16 October, Wed 2024
support@thecriticalscript.com
Blog image

বনফুল সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া গ্ৰন্থ

21 Sep,2024 11:16 AM, by: Ankita Gogoi
1 minute read Total views: 92
0 Like 0.0

বনফুল হৈছে কবি যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০টা কবিতা আছে।

যতীন্দ্ৰনাথ দুৱৰা এগৰাকী প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল।ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা তেওঁৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ আছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ আদি কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল। দুৱৰাদেৱে ৰচনা কৰা 'ওমৰ তীৰ্থ' অসমীয়া কাব্য সাহিত্যত চুফীবাদ বা চুফীতত্ত্বৰ সহজ সৰল আৰু সাৱলীল প্ৰকাশ। অসমীয়া কাব্য সাহিত্যলৈ তেওঁৰ আন এক অৱদান কথা কবিতা।  ব্যক্তিগত হা-হুমুনিয়াহ, ব্যৰ্থতা, কৰুণ স্মৃতি, সাংসাৰিক দুখ, স্মৃতিকাতৰতা, নিসংগতা আদি তেওঁৰ কবিতাৰ বিষয়বস্তু, কিছুমান কবিতাত আধ্যাত্মিক ভাৱৰ প্ৰকাশো দেখা যায়। শব্দবোৰক "বুকুৰ তেজৰ ওমনিৰে সজীৱ কৰি" কবিতাৰ সৃষ্টিৰে অসমীয়া কাব্য সাহিত্যলৈ অপৰিসীম বৰঙণি আগবঢ়োৱা কবি যতীন্দ্ৰ নাথ দুৱৰাৰ অতীতক যোৱাহে পাহৰি, নাযাবা পাহৰি, শূন্য পৰিচয়, তোমালৈ, সপোনৰ সুৰ, বাটৰুৱা, নাৱৰীয়া আদি জনপ্ৰিয় কবিতাসমূহৰ অন্যতম। সৰল আৰু নিৰলঙ্কাৰ ভাষাৰে কবিতা ৰচনা কৰি প্ৰতীকৰ সহায়েৰে সুন্দৰ ভাৱে উপস্থাপন কৰিব পৰাটো আছিল তেওঁৰ কাব্য ৰচনাৰ যোগাত্মক দিশ।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.