16 May, Sat 2026
support@thecriticalscript.com
Blog image

অসমৰ মাটিত গঢ় লৈ উঠা অসমীয়া শিখ সমাজৰ ইতিহাস!

15 May,2026 06:03 PM, by: Ankita Gogoi
1 minute read Total views: 18
0 Like 0.0

ভাৰত এখন বৈচিত্ৰ্যৰ দেশ। ইয়াত প্ৰতিটো ৰাজ্য, ভাষা আৰু সংস্কৃতিয়ে নিজৰ মাজত অসংখ্য কাহিনী বহন কৰে। সেইবোৰৰ মাজতেই এক বিশেষ আৰু কম আলোচিত কাহিনী হৈছে, অসমীয়া শিখ সকলৰ কাহিনী। এইয়া কেৱল এটা সম্প্ৰদায়ৰ ইতিহাস নহয়, বৰং সহাবস্থান আৰু সাংস্কৃতিক মিলনৰ এক সুন্দৰ উদাহৰণ।

কোন এই অসমীয়া শিখ?

নগাঁও জিলাৰ বৰকোলা, হাতীপাৰা, চাপৰমুখ আদি বহু গাঁৱত বহু বছৰ ধৰি এটা শিখ সম্প্ৰদায় বসবাস কৰি আহিছে, যিসকলে অসমক কেৱল নিজৰ বাসস্থান হিচাপে নহয়, নিজৰ পৰিচয় হিচাপেও গ্ৰহণ কৰিছে। শিখ পৰিয়াল এতিয়া গৌৰৱান্বিত নিজকে অসমীয়া হিচাপে পৰিচয় দি । বৰ্তমান বৰকলাত বসবাস কৰা শিখ সম্প্ৰদায়ৰ লোকসকলৰ পূৰ্বপুৰষৰ বাবেই অসমৰ ইতিহাসৰ পাতত শিখ সম্প্রদায়ৰ অৱদান এক সোণালী অধ্যায় হিচাপে চিহ্নিত হৈ আছে আৰু থাকিব ।

১৮০০ শতিকাত মানৰ আক্ৰমণৰ সন্মুখীন হোৱা আহোম সাম্ৰাজ্যক সহায়ৰ হাত আগবঢ়াইছিল পঞ্জাবৰ পৰা অহা এইসকল শিখ সম্প্ৰদায়ৰ পূৰ্বপুৰষে । এই ঐতিহাসিক ঘটনাৰ পৰা আৰম্ভ হোৱা শিখসকলৰ অসমৰ সৈতে সম্পর্ক আজিও তিতাইমৰা সুঁতিৰ ‘‘মাতাজী গুৰুদ্ধাৰ’’ আৰু বৰকলাৰ প্রথম গুৰুদ্ধাৰৰ মাধ্যমত জীপাল হৈ আছে । বিশ্বাস কৰা হয় যে প্ৰায় ২০০ বছৰ পূৰ্বে মহাৰাজা ৰণজিৎ সিঙে প্ৰেৰণ কৰা কিছু শিখ সৈনিক অসমলৈ আহিছিল।

হাদিৰা চকীত মান আৰু শিখৰ মাজত হোৱা যুদ্ধত শিখ সেনাপতি চৈতন্য সিংহৰ মৃত্যু হয় । তাৰ পিছতো তেওঁৰ পত্নী, যাক সৈন্যসকলে ‘মাতাজী’ বুলি সম্বোধন কৰিছিল, পঞ্জাবলৈ ঘূৰি নগৈ যুদ্ধত বাচি থকা সৈন্যসকলৰ সৈতে অসমত থাকি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সময়ৰ লগে লগে তেওঁলোক ইয়াতেই স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। মাতাজীৰ সৈতে অহা শিখ সৈন্য ৰাম সিং চুবেদাৰে পৰৱর্তী সময়ত নগাঁও জিলাৰ কামপুৰৰ তেতেলীসৰা, শেনচোৱা আৰু পৰৱৰ্তী সময়ত বৰকলালৈ গৈ বসতি স্থাপন কৰে । তাত তেওঁ এগৰাকী অসমীয়া যুৱতীক বিয়া কৰাই স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে ।

