
বীৰ লাচিত বৰফুকন- সাহসিকতা, দেশপ্ৰেম আৰু ঐতিহ্য
জীৱনৰ মৃত্যুঞ্জয়ী আকুল আহ্বানে
বাৰে বাৰে মাতিছে আমাক,
তেজেৰে আমাৰ পাণিপথ, হলদীঘাট, পলাচীৰ, শৰাইঘাটৰ
মাটি সেমেকাই আমি তাক কৰিছো গ্রহণ।
ফাঁচীকাঠে মাতিছে আমাক,
আমি তাৰ আমন্ত্রণ প্রত্যাখ্যান কৰা নাই।
(দেৱকান্ত বৰুৱা)
পৰাধীনতাৰ ভাৰী শিকলিয়ে যেতিয়া জননীৰ উচ্চ শিৰ শত্ৰুৰ সমুখত নত কৰিবলৈ বাধ্য কৰে, যেতিয়া বিদেশী শত্ৰুৰ নির্যাতনে স্বদেশীৰ জীৱন দুৰ্ব্বিসহ কৰি তোলে, তেতিয়া জননীৰ হাতৰপৰা পৰাধীনতাৰ শিকলি ছিঙি দি স্বাধীনতাৰ মাণিকখটোৱা মুকুটেৰে জননীৰ শিৰ পুনৰ সুশোভিত কৰিবলৈ অসংখ্য দেশপ্ৰেমিকৰ বিপ্লৱী ৰক্তই টগবগাই উঠে। স্বতন্ত্ৰতাৰ বাবে যেতিয়াই এইসকল দেশপ্রমিকে নিজৰ প্ৰাণকো তুচ্ছজ্ঞান কৰি আগবাঢ়ি আহিছে, তেতিয়াই যুগে যুগে সৃষ্টি হৈছে অজস্ৰ ৰক্তক্ষয়ী সংগ্ৰামৰ। সেই সংগ্ৰামত কেতিয়াবা স্ব-শোণিতৰ, কেতিয়াবা প্ৰাণৰ আহুতি দি যুগে যুগে নিজৰ নাম যুগমীয়া কৰি যায় স্বাধীনতা প্ৰয়াসী জননীৰ সু-সন্তানসকলে। এনে এক সংগ্ৰামৰে অক্লান্ত সৈনিক আছিল মহাবীৰ লাচিত বৰফুকন- ন বছৰীয়া পৰাধীনতাৰ শিকলি ছিঙি শত্ৰুৰ শোণিতেৰে জননীৰ চৰণ বন্দনাকাৰী, অসমী জননীৰ সু-সন্তান, মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকন।
সমসাময়িক পটভূমি আৰু লাচিতৰ উত্থান:
স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত মোগল সেনাপতি মিৰজুমলাৰ নেতৃত্বত মোগল সেনাই অসমৰ মাটিত ৰণশিঙা ঝঙ্কাৰিত কৰে। ১৬৬২ চনৰ জানুৱাৰী মাহৰপৰা ১৬৬৩ চনৰ আৰম্ভণিলৈকে প্রায় এটা বছৰজোৰা যুদ্ধত আহোম সেনাৰ বাৰাম্বাৰ পৰাজয় ঘটে। আনকি খোদ স্বৰ্গদেৱেও ৰাজধানী এৰি পাহাৰলৈ পলাই যাব লগা অৱস্থা হয়। এনে পৰিস্থিতিত অৱশেষত ১৬৬৩ চনত জয়ধ্বজ সিংহই অসন্মানজনক ঘিলাধাৰীঘাটৰ সন্ধিত স্বাক্ষৰ কৰিবলৈ বাধ্য হয়। ইয়াৰ লগে লগেই ভৰলী নদীৰ সিপাৰৰ, আহোম ৰাজ্যৰ অধীনস্থ গুৱাহাটীসহ সম্পূর্ণ নামনি অসম মোগলৰ অধীনলৈ গৈছিল। তাৰোপৰি স্বৰ্গদেউ জয়ধ্বজ সিংহই সোণ-ৰূপ- হস্তীসহ বৃহৎ অংকৰ ক্ষতিপূৰণ মোগল সম্রাটক বহন কৰিব লগা হৈছিল।
চ্যুকাফা প্রমুখ্যে পূর্বজ ‘পুলিন-পোথাও' সকলৰ ঐকান্তিক প্রচেষ্টাত গঢ় লৈ উঠা আহোম সাম্ৰাজ্যৰ এনে দুৰ্গতি দেখি জয়ধ্বজ সিংহ শোক আৰু আত্মগ্লানিত একপ্রকাৰ ভাগি পৰিছিল। কিন্তু তাৰ পিছতো তেওঁ নিৰুৎসাহ নহ'ল, বৰঞ্চ চুবুৰীয়া কোচ, কছাৰী, জয়ন্তীয়া আদি ৰাজ্যৰ ৰজাসকলৰ সৈতে মিত্ৰতা কৰি তেওঁলোকৰ সহায়ত জীৱনৰ অন্তিম মূহুর্তলৈকে চলাই গ'ল মোগলৰ হাতৰপৰা অসমক স্বাধীন কৰাৰ বাবে নিৰন্তৰ প্ৰস্তুতি। অৱশ্যে পৰাজয়ৰ গ্লানি শিৰত লৈ তেওঁ বেছিদিন জীয়াই নাথাকিল, ১৬৬৩ চনৰ শেষৰ ফালে তেওঁ স্বৰ্গগামী হ'ল। মৃত্যুৰ পূৰ্বে তেওঁৰ উত্তৰাধিকাৰী চক্ৰধ্বজ সিংহক দি গ'ল তেওঁৰ অপূৰ্ণ সপোনক সাকাৰ ৰূপ দিয়াৰ গধুৰ দ্বায়িত্ব।
স্বৰ্গদেউ চক্রধ্বজ সিংহও তেওঁৰ পূৰ্বজ সকলৰ দৰেই অত্যন্ত স্বাধীনতাপ্রিয় নৃপতি আছিল। তেওঁ বিশ্বাস কৰিছিল, “বঙালৰ অধীন হৈ থাকিবতকৈ মৰণেহে যুগুত।" মোগলক বিতাড়িত কৰি অসমৰ অখণ্ডতা পুনৰ অক্ষুণ্ণ ৰখাৰ স্বপ্নই সিংহাসনত আৰোহণ কৰাৰ সময়ৰেপৰাই তেওঁৰ হৃদয়ত দোলা দি আছিল। কিন্তু মিৰজুমলাৰ আক্ৰমণে জুৰুলা কৰা আহোম ৰাজ্য তেতিয়া মোগলৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ প্ৰস্তুত নাছিল। সেয়ে ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ পৰামৰ্শ অনুসৰি স্বৰ্গদেৱে মুখেৰে মিত্ৰতাৰ কথা কৈ, দিব লগা কৰ কাটলৰো কিছু অংশ পৰিশোধ কৰি ভিতৰি যুদ্ধৰ প্ৰস্তুতি চলালে। এই যুদ্ধৰ বাবে প্ৰয়োজন হ'ল জলে-স্থলে সমানে নেতৃত্ব দিব পৰা এজন বিচক্ষণ সেনাধ্যক্ষৰ। আতন বুঢ়াগোহাঁই প্ৰমুখ্যে তিনিজনা পাত্ৰ মন্ত্ৰীৰ সৈতে সন্মিলিত লৈ স্বৰ্গদেৱে এই পদৰ বাবে নিৰ্বাচিত কৰিলে সকলো দিশৰ পৰা উপযুক্ত বীৰ লাচিত বৰফুকনকে।
