23 February, Sun 2025
support@thecriticalscript.com
Blog image

কি গছৰ পাত মুগা পলুৰ প্ৰধান খাদ্য জানেনে?

06 Dec,2024 05:06 PM, by: Ankita Gogoi
1 minute read Total views: 445
0 Like 0.0

মুগা পলু এক নিৰামিষাহাৰী পতংগ, কেইবিধমান গছৰ পাতেই ইহঁতৰ মূল খাদ্য । যেতিয়া পলু মোট সলোৱা সময়ত ইহঁত উপবাসে থাকে। মুগাবোৰ পকাৰ পিছত এমাহমানলৈ জীয়াই থাকে যদিও সেই সময়ত কোনো আহাৰ গ্ৰহণ নকৰে। ইয়াৰে এক মূল খাদ্য হৈছে চোম গছৰ পাত।

অসমত মুগা পলুৰ বাবেই চোমগছৰ খেতি কৰা হয়। ইয়াৰোপৰি ইয়াৰ ঔষধি গুণো থকা বুলি বিশ্বাস কৰা হয়। জেঠ-আহাৰ মাহত চোম পাত খুন্দি পানীত মিহলাই ইয়াৰ ৰস খালে ই শৰীৰ শীতল কৰাৰ লগতে বসন্ত ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি বুলি ভবা হয়।

গছ মুগাৰ প্ৰধান খাদ্য হৈছে চোম গছৰ পাত। এইবিধ গছ অসমৰ সকলো ঠাইতে পোৱা যায়। ইয়াৰ পৰা মুগা সূতা উৎপন্ন হয়। উজনি অসমত মুগা পলুৰ বাবে চোম গছৰ খেতি কৰা হয়।তদুপৰি মেঘালয় আৰু নাগালেণ্ডৰ অঞ্চল বিশেষে চোম গছ প্ৰচুৰ পৰিমাণে পোৱা যায়।

ইয়াৰ কিছুমান গছৰ পাতবোৰ মিঠা হোৱাৰ বিপৰীতে কিছুমান প্ৰজাতিৰ পাতৰ সোৱাদ তিতা, জ্বলা বা টেঙা।পলুৱে মিঠা পাত পালে ঠাঁৰিলৈকে খায়। কিন্তু পাতবোৰ টেঙা বা জ্বলা হলে আধা খোৱাৰ পিছত আন এখিলা পাতত ধৰে অথবা তললৈ নামি আহে।মুগা পোহোতে যদি এনে গছ দেখা যায় আৰু সেইবোৰ কাটি পেলাই মিঠা পাতৰ গছ ৰোৱা উচিত বুলি কোৱা হয়।এই গছৰ বহু প্ৰজাতি আছে।কোনো বিধৰ পাতবোৰ ঠেক আৰু দীঘল। আকৌ কিছুমানৰ পাতবোৰ বহল কিন্তু চুটি অথবা ডাঠ বা পাতল। আনহাতে, কোনোটো প্ৰজাতিৰ পাতৰ আগটো বহল, ঠাঁৰিৰ ফালে ঠেক। 

কিছুমান গছ বহু ওখ হয়, তাৰ বিপৰীতে কিছু গছ জোপোহা হয়। এনেবোৰ দিশৰ ফালৰ পৰাই চোম গছক এইকেইটা ভাগত ভাগ কৰা হৈছে-


(১) নাহৰপতীয়া,


২) আজাৰপতীয়া(বা কঁঠালপতীয়া) আৰু


(৩) জামুপতীয়া।



Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.