গুৱাহাটীৰ ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয়ৰ বিষয়ে জানেনে?
গুৱাহাটীৰ পঞ্চতীৰ্থৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তিপীঠ উগ্ৰতাৰা দেৱালয়। গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰাৰ উগ্ৰ স্বৰূপ উগ্ৰতাৰাৰ নামত উৎসৰ্গিত মন্দিৰ এই উগ্ৰতাৰা দেৱালয়।শিৱ সিংহয়ে ১৭২৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল। ইয়াৰ পূব দিশত আছে গুৱাহাটীৰ বিখ্যাত যোৰপুখুৰী। যোৰপুখুৰী তেওঁ মন্দিৰ নিৰ্মাণৰ তিনিবছৰ আগতে খন্দাইছিল।ভূমিকম্পৰ ফলত মন্দিৰৰ বিস্তৰ ক্ষতি হৈছিল যদিও পিছলৈ নাগৰিক সকলে পুনৰ নিৰ্মাণ কৰে।
তাৰা শব্দটো সংস্কৃতৰ "তাৰ্" মূলৰ পৰা আহিছে, ইয়াৰ অৰ্থ "পাৰ কৰোৱা" আৰু উগ্ৰ মানে ভয়ানক।লোকবিশ্বাস অনুসৰি ইয়াত ভগৱান শিৱৰ পত্নী দেৱী সতীৰ নাভি পৰিছিল।তাৰা দশ মহাবিদ্যাৰ দ্বিতীয় গৰাকী দেৱী। কালীৰ দৰে তাৰা ভীষণ উগ্ৰ আৰু ৰুদ্ৰ স্বৰূপ। দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰাৰ উগ্ৰ স্বৰূপ উগ্ৰতাৰাৰ নামত উৎসৰ্গিত মন্দিৰ এই উগ্ৰতাৰা দেৱালয়। তেওঁৰ বিভিন্ন ৰূপান্তৰ যেনে উগ্ৰতাৰা, এক জঁটা, নীল সৰস্বতী বিদ্যমান। উগ্ৰতাৰা দেৱী তাৰাৰে অত্যন্ত উগ্ৰ ৰূপ। তন্ত্ৰ সাধনাৰ বাবে তান্ত্ৰিক সকলে দেৱী তাৰাৰ পূজা কৰে।উগ্ৰতাৰা দেৱালয়ৰ গৰ্ভগৃহত দেৱী উগ্ৰতাৰাৰ কোনো মূৰ্তি বা আকৃতি নাই। পানীৰে পূৰ্ণ কুণ্ড এটাক দেৱী হিচাপে গণ্য কৰা হয়। ইয়াৰ লগতে ইয়াত পাল বংশৰ সময়ৰ অষ্টধাতুৰ উগ্ৰতাৰাৰ মূৰ্তি আছে। মন্দিৰ কাষতে শিৱৰ মন্দিৰ শিৱালয় অৱস্থিত।প্ৰতিবছৰে এই মন্দিৰত শাৰদীয় দুর্গাপূজা, শ্যামাপূজা, লক্ষ্মীপূজা, মনসা পূজা, কালী পূজা, শিৱৰাত্রি, বাসন্তী পূজা অনুষ্ঠিত কৰা হয়।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments