11 September, Fri 2026
support@thecriticalscript.com
Blog image

কংথং গাওঁ: য’ত মানুহক নামেৰে নহয়, সুহুৰিৰে মতা হয়!

10 Sep,2026 04:57 PM, by: Ankita Gogoi
1 minute read Total views: 16
0 Like 0.0

মেঘালয়ৰ পূব খাছি পাহাৰৰ বুকুত সেউজীয়া পাহাৰ, ঘন অৰণ্য আৰু প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰে আগুৰি থকা এখন অনন্য গাঁও হৈছে কংথং। মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখন কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেই নহয়, ইয়াৰ এক বিশেষ সংগীতময় পৰম্পৰাৰ বাবেও সমগ্ৰ বিশ্বতে পৰিচিত। প্ৰায় ৭০০ লোকৰ বাসস্থান কংথং মূলতঃ খাছি জনগোষ্ঠীৰ লোকসকলৰ গাঁও। কৃষি আৰু বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি চলা এই গাঁওখনক বহুতে ‘Whistling Village’ বাহুইচেলিং ভিলেজনামেৰে জানে। ইয়াৰ কাৰণ হৈছে কংথঙৰ এক অনন্য পৰম্পৰা, মানুহক কেৱল প্ৰচলিত নামেৰে নহয়, বিশেষ  সুহুৰিৰে মাতি পঠিওৱা হয়।

 নামৰ সলনি সুৰ

কংথঙৰ আটাইতকৈ আকৰ্ষণীয় পৰম্পৰাটো হৈছে প্ৰতিগৰাকী ব্যক্তিৰ সৈতে জড়িত এক বিশেষ সুৰ। এই সুৰক স্থানীয়ভাৱে ‘Jingrwai Lawbei’ বুলি কোৱা হয়। এটা শিশুৰ জন্মৰ পিছত সাধাৰণ নামৰ লগতে মাতৃয়ে শিশুটোৰ বাবে এটা বিশেষ সুৰ সৃষ্টি কৰে। এই সুৰটো ব্যক্তিজনৰ এক অনন্য পৰিচয় হৈ পৰে। গাঁৱৰ কোনো ব্যক্তিক মাতিবলগীয়া লে তেওঁৰ নাম উচ্চাৰণ কৰাৰ সলনি সেই বিশেষ সুহুৰিৰে মাতি পঠিওৱা হয়। অৰ্থাৎ, কংথঙত এজন মানুহৰ পৰিচয় কেৱল তেওঁৰ নামত সীমাবদ্ধ নহয়, তেওঁৰ সৈতে জড়িত হৈ থাকে এটা সুৰো।

এই সংগীতময় পৰম্পৰাৰ সৈতে কংথঙৰ প্ৰকৃতি আৰু পৰম্পৰাগত জীৱনযাত্ৰাৰ গভীৰ সম্পৰ্ক আছে। অতীতত গাঁৱৰ লোকসকলে ঘন অৰণ্যত চিকাৰ কৰিবলৈ যোৱাৰ সময়ত ইজনে-সিজনৰ সৈতে যোগাযোগ ৰখাৰ বাবেও এই সুৰ ব্যৱহাৰ কৰিছিল বুলি কোৱা হয়। দূৰৈৰ অৰণ্যৰ মাজত সাধাৰণভাৱে মাতিলে শব্দ হেৰাই যাব পাৰে, কিন্তু বিশেষ  সুহুৰিৰ জৰিয়তে পৰিচিত ব্যক্তিক সহজে চিনাক্ত কৰিব পৰা গৈছিল। লোকবিশ্বাস অনুসৰি, কিছুমান সুৰ অশুভ আত্মাৰ পৰা আঁতৰি থাকিবলৈও ব্যৱহাৰ কৰা হৈছিল। সময়ৰ লগে লগে এই প্ৰয়োজনীয় যোগাযোগ ব্যৱস্থাই এক গভীৰ সাংস্কৃতিক পৰম্পৰাৰ ৰূপ লে।

মাতৃৰ পৰা সন্তানলৈ পৰম্পৰা

কংথঙৰ এই পৰম্পৰাৰ আন এটা বিশেষ দিশ হৈছে ইয়াৰ সৈতে জড়িত মাতৃকেন্দ্ৰিক সাংস্কৃতিক ধাৰা। মেঘালয়ৰ খাছি সমাজ মাতৃতান্ত্রিক সমাজব্যৱস্থাৰ বাবে পৰিচিত। পৰিয়াল, পৰম্পৰা আৰু সাংস্কৃতিক মূল্যবোধৰ বহু দিশ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে আগবঢ়াই নিয়াৰ এক শক্তিশালী পৰম্পৰা ইয়াত আছে। এগৰাকী মাতৃয়ে সন্তানৰ বাবে সৃষ্টি কৰা বিশেষ সুৰটোও সেই সাংস্কৃতিক ধাৰাৰ অংশ। সেয়েহে কংথঙৰসুৰৰ নামকেৱল যোগাযোগৰ এক পদ্ধতি নহয়, মাতৃৰ মৰম আৰু সন্তানৰ প্ৰতি থকা এক বিশেষ আবেগৰ প্ৰকাশ হিচাপেও বিবেচিত হয়।

আধুনিকতাৰ মাজতো অটুট পৰম্পৰা

মোবাইল ফোন, ইণ্টাৰনেট আৰু আধুনিক যোগাযোগ ব্যৱস্থাই আজিৰ পৃথিৱীখন সলনি কৰিছে। তথাপিও কংথঙৰ লোকসকলে তেওঁলোকৰ এই অনন্য পৰম্পৰাক এতিয়াও জীয়াই ৰাখিছে। গাঁৱৰ বয়োজ্যেষ্ঠসকলে নতুন প্ৰজন্মক এই সুৰসমূহৰ বিষয়ে শিকায়। ফলত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা এই মৌখিক পৰম্পৰা আজিও কংথঙৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আছে।

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কংথং

প্ৰকৃতি আৰু সংস্কৃতিৰ এই অনন্য সমন্বয়ে কংথঙক বৰ্তমান এক আকৰ্ষণীয় পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিছে। দেশ-বিদেশৰ পৰ্যটকসকলে গাঁওখনলৈ আহি এইসুৰৰ ভাষানিজ চকুৰে দেখিবলৈ আৰু শুনিবলৈ আগ্ৰহী হয়। ২০১৩ চনত কংথঙত পৰম্পৰাগত শৈলীৰে স্থানীয় সামগ্ৰী, যেনে বাঁহ আদি ব্যৱহাৰ কৰি এটা হোমষ্টে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত ২০১৪ চনত গাঁওখনলৈ যাতায়াতৰ বাবে পথ নিৰ্মাণ কৰা হয়, যাৰ ফলত আগৰ পাহাৰীয়া পদপথৰ তুলনাত কংথঙলৈ যাত্ৰা অধিক সহজ হৈ পৰে। স্থানীয় লোকসকলৰ নেতৃত্বত চলা বিভিন্ন পৰ্যটনমূলক উদ্যোগৰ জৰিয়তে পৰ্যটকে গাঁওখনৰ জীৱনশৈলী, সংস্কৃতি আৰু পৰম্পৰাক ওচৰৰ পৰা অনুভৱ কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ ফলত স্থানীয় অৰ্থনীতিও লাভান্বিত হয়।

বিশ্বৰ দৰবাৰত কংথং

কংথঙৰ এই অনন্য পৰম্পৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছে। ২০২১ চনৰ ছেপ্টেম্বৰত কংথঙক UNWTO Best Tourism Villages বঁটাৰ বাবে মনোনীত কৰা হৈছিল। গ্ৰাম্য অঞ্চলত বহনক্ষম আৰু উদ্ভাৱনীমূলক পৰ্যটন বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা লোৱা গাঁওসমূহক এই স্বীকৃতিৰ বাবে বিবেচনা কৰা হয়। কংথঙৰ কাহিনী চলচ্চিত্ৰৰ জৰিয়তেও বিশ্বৰ সন্মুখলৈ আহিছে। ২০১৬ চনত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা Oinam Doren- কংথং আৰু ইয়াৰ অনন্য পৰম্পৰাক লৈ ৫২ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ ‘My Name is Eeooow’ নিৰ্মাণ কৰে। ছবিখনে ব্ৰিষ্টলত অনুষ্ঠিত ১৫সংখ্যক RAI Film Festival- Tangible Culture Prize লাভ কৰে। তথ্যচিত্ৰখনত বিশেষকৈ এই প্ৰশ্নটোও উত্থাপন কৰা হৈছে যে, কংথঙৰ এই মাতৃসুলভ মৰমৰ প্ৰতীকী সুৰবোৰৰ কি হয়, যেতিয়া গাঁৱৰ সন্তানসকলে উচ্চশিক্ষা, চাকৰি বা আধুনিক জীৱনৰ সন্ধানত ডাঙৰ চহৰলৈ আঁতৰি যায়।

সুৰ, প্ৰকৃতি আৰু পৰম্পৰাৰ এখন অনন্য পৃথিৱী

কংথং কেৱল ‘Whistling Village’ বুলি পৰিচিত এখন গাঁও নহয়। হৈছে প্ৰকৃতি, সংগীত, মাতৃৰ মৰম আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ অহা সাংস্কৃতিক পৰম্পৰাৰ এক অনন্য মিলনভূমি। বিশ্বৰ বহু ঠাইত মানুহক নাম, উপাধি বা নম্বৰেৰে চিনাক্ত কৰা হয়। কিন্তু কংথঙত এজন মানুহৰ সৈতে জড়িত হৈ থাকে এটা নিজস্ব সুৰ। সেই সুৰৰ মাজত থাকে তেওঁৰ পৰিচয়, তেওঁৰ পৰিয়ালৰ স্মৃতি আৰু তেওঁৰ সংস্কৃতিৰ এক অংশ। আধুনিকতাৰ দ্ৰুত পৰিৱৰ্তনৰ মাজতো নিজৰ শিপা আৰু পৰম্পৰাক সযতনে জীয়াই ৰখা কংথং সঁচাকৈয়ে এক অনন্য সাংস্কৃতিক বিস্ময়। পাহাৰৰ মাজত ভাহি অহা সেই মিঠা সুহুৰিৰে সুৰবোৰ যেন আজিও কৈ যায়কেতিয়াবা এজন মানুহক নামেৰে নহয়, এটা সুৰেৰেও চিনিব পাৰি।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.