
অসমৰ গৌৰৱময় ইতিহাস
আমাৰ ৰাজ্যখনৰ নাম অসম । অসমী আই আমাৰ সকলোৰে জননী গৌৰৱময় মাতৃভূমি। আমি যদি অসমৰ ইতিহাস জুকিয়াই চাও দেখা পোৱা যায় যে আমাৰ ৰাজ্যখন সকলো পিনৰ পৰা আগবঢ়া ৰাজ্য। ইয়াৰ প্ৰাকৃতিক দিশেই হওঁক বা আন আন দিশেই হওঁক সকলো পিনৰ পৰা অহম জাকত জিলিকা । অহম নামটোতেই ইয়াৰ মহত্ব লুকাই আছে। সংস্কৃতত 'অ-সম' শব্দটোৰ অৰ্থ যাৰ সমান কোনো নাই অথবা অদ্বিতীয় ,অপ্ৰতিদন্দী । অৰ্থাৎ এই অসমত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো ক'তোৱে নাই । ড° বাণীকান্ত কাকতি দেৱেৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে এই অসম শব্দটোৰ বাবেহে আ-ছাম শব্দৰ সৃষ্টি হৈছে। টাই প্ৰাচীন আহোম ভাষাত ছাম মানে পৰাজিত । তাৰ আগত 'আ, উপসৰ্গ যোগ কৰিলে 'আ-ছাম 'অৰ্থাৎ অপৰাজেয় অৰ্থাৎ বিজয়ী। মুঠৰ ওপৰত অসম নামটোৰ বিষয়ে বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে মতবাদ আগবঢ়াইছে ।
অসমৰ ইতিহাস বুলি ক'লে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ'-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ কথাকে বুজায় । ইয়াৰ উপৰিও আন আন কেইবাটাও সূত্ৰৰপৰা অসমৰ ইতিহাস জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "বুৰঞ্জী" নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। সম্ভৱ প্ৰথম বুৰঞ্জী ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশত প্ৰণয়ণ কৰা হৈছিল। সেই সময়তে "লেখক বৰুৱা" নামৰ এটা পদৰ তত্ত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেইসময়ৰ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল। ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল ।
৪ৰ্থ শতিকাত কামৰূপ ৰাজ্যত পুষ্য বৰ্মনে বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰাৰে পৰা অসমৰ জ্ঞাত ইতিহাস আৰম্ভ হোৱা বুলি কোৱা হয় । খুব সম্ভৱ ভূমিপুত্ৰসকল এই বংশৰ মূল আছিল, যাৰ পূৰ্বপুৰুষ আছিল নৰকাসুৰ। ৭ম শতিকাত ভাস্কৰবৰ্মনৰ ৰাজত্বত এই ৰাজ্যই খ্যাতি অৰ্জন কৰে। হিউৱেন চাঙে এই সময়তে কামৰূপ ভ্ৰমণ কৰি নিজৰ অভিজ্ঞতা লিপিবদ্ধ কৰে। সন্তানহীন ভাস্কৰবৰ্মনৰ মৃত্যুৰ পিছত শাসনভাৰ শালস্তম্ভৰ হাতলৈ যায় যি ম্লেছ ৰাজবংশ প্ৰতিষ্ঠা কৰে। ৯ম শতিকাত ম্লেছ বংশৰ পতনৰ পিছত নতুন শাসক ব্ৰহ্মপালে পাল ৰাজবংশ প্ৰতিষ্ঠা কৰে। শেষ পাল ৰজাজনক গৌৰৰ ৰজা ৰামপালে ১১১০ খ্ৰীষ্টাব্দত ক্ষমতাচ্যুত কৰে। কিন্তু গৌৰৰ ৰজাই পাতি যোৱা ইয়াৰ পিছৰ ৰজা দুজন তিম্জ্ঞদেৱ আৰু বৈদ্যদেৱে স্বতন্ত্ৰ ৰজা হিছাপেহে শাসন কৰিছিল আৰু প্ৰাচীন কামৰূপৰ মোহৰ ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ পতন হোৱাৰ পিছত ১২শ শতিকাত কামৰূপৰ ঠাইত সৰু সৰু ৰাজ্য স্থাপিত হয় আৰু লগে লগে প্ৰাচীন অসমৰ যুগৰ সামৰণি পৰে।
আহোম ৰাজ্য, কমতা ৰাজ্য, কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য, আৰু বাৰ ভূঞা
মধ্যযুগৰ প্ৰথম সময়ছোৱাত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত পৃথুৱে প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ খেন ৰাজবংশৰ উত্থান ঘটে। বঙ্গৰ তুৰ্কসকলৰ আক্ৰমণো আৰম্ভ হয়। ৰাজধানী কমতাপুৰৰ নামেৰে কমতা ৰাজ্যৰ নামটো হৈছিল। বঙ্গৰ শাসকে সঘনাই আক্ৰমণ কৰাৰ পিছত ১৪৯৮ চনত আল্লাউদ্দিন হুছেইন শ্বাহ ৰজাই শেষ খেন ৰজাজনক উৎখাত কৰে। কিন্তু মূলতঃ বাৰ ভূঞাৰ বিদ্ৰোহৰ বাবে হুছেইন শ্বাহ আৰু পিছৰ শাসকসকলে কমতা ৰাজ্যত খোপনি পুতিব নোৱাৰিলে। ১৬শ শতিকাত বিশ্বসিংহই কমতা ৰাজ্যত কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰে। তেওঁৰ পুত্ৰদ্বয় নৰ নাৰায়ণ আৰু চিলাৰায়ৰ দিনত কোচ বংশৰ খ্যাতিয়ে শিখৰ চোৱে।
পুৰণি কামৰূপ ৰাজ্যৰ পূব অংশত কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে বাৰ ভূঞাৰ উত্থান ঘটে। কছাৰী আৰু চুতীয়া ৰাজ্যৰ মাজতে চুকাফাৰ নেতৃত্বত এটা শান বংশৰ দলে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে। সময়ৰ লগে লগে আহোম ৰাজ্য উত্তৰ ফালে চুতীয়া ৰাজ্যলৈ বিস্তৃত হয় আৰু কছাৰী ৰাজ্যক আৰু দক্ষিণলৈ ঠেলি পঠায়। ১৬শ শতিকাৰ শেষ ভাগত নৰ নাৰায়ণৰ মৃত্যুৰ পিছত কমতা ৰাজ্য পশ্চিমে কোচ বিহাৰ আৰু পূবে কোচ হাজোত দুভাগ হয়। দুই ৰাজ্যৰ মাজৰ শত্ৰুতা বাঢ়ি আহে। কোচ বিহাৰে মোগলৰ লগত আৰু কোচ হাজোৱে আহোমৰ লগত হাত মিলায়। ১৭শ শতিকাত বহুকেইখন আহোম-মোগল যুদ্ধ সংঘটিত হয়। ১৬৭১ চনত আহোমে লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰে । লাচিত বৰফুকনৰ দেশভক্তি অতুলনীয়। আমি লাচিতৰ দেশৰ মানুহ বু কৈ গৌৰৱ বোধ কৰোঁ।
আহোম ৰাজ্যই উন্নতিৰ শিখৰত উপনীত হোৱাৰ পিছত ১৮শ শতিকাত মোৱামৰীয়া বিদ্ৰোহৰ পিছত ইয়াৰ পতন আৰম্ভ হয়। শাসন পুনৰ অধিকাৰ কৰাৰ পিছতো অভ্যন্তৰীণ খেলিমেলি চলি থাকে আৰু ১৯শ শতিকাৰ প্ৰথমভাগত মানৰ অসম আক্ৰমণ সংঘটিত হয়। ইংৰাজৰ হাতত মান পৰাস্ত হয় আৰু ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় যদিও অসমৰ বিভিন্ন স্বাধীনতা সংগ্ৰাম আৰু সামাজিক আন্দোলনে বিশেষকৈ মহাত্মা গান্ধীৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনত যোগদান কৰি অসমে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰে। অসমৰ গৌৰৱময় ইতিহাসত এইবোৰ কাহিনীও বিশেষভাৱে উল্লেখযোগ্য। অসমীয়াই ভাৰতৰ স্বাধীনতা সংগ্ৰামত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। আনহাতে আমাৰ জন্ম ভূমি অসমতেই মহাপুৰুষ চাৰিজনাৰ জন্ম হৈছিল আৰু অসমখনক সাহিত্য-সংস্কৃতি, সামাজিক