মূলতঃ আতন বুঢ়াগোহাঁঞি আৰু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দ্বাৰা লাচিত বৰফুকনক বৰসেনাপতি পদত অধিষ্ঠিত কৰাৰ যি সিদ্ধান্ত, সেয়া বোকাত খেপিয়াই ধৰা মাছ নাছিল। এই বিশ্বাসযোগ্যতা আদায় কৰিব পৰাৰ আঁৰতে আছিল লাচিতৰ পূৰ্বৰ বিষয়সমূহত দ্বায়িত্ববোধ আৰু কৰ্তব্যনিষ্ঠা।
লাচিতৰ প্ৰতিভা, সাহস আৰু কৰ্তব্যনিষ্ঠাৰ কথা কবলৈ যাওতে প্ৰথমতেই উনুকিয়াব লাগিব লাচিতৰ জন্ম আৰু শিক্ষাৰ কঠিয়াতলী তেওঁৰ ঘৰখনৰ কথা। লাচিতৰ পিতৃ তথা আহোম সাম্ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা মোমাই তামুলী নিজেও আছিল এজন কৰ্তব্যপৰায়ণ আৰু দ্বায়িত্ববোধ সম্পন্ন বিষয়া আছিল। স্বকীয় প্ৰতিভাৰে প্ৰথমে বাৰীছোৱা বৰুৱাৰ পৰা পৰৱৰ্তী সময়ত দোপতদোপে উঠি অৱশেষত বৰবৰুৱাৰ পদ লাভ কৰা মোমাই তামুলী বৰবৰুৱাৰ কীৰ্তি প্ৰায় সকলো অসম বুৰঞ্জীয়েই সগৌৰৱে ৰিঙিয়াই আছে। এনে এক পৰিৱেশত জন্মলাভ কৰা লাচিত বৰফুকনেও শৈশৱৰে পৰাই পাইছিল নিয়মানুৱৰ্তিতা আৰু দ্বায়িত্ববোধৰ শিক্ষা। নিজৰ গৃহতে লাচিতৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল। মোমাই তামুলী বৰবৰুৱাই নিয়োগ কৰা সুদক্ষ পণ্ডিতৰ সহায়ত লাচিতে গ্ৰহণ কৰিছিল সামৰিক আৰু অসামৰিক দুয়োবিধৰ জ্ঞান। আহোম শাস্ত্ৰ আৰু হিন্দু দণ্ডনীতি, অতীত বুৰঞ্জী, সামৰিক কৌশল আদিৰ শিক্ষা এনেদৰেই প্ৰাপ্ত কৰিছিল লাচিতে। তাৰোপৰি, নিতৌ পিতৃৰ ৰাজকাৰ্য, বৰবৰুৱা হিচাপে বিচাৰকাৰ্য, পৰৰাজ্যৰ পৰা অহা দূতসকলৰ সৈতে আলোচনা বিলোচনা আদি দেখি লাচিতে শৈশৱৰে পৰাই আয়ত্ত্ব কৰিছিল ৰাজনীতিৰ জ্ঞান। আকৌ, বৰবৰুৱাৰ পুত্ৰ লাচিতে প্ৰায়েই ৰাজদৰবাৰলৈ যোৱাৰো সুযোগ লাভ কৰিছিল, যত তেওঁ জানিবলৈ পাইছিল স্বৰ্গদেউ আৰু ৰাজতন্ত্ৰৰ কৰ্মপন্থা সমূহ। এনেদৰে সৰ্বপ্ৰকাৰ শিক্ষা লাভৰ পিছত লাচিতে প্ৰথম লাভ কৰিছিল বুঁঢ়াগোহাই ডাঙৰীয়াৰ হাঁচতিধৰা পদ, যিটো বুৰঞ্জীমতে তেওঁ পালন কৰা প্ৰথম দ্বায়িত্ব আছিল।
বুঢ়াগোহাঁই ডাঙৰীয়াৰ হাঁচতিধৰা তামুলী হিচাপে কম বয়সতে লাচিতে প্ৰায়েই ডাঙৰীয়াৰ সৈতে ৰাজসভালৈ যোৱাৰ সুযোগ লাভ কৰিছিল। এই সময়তে স্বৰ্গদেউ আৰু ডাঙৰীয়াসকলৰ মাজত হোৱা আলোচনাবোৰ শুনি ৰাজনৈতিক আৰু কুটনৈতিক জ্ঞানেৰে সমৃদ্ধ হৈছিল। আহোম ৰাজতন্ত্ৰয়ো লাচিতৰ মাজত দেখিবলৈ পাইছিল বিচক্ষণতা, ৰাজনীতি আৰু সামৰিক প্ৰতিভা। সেয়ে কিছুদিন পিছত তেওঁ ৰাজকীয় ঘোঁৰাশালৰ ঘোঁৰাবৰুৱাৰ দ্বায়িত্ব লাভ কৰে। নিজস্ব বিচক্ষণতা আৰু প্ৰতিভাৰে লাচিতে ঘোঁৰাবোৰক এনে প্ৰশিক্ষণ দিছিল যে স্বৰ্গদেৱে ঘোঁৰাত উঠিলে দোলাত উঠা যেন অনুভৱ কৰিছিল। সেয়ে পুৰস্কাৰস্বৰূপে লাচিতে ঘোঁৰাবৰুৱাৰ পৰা পদোন্নতি হৈ লাভ কৰিছিল দুলীয়া বৰুৱাৰ পদবী। ইয়াৰ পিছত স্বকীয় প্ৰতিভাৰে দোপতদোপে উন্নতি কৰি লাচিতে শিমলুগুৰীয়া ফুকন আৰু দোলাকাষৰীয়া বৰুৱাৰ পদবীত অধিস্থিত হয়। ইতিহাসবিদ ড° সূৰ্যকুমাৰ ভূঞাৰ মতে মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লাচিতে দিখৌমুখত মোগল বাহিনীৰ লগত যুদ্ধ কৰিছিল আৰু কিছু পৰিমাণে কৃতকাৰ্যতাও লাভ কৰিছিল।
পূৰ্বৰ বিষয়বাবসমূহত লাচিতৰ বিচক্ষণতা, দ্বায়িত্ব আৰু কৰ্তব্যনিষ্ঠাৰ ভিত্তিত চক্ৰধ্বজ সিংহ, আতন বুঢ়াগোহাঁই আৰু অন্য পাত্ৰ-মন্ত্ৰীসকলে লাচিতকে আহোম সেনাৰ সৰ্বাধিনায়ক পদবীৰ বাবে যোগ্য বুলি বিবেচিত কৰে। তাৰ বাবে স্বৰ্গদেৱে নিজৰ গা-ৰখীয়াৰ হতুৱাই লাচিতৰ পাগ খোলাই লাচিতৰ পৰীক্ষা লয়। আত্মসন্মানত আঘাত লগাত লাচিতে স্বৰ্গদেউৰ গা-ৰখীয়াক কাটিবলৈ খেদি যায়, গা-ৰখীয়াই স্বৰ্গদেউৰ সিংহাসনৰ তলত আশ্ৰয় লোৱাত লাচিতে তালৈও হেংদান দাঙি আগবাঢ়ে। ইয়াতে লাচিতৰ সাহস আৰু আত্মসন্মানৰ পৰিচয় পাই স্বৰ্গদেৱে তেওঁক শলাগি বৰফুকন পদবীত অধিষ্ঠিত কৰাৰ লগতে মোগলক বহিস্কাৰ কৰাৰো সম্পূৰ্ণ দ্বায়িত্ব অৰ্পণ কৰে।
উজনি অসমত প্ৰচলিত দুই এটা জনশ্ৰুতিমতে লাচিতৰ পৰীক্ষা আছিল ইয়াতকৈও কঠোৰ। তিৰোতা মানুহৰ কেৰুৰ ফুটাইদি কাঁড় পাৰ কৰা, হেংদানেৰে সাতজোপা ভীমকলৰ গছ একে ঘাপতে কটা- এনেবোৰ পৰীক্ষাতো লাচিত উত্তীৰ্ণ হৈছিল। তাৰ পিছতহে স্বৰ্গদেৱে তেওঁক সম্পূৰ্ণ বিশ্বাসেৰে সেনানায়কৰ পদত অধিস্থিত কৰিছিল।
সেনাপতিৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পিছতে লাচিতে উপযুক্ত প্ৰশিক্ষণ, অস্ত্ৰ-শস্ত্ৰ আৰু ৰচদ-পাতিৰে ভৱিষ্যতৰ মহাসংগ্ৰামৰ বাবে সাজু হ'ল। উল্লেখযোগ্য যে পূৰ্বৰ প্ৰতিশ্ৰুতিমতে ওচৰ চুবুৰীয়া ৰজা আৰু ৰজা পোৱালি সকলেও এই যুদ্ধৰ বাবে লাচিত তথা আহোম সাম্ৰাজ্যক পূৰ্ণ সমৰ্থন দিছিল, সৈন্য আৰু ধনবলেৰে সহায় কৰিছিল। যাৱতীয় সকলো প্রস্তুতি সম্পূৰ্ণ কৰি ১৬৬৭ চনৰ ২০ আগষ্টৰ দিনা, আহোম আৰু হিন্দু দুয়ো ৰীতিমতে পূজা-পাৰ্বণৰ অন্তত অসীম সাহসী বীৰ লাচিত বৰফুকনৰ নেতৃত্বত এটি বৃহৎ সৈন্যদল ব্রহ্মপুত্রইদি ভটিয়াই গুৱাহাটীৰ দিশে যুদ্ধযাত্ৰা আৰম্ভ কৰে। প্ৰথমে কলিয়াবৰ পাই তাতে বাহৰ পাতি লাচিতে যুদ্ধৰ কুচকাৱাজ আৰম্ভ কৰিলে।
খুব সোনকালেই আহোম সেনাই তদানীন্তন মোগল ফৌজাদাৰ চৈয়দ ফিৰোজ খাঁক যুদ্ধত হৰুৱাই বাঁহবাড়ী গড় আৰু কাজলী গড় অনায়াসে অধিকাৰ কৰে। কাজলীৰ গড়ত থকা পাঁচজন চৰ্দাৰসহ সকলো মোগল সৈন্যই অসমীয়া সেনাৰ হাতত নিধন হ'ল। কেইদিনমানৰ ভিতৰতে সহজ যুদ্ধৰে মোগল অধিকৃত সোণাপুৰ গড় আৰু পানীখাইতী গড়ো লাচিত বৰফুকন নেতৃত্বাধীন অসমীয়া সেনাই নিজৰ হাতলৈ আনে। একে সময়তে অসমৰ চুবুৰীয়া কেইবাখনো মিত্ৰ ৰাজ্যৰ সেনা আহি অসমীয়া সৈন্যদলৰ সৈতে একত্রিত হোৱাত তেওঁলোকৰ শক্তি আৰু বৃদ্ধি পায়। ইয়াৰ পিছৰ পৰ্যায়ত লাচিতে মণিকৰ্ণেশ্বৰ আৰু চাহবুৰুজত কোঠ মাৰি অসমীয়াৰ বাবে অপৰিহাৰ্য ইটাখুলিৰ দুৰ্গ দখলৰ পৰিকল্পনা কৰে। আগ্নেয়াস্ত্ৰৰে সুসজ্জিত ইটাখুলিৰ দুৰ্গ দখল অসমীয়া সেনাৰ বাবে সহজসাধ্য নাছিল। বৰফুকনৰ অনুগত কলঞ্চু সন্দিকৈৰ পুত্ৰ বেতমেলাৰ অসীম বীৰত্বয়ো ইটাখুলিৰ দুৰ্গ উদ্ধাৰ কৰিব নোৱাৰিলে। অৱশেষত ৪ নৱেম্বৰৰ দিনা বুদ্ধিমান 'চোৰবচা' অসমীয়া সৈন্যই মোগল অধিকৃত ইটাখুলি দুৰ্গৰ ওপৰৰ কামান-হিলৈবোৰত পানী ভৰাই সেইবোৰ ব্যৱহাৰৰ অযোগ্য কৰি তুলিলে, যাৰ বাবে এদিনীয়া যুদ্ধৰ অন্তত দুর্লংঘনীয় ইটাখুলিৰ দুৰ্গও আহোম সেনাৰ হাতলৈ আহে। বিজয়ী আহোম সেনাই পাদস্যাহী ভঁৰালৰ সকলো হাতী-ঘোঁৰা, হিলৈ, বৰতোপ আৰু অজস্ৰ ধন সম্পত্তি সংগ্ৰহ কৰে। সেইদিনাই গুৱাহাটীৰ গড়ো আহোম সেনাই অধিকাৰ কৰি, সম্পূৰ্ণ গুৱাহাটী নিজৰ দখললৈ আনে। অসমীয়াই ফিৰোজ খাঁৰ সেনাক মানাহৰ পাৰলৈকে খেদি গৈ বন্দী কৰি আনে। অলেখ মোগল সৈন্যক হত্যা কৰা হয়, ফিৰোজ খাঁ আৰু সহযোগী চৈয়দ চানাসহ বহুতক গড়গাঁৱলৈ পঠিয়াই দিয়া হয়। বিজয় আনন্দত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই “এতিয়াহে মই এগৰাহ শান্তিৰে খাব পাৰিম" বুলি স্বস্তিৰ নিশ্বাস পেলাইছিল।
এই বাৰ্তা পাই সম্রাট ঔৰংগজেৱে চৈয়দ চানা আৰু চৈয়দ ফিৰোজ নামৰ দুজন সেনাপতিৰ নেতৃত্বত আন এদল সৈন্য অসমলৈ প্ৰেৰণ কৰে। কিন্তু বৰফুকন নেতৃত্বাধীন অসমীয়া সেনাই এই দলটোকো চূড়ান্তভাৱে পৰাজিত কৰে আৰু দুয়োজন মোগল সেনাপতিকে বন্দী কৰি গড়গাঁৱলৈ প্ৰেৰণ কৰে।
অসমীয়াৰ বিজয় উৎসৱৰ মাজতো বিচক্ষণ বৰসেনাপতি লাচিত বৰফুকনে বুজি পাইছিল যে এইখন শেষ যুদ্ধ নহয়। পৰৱৰ্তী সময়ৰ কঠিন যুদ্ধৰ বাবে লাচিত তেতিয়াই প্ৰস্তুত হৈছিল। নৱ অধিকৃত ৰাজ্য সংৰক্ষণৰ বাবে লাচিতে লগেই যো-জা চলালে। ফলস্বৰুপে কলিয়াবৰৰ পৰিৱৰ্তে গুৱাহাটীলৈ বৰফুকনৰ কাৰ্যালয় স্থানান্তৰিত কৰা হ'ল। আতন বুঢ়াগোহাঁই ডাঙৰীয়াৰ পৰামৰ্শ মতে প্ৰতিখন ‘সামৰিক সংগম'ত এজন বিচক্ষণ সেনাপতিৰ তলে এদল সৈন্য থোৱাৰ ব্যৱস্থা কৰা হ'ল। পৰগণা পাতিদৰং, বৰভাগ আৰু বঙ্গেশ্বৰৰ দ্বায়িত্ব লাচিত বৰফুকনে নিজে গ্ৰহণ কৰি বাকীবোৰ অঞ্চলত পানীফুকন, দুৱৰা ফুকন, ডেকা ফুকন, চেতিয়া ফুকন আৰু ৰাজখোৱাসকলক নিয়োগ কৰিলে।
ব্যস্ততাৰ মাজতো চিকাৰ বা ভ্ৰমণৰ চলেৰে লাচিতে পৰ্যৱেক্ষণ কৰি ফুৰিছিল গুৱাহাটীৰ সমীপৱৰ্তী বাট-পথ, হাবি-বননি। গড়ত বুৰুজত, পৰ্বতৰ গাত, নদীৰ নামনিত ঠায়ে ঠায়ে স্থাপন কৰা হৈছিল শক্তিশালী বৰটোপ আৰু হিলৈ। শৰাইঘাটৰ পৰা কুৰুৱালৈ, পাণ্ডুৰপৰা অসুৰৰ আলিলৈ সষ্টম কৰি ৰাখিছিল অসমীয়া সেনাৰ দল। এই সকলো পৰিকল্পনাৰে মধ্যমণি আছিল লাচিত বৰফুকন আৰু আতন বুঁঢ়াগোহাই।
আলাবৈৰ পৰা শৰাইঘাটলৈ: লাচিতৰ অগ্নিপৰীক্ষা-
১৬৬৭ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত ভীষণ পৰাজয়ৰ বাতৰি পাই তীব্ৰ অপমানিত হৈ ঔৰংগজেবে ১৬৬৯ চনত ৭৮ সহস্র সৈন্যসহ অম্বৰাধিপতি জয়সিংহৰ পুত্ৰ ৰামসিংহক অসম আক্ৰমণৰ বাবে প্ৰেৰণ কৰে। ৰামসিংহক সেনাপতি পতাৰ কাৰণ হিচাপে তেওঁৰ সামৰিক কৃতিত্বৰ উপৰি ৰামসিংহৰ উত্থানত ঔৰংজেৱৰ ভীতিও নিহিত হৈ আছিল। তেওঁৰ লগত আছিল ৰছিদ খাঁ, গুৰু টেগবাহাদুৰসহ পাঁচজন পীৰ, ২১ জন ৰাজপুত চৰ্দাৰ, ৪০০০ ৰাজপুত অশ্বাৰোহী, ১৫০০ আচোৱাৰী, ৩০০০০ পদাতিক আৰু ১৮০০০ তুৰ্কী অশ্বাৰোহী সৈন্য। কোচবিহাৰ আৰু ঢাকাৰো কেইবাজনো বিষয়া এই দলত আছিল। এই বাহিনীটো অসমৰ মাটিত ভৰি দিয়াৰ আগতেই অসমীয়া সেনাৰ একান্ত কৰ্তব্যনিষ্ঠা, লাচিতৰ সবল নেতৃত্ব তথা আপোন মাতুলৰ কটা শিৰৰ বিনিময়ত আমিনগাঁৱৰ সমীপত এটা নিশাৰ ভিতৰতে গঢ় লৈ উঠে দুর্ভেদ্য ‘মোমাই কটা গড়'। সেইদিনা মোমায়েকক কটা ঘটনাই কেৱল অসমীয়া সেনাৰ মনত ভীতিৰে সঞ্চাৰ কৰা নাছিল, বৰফুকনৰ দ্বায়িত্ববোধৰ পৰিচয় দিবলৈও সেয়া যথেষ্ট আছিল।
লাচিতৰ মোমায়েকক কটা ঘটনাৰ বিৰূদ্ধে সকলো ইতিহাসবিদ একমত নহয়। যদিও বৰ্তমান সময়ৰ কোনো কোনো বুৰঞ্জীবিদে কব বিচাৰে যে কটা বিষয়াজন (লাহন হিলৈধাৰী ফুকন)মোমাই নহয়, ‘মৌ-মাই' অৰ্থাৎ আহোমৰ গড় বন্ধা বিষয়াহে আছিল, আন বহুতেই এজন বিষয়াৰ মৃত্যুক ইতিহাসে ইমান গুৰুত্ব দিব বুলি সমৰ্থন নকৰে। যিহওক, মোমাইৰ হত্যাই আহোম সেনাৰ মনত লাচিতৰ কঠোৰতাৰ দৃষ্টান্ত দকৈ শিপাই তুলিছিল, কামত অৱহেলাৰ পৰিণতি তেওঁলোকে বাৰুকৈয়ে বুজি পাইছিল।
আমিনগাঁৱৰ গড় নির্মাণৰ পিছত লাচিত বৰফুকন নেতৃত্বাধীন অসমীয়া সেনাই দুগুণ উৎসাহেৰে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰে। ইতিমধ্যে অসমত বাহৰ পতা ৰামসিংহই বাৰে বাৰে কটকী পঠিয়াই সন্ধিৰ প্ৰস্তাৱ দিও ব্যর্থ হয়। আনহাতে সেই সময়ত জল-স্থল উভয়তে হোৱা কেইবাখনো যুদ্ধত অসমীয়া সেনাৰ কৌশলী আক্ৰমণত মোগল সেনাৰ অৱস্থা শোচনীয় হৈ পৰে। এনে পৰিস্থিতিত ৰামসিংহই স্বৰ্গদেউ চক্রধ্বজ সিংহক দ্বন্দ্বযুদ্ধৰ প্ৰস্তাৱ দিয়ে। এনে প্রস্তাৱত ভীষণ ক্রোধান্বিত হৈ স্বর্গদেৱে লাচিতক মোগলৰ ওপৰত আক্ৰমণ চলাবলৈ নির্দেশ দিয়ে। ফলস্বৰূপে অনিচ্ছা স্বত্বেও লাচিতে দলিবাৰীৰ ওচৰৰ আলাবৈ পথাৰত মোগলৰ সৈতে সমুখ সমৰত লিপ্ত হয়। এই ৰণেই ইতিহাসত প্ৰসিদ্ধ হৈছিল আলাবৈৰ ৰণ নামেৰে।
১৬৬৯ চনৰ ৫ আগষ্টৰ দিনা প্রায় ৪০০০০ অসমীয়া সৈন্যসহ বৰসেনাপতি লাচিত বৰফুকনে আলাবৈ পথাৰত মোগলৰ বিৰুদ্ধে পোনপটীয়া সমৰত লিপ্ত হয়। প্ৰকৃতাৰ্থত বৰফুকন এনে এখন যুদ্ধৰ প্ৰতি আগ্ৰহী নাছিল। কাৰণ ইতিমধ্যে ৰামসিংহই হাজোৰ পৰা আগবাঢ়ি আহি দলিবাৰীৰ ওচৰৰ আলাবৈত কোঠ মাৰি বহিছিল। মোগলৰ কোঠ আছিল পাহাৰৰ ওপৰত, এনে এখন ঠাইত সমুখ সমৰত লিপ্ত হ'লে পাহাৰৰ ওপৰৰ পৰা আক্ৰমণ কৰাত যে মোগলৰ বাবেই সুচল হব, সেয়া লাচিতে পূর্বানুমান কৰিব পাৰিছিল। কিন্তু ইতিমধ্যে যুদ্ধৰ বাবে আদেশ কৰা স্বৰ্গদেউ নিজৰ সিদ্ধান্তত অলৰ-অচৰ আছিল, আৰু ৰাজ-আজ্ঞা অমান্য কৰাটো বৰফুকনৰ বাবে সম্ভৱপৰ নাছিল। ফলস্বৰূপে ৫ আগষ্টৰ দিনা অসমীয়া সৈন্য যুদ্ধৰ বাবে মুকলিকৈ ওলাই আহে। ৰামসিংহয়ো এই সুযোগৰ বাবেই অপেক্ষা কৰি আছিল, তেওঁৰ দ্বন্দ্বযুদ্ধৰ প্ৰত্যাহ্বানৰো উদ্দেশ্য আছিল অসমীয়া সেনাক উত্তেজিত কৰি অসুচল ৰণভূমি আলাবৈলৈ মুকলিকৈ উলিয়াই অনা। সেয়ে সুযোগ সন্ধানী মোগল সেনাই তেওঁলোকৰ ওপৰত তীব্ৰ আক্রমণ চলায়। প্রবাদমতে এই যুদ্ধত মোগলসকলৰ নেতৃত্ব দিছিল মদনাৱতী নামৰ এগৰাকী ৰাজপুত নাৰীয়ে। প্রথমাৱস্থাত মোগল সেনাই আহোমক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল যদিও আহোম সেনাই পিছত চাতুর্যতাৰে পূৰ্বে খান্দি থোৱা খাৱৈত পেলাই তেওঁক হত্যা কৰে। এনে পৰিস্থিতিত অসমীয়া সেনাৰ বিজয় নিশ্চিত যেন দেখি ৰামসিংহই মীৰ নবাব নেতৃত্বাধীন 'তুৰক চোঁৱাৰী' (অশ্বাৰোহী) বাহিনীক যুদ্ধ চলাবলৈ নির্দেশ দিয়ে সেইমতে তেওঁলোকেও প্রচণ্ড বেগেৰে আক্ৰমণ চলাই অসমীয়া সেনাক কচুকটা দিয়ে। মাত্ৰ এদিনৰ যুদ্ধতে প্রায় দহ হেজাৰ অসমীয়া সৈন্যৰ মৃত্যু ঘটে, অসংখ্যজন চিৰদিনৰ বাবে ঘুণীয়া হয়। এনে নিদাৰুণ ঘটনাত শোকত ভাগি পৰি বৰফুকনে দহ সহস্র সৈন্যৰ মৃত্যুৰ খবৰ স্বৰ্গদেৱলৈ পঠোৱাৰ যো-জা কৰিছিল। কিন্তু বিচক্ষণ প্রধানমন্ত্রী আতন বুঢ়াগোহাঁয়ে অশেষ বুজনিৰে তেওঁক শান্ত কৰিছিল। অৱশ্যে ১৬৬৯ চনৰ শেষৰ ফালে এই খবৰ স্বৰ্গদেউৰ কাণত পৰিছিল আৰু তেঁৱো মর্মান্তিক বেজাৰ পাইছিল। আনকি কোনো কোনো ইতিহাসবিদৰ মতে এই দুখতে কিছুদিন পিছত চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।
সামৰিক দৃষ্টিকোণৰপৰা চাবলৈ গ'লে আলাবৈ ৰণত অসমীয়াৰ বিপৰ্যয়ৰ প্ৰধান কাৰণ আছিল যথোপযুক্ত পৰিকল্পনা তথা প্ৰস্তুতিৰ অভাৱ। ইয়াৰ মূলতেই আছিল স্বৰ্গদেউ চক্রধ্বজ সিংহৰ যুদ্ধৰ বাবে বিবেচনাবিহীন তাৎক্ষণিক আদেশ। আলাবৈৰ দৰে এখন মুক্ত পথাৰ মোগলৰ সৈতে যুদ্ধ কৰাৰ বাবে কোনো দিশৰপৰা সুচল নাছিল। তাৰোপৰি এখন যুদ্ধত জয়ী হবৰ বাবে যি সুনির্দিষ্ট পৰিকল্পনাৰ প্ৰয়োজন, আলাবৈৰ ৰণত তাৰ অভাৱ আছিল। এইখিনিতে আমি প্রসিদ্ধ সাহিত্যিক লিউ টলষ্টয়ৰ বিখ্যাত "ৱাৰ এণ্ড পিছ' উপন্যাসত বর্ণিত অষ্টাৰলিজৰ যুদ্ধৰ দৰে একেই কাহিনী, সদৃশ পটভূমি হৈছিল আলাবৈৰ ক্ষেত্ৰতো। মূল সেনাপতিৰ আগ্ৰহৰ বিপৰীতে মুকলি স্থানত যুদ্ধ কৰি নেপোলিয়নৰ হাতত ৰাছিয়া আৰু অষ্ট্ৰিয়াৰ বিশাল সেনাই অষ্টাৰলিজত পৰাজয়বৰণ কৰিছিল। একেদৰে অসমীয়া সেনা পৰাস্ত হৈছিল আলাবৈ পথাৰত। পাহাৰৰ ওপৰৰ পৰা আক্ৰমণ চলোৱা মোগলৰ অশ্বাৰোহী সেনাক প্রতিহত কৰাটো সেই সময়ৰ অসমীয়াৰ বাবে বাবে প্রায় অসম্ভৱ আছিল। মধ্যযুগৰ অসমত পর্যাপ্ত পৰিমাণে হাতী পোৱা গৈছিল, কিন্তু ঘোঁৰা তেওঁলোকৰ বাবে এবিধ দুর্লভ তথা ভয়ংকৰ প্ৰাণী আছিল। মিৰজুমলাৰ লগত অহা মোগল পৰিব্ৰাজক চিহাবুদ্দিন তালিছে তেওঁৰ “ফাতিহা-ই-ইব্রিয়া" গ্রন্থত উল্লেখ কৰিছিল যে দহজন মোগল সেনাক অকলে বলাব পৰা অসমীয়া সেনাসকলে কিন্তু এজন অশ্বাৰোহী দেখিলেই পিছ হুঁহুকি গৈছিল। চতুৰ সেনাপতি ৰামসিংহয়ো এইটো দুৰ্বলতাৰে সুযোগ লৈছিল। অৱশ্যে হাবিতলীয়া পৰিৱেশত যুদ্ধ হলে অসমীয়া সেনাই কৌশলেৰে অশ্বাৰোহী সৈন্যকো ফান্দত পেলাই পৰাস্ত কৰাত সিদ্ধহস্ত আছিল। কিন্তু আলাবৈৰ দৰে মুকলি ঠাইত তেনে কোনো কৌশল প্রয়োগ কৰাৰ অৱকাশ নাপালে। সেয়ে আলাবৈৰ ৰণত মোগলৰ জয়ত তেওঁলোকক আলাবৈৰ অৱস্থিতিয়ে পূৰ্ণ সহযোগ কৰিছিল বুলি কব পাৰি।
যি কি নহওঁক, আলাবৈৰ দুখে লাচিত বৰফুকনক বেছিদিন টলাব নোৱাৰিলে। তেওঁ বুজিছিল যে শেষ সমৰ তেতিয়াও বাকী আছে। সেয়ে আলাবৈৰ ৰণৰ পিছত ৰামসিংহই বাৰম্বাৰ কটকী পঠিয়াই, গুৱাহাটী টানকৈ এৰি দিবলৈ ধৰিও সফল নহ'ল, বৰঞ্চ লাচিতে প্ৰতিবাৰেই মোগলৰ কটকীৰ প্ৰস্তাৱত চেঁচাপানী ঢালি, পৰৱৰ্তী যুদ্ধৰ বাবে প্ৰস্তুতি চলোৱাতহে মনোনিৱেশ কৰিলে। ৰামসিংহই ধন-উপঢৌকন দি আহোমৰ ফুকন ৰাজখোৱাসকলক ফুচুলোৱাৰ চেষ্টা কৰিছিল যদিও তাতো বিফল হ'ল। ইফালে এই খবৰ পাই ঔৰংজেৱেও বাৰম্বাৰ খবৰ পঠিয়াই সোনকালে যুদ্ধ আৰম্ভ কৰিবলৈ ৰামসিংহক সঁকীয়াই দিছিল। ফলশ্ৰুতিত সোনকালে এক মীমাংসাত উপনীত উপনীত হ'বলৈ ৰামসিংহও উদগ্ৰীৱ হৈ আছিল। সেই সময়তে তেওঁ ইটাখুলিৰ গড় আৰু নীলাচল (কামাখ্যা) পাহাৰৰ মাজত আন্ধাৰুবালি গড়ত এক সুৰংগ থকাৰ খবৰ পাই তাৰে সদ্যৱহাৰ কৰিবলৈ মনস্থ কৰিলে। ১৬৭১ চনৰ মাৰ্চ মাহত, অন্তিম ৰণৰ বাবে সাজু হৈ ৰামসিংহ সহিতে সম্পূৰ্ণ মোগল বাহিনী আগ্নেয়াস্ত্ৰ সহিতে আন্ধাৰুবালিৰ সুৰংগৰে প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰি দ্ৰুতগতিৰে উজাই আহিল, কিন্তু পূৰ্বৰ মোমাইকটাৰ কাহিনী অক্ষিপটত জীৱন্ত হৈ থকা অসমীয়া সেনাই তাতোকৈও দ্ৰুততাৰে আন্ধাৰুবালিৰ গড়ৰ কাম সম্পূৰ্ণ কৰিলে। সেই পথেৰে প্ৰৱেশৰ উপায় নেদেখি মোগল নৌবহৰ উত্তৰ জুৰিয়ালৈ যাত্ৰা কৰিলে।
সেই সময়ত লাচিতৰ বৰ নৰিয়া। বৰফুকনবিহীন আহোম সেনাই মোগলক ভেটিবলৈ অশ্বক্লান্ত পালেগৈ। উপযুক্ত নেতৃত্বৰ অভাৱত অসমীয়া সেনাই বিজয়ৰ আশা একপ্ৰকাৰ এৰি পেলাইছিল, বহুতেই নাৱত মাল বোজাই উজাবলৈ আৰম্ভ কৰিছিল। কিন্তু লাচিতৰ অনুগত তথা অশ্বক্লান্ত ঘাটৰ দ্বায়িত্বত থকা মিৰি সন্দিকৈ পৰিয়ালৰ হাজৰিকা সেনাপতিৰ কঠোৰ প্ৰচেষ্টাত অসমীয়া সৈন্য নভগাকৈ ৰ'ল। নৰা হাজৰিকা নামৰ আন এজন সেনাপতিয়েও অসমীয়া সেনাক সাহস যোগাই আগবঢ়াই নিলে। তথাপি নেতৃত্বৰ অভাৱত অসমীয়া সেনাৰ পৰাজয় স্পষ্ট হৈ পৰিছিল। কাঁড় ঘৰৰ লোটত থাকি যুদ্ধৰ গতিবিধি চাই থকা লাচিতে আৰু সহ্য কৰিব নোৱাৰিলে। খৰঙী খেলৰ নদাইৰ গাত ধৰি নৰিয়া গাৰেই লাচিত আহি নাৱত উঠিল। তেওঁৰ নাও আন অসমীয়া সেনাৰ সৈতে উজাই নিব খোজা চহীয়ালক পানীলৈ দলিয়াই, লাচিতে পোনে পোনে মোগলৰ দিশে আগবাঢ়ি গ'ল। সেনাপতিৰ এনে সাহস দেখি অসমীয়া সেনায়ো তেওঁৰ পিছে পিছে মোগলক খেদি গ'ল। অসমীয়া সেনাৰ নাৱেৰে লুইতৰ বুকু ভৰি পৰিল। চাওতে চাওতে বুদ্ধিমান বৰফুকনে নাৱেৰে ব্ৰহ্মপুত্ৰত এখন সেতু প্ৰস্তুত কৰিলে, পাৰত থকা সেনাই নাৱত ভৰি দিয়েই ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ হ'ব পৰা হ'ল। তাৰপিছত তুমুল যুদ্ধ, জল-স্থল দুয়োভাগৰ পৰা সমানে কাঁড় আৰু হিলৈৰ আক্ৰমণত দিশহাৰা হ'ল ভাৰত বিজয়ী মোগল বাহিনী। ৰছিদ খাঁ প্ৰমুখ্যে সহস্ৰাধিক মোগল সেনাই হিলৈৰ গুলিত প্ৰাণ হেৰুৱালে, লাচিত আৰু অসমীয়া সেনাৰ হেংদানৰ সমুখত মোগলৰ অস্ত্ৰ নি:স্প্ৰভ হৈ আহিল। এখনৰ পিছত আনখনকৈ মোগল নাও বুৰিবলৈ আৰম্ভ কৰিলে, উপায়ন্তৰ নেদেখি মোগল সেনাই প্ৰাণৰক্ষা কৰিবলৈ লুইতত জঁপিয়াই পৰিল। স্বাধীনতাপিপাসু অসমীয়া সেনাৰ মৰণপণ ৰণত দিশহাৰা হৈ পৰিল অম্বৰাধিপতি ৰামসিংহ, জীৱনৰ মমতাত ৰণক্ষেত্ৰ এৰি ভটিয়াই যোৱাটোকে উত্তম বিবেচনা কৰিলে। লাচিত নেতৃত্বাধীন অসমীয়া সেনাই তিনিমাইল আগলৈ গৈ পাণ্ডুলৈকে মোগলক খেদি থৈ আহিল। অসমীয়া সেনাৰ বিজয় নিশ্চিত হ'ল, ৰোগগ্ৰস্ত অৱস্থাৰে লাচিতে অসম আৰু অসমীয়াক উদ্ধাৰ কৰিলে মোগলৰ ন বছৰীয়া পৰাধীনতাৰ পৰা। ইংলেণ্ডৰ লোককথাৰ নায়ক ৰবীন হুডে নৰিয়া গাৰে জলদস্যুক পৃষ্ঠভংগ দিয়াৰ দৰে সেইদিনা লাচিতেও নৰিয়া দেহাৰেই ত্ৰাসৰ সৃষ্টি কৰিছিল মোগল সেনাৰ মাজত, হয়তো বহুত প্ৰজন্মলৈকে তেওঁলোকৰ হৃদয়ত ভীতি হৈ ৰৈ গৈছিল লাচিতৰ সেই ৰূপ। পিছদিনা, ১৬৭১ চনৰ ৫ এপ্ৰিলত মোগল সেনাই সম্পূৰ্ণকৈ ছাউনী ভাঙি অসম এৰি ভটিয়াই গ'ল, অসমীয়া সেনাই মোগলক একেবাৰে খেদি মানাহৰ সিপাৰ কৰি থৈ, তাতে এটা ফৌজক ৰাখি কোঁঠ মাৰি বহিল। মোগল আৰু উভতি নাহিল, অসমীয়া সেনাৰ বিজয় সুনিশ্চিত হ'ল।
শৰাইঘাটৰ যুদ্ধৰ অসমৰ বিজয় কেৱল অসমৰে নহয়, ভাৰতৰ ইতিহাসৰো এক গৌৰৱোজ্জ্বল অধ্যায় হিচাপে পৰিগণিত। অখণ্ড ভাৰত বিজয়ী মোগল আৰু ৰাজপুতৰ সন্মিলিত শক্তিক পৰাস্ত কৰি লাচিত বৰফুকন তথা অসমীয়া সেনা দেশৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাজনৈতিক শক্তিসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছিল। শৰাইঘাটৰ ৰণৰ পিছত ৰামসিংহই নিজেই মন্তব্য কৰিছিল, “বৰ নৱাব বৰফুকন সামান্য বীৰ নহয়। যন্ত্ৰাকৃতি গড়, মই হেন ৰামসিংহ সেনাপতি হৈয়ো কতোৱেই সুৰুঙা নাপালো।"
শৰাইঘাটৰ যুদ্ধত আহোমৰ বিজয় ভুকুতে পকা কল নাছিল। লাচিতৰ সাহস, অসমীয়া সেনাৰ দেশপ্ৰেম আৰু বুঢ়াগোহাঁই ডাঙৰীয়াৰ ধৈৰ্য আৰু বিচক্ষণতাৰ সন্মিলিত ফচল আছিল শৰাইঘাট। এই বিজয়ে যে কেৱল অসমীৰ পৰাধীনতাৰ শিকলি ছিঙি দিছিল সেয়াই নহয়, মোগল সেনাৰ হৃদয়ত এক দীৰ্ঘম্যাদী ভীতিৰ সঞ্চাৰ কৰিব পৰাকৈও শৰাইঘাটৰ ৰণ যথেষ্ট আছিল। ৰামসিংহৰ লগত অহা আন্তঃৰাষ্ট্ৰীয় খ্যাতিৰ লোকসকলৰ জৰিয়তে লাচিত বৰফুকন থকা অসমীয়াৰ খ্যাতি, বল-বীৰ্যৰ কথা বিয়পি পৰিছিল অখণ্ড ভাৰতৰ চাৰিও দিশত, অসমীয়া পৰিচিত হৈছিল ভাৰতৰ আটাইতকৈ শক্তিশালী ৰাজবংশসমূহৰ অন্যতম হিচাপে।
লাচিত বৰফুকন- বিচক্ষণতা, সাহসিকতা আৰু দেশপ্ৰেমৰ অন্য এক নাম:
গ্ৰীচৰ আলেকজেণ্ডাৰ, ফ্ৰান্সৰ নেপোলিয়ন অথবা মেৱাৰৰ ৰাণাপ্ৰতাপৰ দৰেই অসম তথা উত্তৰ-পূৱতো সাহসিকতা আৰু দেশপ্ৰেমৰ প্ৰতিমূৰ্তি স্বৰূপে এদিন জন্ম লৈছিল লাচিত বৰফুকনে। স্বদেশ আৰু স্বজাতিৰ কৰ্তব্যতকৈ ডাঙৰ একো নাছিল লাচিতৰ বাবে, তাৰ সমুখত আহি পৰা সকলো বাধাই তেওঁ নিস্ফল কৰি তুলিছিল। সেইবাবেই দেশ ৰক্ষাৰ স্বাৰ্থত নিজৰ মোমায়েকক হত্যা কৰিও লাচিত বন্দিত।
লাচিতৰ হৃদয়ৰ যি জাগ্ৰত দেশপ্ৰেম, সেয়া ৰক্ত প্ৰবাহিত বুলি কব পাৰি। মোমাই তামুলীৰ ৰাজ আনুগত্য, প্ৰজা সংগঠন আৰু দেশসেৱাৰ কথা ইতিহাসপ্ৰিয় কাৰোৰে অবিদিত নহয়। সেই পৰিয়ালৰ লাচিতেও শৈশৱতে উপলব্ধি কৰিছিল জননী জন্মভূমিৰ সেৱাৰ গুৰুত্ব। সেনাপতি পদত অধিস্থিত কৰাৰ আগমূহুৰ্তত আন্তসন্মানত হাত দিয়া গা-ৰখীয়াক স্বৰ্গদেউৰ সিংহাসনৰ তলতো কাটিবলৈ খেদি যোৱা অসীম সাহসী বীৰ লাচিতৰ বীৰত্বই স্বৰ্গদেউকো নি:সন্দেহ কৰিছিল, লাচিতৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে তেওঁৰ সমুখত জিলিকি উঠিছিল। সেয়ে কোনোসময়ত তেওঁ নিজে সিদ্ধান্ত লোৱাৰ সলনি আদেশ জাৰি কৰিছিল, “লাচিতৰ কথাই মোৰ কথা"।
দেশ আৰু দেশৰ মানুহৰ স্বাধীনতাৰ বাবে সৰ্বস্ব ত্যাগ কৰিছিল লাচিতে। ইটাখুলি আৰু গুৱাহাটীৰ গড় দখলৰ পিছতো লাচিতে আনন্দ-বিনোদনত যোগ দিয়া নাছিল, নতুনকৈ গুৱাহাটীৰ প্ৰতিটো অঞ্চলৰ নিৰাপত্তা আৰু সংগঠনৰ বাবত অধিক জড়িত হৈ আছিল। পৰৱৰ্তী সময়ত ৰামসিংহই আহি যেতিয়া কটকীৰ হতুৱাই এটোপোলা আফুগুটি পঠিয়াই, তেওঁলোকৰ সৈন্যৰ ধাৰণা দি লাচিতক ভীতি প্ৰদৰ্শন কৰিলে, লাচিতে প্ৰত্যুত্তৰত এচুঙা বালি পঠিয়াই নিজৰ সৈন্যশক্তিৰ পৰিচয় দিছিল। ৰামসিংহৰ উপহাৰ-উপঢৌকনৰ প্ৰস্তাৱ বাৰে বাৰে অমান্য কৰিছিল লাচিতে, প্ৰকৃত দেশপ্ৰেমিকৰ পৰিচয় দি। কোনো পৰিস্থিতিত আপোচ নকৰা লাচিতে আনকি ৰামসিংহৰপৰা কাঠৰ চৰাই উপহাৰ লোৱাৰ অপৰাধত ৰামচৰণ কটকীক বন্দী কৰি থৈছিল। সেই দৃঢমনা লাচিতৰ হৃদয়ো আলাবৈৰ সময়ত কান্দি উঠিছিল স্বজাতিৰ মৃত্যুত, “মোৰ একোটা মানুহ একোটা হাতী, আজি মই তেনে মানুহ দহ হাজাৰ হেৰুৱালো" বুলি ভাগি পৰিছিল লাচিত। কিন্তু তাৰ পিছতো তেওঁ অসমীয়াক সাহস দিছিল, পৰৱৰ্তী যুদ্ধৰ বাবে উৎসাহিত কৰিছিল।
লাচিত বৰফুকনৰ সাহস আৰু দেশপ্ৰেমৰ সৰ্বশ্ৰেষ্ঠ আৰু চিৰবন্দিত নিদৰ্শন আছিল শৰাইঘাটৰ ৰণ। নাৱত উঠোতে দেহৰক্ষীৰ শৰীৰত ভৰ দি উঠিব লগীয়া হোৱা লাচিতে অসমীয়াৰ বিপৰ্যয় দেখি ক্ষণিকতে পাহৰি পেলাইছিল দেহৰ সকলো যন্ত্ৰণা, চক্ৰবেহুৰ অভিমন্যুৰে অকলে সপ্তৰথীত প্ৰতিহত কৰাৰ দৰে ছখন নাৱত সীমিত সৈন্য লৈ খেদি গৈছিল বিশাল মোগল বাহিনীক। চিঞঁৰি উঠিছিল, “অসমীয়া সৈন্যসকল, মই যুঁজিহে মৰিম। লাগিলে বঙালে মোক ধৰি নিয়ক, ৰাজ্য সুখে শান্তিৰে ঘৰলৈ উভতি যাওক"। ৰোগ্ৰগ্ৰস্ত শৰীৰেৰে লাচিতৰ এই দৃঢ়প্ৰতিজ্ঞা শুনি অসমীয়া সেনাৰ হৃদয়ত সেইদিনা দেশপ্ৰেম পুনৰ টগবগাই উঠিছিল, সেই আৱেগে তেওঁলোকৰ শক্তি আৰু সাহস দুগুণে বৃদ্ধি কৰিছিল। যাৰ সমুখত নিস্প্ৰভ হৈ পৰিছিল মোগলৰ সকলো অস্ত্ৰ-শস্ত্ৰ। ভাৱিলে হয়তো সকলোৱে আচৰিত হ'ব, কিমান বেছি সাহস আৰু দেশপ্ৰেমৰ অধিকাৰী হ'লে কিছসময়ৰ আগলৈকে থিয় হ'বলৈ আনৰ সহায় লোৱা এজন নৰিয়াগ্ৰস্ত সেনাপতিয়ে ভাৰত বিজয়ী এটা দুধৰ্ষ শত্ৰুদলক পৰাস্ত কৰাই নহয়, খেদি নি তিনিমাইল দূৰ পাৰ কৰাই আহিব পাৰে। লাচিত প্ৰকৃততে আৰু আগবাঢ়ি যাব বিচাৰিছিল, কিন্তু অচ্যুতানন্দ দলৈৰ কথামতে তেওঁ ঘূৰি আহিল। প্ৰাণঘাতী ৰোগ সেইদিনা নিস্তেজ হৈ পৰিছিল, লাচিতৰ সাহস আৰু দেশপ্ৰেমৰ সমুখত। এই সাহস, এই বীৰত্ব কোনোগুণে কম নহয় বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বীৰ পুৰুষসকলৰ কীৰ্তিতকৈ। চাৰিশ বছৰ আগত এনে এক মহাবীৰ দেশপ্রমিক অসমভূমিত জন্মলাভ কৰাটো অসম আৰু অসমীয়াৰ বাবে সৌভাগ্যৰ কথা।
“নেচনেল ডিফেঞ্চ একাডেমী"ৰ স্বৰ্ণপদকে লাচিতৰ বীৰত্ব সমগ্র ৰাষ্ট্ৰতে চিৰদিন সোঁৱৰাই আছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত লাচিত বৰফুকনৰ জন্মজয়ন্তী, হোলোঙাপাৰত লাচিতৰ মূৰ্তি স্থাপন আদি চৰকাৰী পৃষ্ঠপোষকতা অসমীয়াৰ বাবে আশাৰ বতৰা। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লাচিতৰ প্ৰতিষ্ঠা হ'লেহে তেওঁৰ বীৰত্বৰ উপযুক্ত স্বীকৃতি হ'ব।
উপসংহাৰ:
শৰাইঘাটৰ যুদ্ধৰ পিছত লাচিতো বেছিদিন জীয়াই নাথাকিল। বিজয় বতৰা লৈ ৰাজধানী পোৱাৰ আগতেই তেওঁৰ মৃত্যু ঘটিল। বিজয় তিলক কঁপালত আঁকি প্ৰকৃত বীৰৰ মৃত্যুক সাৱটি লৈছিল লাচিতে, ঠিক বিশ্ব বিজয়ী আলেকজেণ্ডাৰৰ দৰে। লাচিতৰ অকাল মৃত্যু হৈছিল সঁচা, কিন্তু তেওঁৰ সাহস, দেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠাৰ ছবিখন সকলোৰে হৃদয়ত সজীৱ হৈ ৰৈছিল। কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনৰ বীৰত্ব দেখি কোনোসময়ত কৌৰৱ বীৰসকলেও প্ৰশংসা কৰাৰ দৰে লাচিতৰ বীৰত্বত মুগ্ধ হৈ ৰামসিংহই কৈছিল, "বৰ নৱাব বৰফুকন সামান্য বীৰ নহয়"। বীৰ হিচাপে লাচিত বৰফুকনৰ এইখিনিতেই সফলতা, আৰু লাচিতৰ দেশৰ সন্তান হিচাপে যুগ যুগান্তৰ ধৰি এয়া অসমীয়াৰ গৌৰৱ। শৰাইঘাটৰ যুদ্ধত প্ৰকৃতাৰ্থত আত্মবিশ্বাস আৰু দেশপ্ৰেমৰ জয়ী হৈছিল, যি দুটা গুণ লাচিতে কঢ়িয়াই ফুৰিছিল শৈশৱৰ পৰাই। লাচিতৰ এনে প্ৰতিটো গুণ, বিচক্ষণতাৰে লোৱা প্ৰতিটো কৰ্মপদ্ধতি আজিৰ পৰিপ্ৰেক্ষিতত প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয়ই শিকাটো অতি প্ৰয়োজনীয়। সৰ্বত্ৰ গণ-হতাশা, বিচ্ছিন্নতাবাদ, সুবিধাবাদ, ক্ষুদ্ৰ স্বাৰ্থৰ মাজত লাচিত বৰফুকন আৰু তেওঁৰ জীৱন গাঁথা হ'ব পাৰে নতুন আদৰ্শ, হ'ব পাৰে বহু শিলাময় বুকুত
পাহাৰী নিজৰা।
------------------------------------------------------
সহায়ক গ্ৰন্থ:
১) ইতিহাসে সোঁৱৰা ছশটা বছৰ, সৰ্বানন্দ ৰাজকুমাৰ
২) অসম বুৰঞ্জী, ডম্বৰুধৰ নাথ
৩) লাচিত বৰফুকন, ড° সূৰ্য কুমাৰ ভূঞা
৪) Assam's braveheart
Lachit Barphukan, Arup K. Dutta
৫) শৰাইঘাটৰ সুবচনী, ড° সূৰ্য কুমাৰ ভূঞা
পংকজ কলিতা
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments