18 April, Thu 2024
support@thecriticalscript.com
Blog image

"শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ"

17 Dec,2022 05:00 PM, by: Ankita Gogoi
1 minute read Total views: 1511
3 Likes 0.0

আঠখেলীয়া নামঘৰ অসমীয়া ধৰ্মীয় লোকৰ হৃদয়ত সদায়েই অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম।গোলাঘাট জিলাৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত অৱস্থিত।আঠখেলীয়া নামঘৰ গোলাঘাট চহৰৰ পৰা প্ৰায় ই গোলাঘাট জিলাৰ ২০ কিলোমিটাৰ দূৰত্বত ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। আঠখেলীয়া নামঘৰত উৎযাপন কৰা উল্লেখযোগ্য উৎসৱ সমূহ হৈছে শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, শংকৰ জন্মোৎসৱ। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰতিষ্ঠাৰ কথা সঠিককৈ জনা নাযায় যদিও ১৬৮১ চনত আহোম ৰজা গদাপানিয়ে এই নামঘৰটো  নিৰ্মাণ কৰোৱাইছিল। ১৯৭০ চনৰ আগলৈকে নাম শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল আৰু ১৯৭০ চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি ‘হৰি মন্দিৰ’ৰ সলনি ’নামঘৰ’ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামকৰণ কৰিলে। কিংবদন্তি অনুসৰি আঠখেলীয়া নামঘৰৰ ইতিহাস ১৬৭০ চনৰ পৰা ১৬৮১ চনৰ সময়ৰ, যেতিয়া আহোম ৰাজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ সময় আছিল।সেই সময়ত আহোম ৰাজ্যত লৰা ৰজাৰ শাসন আছিল। আহোম ৰাজ্যৰ ৰজাৰ পদ নিশ্চিত কৰিবলৈ তেওঁ সেই সময়ৰ সকলো আহোম ৰাজকুমাৰক শাৰীৰিকভাৱে অক্ষম কৰি বিকলাঙ্গ কৰি পেলোৱাৰ নিৰ্দেশ দিছিল যাতে তেওঁলোকে নিক্ষেপ কৰা ঠাইৰ পৰা উঠিব নোৱাৰে। সেই সময়ৰ এজন আহোম ৰাজকুমাৰ গদাপানীয়ে লৰা ৰজাৰ কবলৰ পৰা নিজকে বচাবলৈ নগাপাহাৰত আশ্ৰয় লৈছিল। সেই সময়ত তেওঁ এজন সাধুৰ আশ্ৰম পালে, যিটো আজিৰ আঠখেলীয়া নামঘৰ থকা ঠাইত অৱস্থিত। ১৬৮১ চনত যেতিয়া তেওঁ আহোম ৰাজ্যৰ ৰজা হল তেতিয়া গদাধৰ সিংহই সেই ঠাইডোখৰৰ স্মৃতি ৰাখিবৰ বাবে ঠিৰাং কৰে।এই পবিত্ৰ স্থানৰ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ দায়িত্ব সেই অঞ্চলৰ আঠটা নিৰ্বাচিত খেলৰ হাতত ন্যস্ত কৰিছিল। যিহেতু এই আঠখন খেলৰ তত্বাৱধানত সকলো ধৰণৰ ধৰ্মীয় কাম-কাজ সম্পাদন কৰা হৈছিল, সেয়েহে পূৰ্বতে এই ঠাইখন আঠকুৰিয়া নামেৰে জনাজাত আছিল, যিটো পিছলৈ আঠখেলীয়া নামেৰে বিখ্যাত হ'ল। অসমীয়া ভাষাত আঠ" মানে হৈছে আঠ (সংখ্যা) আৰু "খেল" মানে হৈছে সমাজ।"খেল"ক "কুড়ি"ও বুলি জনা যায়। ছশ বছৰীয়া ৰাজত্ব কালত আহোম ৰজাই "খেল"ৰ প্ৰচলন কৰিছিল। নিকটৱৰ্তী অঞ্চলত বাস কৰা আঠখন সমাজৰ পৰা আঠখেলীয়া নামটোৰ উৎপত্তি হৈছে। ই অসমীয়া সমাজৰ এখন উল্লেখযোগ্য ধাৰ্মিক স্থান বুলি গণ্য কৰিব পাৰি। ইয়াত বিভিন্ন ধাৰ্মিক বিষয় সমূহৰ ওপৰত আলোচনা কৰা হয়। এই আঠখন খেলৰ ভিতৰত আছে বচাকুড়ি, বৈৰাগীকুড়ি, ব্ৰাহ্মণকুড়ি, নাঙলকুড়ি,শলালকুড়ি, কছাৰীকুড়ি, বৰাহীকুড়ি আৰু কাকতিকুড়ি। আঠখেলীয়া নামঘৰ অসমীয়া মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ তীৰ্থ কেন্দ্ৰ। পবিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰত অসম তথা ভাৰতৰ চুকে-কোণে ভক্তসকলে আঠখেলীয়া নামঘৰত দৰ্শন কৰে।  

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.