কিন্তু আটাইতকৈ উল্লেখযোগ্য কথা হ’ল, অসমে তেওঁলোকক কেতিয়াও “বাহিৰৰ মানুহ” বুলি গণ্য কৰা নাছিল।তেওঁলোকেও সমানে অসমক নিজৰ হৃদয়েৰে আঁকোৱালি লৈছিল। আজিও এই সম্প্ৰদায়ৰ মানুহে অসমীয়া ভাষা কয়, পৰম্পৰাগত অসমীয়া সাজ-পোছাক পিন্ধে, স্থানীয় ৰীতি-নীতি পালন কৰে আৰু অসমৰ সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ হিচাপে জীৱন যাপন কৰে। ধৰ্মত শিখ, সংস্কৃতিত অসমীয়া ভাৰতৰ অধিকাংশ শিখ সম্প্ৰদায়ে পাঞ্জাৱী ভাষা কয়, কিন্তু অসমীয়া শিখসকলৰ পৰিচয় একেবাৰে স্বকীয়।

তেওঁলোকৰ মাতৃভাষা অসমীয়া। খাদ্যাভ্যাস, উৎসৱ-পাৰ্বণ, জীৱনশৈলী  সকলোতেই অসমীয়াৰ স্পষ্ট ছাপ দেখা যায়। তথাপিও তেওঁলোকে নিজৰ ধৰ্মীয় মূল্যবোধ আৰু গুৰু গ্ৰন্থ সম্পূৰ্ণ ভক্তিৰে সংৰক্ষণ কৰি আহিছে।এইখিনিয়েই তেওঁলোকৰ পৰিচয়ৰ আটাইতকৈ ধুনীয়া দিশ হৈছে,নিজৰ শিপা নেহেৰুৱাকৈ আন এক সংস্কৃতিৰ সৈতে একাত্ম হৈ যোৱা। অসম আৰু শিখ ধৰ্মৰ আধ্যাত্মিক সম্পৰ্ক অসম আৰু শিখ ধৰ্মৰ সম্পৰ্ক বহু পুৰণি বুলি ধৰা হয়।

বিশ্বাস কৰা হয় যে গুৰু নানক দেৱ জী নিজৰ ধৰ্মীয় ভ্ৰমণৰ সময়ত অসমলৈ আহিছিল। পিছত গুৰু তেগ বাহাদুৰ জীৰ অসম আগমনে এই সম্পৰ্কক অধিক গভীৰ কৰি তোলে।ধুবুৰীত অৱস্থিত ঐতিহাসিক গুৰদ্বাৰা আজিও সেই আধ্যাত্মিক বন্ধনৰ নীৰৱ সাক্ষী হৈ আছে।অসমত বানপানী বা দুৰ্যোগৰ সময়ত বহু গুৰদ্বাৰাৰ লংগৰ সাধাৰণ মানুহৰ বাবে সহায় আৰু আশ্ৰয়ৰ স্থান হৈ উঠে। ধৰ্ম, জাতি বা পৰিচয়ৰ ভেদাভেদ নকৰাকৈ মানুহক সহায় কৰা শিখ পৰম্পৰাৰ অন্যতম মূল আদৰ্শ। অসমীয়া শিখ সম্প্ৰদায়ে নিঃশব্দে সেই “সেৱা”ৰ আদৰ্শক যুগে যুগে পালন কৰি আহিছে।

তেওঁলোকৰ জীৱন-কাহিনীয়ে প্ৰমাণ কৰে যে ভিন্ন সংস্কৃতিয়ে নিজৰ স্বকীয়তা অক্ষুণ্ণ ৰাখিও একেলগে সুন্দৰভাৱে সহাবস্থান কৰিব পাৰে।অসমীয়া শিখ কেৱল এটা সম্প্ৰদায় নহয়, তেওঁলোক ভাৰতৰ সেই আত্মাৰ প্ৰতীক, য’ত বৈচিত্ৰ্য সংঘাত নহয়, মিলনৰ পথ দেখুৱায়। তেওঁলোকৰ কাহিনী ইতিহাসতকৈও অধিক। ই মানবতা, ভালপোৱা আৰু সাংস্কৃতিক কাহিনী।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.