আনুমানিক ডেৰ হাজাৰ বছৰ আগতে গুৱাহাটী মহানগৰীৰ আমবাৰী আছিল এক সমৃদ্ধ স্থান!
গুৱাহাটী মহানগৰীৰ আমবাৰী অঞ্চলখন জানিব পৰা মতে ডেৰ হাজাৰ বছৰ আগতেই এক সমৃদ্ধ স্থান আছিল। আধুনিক অসমৰ সংস্কৃতিৰ এক মুখ্য কেন্দ্র হিচাপে পৰিচিত বৰ্তমানৰ “ৰবীন্দ্ৰ ভৱন” অৱস্থিত ঠাইখনতেই হয়তো তেতিয়াৰে “নটৰাজ”ৰ পূজা-আৰাধনা অনুষ্ঠিত হৈছিল। গুৱাহাটী প্ৰেছ ক্লাবৰ পিছফালে থকা ইটাৰ পুখুৰীটো আৰু তাৰ চাৰিওফালে উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সামগ্ৰীৰে এই অঞ্চলখনৰ প্ৰাচীন ঐশ্বৰ্য্য আৰু ঐতিহাসিক গৌৰৱৰ কথা ক'ব খোজে।
১৯৬৮-৬৯ চনৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৱাহাটী কাৰ্যালয় নিৰ্মাণৰ কাম চলি থকা অৱস্থাত এই স্থানত প্ৰথমে প্ৰত্নতাত্ত্বিকৰ সন্ধান পোৱা যায়। তাৰ পিছত ১৯৬৯-৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে যৌথভাৱে প্ৰথমখন খনন কাৰ্য আৰম্ভ কৰে।
খননত উদ্ধাৰ হোৱা সমলসমূহৰ ভিত্তিত গৱেষকসকলে আমবাৰী প্ৰত্নতাত্ত্বিক স্থানত মূলত তিনিটা সাংস্কৃতিক পৰ্যায়ত ভাগ কৰিছে— প্ৰথম পৰ্যায় (ভাস্কৰ্যশৈলীৰ দৃষ্টিৰে) খ্ৰীষ্টপূৰ্ব প্ৰথম-দ্বিতীয় শতিকা, দ্বিতীয় পৰ্যায় খ্ৰীষ্টীয় অষ্টমৰ পৰা দশম শতিকা আৰু তৃতীয় পৰ্যায় মধ্যযুগৰ অন্তিম সময়ৰ বুলি ধাৰণা কৰা হৈছে।
খননৰ সময়ত একেলগে বহু শিলামূৰ্তি উদ্ধাৰ হোৱা বাবে বিশেষজ্ঞসকলে অনুমান কৰে যে তেতিয়া এই অঞ্চলত এটা “মূৰ্তি নিৰ্মাণ কেন্দ্র” তথা প্ৰতিমাশালা আছিল।আমবাৰীত আৰম্ভণিৰ খনন কাৰ্য চলোৱা প্ৰথম বছৰে বহু মূল্যবান প্ৰত্নতাত্ত্বিক সম্পদ উদ্ধাৰ হৈছিল। শিলত কটা সূৰ্য, বিষ্ণু, দুর্গা, গঙ্গা, যমুনা, মুনি, যোনিপীঠ, শিৱলিঙ্গ আদিৰ সৈতে যোনিপীঠত স্থাপিত গণেশৰ পোৰামাটিৰ মূৰ্তি, নৃত্যৰত অৱস্থাত থকা মূৰ্তিসমূহ আৰু এজন মহিলা মূর্তিৰ আবক্ষ অংশও তেতিয়া পোৱা গৈছিল। তদুপৰি, পোৰামাটিৰ বিভিন্ন ভাস্কৰ্য, মণি-মুক্তা, খাৰু, বৰটোপৰ গুলী, তামৰ মোহৰ আদিও উল্লেখযোগ্য পৰিমাণত উদ্ধাৰ হৈছিল।
আমবাৰীৰ পৰা উদ্ধাৰ হোৱা এইসকল প্ৰত্নতাত্ত্বিক সমল বিশ্লেষণ কৰি গৱেষকসকলে সিদ্ধান্ত লৈছে যে এই স্থানখন প্রাচীন কামৰূপৰ এক গুৰুত্বপূর্ণ সাংস্কৃতিক আৰু ধৰ্মীয় কেন্দ্র আছিল।২০০৮-০৯ চনৰ খনন কাৰ্য আৰু তাৰ পিছৰ পৰ্যায়ত মৃন্ময় মূৰ্ত্তিত মৰা মোহৰ উদ্ধাৰ হোৱাৰ লগতে ইটাৰে নিৰ্মিত এটা পুখুৰীও উন্মোচিত হৈছিল, যাৰ ফলত আমবাৰীৰ ঐতিহাসিক মূল্য অধিক স্পষ্ট হৈ পৰে।
উদ্ধাৰ কৰা এই সমলসমূহ অধ্যয়ন কৰি গৱেষকসকলে মত প্ৰকাশ কৰিছে যে সিহঁতৰ নিৰ্মাণ শুঙ্গ-কুশান যুগৰ সময়ৰেই। প্ৰথমখন খননৰ সময়ত আমবাৰীত পোৱা গাঁথনিৰ ভিতৰত উল্লেখযোগ্য আছিল— পোৰা ইটাৰে নিৰ্মিত এটা পুখুৰী, তাতৰ পৰা পানী নিষ্কাশনৰ ব্যৱস্থা থকা নৰ্দমা, ইটাৰে বনোৱা পথ, সজ্জিত মজিয়া আৰু প্ৰাক-মধ্যযুগীয় সময়ৰ দেৱালৰ গাঁথনি। এই প্ৰত্নতাত্ত্বিক গাঁথনি সমূহে স্পষ্টভাৱে জনায় যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই অঞ্চলখন তেতিয়াই এক উন্নত, সাংস্কৃতিকভাবে সমৃদ্ধ জনবসতি আছিল।