আদি সকলো দিশতে সৰ্বশ্ৰেষ্ঠ কৰি থৈ গৈছে। আনহাতে আদিকাব্য মহাভাৰততো অসমৰ নাম উল্লেখ আছে। কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হৈ যুঁজ দিয়া ঘটৎকচ অসমৰে সন্তান আছিল। শ্ৰী কৃষ্ণৰ পত্নী ৰূক্মিনী অসমৰ কুণ্ডিলৰ কন্যা আছিল। শ্ৰী কৃষ্ণৰ নাতি অনিৰুদ্ধ ই তেতিয়াৰ শোণিতপুৰ ৰাজ্যত ৰজা (জিলাৰ) বাণৰজাৰ কন্যা ঊষা বিয়া পতা কাহিনী মহাভাৰতৰ পাতত লিপিবদ্ধ আছে । এইবোৰ অসমৰ গৌৰৱ । ইয়াৰোপৰি বিভিন্ন মঠ -মন্দিৰে অসমৰ গৌৰৱ কঢ়িয়াই আনিছে। উদাহৰণ স্বৰূপে -কামাখ্যা মন্দিৰ, মদন কামদেৱ দেৱালয়,বিল্লেশ্বৰ দেৱালয়, সূৰ্য পাহাৰ,পোৱামক্কা, শিৱদৌল, চৰাইদেউ, মাজুলী সত্ৰ, বৰদোৱা থান, বৰপেটা সত্ৰ আদিয়েও অসমৰ গৌৰৱ কঢ়িয়াই আনিছে। তাৰোপৰি
অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সম্পদ হৈছে এই ৰাজ্যৰ অন্যতম গৌৰৱ। ৰাজ্যখনৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী, সেউজীয়া বনাঞ্চল, আৰু পৰ্বতসমূহে অসমক এক নৈসৰ্গিক সৌন্দৰ্য্যৰ কঢ়িয়াই অনা ভূ-স্বৰ্গ হিচাপে গঢ়ি তুলিছে। অসমত বিশ্বৰ দুষ্প্ৰাপ্য একশিঙীয়া গঁড়, অসমীয়াৰ গৰিমাৰ প্ৰতিৰূপ হিচাপে খ্যাত।
অসম অৱস্থিতিৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
অসম হ'ল ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত ভাৰতৰ এখন অংগ ৰাজ্য। ইয়াৰ উত্তৰ, পূব আৰু দক্ষিণ দিশত পৰ্বতমালাই আগুৰি আছে। ভৌগালিক অৱস্থান অনুসৰি ই ১৪ ডিগ্ৰীৰ পৰা ২৮ ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু প্ৰায় ৯০ ডিগ্ৰীৰ পৰা ৯৭ ডিগ্ৰী পূব দ্ৰাঘিমাত অৱস্থিত।
ভৌগালিকভাৱে নিৰূপণ কৰিব পৰাকৈ অসমৰ কোনো প্ৰাকৃতিক সীমা নাই। বৰ্তমান অসমৰ যি চাৰিসীমা সি ৰাজনৈতিকভাৱেহে নিৰ্ণয় কৰা হৈছে। ৰাজ্যখনৰ উত্তৰ-পশ্চিম দিশৰ এক অতি ঠেক ভূ-খণ্ডৰ জৰিয়তেহে অসম ভৌগালিকভাৱে উত্তৰ বংগ তথা দেশৰ আন অংশৰ সৈতে সংলগ্ন।
বৰ্তমান অসমৰ উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান; পূবে আৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ; দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা; পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ।
অসমৰ সংস্কৃতি আৰু পৰম্পৰা
অসমৰ সংস্কৃতি হৈছে এক সমন্বয়, য'ত বিভিন্ন জাতি, ধৰ্ম, আৰু পৰম্পৰাৰ মিশ্ৰণ ঘটিছে। অসমৰ সংস্কৃতিৰ মুলভূমি হৈছে ভগৱান বিষ্ণুৰ উপাসনা আৰু ভক্তি আন্দোলন। মহান ভকত শ্ৰীমন্ত শংকৰদেৱৰ প্রচাৰিত নৱ-বৈষ্ণৱ আন্দোলনে অসমত এক গভীৰ ধৰ্মীয় আৰু সামাজিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল।
বিহু উৎসৱ হৈছে অসমীয়াৰ সৰ্বাধিক জনপ্ৰিয় উৎসৱ। এই উৎসৱ ত্ৰৈমাহিক ৰূপত পালন কৰা হয় – ৰঙালী বিহু, মাঘ বিহু, আৰু কাতি বিহু। বিহু নৃত্য, বিহু গীত, আৰু ঢোল, পেপা, গগনা আদি বাদ্যযন্ত্ৰই এই উৎসৱৰ মজিয়াত বিশেষত্ব প্ৰদান কৰে।
অসমৰ হস্তশিল্প, বিশেষকৈ পাট মেখেলা-চাদৰ, গামোচা, আৰু ঢোলাৰ চন্দৰ পাত এটি প্ৰাচীন পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যৰ অংশ। অসমীয়া সংস্কৃতিৰ অন্তর্গত কাহিনী, লোকগীত, আৰু ফোকল'ৰবোৰো অসমীয়া সমাজৰ সংস্কৃতিত এক গুৰুত্বপূৰ্ণ অৱদান দিছে।
অসমৰ ইতিহাসৰ এক ধাৰা
অসমৰ ইতিহাস বহুতো ৰজা, সামন্ত প্রভু, আৰু সাহসী সেনাৰ কাহিনীবোৰে সুমধুৰ হৈ আছে। আহোম বংশই প্ৰায় ৬০০ বছৰকাল অসমত ৰাজত্ব কৰিছে। এই বংশৰ প্ৰতিষ্ঠাতা আছিল চুকাফা, যি ১২২৮ চনত অসমলৈ আহিছিল।
আহোমসকলৰ শাসনত, অসমত এক সমৃদ্ধিশালী সমাজ গঢ়ি উঠিছিল। আহোমসকলৰ শাসনৰ অন্তৰ্ভুক্ত আছিল বিভিন্ন সামন্ত বংশৰ সহযোগিতা, যিবোৰে ৰাজ্যৰ উন্নতি আৰু শৃংখলাৰক্ষাৰ বাবে কাম কৰিছিল ।
অসমৰ পৰিচয় হৈছে এক অপৰিসীম গৌৰৱৰ প্ৰতীক। ইয়াৰ প্ৰাকৃতিক সম্পদ, সংস্কৃতি, আৰু ইতিহাসে অসমক এক অনন্য স্থান প্ৰদান কৰিছে। অসমীয়া সমাজৰ বৈচিত্র্য, সৌন্দৰ্য্য, আৰু একতাৰ কাহিনীবোৰ আজিও গৰ্বিত কৰি ৰখাৰ এটি কারণ। অসমত যিকোনো ক্ষেত্ৰত জানিবলৈ আৰু বুজিবলৈ যাওঁতে, আমি সদায় নতুন কিবা না কিবা শিকাৰ বাবে সাজু থাকিব লাগিব। অসমীয়া সংস্কৃতিৰ প্ৰতি অসমবাসীৰ আগ্ৰহ আৰু সন্মান সদায় বাঢ়ি থাকক।
তদুপৰি, অসমত তেল, চাহ, গছৰ ধুনীয়া কাঠ আদি প্ৰাকৃতিক সম্পদৰ গুৰুত্ব আছে। অসমত উৎপাদিত চাহ সৰ্বভাৰতীয় চাহ উৎপাদনৰ এক বৃহৎ অংশ বঢ়াই তোলে। তদুপৰি, অসমীয়া চাহৰ সুনাম বিশ্বজুৰি ছটিয়াই পৰিছে।
অসমক ভাৰতৰ পূৱৰ মণিমুক্তা বুলি কোৱা হয় ।সত্য কথা হ'ল, অসম হৈছে এক অতি অনন্য ৰাজ্য, য'ত প্ৰকৃতিৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টিৰে ভৰপূৰ হৈ আছে ।
অসমৰ ইতিহাস বহুতো ৰজা, সামন্ত প্রভু, আৰু সাহসী সেনাৰ কাহিনীবোৰে সুমধুৰ হৈ আছে। আহোম বংশই প্ৰায় ৬০০ বছৰকাল অসমত ৰাজত্ব কৰিছে। এই বংশৰ প্ৰতিষ্ঠাতা আছিল চুকাফা, যি ১২২৮ চনত অসমলৈ আহিছিল।
আহোমসকলৰ শাসনত, অসমত এক সমৃদ্ধিশালী সমাজ গঢ়ি উঠিছিল। আহোমসকলৰ শাসনৰ অন্তৰ্ভুক্ত আছিল বিভিন্ন সামন্ত বংশৰ সহযোগিতা, যিবোৰে ৰাজ্যৰ উন্নতি আৰু শৃংখলাৰক্ষাৰ বাবে কাম কৰিছিল।
ইমানবোৰ গৌৰৱময় ইতিহাসৰ কাৰণে অসমখনক বিভিন্ন সূতাৰে গুঠা এখনি ফুলাম দলিচা বুলি কোৱা হয়। আমি প্ৰতিজন অসমীয়াই ইয়াৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰা উচিত। আৰু আমি সদায়ে মাতৃভূমিৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাগিব লাগে যাতে অসম ৰাজ্যৰ গৌৰৱ সদায়ে সূৰ্যৰ দৰে উজ্বলি থাকে।
✒️
নিজৰা বৰ্মন ডেকা
বি:দ্ৰ: সহায় লৈ
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments