26 June, Thu 2025
support@thecriticalscript.com
Blog image

মাতৃভাষাৰ সংকট

12 Jun,2025 06:37 PM, by: Pinku Deka
1 minute read Total views: 1172
0 Like 5.0

ইংৰাজে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰাৰ ১০ বছৰ পাছতে ১৮৩৬ চনত প্ৰশাসনিক সুবিধাৰ দোহাই দি অসমৰ স্কুল-কাছাৰীত অসমীয়া ভাষাৰ পৰিবৰ্তে বাংলা ভাষাৰ প্ৰচলন কৰে। এইদৰে বৃটিছ প্ৰীতি বাংলা ভাষাই অসমত গা কৰি উঠাত আনন্দৰাম ঢেকিয়াল ফুকন প্ৰমুখ্যে  বহু শিক্ষিত জাতি প্ৰেমী তথা ভাষা-প্ৰেমী অসমীয়াৰ নেৰা-নেপেৰা প্ৰচেষ্টাত ১৮৭৩ চনৰ ৯ এপ্ৰিলৰ পৰা অসমত পুনৰ অসমীয়া ভাষাই প্ৰতিষ্ঠা লাভ কৰে। এনেকৈ অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে কিছু বছৰ বাংলা ভাষাই ঠাই লোৱাৰ ফলত অসমৰ ভাষা আৰু সাহিত্যৰ কিছু ক্ষতি হল যদিও পিছৰ সময়ছোৱাত বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গল। যাৰ বাবেই অসমীয়া ভাষা-সাহিত্যই বিশ্বৰ বুকুত সুকীয়া এটা স্থান লাভ কৰিবলৈ সক্ষম হল। দেশে স্বাধীনতা লাভ কৰাৰ কেইটামান বছৰৰ পিছত ১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে অসমৰ শৈক্ষিক প্ৰতিষ্ঠান সমূহৰ শিক্ষণৰ মাধ্যম হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে এক প্ৰবল আন্দোলনৰ সূচনা হৈছিল। ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ 'ৰাজ্য পুনৰ গঠন আইন' ১৯৫৬ বলৱৎ হোৱাত এই আন্দোলনে আৰু গা কৰি উঠে। ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন হোৱাৰ বাবে অসম সাহিত্য সভাইও অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়। উক্ত আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনটোত ৰঞ্জিত বৰপূজাৰীয়ে পুলিচৰ নিৰ্বিচাৰ গুলিত মৃত্যুক সাৱটি লৱ লগা হোৱাৰ লগতে আৰু বহু কেইগৰাকী ব্যক্তি এই আন্দোলনত শ্বহীদ হয়। ইয়াকেই 'ভাষা আন্দোলন' ৰূপে জনা যায়। এই ৰঞ্জিত বৰপূজাৰীয়েই হল এই ভাষা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ। এই আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰী ভাষা আইন, ১৯৬০ প্ৰণয়ন কৰি অসমীয়া ভাষাৰ লগতে ইংৰাজী ভাষাকো অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। চৰকাৰৰ এই সিদ্ধান্তক বহুতেই আদৰণি জনাইছিল যদিও বৰাক উপত্যকাত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰা হৈছিল। ফলত অসম চৰকাৰী ভাষা আইন, ১৯৬০ খন সংশোধন কৰি ভাষিক সংখ্যালঘু সকলৰ ভাষাৰ অধিকাৰ ৰক্ষা কৰি বৰাক উপত্যকাৰ জিলাকেইখনত অতিৰিক্তভাৱে বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ পিছতো কিন্তু অসমীয়া ভাষাটোৰ সুৰীয়া তথা সুৱদি ফালৰ পৰাই হওক বা গুণগত সম্পন্ন মৌলিকতাৰ ওপৰত ভিত্তি কৰিয়েই হওক নতুবা জাতীয়তাবাদী আদৰ্শৰ বাবেই হওক ভাষাটোৱে গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কিছু প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। কিন্তু বৰ্তমান সময়ত মৰমৰ ভাষাটোৰ ব্যৱহাৰৰ গ্ৰাফডাল প্ৰায় নিম্নগামী হোৱা দেখা পোৱা গৈছে। অৰ্থাৎ বৰ্তমান সময়ত মাতৃভাষাৰ প্ৰবল গৰাখহনিয়াই দেখা দিছে বুলি কলেও হয়তো ভূল কোৱা নহব! তথ্যই আমাক কেতিয়াও মিছা নকয়। আজিৰ পৰা কেইটামান বছৰ আগৰ লোকপিয়ল তথ্য খিনি এবাৰ চকু ফুৰাই চালেই এই সকলোখিনি ওলাই পৰে। ১৯৯১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৫৭.৮১% লোকে অসমীয়া ভাষাটোক নিজৰ মাতৃভাষা হিচাপে আদৰি লৈছিল। কিন্তু ২০০১ চনৰ লোকপিয়ল অনুসৰি এই হাৰ কিছু কমি গৈ ৪৮.৮০% হল। তেনেকৈ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই হাৰ আৰু কমি গৈ ৪৮.৩৮% হল। এইদৰে দুটা লোকপিয়লৰ ভিতৰতেই অসমত অসমীয়া ভাষাটোক নিজৰ মাতৃভাষা হিচাপে চিনাকি দিয়া লোকৰ সংখ্যা প্ৰায় ১০% কমি গল। অৰ্থাৎ এতিয়া অসমত অসমীয়া ভাষাটোক নিজৰ মাতৃভাষা ৰূপে গ্ৰহণ কৰা ব্যক্তিৰ সংখ্যা ৰাজ্যৰ মুঠ জনসংখ্যাৰ আধাতকৈও কিছু কম। যি নেকি আজিৰ দিনটোত জাতিটোৰ বাবে সঁচাকৈয়ে এটা ডাঙৰ সংকট। 

কিন্তু এই ক্ষেত্ৰত আকৌ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ বৈশিষ্ট্য সম্পূৰ্ণ সুকীয়া। উদাহৰণ স্বৰূপে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক ভাষা হল তেলেগু। ২০১১চনৰ লোকপিয়ল অনুসৰি ৰাজ্য খনৰ মুঠ জনসংখ্যা হল ৮.৪৬ কোটি। ইয়াৰ ভিতৰত প্ৰায় ৮৩.৫৫% অৰ্থাৎ ৭০,৬৬৭,৭৮০ ব্যক্তিয়ে তেলেগুক নিজৰ মাতৃভাষা ৰূপে স্বীকৃতি প্ৰদান কৰি আহিছে। তেনেকৈ কৰ্ণাটক হৈছে দক্ষিণ ভাৰতৰ অন্য এখন ৰাজ্য। ইয়াৰ মূল ভাষা কানাড়া। ২০১১ চনৰ লোকপিয়ল অনুসৰি কৰ্ণাটকৰ মুঠ জনসংখ্যা হল ৬১,০৯৫,২৯৭। তাৰ ভিতৰত ৫৬.৯ মিলিয়ন জনসাধাৰণে নিজৰ মাতৃভাষা কানাড়া ৰূপে স্বীকৃতি প্ৰদান কৰি আহিছে। অৰ্থাৎ ৰাজ্য খনৰ ৯৩% লোকেই কানাড়া ভাষাটোক নিজৰ মাতৃভাষাৰ  হিচাপে স্বীকৃতি প্ৰদান কৰি আহিছে। তেনেকৈ দক্ষিণ ভাৰতৰ অন্য এখন প্ৰভাৱশালী ৰাজ্য হল তামিলনাডু। তামিল হৈছে ইয়াৰ স্থানীয় জনপ্ৰিয় ৰাজ্যিক ভাষা। ২০১১ চনৰ লোকপিয়ল অনুসৰি তামিলনাডুৰ মুঠ জনসংখ্যাৰ ৮৯.৪৩% লোকেই তামিল ভাষাটোক নিজৰ মাতৃভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ঠিক সেইদৰে কেৰেলা হৈছে দক্ষিণ ভাৰতৰ অন্য এখন জাকত- জিলিকা ৰাজ্য। কেৰেলাৰ জনপ্ৰিয় ৰাজ্যিক ভাষা হল মালায়ালাম। ১৯৮১ চনৰ লোকপিয়ল অনুসৰি মুঠ জন সংখ্যাৰ ৯৫.৯৯% লোকে মালায়ালাম ভাষাটোক নিজৰ মাতৃভাষা ৰূপে গ্ৰহণ কৰি আহিছে। ১৯৯১ চনৰ লোকপিয়ল অনুসৰি এই হাৰ বাঢ়ি গৈ ৯৬.৫৬% হল। ২০০১ চনৰ লোকপিয়ল অনুসৰি এই হাৰ ৯৬.৭৫% হল। তেনেদৰে ২০১১ চনৰ লোকপিয়ল অনুসৰি এই হাৰ পুনৰ বাঢ়ি গৈ ৯৭.০৩% হল। এইদৰে ৰাজ্যখনৰ জনসংখ্যা অনুপাতে প্ৰতিটো দশকতেই মালায়ালাম ভাষাটোক মাতৃভাষা হিচাপে আদৰি লোৱা ব্যক্তিৰ সংখ্যা ক্ৰমে বাঢ়ি গৈছে। ঠিক সেইদৰে দেশৰ অন্য এখন ৰাজ্য হল মহাৰাষ্ট্ৰ। যাৰ মূল ৰাজ্যিক ভাষা হল- মাৰাঠী। ২০১১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ প্ৰায় ৬৯.৯৩% লোকে মাৰাঠী ভাষাটোক নিজৰ মাতৃভাষা ৰূপে গ্ৰহণ কৰি আহিছে। এইদৰে যদি আমি লক্ষ্য কৰো তেন্তে দেখা পাওঁ যে দক্ষিণ ভাৰতৰ লগতে ভাৰতৰ প্ৰায় কেইখন ৰাজ্যৰ জনসাধাৰণে নিজৰ মাতৃভাষাটোক অধিক গুৰুত্ব দিয়াৰ লগতে নিজৰ স্থানীয় সাহিত্য, কলা-সংস্কৃতিক অধিক গুৰুত্ব প্ৰদানৰ জৰিয়তে বিশ্ব দৰবাৰত নিজকে অন্য এক সুকীয়া ৰূপত চিনাকি দিবলৈ সক্ষম হৈছে। দেখা যায় যে দক্ষিণ ভাৰতৰ প্ৰায় ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ নাম ফলকবোৰত যদি চকু ফুৰাও তেন্তে আমি দেখিব পাওঁ যে তেওঁলোকে নিজৰ মাতৃভাষাৰ লিপিৰ জৰিয়তেই সেইবোৰ লিখে। অৱশ্যে মাতৃভাষাৰ লগত আন ভাষা থকা কথাটো সুকীয়া। কিন্তু তাত মাতৃভাষা মুখ্য অন্য আনুষংগিক ভাষা গৌণ। অৰ্থাৎ তেওঁলোকে জাতীয়তাবাদী ভাৱধাৰাৰে আদৰ্শিত হৈও নিজৰ ভাষা-সাহিত্য কলা- সংস্কৃতিৰ ক্ষেত্ৰত কেতিয়াও কোনো কাৰণতেই অলপো অৱহেলা নকৰি ইয়াক দোপতদোপে আগবঢ়াই লৈ যোৱাৰ লগতে শিক্ষা-সংস্কৃতি, অৰ্থনীতি, স্বাস্থ্য সেৱা, নিবনুৱা সংস্থাপন, শিল্প-উদ্যোগ, বেপাৰ বাণিজ্য, প্ৰযুক্তি-বিজ্ঞান আদিৰে গোটেই ভাৰতৰ ভিতৰত অন্য এক স্থান দখল কৰিবলৈ সক্ষম হৈ আহিছে। 

তাৰ বিপৰীতে কিন্তু অসমত অসমীয়া ভাষা কোৱা আৰু চৰ্চা কৰা মানুহৰ সংখ্যা উদ্বেগজনক ভাবে হ্ৰাস পাইছে। অসমীয়া ভাষা ব্যৱহাৰৰ গ্ৰাফডাল লাহে লাহে নিম্নগামী হৈ আহিছে। ই শতাংশ হিচাপত যথেষ্ট কম৷ কিন্তু সেই একেই সময়ত অসমত ২৮.৯১% বাংলা আৰু ৬.৭৩% হিন্দী ভাষাই ঠাই লৈছে। লোকপিয়ল অনুসৰি এই সংখ্যা অসমত দিনে দিনে বাঢ়ি গৈছে। আমি কোনো কাৰণতেই অন্য ভাষাৰ বিৰোধী নহয়। কিন্তু অসমীয়া আমাৰ মাতৃভাষা, আমাৰ প্ৰাণ, আমাৰ স্বাভীমান, আমাৰ গৌৰৱ আৰু ইয়াক চিৰকাল চিৰদিন জীয়াই ৰখাৰ দায়িত্বও অসমীয়া হিচাপে আমাৰেই। নিজৰ মাতৃক আঁতৰাই আনৰ মাতৃক আদৰি লোৱা চিন্তা কোনো কাৰণতেই যুগুত নহয়। অন্যহাতে নিজৰ আইক ভাল পাওঁ বুলিলেই আনৰ আইক বেয়া পোৱাটো কেতিয়াও নুবুজাই৷ আজি আমাৰ মাতৃভাষাৰ এই অৱস্থা হলে আমি অনুধাৱন কৰিব পাৰো যে হয়তো আৰু দুটামান দশকৰ পিছত অসমত অসমীয়া ভাষাৰ প্ৰচলন একেবাৰে কমি গৈ নাইকিয়া হব। গতিকে বেমাৰ হোৱাৰ পিছত ওষধ খাই বেমাৰ ভাল কৰিবলৈ যত্ন কৰাতকৈ কেনেকৈ সদায় নিৰোগী হৈ থাকিব পাৰি, সেই কথা চিন্তা কৰাৰ দৰে প্ৰতিজন অসমীয়াই আইৰ মুখৰ মাতষাৰ ধৰি ৰাখিবলৈ এতিয়াৰ পৰাই যত্ন কৰা উচিত। আমি জানো যে জাতি এটাৰ পৰিচয়ৰ মূল আধাৰ হ'ল মাতৃভাষা। গতিকে আমি প্ৰতিজন অসমীয়াই অসমীয়া ভাষাটো অতি কমেও এনেকৈ আয়ত্ত কৰা উচিত যাতে আমি আমাৰ অনুজ সকলক ,আমাৰ উঠি অহা নৱ প্ৰজন্মক, আমাৰ নিজৰ নিজৰ সন্তানক ভাষাটো অতি সুচাৰুৰূপে শিকাই জাতিৰ ভেটিটো মজবুত কৰি থৈ যাব পাৰো। লগতে অসম চৰকাৰেও অসমীয়া ভাষা-সাহিত্য বিকাশৰ ক্ষেত্ৰত ন ন চিন্তাৰে নতুন প্ৰজন্মৰ মাজত ভাষাটো কেনেকৈ লৈ গৈ ভাষাটোৰ প্ৰতি আকৃষ্ট কৰিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰিব লাগে। প্ৰতিখন স্কুল-কলেজ তথা প্ৰতিটো অনুষ্ঠান- প্ৰতিষ্ঠানত অসমীয়া ভাষাটো ব্যৱহাৰ হোৱাৰ লগতে নাম ফলক সমূহত অসমীয়া লিপিত লিখাটো বাধ্যতামূলক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰিব লাগে। অসমীয়া ভাষা চৰ্চা কৰা অন্য ৰাজ্যৰ কবি, সাহিত্যক, সমালোচক তথা উঠি অহা নৱ প্ৰজন্মক ভাষাটো চৰ্চাৰ বাবে প্ৰয়োজনীয় সকলো সা- সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি ভাষাটোৰ প্ৰতি যোগাত্মক ভাৱধাৰা গঢ়ি তুলিব  লাগে। আজি অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি অসমীয়া হিচাপে সদায় গৌৰাম্বিত। কিন্তু অসমীয়া ভাষটোক ধ্ৰুপদী ভাষাৰ শাৰীলৈ লৈ যোৱাটোৱেই চৰকাৰ প্ৰধান আৰু শেষ কাম হব নোৱাৰে! ইয়াক নতুন প্ৰজন্মৰ মাজত লৈ গৈ ইয়াৰ ভেটি মজবুত আৰু সুদৃঢ় কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধ্ৰুপদী ভাষাৰ মৰ্যদাই ভাষা এটাক জন-সমাজৰ মাজত চিৰসেউজ কৰি কেতিয়াও জীয়াই ৰাখিব নোৱাৰে। উদাহৰণ স্বৰূপে আমি আজি  সংস্কৃত ভাষাটোৰ কথাই কব পাৰো! এই সংস্কৃত ভাষাই তাহানিতে ধ্ৰুপদী মৰ্যদা লাভ কৰিছিল যদিও সেই ভাষা চৰ্চা কৰা জনসাধাৰণৰ সংখ্যা দেশত আজি খুব তাকৰ। এই ভাষাটো কেৱল মাত্ৰ কাগজ- প্ৰত্ৰতেই সীমাবদ্ধ বুলি কলেও হয়তো ভুল কোৱা নহব! গতিকে ভাষা এটাক অলংকাৰ এডাল পিন্ধাই দি তাক শুৱনি কৰাটো যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন তাক প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব দি চিৰসেউজ কৰি ৰখাটো। ভাষা এটা সমাজত চিৰসেউজ হৈ থাকে কেৱল তাৰ ব্যৱহাৰৰ জৰিয়তেহে।  

যদি দক্ষিণ ভাৰতৰ  ৰাজ্য বোৰে নিজৰ ভাষা-সাহিত্য-সংস্কৃতি ধৰি ৰাখি উন্নতিৰ শিখৰত বগাব পাৰে তেনেহলে অসমে নিজৰ ভাষা -সাহিত্য-সংস্কৃতি ধৰি ৰাখি উন্নতিৰ শিখৰত কিয় বগাব নোৱাৰে! আজি মুখ্য মন্ত্ৰী মহোদয়ে Advantage Assam-2.0 ৰ আঁচনিৰ জৰিয়তে অসমত বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ঔদ্যোগিক বিকাশৰ লক্ষ্যৰে হাজাৰ হাজাৰ নিবনুৱাক সংস্থাপন কৰিব বিচাৰিছে। সেইয়া নিশ্চিত ভাৱে ভাল চিন্তা। ৰাজ্য খনক ঔদ্যোগিকৰণৰ জৰিয়তে বিকাশৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ সমৰ্থন সদায় আছে আৰু আগলৈ থাকিব। কিন্তু তাৰ লগে লগে চৰকাৰে ৰাজ্যখনৰ ভাষা-সাহিত্যৰ প্ৰতিও নজৰ দিবই লাগিব। নতুন প্ৰজন্মৰ প্ৰতিজন লৰা- ছোৱালীয়ে যাতে নিজৰ ভাষা- সাহিত্যৰ প্ৰতিটো জ্ঞান লাভ কৰিব পাৰে, সেয়া নিশ্চিতকৰণৰ বাবে চৰকাৰে নতুন নতুন পদক্ষেপ গ্ৰহন কৰিবই লাগিব। প্ৰতিখন স্কুল-কলেজত নিজৰ মাতৃ ভাষাটো বাধ্যতামূলক হিচাপে গঢ়ি তোলাৰ লগতে স্কুল- কলেজৰ পুথিভঁৰালত অসমীয়া ভাষাৰ বিভিন্ন কিতাপ, আলোচনী, বাতৰি কাকত ইত্যাদিৰ পয্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিদৰে চৰকাৰে ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ ৰূপে ঘোষণা কৰি প্ৰতিজন চৰকাৰী কৰ্মচাৰীক কিতাপ কিনাৰ বাবে উৎসাহ উদ্দীপনা যোগাই আহিছে। তেনেদৰে প্ৰতিখন চৰকাৰী- বেচৰকাৰী স্কুল, কলেজ, বিশ্ববিদ্যালয় তথা প্ৰতিখন চৰকাৰী-বেচৰকাৰী অন্য অনুষ্ঠানত অতি কমেও এখন হলেও অসমীয়া ভাষাৰ বাতৰি কাকত নাইবা আলোচনী এখন হলেও ৰখাটো বাধ্যতামূলক হিচাপে গঢ়ি তুলিবলৈ চিন্তা চৰ্চা কৰিব লাগে। লগতে চৰকাৰে স্কুল- কলেজৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ বাবে যিদৰে বিভিন্ন আঁচনিৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে তেনেদৰেই ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতি সপ্তাহত নতুবা মাহেকত একো-একোখন মাতৃভাষাৰ কাকত-আলোচনীৰ যোগান ধৰাৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব লাগে। 

বিভিন্ন কাৰণত অসমলৈ অহা বহিৰাগত সকলেও যাতে অসমীয়া ভাষাটো ভালকৈ কব পাৰে বা শিকিব পাৰে তাৰ বাবে উৎসাহজনক ভাৱে আমি উদ্ভুদ্ধ কৰিবলৈ প্ৰচেষ্টা হাতত লব লাগিব। এতিয়াও বিশ্বৰ এক কোটি পঞ্চাশ লাখ লোকৰ মাতৃভাষা অসমীয়া। বিশ্বৰ এশটা শীৰ্ষ স্থান ভাষাৰ তালিকাত অসমীয়া ভাষাটোৰ স্থান পয়ষষ্ঠি নম্বৰ। গতিকে আমি সংকল্প লব লাগিব যাতে প্ৰতিজন অসমীয়াই গৌৰৱেৰে সদায় অসমীয়া হৈ জীয়াই থাকি অসমীয়া ভাষাক ভাৰতৰ বুকুত সদায় চিৰসেউজ কৰি উজ্বলাই ৰাখিব পাৰো। এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ ভূমিকাও কিন্তু অতি গুৰুত্বপূৰ্ণ। ১৯১৭ চনতেই প্ৰতিষ্ঠিত অসম সাহিত্য সভা অসমীয়া জাতীয় জীৱনৰ অভিভাৱক স্বৰূপ। ভাষা -সাহিত্য-সংস্কৃতি আৰু জাতীয় মৰ্যাদা ৰক্ষাৰ্থে সেই জাতীয় সংগঠনটোৰ ভূমিকা কোনেও নুই কৰিব নোৱাৰে। সাহিত্য সভাৰ সৈতে প্ৰতি অসমীয়াৰে এটা আবেগ জৰিত হৈ আছে। এনে এটা সময় আছিল সাহিত্য সভাৰ সভাপতিৰ অভিভাষণে অসমীয়া জাতীয় জীৱনৰ দিশ নিৰ্ণয় কৰিছিল। ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত যোৰহাট সাৰ্বজনিক সভা, ১৯১৬ চনত প্ৰতিষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ দৰে অনুষ্ঠানৰ কণিষ্ঠ ভাতৃ হিচাপে অসম সাহিত্য সভাই সদায় বৃহৎ অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰি অসমীয়া ভাষা সাহিত্যক আগুৱাই লৈ যোৱাৰ ক্ষেত্রত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। 

অসম সাহিত্য সভা অসমীয়া জাতিৰ অভিভাৱক স্বৰূপ। পদ্মনাথ গোঁহাই বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠিত এই জাতীয় সংগঠনৰ সিদ্ধান্তৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে। ভাষাৰ- সাহিত্য- সংস্কৃতিৰ দিশত তথা জাতীয় জীৱনৰ এক সংহত আৰু চেতনা উদ্বেগ কৰিবলৈ অসম সাহিত্য সভাৰ কৰণীয় বহু আছিল যদিও বিভিন্ন সময়ত সেই দায়িত্ব পালন কৰাত অসম সাহিত্য সভা বিফল হৈ আহিছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছে। তথাপিও সাহিত্য সভাৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী সকলোৰে আছে। গতিকে অসম সাহিত্য সভাই পূৰ্বৰ গুণ গৰিমাৰে অসমীয়া ভাষা সাহিত্যৰ মাজিয়াখন সজীৱ কৰি এনেকৈ গঢ়ি তুলিব লাগে যাতে নতুন যুৱ প্ৰজন্মই সাহিত্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী হৈ উঠে। অসমৰ বাহিৰেও ভাৰতৰ অন্য ৰাজ্য লোকেও যাতে অসমীয়া ভাষা সাহিত্য- সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হয় তাৰ প্ৰতি নজৰ দি ন- ৰূপেৰে অসম সাহিত্য সভাই নিজকে সদায় প্ৰস্তুত কৰি তুলিব লাগিব। 


 


       ব্ৰিটিছ ন্যায়ধীশ মোফটি মিলচৰ কথাষাৰ আজিৰ কিছু অভিভাৱকৰ বাবে খুবেই প্ৰয়োজন। তেওঁ কোৱা কথাষাৰ হল- "এজন ইংৰাজ ল'ৰাক ইংৰাজী ভালকৈ নজনাকৈ লেটিন ভাষা শিকোৱা নহয়। সেইদৰে এজন অসমীয়াক নিজৰ মাতৃভাষা নজনাকৈ বিদেশী ভাষা শিকোৱা উচিত নহয়।" গতিকে আধুনিকতাৰ নামত মোৰ ল'ৰাই অসমীয়া নাজানে বুলি গৌৰৱ কৰাৰ পৰিবৰ্তে পৃথিৱীৰ সকলোতকৈ সুৰীয়া, সুৱদি ভাষাটোৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশ কৰি উঠি অহা নৱ প্ৰজন্মৰ মাজত জাতীয়তাবোধ, জাতি প্ৰেম, ভাষাপ্ৰেম মূল্যবোধৰ বট বৃক্ষ ৰোপন কৰিব পাৰিলে ভাল। অৱশ্যে ভাষা এটা নিদিষ্ট পৰিসীমা এলেকাৰ  মাজত আৱদ্ধ কৰি নাৰাখি ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে আন্তৰাষ্ট্রীয় পৰ্যায়লৈ বোৱাই নিব পৰাকৈ বাহিৰা ভাষাৰ জ্ঞান থকাও উচিত।  শেষত, মাতৃভাষাৰ প্ৰসংগত আনন্দৰাম ঢেকীয়াল ফুকনে কৈ থৈ যোৱা কথাষাৰ দাঙি ধৰিব বিচাৰিছো- "অসমীয়া ভাষা আমাৰ মাতৃভাষা, মাতৃৰ নিচিনা বাবেই মাতৃয়ে বেজাৰ পোৱা কাম কৰা সন্তানৰ পক্ষে অযুগুত। ই শাস্ত্ৰৰ বাক্য। ইয়াকে জানি অসমীয়া সকলে মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশ কৰা উচিত"। সকলোতকৈ শুৱলা সুৰীয়া, সুৱদি অসমীয়া ভাষাটোৰ যদি সময়ৰ সোঁতত কিবা এটা হৈ যায় সেইদিনাই কিন্তু অসমীয়া জাতিটো পৃথিৱীৰ পৰাই হেৰাই যাব। জয় আই অসম বুলি বাৰে বাৰে চিঞৰি বুকুত ঢকিয়াই ঢকিয়াই হিয়া উজাৰি কান্দিলেও প্ৰাণৰ ভাষাটোক সেইদিনা ঘুৰাই নাপাম৷  



 পিংকু ডেকা, 

দিপীলা, দৰং 


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

2 reviews
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.