08 September, Sun 2024
support@thecriticalscript.com
Blog image

য়ামিন‌ হাজৰিকা অসমৰ প্ৰথম মহিলা আৰক্ষী বিষয়া

09 Jun,2024 06:32 PM, by: Ankita Gogoi
1 minute read Total views: 199
1 Likes 0.0

ইয়ামিন হাজৰিকা আছিল সকলো মহিলাৰ বাবে এক প্ৰেৰণা। তেওঁৰ সন্মুখত অহা সকলো বাধা অতিক্ৰম কৰি অসমৰ প্ৰথম মহিলা আৰক্ষী বিষয়া হিচাপে পৰিগণিত হয়, যিটো বৃত্তি পৰম্পৰাগতভাৱে পুৰুষৰ আধিপত্য থকা বুলি বিশ্বাস কৰা হয়। আৰক্ষী বিষয়া হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও ইয়ামিন দুটা সন্তান - হুমা আৰু বিক্ৰমৰ অকলশৰীয়া মাতৃও আছিল। 

১৯৫০ চনৰ শেষৰ ফালে জন্মগ্ৰহণ কৰা য়ামিন পাঁচজন ভাই-ভনীৰ ভিতৰত দ্বিতীয়। তেওঁৰ পিতৃ ছিৰাজুল হুছেইন হাজৰিকাই বাংলাদেশৰ স্বাধীনতাৰ পূৰ্বৰ চিলেটত উপ আবকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়ামিনে গুৱাহাটী আৰু শ্বিলঙত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি পিছলৈ আই পি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভৰ বাবে দিল্লীলৈ গুচি যায়।পিছত আইন বিষয়ত ডিগ্ৰী লাভ কৰিবলৈ গুৱাহাটীলৈ উভতি আহে আৰু একে সময়তে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলায় যিটো পৰীক্ষাত দুবাৰকৈ ক্লিয়াৰ কৰে।ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ৰাজ্যিক আৰক্ষী সেৱালৈ নিযুক্ত হৈছিল। তেওঁ ১৯৭৯ চনৰ দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেডাৰৰ আৰক্ষী সেৱাৰ বিষয়া আছিল। তেওঁ পঞ্জাবৰ ফিল্লাউৰত অৱস্থিত মহাৰাজ ৰঞ্জিত সিং পঞ্জাব আৰক্ষী একাডেমীত আৰক্ষীৰ প্ৰশিক্ষণ সমাপ্ত কৰিছিল। ইয়াতে তেওঁ তেওঁৰ ভৱিষ্যতৰ স্বামী হাৰিয়ানা কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰাজীৱ সাগৰক লগ পাইছিল।

তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সুৰক্ষা বাহিনীৰ অংশ আছিল। হাজাৰিকাক দিল্লীৰ চাণক্যপুৰীত সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে কিছুসময় নিযুক্ত কৰা হৈছিল। তাৰ পিছত তেওঁক দিল্লীৰ মহিলা কোষৰ বিৰুদ্ধে অপৰাধ বিভাগৰ আৰক্ষী উপায়ুক্ত পদলৈ উন্নীত কৰা হৈছিল। ১৯৯৮ চনত তেওঁক তিনি মাহৰ বাবে ৰাষ্ট্ৰসংঘ শান্তিৰক্ষণ বাহিনীৰ অংশ হিচাপে বচনিয়ালৈ প্ৰেৰণ কৰা হৈছিল।

কিন্তু তেওঁৰ এই বিবাহ বেছি দিন নাথাকিল আৰু অতি সোনকালেই দম্পতীহালৰ মাজত বিচ্ছেদ  হয় আৰু নিজৰ সন্তান দুটাৰ তত্ত্বাৱধান য়ামিনৰ হাতত এৰি দিয়ে।

১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষণ বাহিনীৰ অংশ হিচাপে বচনিয়াত থাকোঁতে তেওঁ লিউকেমিয়াত আক্ৰান্ত হৈছিল।ভাৰতলৈ উভতি আহি হাজাৰিকাই মুম্বাইৰ টাটা মেমৰিয়েল চেণ্টাৰ আৰু দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসা লাভ কৰিছিল। ১৯৯৯ চনৰ ২৫ জুলাই তাৰিখে কৰ্কট ৰোগত মাত্ৰ ৪৩ বছৰ বয়সতে তেওঁ মৃত্যুবৰণ কৰে।

প্ৰতিবছৰে তেওঁৰ স্মৃতিত য়ামিন হাজৰিকা বঁটা আগবঢ়োৱা হয়। ২০১৫ চনৰ পৰা প্রতি  বছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.