গৱেষকসকলৰ মতে, মধ্যযুগৰ আৰম্ভণিৰ সময়তেই এই ঠাইখন কামৰূপীয় কলা-সংস্কৃতিৰ এক মুখ্য শিল্পকেন্দ্ৰ হিচাপে বিকশিত হৈছিল। উদ্ধাৰ হোৱা সামগ্ৰীবোৰে বৰ্তমানৰ আমবাৰী অঞ্চল আৰু ইয়াৰ চাৰিওফালে থকা স্থানসমূহৰ প্ৰাচীন জনবসতি আৰু সাংস্কৃতিক বিকাশৰ পুথি।পৰৱৰ্তী সময়ত পোৱা সমলসমূহৰ অধিক গৱেষণাৰ ফলত প্ৰত্নতত্ত্ববিদসকলে একমত হৈছে যে এই অঞ্চলখন আজিৰ পৰা প্ৰায় হাজাৰ বছৰ পূৰ্বে এক ভাস্কর্য নিৰ্মাণৰ এটা মুখ্য উৎপাদন কেন্দ্র আছিল।
আমবাৰী স্থানতেই শিৱৰ বাহন নন্দীৰ ওপৰত খোদিত নটৰাজৰ এক অনন্য মূৰ্তি উদ্ধাৰ কৰা হৈছিল। প্ৰত্নতত্ত্ববিদসকলে এই মূৰ্তিটোক সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অদ্বিতীয় বুলি গণ্য কৰিছে আৰু ই ভাৰতীয় শিল্পকলাৰ এক অসাধাৰণ নিদৰ্শন হিচাপে পৰিচিত। বৰ্তমান এই মূল্যবান নটৰাজ মূৰ্তিটো অসম ৰাজ্যিক সংগ্ৰহালয়ত সযতে সংৰক্ষিত অৱস্থাত আছে। অত্যন্ত তাৎপৰ্যপূর্ণ বিষয় হ’ল — যি স্থানত এই নটৰাজৰ মূৰ্তিটো আবিষ্কৃত হৈছিল, ঠিক সেই স্থানতেই বৰ্তমানে “ৰবীন্দ্ৰ ভৱন” অৱস্থিত। আজিও সেই স্থানখন অসমৰ কলা, সংগীত আৰু সংস্কৃতিৰ এক মুখ্য কেন্দ্রবিন্দু হিচাপে উজলি আছে ।
এই স্থানত ব্ৰাহ্মণ্য ধৰ্মৰ বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিৰ সৈতে মানুহৰ মৃন্ময় মূৰ্তিসমূহো উদ্ধাৰ কৰা হৈছিল। এই মূল্যবান প্রত্নবস্তুবোৰৰ কেইটামান স্থানীয়ভাৱে আৰু কেইটামান অসম ৰাজ্যিক সংগ্রহালয়ত সযতে সংৰক্ষণ কৰি ৰখা হৈছে। উদ্ধাৰ হোৱা সামগ্ৰীৰ কিছু সুষ্পষ্টভাবে চিনাক্ত নোহোৱাতো, চীনামাটিৰ বাচনসমূহ- যেনে পোৰা মাটিৰ সূক্ষ্ম বাচন, ৰঙা বাচন আৰু ফেলেডন বাচনে- এই স্থানখন সেই সময়ত ব্যৱসায়-বাণিজ্যৰ এটা মুখ্য কেন্দ্র আছিল বুলি প্রমাণ দিয়ে।
খননৰ সময়ত চীনদেশীয় সাগৰৰ ঢৌৰ আকৃতি থকা ৰঙৰ বাচন আৰু সেউজীয়া জকমকীয়া চীনামাটিৰ বাচনো পোৱা গৈছিল, যাৰ দ্বাৰা তেতিয়াৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সংযোগৰ ইঙ্গিত বহন কৰে।প্রত্নতাত্ত্বিক সংগ্রহালয়ত বর্তমানো সূর্য, বিষ্ণু, শিৱ আৰু দুর্গামহিষাসুৰমদিনীৰ শিলত খোদিত ভাস্কৰ্যৰ সৈতে পোৰামাটিৰ টুকুৰা, মাটিৰ পাত্ৰ, চাকি আদিও সংৰক্ষিত আছে। সংগ্ৰহালয়ৰ প্ৰৱেশদ্বাৰত ১০-১১ শতিকাৰ এক গজ-ব্যাল মূৰ্ত্তি দৰ্শকৰ বাবে স্থাপন কৰা হৈছে, যি আমবাৰীৰ সাংস্কৃতিক ঐতিহ্যৰ নীৰৱ সাক্ষী হৈ ৰৈছে।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments