‘চমাংকান’ কাৰ্বিসকলৰ এক পৰম্পৰাগত উৎসৱ
‘চমাংকান’ হৈছে কাৰ্বি সমাজ জীৱনৰ এক পৰম্পৰাগত আৰু কৃষ্টি-সংস্কৃতিৰ
প্ৰধান উৎসৱ।এই উৎসৱ কাৰ্বি জনগোষ্ঠীৰ লোকৰ মৃতকৰ
সৎকাৰ কৰাৰ পিছতে আত্মাৰ সদগতিৰ অৰ্থে এইসকল লোকে
এই উৎসৱটি উদযাপন কৰে। সাধাৰণতে মাঘ-ফাগুন মাহত এই
উৎসৱটি সমূহীয়াভাৱে তিনিদিনীয়াকৈ পালন কৰা হয়। ‘চ’মাংকান’ৰ অৰ্থ অথবা শ্ৰাদ্ধ।।কাৰ্বি লোক সকলে বিশ্বাস
কৰে যে চমাংকান নকৰিলে মৃতকৰ আত্মাই সম্পূৰ্ণ ৰূপে পাপ দুখ আদিৰ পৰা পৰিত্ৰাণ নাপাই।কাৰ্বি
সমাজত কোনো ব্যক্তিৰ মৃত্যু ঘটিলে তেওঁলোকৰ আত্মীয় সকল আহি নোপোৱালৈকে মৃতদেহটো ৰাখি থয়। আত্মীয় সকল অহাৰ পিছত
আনুষ্ঠানিকতা ৰক্ষা কৰি সৎকাৰ কৰা হয় আৰু হাড়বোৰ পুতি থোৱা হয়।এই চমাংকান উৎসৱৰ মাজেৰে কাৰ্বিসকলৰ জাতীয় পৰম্পৰা, ঐতিহ্য আৰু লোক-সংস্কৃতি সুন্দৰকৈ প্ৰতিফলিত হয়। চমাংকান
কাৰ্বিসকলৰ কৃষ্টি-সংস্কৃতিৰ প্ৰধান উৎসৱ। চমাংকান শব্দৰ অৰ্থ হ’ল খাচীয়া নৃত্য৷ খাচীয়াসকলৰ ৰীতি-নীতিৰ মাজেৰেই মৃতকৰ আত্মাৰ শ্ৰদ্ধাৰ
অনুষ্ঠান নৃত্যসহ পালন কৰা হয় বাবেই এই উৎসৱটিৰ নাম চমাংকান।এই অনুষ্ঠান পতাৰ নিৰ্দিষ্ট কোনো দিন বাৰ নাই যদিও কোনো
"শুভ অনুষ্ঠান দেহাল বা ৰংকেৰ পূজাভাগ আৰু লখিমীপূজা হাচাকিকান পাতি উঠাৰ
পাছতহে সাধাৰণতে 'চমাংকান' পতা হয়।ছেং (ঢোল),হিজাপ (বিচনী), ছেংব্ৰোণ্ (সৰু ঢোল), ঢাল-তৰোৱাল, টাৰ (ঢাৰি),কুছাটা
(জালি),চাটৰ (চুৰিয়া), থাইৰাংপাক্ (ধনুকাঁড়),খালোন (বেতৰ পাচি), পৌহৌ (পাগুৰি), ছই (চোলা) আদি বস্তুবোৰ উৎসৱ পালনৰ বাবে সাজু কৰা হয়। চমাংকান তিনিধৰণৰ যেনে সাধাৰণ পৰ্যায়-কণফ্লাফ্লাং, মধ্যম পৰ্যায়- লাংটুক, উচ্চ পৰ্যায়-
হাৰণে উৎসৱৰ আচাৰানুষ্ঠান চাৰিটা মুখ্য অংশত বিভক্ত।সেইকেইটা হৈছে চেদি, কাৰ্কলি,ৰংফু-ৰংলি-কাঙথিন আৰু লংহে
ৰংকেৰ।
প্রথম দিনটোক ‘ৰূ-কেহুম’ (মৃতকৰ অস্থি সংগ্ৰহৰ দিন) বোলে। সেই দিনটোত ঢাল তৰোৱাল লৈ গীত-নৃত্য কৰি শ্মশান শালীলৈ যায়।।মৃতকৰ চিতাৰ পৰা মৃতকৰ পৰিয়ালে অস্থিৰ সলনি কড়ি এটাকে হাড়ৰ প্ৰতীক ৰূপে ঘৰলৈ লৈ অনা হয়। সেয়া তেওঁলোকে মৃতকৰ পুনৰ জনম হোৱা বুলি বিশ্বাস কৰে।তেতিয়া মৃতকৰ নীতি নিয়ম জনা ওপেশী এগৰাকীয়ে প্ৰতীকী ৰূপত জীৱন লাভ কৰা ব্যক্তি কেইজনক ৰান্ধি বাঢ়ি খুৱাই ।তাৰ পিছতেই ওপেশী গৰাকীয়ে ঘোষণা কৰে যে এইসকল ব্যক্তিৰ পুনৰ টান নৰিয়া গতিকে এওঁলোকক বচাব পৰা নাযাব।এই কথা শুনাৰ লগে লগে কান্দোনৰ সুৰ ভাঁহি আহে আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈ একেলেথাৰীয়ে বিননী তুলি কন্দাৰ পৰম্পৰা।যি গৰাকী মহিলাই বিননী তুলি কান্দে তেওঁক কাছাহাৰপী বা লুঞ্চেপি বোলে।উৎসৱৰ দ্বিতীয় দিনটোক ‘কানছ’ (সৰু নাচ)বোলা হয়। বিভিন্ন গাঁৱৰ পৰা দহা বা শ্ৰাদ্ধৰ থলীলৈ ৰাইজ আহে। প্ৰত্যেকেই মৃতকলৈ মদ-ভাত,তামোল যাচে। বিভিন্ন গাঁৱৰ পৰা শিল্পী দলসমূহ আহি মৃতকৰ ঘৰত উপস্থিত হয় আৰু উৎসৱমুখৰ সৃষ্টি হয়।তৃতীয় দিনটোক ‘কানপি’ (বৰ নাচ) বোলে। ‘চ’মাংকান’ৰ তিনিদিনত ‘চার্হেপীয়ে’ তোলা বিননি আৰু ঢুলীয়াই বজোৱা ঢোলৰ মাত বন্ধই হ’ব নালাগিব আৰু বন্ধ হোৱাটো অশুভ বুলি বিবেচিত কৰা হয়।চমাংকান উৎসৱত চমাংকান ওছেপি গীত পৰিৱেশন কৰা হয়। এই উৎসৱত সকলোৱে ঢোলৰ ছেওত নৃত্য কৰে। চমাংকান উৎসৱৰ শেষত ‘বান্জাৰ’ কেকু’ অনুষ্ঠানৰ মাধ্যমেৰে মৃত ব্যক্তিজনৰ পাৰ্থিৱ সংস্কাৰ কৰা হয় পুনৰ দাহ কৰি তাৰ কাষত ‘বান্জাৰ’ (যমপুৰীৰ অলংকৃত গৃহস্বৰূপ) সজাই। তৃতীয় দিনাৰ আবেলিপৰত এক কৰুণ পৰিৱেশৰ সৃষ্টি হয়। কার্বিসকলৰ মতে তেতিয়া হে যেন মৃতকৰ আত্মা স্বর্গপ্ৰাপ্তি হয় বুলি বিশ্বাস কৰা হয়।এনেদৰেই চমাংকান উৎসৱৰ সামৰণি মাৰা হয়৷
সহায় লৈ
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments