱাহাটীৰ
ওপৰত নিয়ন্ত্ৰণ লাভ কৰিলে যদিও তেওঁ জানিছিল যে মোগলসকল পুনৰ আক্ৰমণৰ বাবে সাজু হব।আৰু
ঠিক তেনেদৰে ঔৰংগজেৱে গুৱাহাটীখন পুনৰ অধীনত কৰিবলৈ এই শাসনভাৰ ৰামসিংহক প্ৰদান
কৰে।ইয়াৰ পিছত আৰম্ভ হয় অসমৰ ইতিহাসত জিলিকি ৰোৱা ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধ আৰু
মোগলসকল এটা শক্তিশালী ৩০০০ পদাতিক বাহিনী, ১৫০০০
ধনুৰ্দ্ধৰ, ১৮০০০ টা তুৰ্কী
অশ্বাৰোহী বাহিনী, ৫০০০ বন্দুক বাহিনী
আৰু ১০০০ৰো অধিক কামান লৈ পুনৰ যুদ্ধৰ বাবে সাজু হ’ল।
সেই সময়তে লাচিতে নিজৰ বুদ্ধিমত্তাৰে মোগলক ভেটা দিবৰ বাবে একে
ৰাতিৰ ভিতৰতে গড় বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ
দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ
আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত
দেখুৱালে। নিজৰ কৰ্তব্যত গাফিলতি কৰা দেখি লাচিতে খঙত ঠিতাতে হেংদাঙেৰে “দেশতকৈ
মোমাই ডাঙৰ নহয়” বুলি কৈ মোমায়েকৰ শিৰশ্চেদ কৰে। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম
সম্পূৰ্ণ হৈ উঠিছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ
এইটো এটা বিৰল উদাহৰণ।তেওঁৰ সৈন্যই সফলতাৰে মোগল বাহিনীৰ পৰা গুৱাহাটী পুনৰ দখল
কৰে। তাৰপিছত মোগলসকলে ছলনাৰ আশ্ৰয় লৈছিল আৰু লাচিত বৰফুকনক ১ লাখ টকা দিব
বিচাৰিছিল। ৰাম সিংহই আহোম শিবিৰত পত্ৰ কঢ়িয়াই অনা এটা কাঁড় নিক্ষেপ কৰে আৰু পত্ৰখনত
উল্লেখ আছিল গুৱাহাটী খালী কৰিবলৈ লাচিতক ১ লাখ টকা দিয়া হৈছে। এই পত্ৰ আহোম ৰজাই
পাইছিল আৰু তেওঁৰ সেনাপতিয়ে শত্ৰুৰ সৈতে আলোচনাত মিলিত হোৱাৰ অভিযোগত ক্ষুব্ধ হৈ
পৰে কিন্তু অৱশেষত সকলোৱে জানিছিল যে এইটো মোগলসকলৰ এক ছলনা। এনেদৰে যুদ্ধ অব্যাহত
আছিল আৰু সেই সময়ত লাচিত বৰফুকনৰ একেবাৰে অসুস্হ আছিল কিন্তু তেওঁ নৰীয়া গাৰে
যুঁজি মোগল সৈন্যক পৰাস্ত কৰে আৰু অৱশেষত মোগল সৈন্য গুৱাহাটী এৰি যাবলৈ বাধ্য হল।
নিজৰ বীৰত্ব আৰু সাহসেৰে শৰাইঘাট
যুদ্ধত জয়ী হৈ ঠিক এবছৰ পিছতে ১৬৭২ চনত তেওঁৰ মৃত্যু হয়। আৰু এই বীৰজনাক যোৰহাটৰ
হোলোঙাপাৰত মৈদাম দিয়া হয়।অসমীয়া জাতি জীয়াই থকালৈ তেওঁৰ দেশপ্ৰেম জাতীয়তাবোধ
চিৰদিন আমাৰ তেজত প্ৰৱাহিত হৈ ৰ’ব।
আমাৰ ফালৰ পৰা এই বীৰজনাক সশ্ৰদ্ধ প্ৰণাম।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments