26 April, Fri 2024
support@thecriticalscript.com
Blog image

অসমীয়াৰ সাহসৰ প্ৰতীকঃ কনকলতা বৰুৱা

03 Feb,2022 05:41 PM, by: Jyoti Rekha Kalita
1 minute read Total views: 1721
4 Likes 0.0

ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লোৱা অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ গৰাকী হৈছে কনকলতা বৰুৱা। তেখেতক বীৰবালা ৰূপেও অভিহিত কৰা হয়। কৃষ্ণকান্ত বৰুৱা আৰু কৰ্ণেশ্বৰী বৰুৱাৰ কন্যা কনকলতা বৰুৱাৰ জন্ম হৈছিল ১৯২৮ চনৰ ২২ ডিচেম্বৰত, শোণিতপুৰ জিলাৰ বৰঙাবাৰী গাঁৱত। কনকলতাৰ পাঁচ বছৰ বয়সতেই মাতৃৰ বিয়োগ ঘটিছিল। পিতৃয়ে পুনৰ বিবাহ কৰায় যদিও তেওঁৰ তেৰ বছৰ বয়সত পিতৃৰো বিয়োগ ঘটে।  তৃতীয় শ্ৰেণীত পঢ়ি থাকোতেই কনকলতাই পঢ়া এৰিছিল ভাই-ভন্টীৰ পোহপাল দিবলৈ। এনেদৰেই হয়তো কনকলতাই জীৱনৰ কঠোৰ বাস্তবৰ সৈতে মুখামুখী হৈছিল।

সোতৰ বছৰ বয়সতেই কনকলতাৰ মনত দেশৰ প্ৰতি দায়িত্ববোধ গঢ় লৈ উঠিছিল। এই দায়িত্ববোধেই হয়তো কনকলতাক অনুপ্ৰাণিত কৰিছিল দেশৰ প্ৰতি জীৱন উচৰ্গা কৰিবলৈ। কনকলতাই ‘আজাদ হিন্দ ফৌজ’ত যোগদান কৰিব বিচাৰিছিল যদিও বয়স কম হোৱাৰ বাবেই তেওঁক দলটোত যোগ কৰা নহ’ল। তাৰ পিছত তেখেতে ‘মৃত্যু বাহিনীত মহিলা’ কেডাৰৰ নেতা হিচাপে যোগ দিলে।

সেয়া আছিল ৪২ ৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়। অসমতো এই জুয়ে তাণ্ডৱৰ ৰূপ লৈছিল। সকলোৰে হেপাহ আছিল স্বাধীন হ’বলৈ বৃটিছৰ কবলৰ পৰা। ভাৰত ত্যাগ আন্দোলন তেতিয়া তুঙ্গত। মৃত্যু বাহিনীত বহুতো যুৱক-যুৱতী গোটাই কনকলতাই সেই আন্দোলনত অংশগ্ৰহণ কৰে। আৰু ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ দিনা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে স্থানীয় আৰক্ষী থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বুলি। সেই শোভাযাত্ৰাক ৰেৱতি মোহন সোম আৰু তেওঁ অধীনত থকা আৰক্ষী বাহিনীয়ে সকিয়াই দিছিল, তেওঁলোক আৰু আগুৱাই আহিলে ভাল পৰিণাম নহ’ব বুলি। তৎসত্তেও শোভাযাত্ৰাটো আগুৱাই আহিছিল পতাকা উত্তোলন কৰিবলৈ। ফলত আৰক্ষীয়ে গুলিচালনা কৰিবলৈ আৰম্ভ কৰে দলটোৰ ফালে। পতাকা খন লগত লৈ কনকলতা আগুৱাই গৈছিল আৰু গুলিবদ্ধ হয় আৰক্ষীৰ গুলিচালনাত। কনকলতা ধলি পৰাত লগত যোৱা মুকুন্দ কাকতিয়ে পতকা খন উত্তোলন কৰিবলৈ লৈ যায় যদিও তেওঁকো আৰক্ষীয়ে গুলিবদ্ধ কৰে।

এয়া আছিল অসমৰ ইতিহাসত পাহৰিব নোৱাৰা এটা দিন। মাথো ১৭ বছৰ বয়সতেই দুৰ্দান্ত সাহসী কনকলতাই নিজৰ জীৱন উচৰ্গা কৰিলে দেশৰ হকে। অসমৰ মহিলা সাহসীকতাৰ পৰিচয় বহন কৰে কনকলতাই। এনে বহু অসমীয়া সাহসী মহিলাৰ চৰ্চা অসমৰ ইতিহাসত আছে, তাৰে কিছু লিপিবদ্ধ আছে আৰু কিছু নাই। কনকলতা অসম তথা ভাৰতৰ গৌৰৱ। কনকলতা অসম আৰু অসমীয়া মহিলাৰ সাহসৰ প্ৰতীক। কিন্তু কনকলতা আৰু বহু শ্বহীদৰ উচৰ্গিত জীৱনৰ বিনিময়ত আমি কি দিছোঁ, সেয়া ভাবিব লগীয়া। বৃটিছৰ কবলৰ পৰা স্বাধীন হোৱাৰ পিছতো আমি প্ৰকৃততে স্বাধীন নে? বহুসময়ত দেখা যায়, আনৰ পৰা নহ’লেও আমি নিজৰ মাজতে আৱদ্ধ। কনকলতাৰ দৰে স্পষ্ট আৰু দৃঢ় হ’বলৈ স্পষ্টবাদীতা আৰু দৃঢ়তাৰ প্ৰয়োজন হ’ব। পাঠকে কিছু কথা নিজে উনুকিয়াই চাব বুলি আশা থাকিল।

কনকলতাৰ সোঁৱৰণীত ১৯৯৭ চনত কমিছন কৰা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ফাষ্ট পেট্ৰ’ল জাহাজ আই.চি.জি.এছ ক কনকলতা বৰুৱাৰ নামেৰে ‘কনকলতা’ নামেৰে নামাকৰণ কৰা হৈছিল। আনহাতে ২০১১ চনত গৌৰীপুৰত তেওঁৰ এটা জীৱনাকাৰৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হৈছিল।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.