16 September, Mon 2024
support@thecriticalscript.com
Blog image

শালমইনা হ'লে এইকেইটা খোৱা বস্তুৰ পৰা আঁতৰি থাকিব

06 Jul,2024 05:57 PM, by: Ankita Gogoi
1 minute read Total views: 641
1 Likes 0.0

মুখৰ শালমইনা এটা বহু বেয়া সমস্যা। ই মানুহৰ ছালৰ সৌন্দৰ্য নষ্ট কৰাৰ লগতে উজ্জ্বলতাও হ্ৰাস কৰে। মুখত শালমইনা হ'লে‌ কেতিয়াবা মানুহ ডিপ্ৰেচনৰো সন্মুখীন‌ হয়। শালমইনাৰ সমস্যা আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। শালমইনা হ’লে পাঁচটা আহাৰৰ পৰা আঁতৰত থকাটো বাঞ্চনীয়।

চকলেট: চকলেট আমি বহু‌ লোকে ভাল পাওঁ, কিন্তু এই চকলেটে বহু সমস্যাও আনিব পাৰে। এই চকলেটত থাকে প্ৰচুৰ পৰিমাণে চেনি। যাৰ ফলত মুখত ব্ৰনৰ সমস্যা বৃদ্ধি পায়।সেয়ে পাৰিলে শালমইনা থকা‌ লোকে ইয়াৰ দূৰত থকাই ভাল। 

গাখীৰ: শৰীৰৰ কাৰণে গাখীৰ খুউব ভাল বুলি জনা যায়। সেয়ে বহুতে দৈনন্দিন খাদ্য তালিকাত এগিলাচ গাখীৰ খোৱাটো বাধ্যতামুলক কৰি লয়। যিসকলে শালমইনাৰ সমস্যাত ভুগি আছে তেওঁলোকে আহাৰৰ তালিকাৰ পৰা গাখীৰ বাদ দিয়াটো প্ৰয়োজন।

পাউৰুটী: কেতিয়াবা আমি পুৱা পাউৰুটী বা ব্ৰেড জাতীয় আহাৰ খাওঁ। মুখত শালমইনা হোৱাৰ অন্যতম কাৰণ হ’ল পাউৰুটীক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো। গ’লেটিন হ’ল একধৰণৰ প্ৰ’টিন- য’ত পোৱা যায় গোম, জৱ, ওটছ আদি। শৰীৰত গ’লেটিনৰ পৰিমাণ বেছি হ’লেও শালমইনা হ’ব পাৰে।

আলু চিপচ: চিপচে মুখৰ শালমইনাৰ পৰিমাণ বৃদ্ধি কৰে। তাত অতিৰিক্ত শৰ্কৰা আছে। ই ব্ৰনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে যন্ত্ৰণাও বৃদ্ধি কৰে।

ছ’ডা: ছ’ডা মানুহৰ বিশেষকৈ ছালৰ বাবে অতিকৈ বেয়া। ছ’ডাত ফ্ৰুক্টোজৰ মাত্ৰা বেছিকৈ থাকে বাবে শৰীৰত শালমইনা বৃদ্ধি কৰে।


শালমইনা হ’লে কেতিয়াও তাক ভাঙি দিব নালাগে৷

শালমইনা হোৱা ছাল কেতিয়াও বেছি গৰম পানীৰে ধোৱাটো উচিত নহয়৷

শালমইনাৰ ওপৰত কেতিয়াও প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে৷

অধিক তেল-মছলাজাতীয় খাদ্য, ধূমপান, মাদকদ্ৰব্য, চাহ, কফি আদিৰ সেৱনে শালমইনাক বেছিকৈ প্ৰভাৱিত কৰে৷

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.