ৰঙামাটি মছজিদৰ ইতিহাস
ঐতিহাসিক ৰঙামাটি মছজিদ অথবা পানবাৰী মছজিদ ধুবুৰী জিলাত অৱস্থিত ১৪৯৩ ৰ পৰা ১৫৯১ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা এক প্ৰসিদ্ধ বুৰঞ্জীমূলক মছজিদ। বহু ইতিহাসবিদৰ মতে, ই নামনি অসমৰ অন্যতম প্ৰাচীন মছজিদ। ধুবুৰী চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁথনি ১৫–১৬ শতিকাৰ সময়ত নির্মাণ কৰা হৈছিল। তিনিটা গম্বুজযুক্ত এই মছজিদ ইছলামিক স্থাপত্যশৈলীৰ এক উৎকৃষ্ট আৰু উল্লেখযোগ্য । অসমৰ ধৰ্মীয় পৰ্যটনস্থলীসমূহ ভিতৰত অন্যতম এই মছজিদেই অসমৰ আটাইতকৈ প্ৰাচীন মছজিদ বুলি দাবী কৰি অহা হৈছে।
বুৰঞ্জী প্ৰসিদ্ধ এই মছজিদৰ সৈতে জড়িত হৈ আছে বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহ আৰু ঔৰংগজেৱৰো নাম। মছজিদৰ প্ৰসংগত দুটা মতবাদে এই দুই মোগল সম্ৰাটৰ নাম এই ঐতিহাসিক মছজিদৰ সৈতে জড়িত কৰি ৰাখিছে।
ৰঙামাটি মছজিদৰ নির্মাণ-সময়কাল লৈ দুটা প্ৰচলিত মতামত দেখা যায়। কিছুমান ইতিহাসবিদৰ ধাৰণা অনুসৰি, বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে ১৪৯৩ ৰ পৰা ১৫১৯ চনৰ ভিতৰত কমতাপুৰ ৰাজ্য জিকাৰ পিছত নিজৰ জয়ৰ স্মৃতি সূচক আৰু নামাজ পঠোৱাৰ উদ্দেশ্যে এই মছজিদ নির্মাণ কৰোৱাইছিল। আন এক মতবাদ অনুসৰি মোগল সম্ৰাট ঔৰংগজেৱৰ সেনাপতি আৰু বংগৰ নবাব মীৰজুমলায়ে অসম আক্ৰমণৰ সময়ত ১৬৬২ চনত এই মছজিদ নিৰ্মাণ কৰোৱাইছিল। এই দুই মতবাদেই মছজিদটোৰ সৈতে মোগলসকলৰ সম্পৰ্ক নিশ্চিত কৰিছে।মছজিদৰ কাষতে সম্ভৱত এটা সময়তে এক ঈদগাহ আৰু এটা দ' কুঁৱা আছে। মজিদৰ পৰিসৰত পিছত নিৰ্মাণ কৰা খোজ কাঢ়িবলৈ পথ আৰু এটা মিনাৰ আছে।মছজিদটোৰ ভিতৰত একেলগে একেসময়তে ১৫০ গৰাকী লোকে নামাজ পঢ়িব পাৰে।
কোঁচ ৰজাসকলৰ শাসনাধীন সময়ত ৰঙামাটি এসময়ত অত্যন্ত সমৃদ্ধ অঞ্চল হিচাপে পৰিচিত আছিল। হাট-বজাৰসহ ই কোঁচ ৰাজ্যৰ এটা মুখ্য সীমান্ত গড় ৰূপেও গুৰুত্ব বহন কৰিছিল। সমীপৱৰ্তী গাৰো অঞ্চলৰ লগত চলি থকা বিনিময় বাণিজ্যৰ ফলতে স্থানীয় লোকসকলৰ অৰ্থনৈতিক অৱস্থা তেতিয়া যথেষ্ট শক্তিশালী আছিল।
পৰৱৰ্তী সময়ত অসম আক্রমণ কৰি বংগৰ চুলতান আৰু তাৰ পিছত মোগল সাম্ৰাজ্যৰ হাতত পৰাৰ পিছত ৰঙামাটি গড়খন দখল কৰি পার্শ্বৱৰ্তী আহোম ৰাজ্যৰ বিৰুদ্ধে যুদ্ধত এই গড় ব্যৱহৃত হৈছিল। কিছুমান ইতিহাসবিদৰ মতে, আলাউদ্দিন হুছেইন শ্বাহৰ সময়ত এই অঞ্চল সদৰ মহকুমাৰ স্থানে পৰিণত হৈছিল আৰু পানবাৰী মছজিদটোৱেই তেতিয়াৰ মুছলমান সেনাসকলৰ একমাত্র উপাসনাস্থলী আছিল।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments