27 July, Sat 2024
support@thecriticalscript.com
Blog image

গড়গাঁৱৰ আহোম ৰজাৰ ৰাজপ্ৰাসাদ

22 Jul,2023 05:51 PM, by: Ankita Gogoi
1 minute read Total views: 580
0 Like 0.0

ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকৰ পৰা উনবিংশ শতিকাৰ চতুৰ্থ দশকলৈকে নিৰবিছিন্নভাৱে আহোমে অসমক শাসন কৰা এই সুদীৰ্ঘ কালকে আহোম যুগ বুলি কোৱা হয়। অসমীয়া সংস্কৃতিৰ ভেটি এই যুগতে গঢ়ি উঠিছিল।আহোম ৰজাৰ ৰাজপ্ৰসাদ অসম ৰাজ্যৰ গড়গাঁৱৰ এক ঐতিহাসিক অট্টালিকা।গড়গাঁও আহোম বংশৰ ঘৰ আছিল। এই ৰাজপ্ৰসাদটো ৰজা ৰাজেশ্বৰ সিংহই ১৭৫২ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল।চাৰিমহলীয়া এই ৰাজপ্ৰসাদটোৰ চাল গম্বুজ আকৃতিৰ আৰু লগতে আছে এটা চেম্বাৰ। চাৰিটা মূল প্ৰহৰী টাৱাৰৰ ভিতৰত দুটা এতিয়াও আছে। ৰাজপ্ৰসাদটোৰ তলৰ মহলাত পশ্চিমমুখী তিনিটা হল আছে। আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল।তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।

কাৰেং ঘৰটোত প্ৰৱেশ কৰিবৰ বাবে চাৰিখন দুৱাৰ আছে। দুৱাৰ কেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়।ঘৰটোৰ তলত দুমহলা আৰু ওপৰত পাঁচ মহলা আছে। তলৰ মহলাৰ পৰা শিৱসাগৰৰ তলাতল ঘৰলৈ আহিব পৰা প্ৰায় ১৬ কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। এই সুৰংগ বৰ্তমান বন্ধ হৈ আছে। কাৰেং ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে মাউতে-হাতীয়ে তল যোৱা এটা দ খাৱৈ আছে। কাৰেং ঘৰটো দীঘলে ১২০ হাত আৰু বহলে ৩০ হাত। ১২,০০০ অসমীয়া বাঢ়ৈয়ে সম্পূৰ্ণ এবছৰত এই কাৰেং ঘৰটো সাজি উলিয়াইছিল। আৰম্ভণিতে ইয়াত কাঠ-বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হোলোং বুলি কোৱা হৈছিল। মিৰজুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেং ঘৰৰ বৰ্ণনা হ'ল, "ৰজাৰ চোলং (হোলং) ঘৰটো দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত; এই ঘৰত ৬৬টা স্তম্ভ। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটোৰ চালবোৰ আচৰিত কৌশল খটূৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়া ৰাজপ্ৰাসাদলৈ পৰিণত হ'ল গড়গাঁৱৰ কাৰেং ঘৰ।

ক্ৰমান্বয়ে হ্ৰাস পোৱা স্তৰত অৱস্থিত এই ৰাজপ্ৰসাদটো চাৰি মহলীয়া অট্টালিকা।ইয়াৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল নিৰ্মাণৰ কৰিবলৈ যিকোনো ধৰণৰ চিমেণ্টৰ সলনি কণী আৰু চাউল ব্যৱহাৰ কৰা হৈছিল।এই কাৰেং ঘৰটো অসমৰ আটাইতকৈ পৰ্যটন স্থলীসমূহৰ ভিতৰত এটা। ই ইয়াৰ ঐতিহাসিক আৰু স্থাপত্য সৌন্দৰ্যৰ বাবে বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষিত কৰে। বৰ্তমান সময়ত, দৰ্শনাৰ্থীসকলে প্ৰাসাদৰ তলৰ মহলা, প্ৰথম মহলা আৰু তৃতীয় মহলা চাব পাৰে কিয়নো তেওঁলোক হৈছে একমাত্ৰ সংৰক্ষিত শাখা। স্মৃতিস্তম্ভটোৰ ভূগৰ্ভত থকা তালাতল ঘৰটো বন্ধ কৰি দিয়া হৈছে, আৰু প্ৰাসাদৰ বেছিভাগ কাঠৰ অংশ নাইকিয়া কৰা হৈছে। এই ঠাইখনে শান্ত পৰিৱেশৰ বাবে পৰ্যটকৰ বাবে এক পৰিৱেশ প্ৰদান কৰে।


তথ্য সংগৃহীত


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.