শ্বহীদ গমধৰ কোঁৱৰৰ বিষয়ে জানেনে?
শ্বহীদ গমধৰ কোঁৱৰ অসমৰ ইতিহাসৰ এগৰাকী উল্লেখযোগ্য স্বাধীনতা সংগ্ৰামী। তেখেতৰ পিতৃৰ নাম ফেনা কোঁৱৰ আৰু মাতৃৰ নাম জুটুলী। ১৮০৭ চনত উজনি অসমৰ লাকুৱাত গমধৰ কোঁৱৰৰ জন্ম হৈছিল।
ইংৰাজ শাসনৰ বিৰুদ্ধে অসমত আৰম্ভ হোৱা প্ৰাৰম্ভিক প্ৰতিবাদী আন্দোলনৰ অন্যতম মুখ্য নেতা আছিল গমধৰ কোঁৱৰ। ১৮২৭ চনৰ পৰাই অসমত ব্ৰিটিছবিৰোধী মনোভাৱ ক্ৰমাৎ শক্তিশালী হ’বলৈ আৰম্ভ কৰিছিল। ১৮২৮ চনৰ আৰম্ভণিতে ব্ৰহ্মদেশৰ পৰা উজনি অসমলৈ উভতি অহা গমধৰ কোঁৱৰে এই আন্দোলনক এক সংগঠিত ৰূপ দিয়াৰ চেষ্টা কৰে।
ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসন নিজৰ নিয়ন্ত্ৰণলৈ আনে। ব্ৰিটিছে মানসকলক অসমৰ পৰা আঁতৰাই আহোমসকলৰ হাতত শাসনভাৰ অৰ্পণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছলৈ সেই প্ৰতিশ্ৰুতি পালন নকৰিলে। ইয়াৰ ফলতেই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পায়।
১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ধনঞ্জয় বৰগোহাঁইকে ধৰি কেইবাগৰাকীও আহোম কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। গমধৰ কোঁৱৰে নিজকে আহোম স্বৰ্গদেউ হিচাপে প্ৰতিষ্ঠা কৰি উজনি অসমৰ জনসাধাৰণক ব্ৰিটিছবিৰোধী আন্দোলনত যোগদান কৰিবলৈ আহ্বান জনায়। এই বিদ্ৰোহ ভাৰতৰ ব্ৰিটিছবিৰোধী প্ৰাৰম্ভিক স্বাধীনতা সংগ্ৰামসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত।
কিন্তু ব্ৰিটিছ বাহিনীয়ে ১৮২৮ চনৰ শেষৰ ফালে বিদ্ৰোহটো দমন কৰিবলৈ সক্ষম হয়। পৰিস্থিতি প্ৰতিকূল হৈ পৰাত গমধৰ কোঁৱৰ নগা পাহাৰলৈ আঁতৰি যায়। পিছলৈ ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু ৰাজদ্ৰোহৰ অভিযোগত ১৪ বছৰৰ কাৰাদণ্ড বিহি ৰংপুৰৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে।
কাৰাগাৰত থকা অৱস্থাত অসুস্থ হৈ পৰাত সাত বছৰ কাৰাবাস খটোৱাৰ পিছত তেওঁক জন্মভূমিলৈ উভতাই পঠিওৱা হয়। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সাহসেৰে প্ৰতিবাদ গঢ়ি তোলা গমধৰ কোঁৱৰ অসমৰ ইতিহাসত আজিও এক স্মৰণীয় নাম। তেওঁৰ নেতৃত্বত সংঘটিত ১৮২৮ চনৰ বিদ্ৰোহে অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিছিল।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments