
অসমৰ এখনি প্ৰসিদ্ধ ঠাই - তেজপুৰ
অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত এখন অতি মনোমোহা নগৰ হৈছে তেজপুৰ। এই তেজপুৰ নগৰীত প্ৰবাহিত হৈ আছে মনোৰম লোককাহিনীৰে ভৰপূৰ এক স্বতন্ত্র ইতিহাস তথা সাংস্কৃতিক ঐতিহ্য। হিন্দু ধর্মৰ সপ্ততীৰ্থৰ ভূমি ৰূপে পৰিচিত তেজপুৰ নগৰীৰ এক জীৱন্ত বুৰঞ্জী খোদিত হৈ আছে। তেজপুৰৰ ঐতিহ্য যিদৰে বৈচিত্ৰময়, ঠিক তেনেদৰে ইয়াৰ ইতিহাসো ৰহস্যময়। সমাজ-সংস্কৃতিৰ স্বৰ্ণময় দিশ প্ৰজ্জ্বলিত কৰি প্ৰবাহিত হৈ থকা তেজপুৰে যেন বহু কথা সংগোপনে বুকুত সামৰি অসমভূমিত থিয় হৈ আছে।
তেজপুৰ নগৰৰ ইতিহাসঃ খ্ৰীষ্টীয় অষ্টম-নৱম শতিকাত তেজপুৰ নগৰৰ নাম সম্ভৱতঃ হাৰুপেশ্বৰ, হাটপেশ্বৰ, হড়পেশ্বৰ আদি আছিল বুলি জনা যায়। সপ্তম শতিকাত তেজপুৰ আছিল সমগ্র কামৰূপ ৰাজ্যৰ ৰাজধানী আৰু ইয়াৰ নাম আছিল হাৰূপেশ্বৰ বা হাট্টপেশ্বৰ। বুৰঞ্জীবিদ ড° সূৰ্য কুমাৰ ভূঞাৰ মতে এই অঞ্চলৰ পুৰণি নাম আছিল চামধৰা। মধ্যযুগত তেজপুৰৰ নাম চামধৰা আছিল বুলি বুৰঞ্জীয়েও প্ৰমাণ দাঙি ধৰে।
কিম্বদন্তি অনুসৰি তেজপুৰ আছিল অসুৰ তথা ম্লেচ্ছ ৰজা বানাসুৰৰ ৰাজধানী। প্ৰৱল প্ৰতাপী ৰজা বানাসুৰৰ ঊষা নামৰ এগৰাকী অপূর্ব সুন্দৰী কন্যা আছিল। পিতৃ বান ৰজাই অগ্নিৰ দ্বাৰা পৰিবেষ্টিত অগ্নিগড় নামৰ টিলা এটিত ৰাজকন্যা ঊষাক নিৰাপদে ৰখাৰ ব্যৱস্থা কৰিছিল। এদিনাখন ঊষাই ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ কোঁৱৰক সপোনত দেখি পতিৰূপে বৰণ কৰে। পিছত সখীয়েক চিত্ৰলেখাই মায়াৰ বলেৰে অনিৰুদ্ধক হৰণ কৰি আনে আৰু গন্ধৰ্ব নিয়মমতে ৰাজকন্যা ঊষা আৰু অনিৰুদ্ধ কোঁৱৰ বিবাহপাশত আৱদ্ধ হয়। সেই কথা জানিব পাৰি ৰজা বানে ক্ৰোধান্বিত হৈ অনিৰুদ্ধক অগ্নিগড়ৰ ভিতৰত নাগপাশেৰে বন্দী কৰি থয়। নাতি অনিৰুদ্ধৰ দুৰৱস্থাৰ কথা গম পাই দ্বাৰকাৰ পৰা আহি শ্ৰীকৃষ্ণই বান ৰজাৰ লগত যুদ্ধত নামি পৰে। লগতে ভক্ত বানৰ দুৰ্দশা সহিব নোৱাৰি কৈলাশৰ পৰা শিৱই আহি শ্ৰীকৃষ্ণৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হয়। এয়াই আছিল বিখ্যাত হৰি-হৰ যুদ্ধ। এই যুদ্ধত বহুতো সেনাৰ মৃত্যু হোৱাত তেজৰ নৈ বৈ গৈছিল। সেয়ে এই স্থান শোণিতপুৰ আৰু তেজপুৰ নামেৰে পৰিগণিত হয়।
তেজপুৰৰ উল্লেখযোগ্য পৰ্যটনৰ স্থানসমূহঃ
১) ভৈৰৱী মন্দিৰঃ- তেজপুৰ নগৰীৰ দক্ষিণ-পূৱ কোণত তথা ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত একমাত্র দেৱীপীঠখনেই হৈছে ভৈৰৱী মন্দিৰ। মাইথান হিচাপে জনপ্রিয় ভৈৰৱী দেৱালয়ত প্ৰাগ-ঐতিহাসিক কালত বাণ ৰজাৰ জীয়ৰী ঊষাই নিতৌ পূজা-অৰ্চনা কৰি দেৱীৰ বৰত সপোনত ৰূপহ কোঁৱৰ অনিৰুদ্ধক স্বামী ৰূপে লাভ কৰাৰ লগতে ঊষাৰ সখীয়েক চিত্ৰলেখাই চৌষষ্ঠি বিদ্যাৰ অধিকাৰী হৈছিল।
কিম্বদন্তি অনুসৰি তেজপুৰৰ ভোমোৰাগুৰি পাহাৰত চ্যৱন মুনিৰ আশ্ৰম আছিল। এদিন মুনিয়ে আশ্ৰমত তপস্যা কৰি থাকোঁতে এটি কণমানি নিঠৰুৱা কন্যা সন্তান পাই কন্যকা নাম দি তুলি-তালি ডাঙৰ-দীঘল কৰে। ডাঙৰ হৈ কন্যকাই সদাশিৱক পতিৰূপে পাবলৈ বাঞ্ছা কৰে। কিন্তু শিৱই পাৰ্বতীৰ অনুমতি অবিহনে কন্যকাক বিয়া কৰাবলৈ অমান্তি হ'ল। তেতিয়া পাৰ্বতীয়ে কন্যকাক চকুৰ লোতকেৰে দেহা গলাই শিৱৰ চৰণ স্পৰ্শ কৰিবলৈ নিৰ্দেশ দিলে। সেয়ে কন্যকাই মুক্তকেশী হৈ ভৈৰৱীৰ ৰূপ লৈ চকুৰ লোতকেৰে নদীৰ আকাৰ ধাৰণ কৰিলে। বৰ্তমানৰ ভৰলী নৈ ৰূপে জনাজাত এই নদীৰ আন এটি নাম হৈছে ভট্টৰিকা।
অন্য এটি জনপ্ৰবাদ মতে সতীৰ পদযুগল এই স্থানত পৰাৰ ফলত ভৈৰৱী দেৱালয়ৰ সৃষ্টি হৈছে।
এই মন্দিৰটো কেতিয়া নিৰ্মাণ হৈছিল সেই বিষয়ে নিৰ্ভৰযোগ্য তথ্যৰ অভাৱ যদিও মন্দিৰৰ চৌদিশে সিঁচৰিত হৈ থকা শৈল ভাস্কৰ্যসমূহে মন্দিৰটো শালস্তম্ভ বংশীয় বা তাৰো পূৰ্বে নিৰ্মিত বুলি ইংগিত দিয়ে।
২) মহাভৈৰৱ মন্দিৰঃ- কিম্বদন্তি অনুসৰি ৰজা বানাসুৰৰ দ্বিতীয় কাশী নিৰ্মাণ কৰাৰ নিস্ফল ফলশ্রুতিত এই মন্দিৰৰ জন্ম হৈছিল। মহাভৈৰৱ মন্দিৰৰ শিৱ লিংগ বিশ্বৰ ভিতৰতে সু-উচ্চ তথা সৰ্ববৃহৎ। মন্দিৰৰ মূল শৈলগৃহৰ সন্মুখৰ গৃহটোৰ নাম হৈছে নাট মন্দিৰ।
ইতিহাসবিদসকলে মহাভৈৰৱ মন্দিৰৰ চাৰিওদিশে সিঁচৰিত হৈ থকা শৈল ভগ্নাৱশেষসমূহৰ অৱস্হিতিলৈ চাই এই মন্দিৰ শালস্তম্ভ বংশৰ সময়ত নিৰ্মাণ বা পুনৰ্নিমাণ হৈছিল বুলি মত পোষণ কৰিছে।
৩) দ-পৰ্বতীয়াৰ শৈলদ্বাৰঃ- তেজপুৰ নগৰীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত পশ্চিম দিশত দ-পৰ্বতীয়া নামে গাঁৱত ভাস্কর্য কলাৰ অপূৰ্ব নিদর্শন দ-পৰ্বতীয়াৰ শৈলদ্বাৰ অৱস্থিত। পঞ্চম-ষষ্ঠ শতিকাত শালস্তম্ভীয় বংশৰ নৃপতিয়ে এই শৈল তোৰণখনি নিৰ্মাণ কৰিছিল বুলি জনা যায়। পূৰ্বতে এই স্থানত এটি মন্দিৰ আছিল বুলি জানিব পাৰি। ১৮৯৭ চনত সংঘটিত বৰভূঁইকপৰ ফলত মূল মন্দিৰটো ভাগি পৰাত এই তোৰণখনি ওলাই পৰে। শৈলদ্বাৰখনৰ স্তম্ভ দুটাত গংগা আৰু যমুনাৰ দুটি মূৰ্ত্তি বিদ্যমান হৈ আছে।
দ-পৰ্বতীয়াৰ শৈলদ্বাৰখনিৰ স্তম্ভ দুটাৰ উচ্চতা প্ৰায় ৫ ফুট ৩ ইঞ্চি আৰু প্ৰস্থ ১ ফুট ৪ ইঞ্চি। লগতে শিলচটাৰ দৈৰ্ঘ্য প্ৰায় ৫ ফুট ৯ ইঞ্চি আৰু প্ৰস্থ ১ ফুট ৩ ইঞ্চি। গুপ্ত যুগত নিৰ্মিত দেওগড় মন্দিৰৰ প্ৰৱেশ দ্বাৰৰ সৈতে এই শৈলদ্বাৰখনিৰ সাদৃশ্য আছে।
৪) অগ্নিগড়ঃ- তেজপুৰ নগৰীৰ প্ৰায় মধ্য স্থানত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অৱস্থিত এটি টিলা হৈছে অগ্নিগড়। শোণিতপুৰৰ ৰজা বানাসুৰে কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবলৈ চাৰিওফালে অগ্নি অৰ্থাৎ জুইৰে গড় বান্ধি দিছিল। সেয়ে এই টিলাটোৰ নাম অগ্নিগড়। গৰুড় পুৰাণ অনুসৰি ৰাজকুঁৱৰী ঊষাই সখীয়েক চিত্ৰলেখাৰ সৈতে ইয়াতে নৃত্য-গীত ইত্যাদিৰ প্ৰশিক্ষণ লৈছিল। অগ্নিগড় টিলাৰ পৰা ব্ৰহ্মপুত্ৰৰ নৈৰ দৃষ্টিনন্দন শোভা পৰিলক্ষিত হয়। বৰ্তমান উদ্যান ৰূপে নিৰ্মিত অগ্নিগড়ত ঊষাৰ সখীয়েক চিত্ৰলেখাই সপোন কোঁৱৰক চিত্ৰপটত অংকন কৰা, চিত্ৰলেখাই হৰলুকী মায়াৰে অনিৰুদ্ধ কোঁৱৰক হৰণ কৰি অনা, ঊষা-অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহ, অনিৰুদ্ধক বান ৰজাই নাগপাশেৰে বন্দী কৰি ৰখা, হৰি-হৰ যুদ্ধ আদি বিভিন্ন ভাস্কর্য নিৰ্মাণ কৰা হৈছে।
৫) চিত্ৰলেখা উদ্যানঃ- চিত্ৰলেখা উদ্যান হৈছে তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত এখনি অতি মনোমোহা উদ্যান। ইংৰাজ আমোলৰ এগৰাকী ইংৰাজ জিলাধিপতি কেপ্টেইন এইচ. ডব্লিউ. জি. ক'লৰ স্মৃতিত এই উদ্যানখনি নিৰ্মাণ কৰা হৈছে। সেয়ে এই উদ্যানখনি ক'ল পাৰ্ক নামেৰেও খ্যাত। এই উদ্যানত পূৰ্বৰ হাৰূপেশ্বৰ ৰাজ্যৰ ৰাজধানীৰ শিলাস্তম্ভ, শিলত কটা আঠপহীয়া পদুম ফুল, লাস্য মুদ্ৰাৰ দীঘলীয়া শিল, দশাৱতাৰ মূৰ্ত্তি, লতাৰে শোভিত স্তম্ভ, বুদ্ধ আৰু নাচনীৰ বিহুৰ দৃশ্য, মুৰুলী বজাই বিহু নচাৰ দৃশ্য, বীণা বজাই নচা নাচনী, অন্যান্য লাস্য মুদ্ৰাৰ সৈতে দ্বাৰপাল, ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰৰ মূৰ্ত্তি ইত্যাদি খোদিত হৈ আছে। এইবোৰৰ উপৰিও এই উদ্যানত শিশুৰ খেলা-ধূলাৰ লগতে নৌকা বিহাৰৰ সুবিধা আছে। উদ্যানখনৰ প্ৰাকৃতিক শোভাই সকলোকে মোহিত কৰে।
৬) গণেশ ঘাটঃ- তেজপুৰ নগৰীৰ মাজমজিয়াত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত গণেশ মন্দিৰৰ বাবেই এই স্থানৰ নাম গণেশ ঘাট। এই মন্দিৰত প্ৰকাণ্ড শিলত কটা গণেশৰ মূৰ্ত্তি আছে। মন্দিৰৰ গাতে লাগি থকা টিলাটোত অসংখ্য পুৰণি ভাস্কর্য সিঁচৰিত হৈ আছে। গণেশ ঘাটৰ প্ৰাকৃতিক শোভা অতি মনোৰম।এই গণেশ ঘাটেদিয়েই ইংৰাজসকলে প্ৰথমে তেজপুৰত প্ৰৱেশ কৰিছিল।
৭) বামুণী পাহাৰঃ- তেজপুৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ পূৱে ভৈৰৱী দেৱালয়ৰ কাষত বামুণী পাহাৰ অৱস্থিত। বামুণী পাহাৰত বিদ্যমান হৈ থকা শৈল ভাস্কৰ্যসমূহৰ অৱয়বলৈ চাই এইসমূহ শালস্তম্ভ ৰাজবংশৰ সময়ৰ মন্দিৰ আছিল বুলি একাংশ পণ্ডিতে মতপোষণ কৰিছে।
জনশ্ৰুতি অনুসৰি এই ঠাইত শোণিতপুৰৰ ৰজা বানাসুৰে নিৰ্মাণ কৰা ৭ টা সুন্দৰ মন্দিৰ আছিল। কিন্তু কালৰ সোঁতত মন্দিৰসমূহ ধ্বংসস্তূপত পৰিণত হোৱাত ভগ্নাৱশেষসমূহ সিঁচৰিত হৈ আছে। ইয়াত থকা ভাস্কর্যসমূহৰ ভিতৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, প্ৰকাণ্ড শিলাস্তম্ভত কটা দশাৱতাৰ মূৰ্ত্তিৰ দুয়োকাষে লতাৰে শোভিত নৰসিংহৰ হিৰণ্যকশিপু বধৰ শিলামূৰ্ত্তি, অপ্সৰাৰ মূৰ্ত্তি, গজব্যাল ব্ৰহ্মাৰ মূৰ্ত্তি, বিভিন্ন লাস্য মুদ্ৰাৰ মূৰ্ত্তি, নান্দীমুখ ইত্যাদি প্ৰধান।
কিম্বদন্তি অনুসৰি ৰজা বানাসুৰৰ পিতৃ বলিয়ে দেৱলোক আক্ৰমণ কৰি অধিকাৰ কৰাৰ পিচত এটি যজ্ঞৰ আয়োজন কৰিছিল। মহাদানী বলিক ছলনা কৰিবলৈ তেতিয়া বিষ্ণুয়ে বামণৰ ৰূপ ধাৰণ কৰি যজ্ঞভূমিলৈ আহি মাত্ৰ তিনি খোজ ভূমিৰ বিনিময়ত স্বৰ্গ আৰু পৃথিৱী অধিকাৰ কৰাৰ উপৰি তেওঁক পাতালপুৰীলৈ ঠেলি পঠিয়াইছিল। বামণে ৰজা বলিক ছলনা কৰা ভূ-খণ্ডই বামুণী পাহাৰ ৰূপে খ্যাত।
আন এক লোকপ্ৰবাদ অনুসৰি বামুণী পাহাৰ আছিল ৰাজকুঁৱৰী ঊষাৰ আৱাসস্থলী। ইয়াৰ পৰাই ঊষাই নিতৌ ওচৰতে থকা ভৈৰৱী মন্দিৰলৈ উপাসনাৰ উদ্দেশ্যে গৈছিল। ইয়াত থকা দীঘল আকৃতিৰ শিলসমূহ বান ৰজাৰ জীয়ৰী ঊষাৰ তাঁতশালৰ টোলোঠা, দোৰপতি আদি আছিল বুলি জনা যায়।
৮) নৰবলি বা বান্দৰদেৱা পাহাৰঃ- ভৈৰৱী দেৱালয়ৰ পূৱে নৰবলি পাহাৰ অৱস্থিত। পূৰ্বতে এই স্থানত নৰ বলি আৰু পিছলৈ বান্দৰ বলি দিয়া হৈছিল। সেয়ে এই পাহাৰৰ নাম নৰবলি বা বান্দৰদেৱা পাহাৰ। এই পাহাৰত বহু পুৰণি ভাস্কর্য সিঁচৰিত হৈ আছে।
৯) কনকলতা উদ্যানঃ- তেজপুৰ চহৰৰ দক্ষিণে ধেনুখনা ঔগুৰি পাহাৰৰ ওপৰত প্ৰাকৃতিকভাৱে থকা শিলাখণ্ডসমূহক লৈ কনকলতা উদ্যান নিৰ্মাণ কৰা হৈছে। ১৯৪২ চনত শোণিতপুৰ জিলাৰ গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলিত আত্মাহুতি দিয়া ১৪ বছৰীয়া কিশোৰী কনকলতা বৰুৱাৰ স্মৃতিত এই উদ্যানখনৰ নামকৰণ কৰা হৈছে। এই উদ্যানত শ্বহীদ কনকলতাৰ এটি সুবৃহৎ মূৰ্ত্তি নিৰ্মাণ কৰা হৈছে। ইংৰাজৰ যুগত এই পাহাৰক "টাইগাৰ হিল" বুলিছিল। কনকলতা উদ্যানৰ পৰা সমগ্র তেজপুৰ চহৰৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰিব পাৰি। ১০) ৰুদ্ৰপদঃ- তেজপুৰ নগৰৰ পশ্চিমে প্ৰায় ৪ কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ দাঁতিত ৰুদ্ৰপদ দেৱালয় অৱস্থিত। এই দেৱালয়ত ৰুদ্ৰ অৰ্থাৎ শিৱৰ এখন পদ অৰ্থাৎ ভৰিৰ চিহ্ন আছে। হৰি-হৰ যুদ্ধত শিৱই এখন ভৰি এই স্থানত ৰাখিছিল বুলি প্ৰবাদ আছে।
১১) ভৈৰৱপদঃ- কলীয়াভোমোৰা সেঁতুৰ ওচৰত ভোমোৰাগুৰি অঞ্চলত ভৈৰৱ পদ অৱস্থিত। এই অঞ্চলত শিৱৰ ভৰিৰ খোজ আছে বুলি প্ৰবাদ আছে। শিৱৰ আন এটা নাম ভৈৰৱ। শিৱৰ পদ থকা বাবে ভৈৰৱ পদ বুলি কোৱা হয়। হৰি-হৰ যুদ্ধত শিৱই এখন ভৰি এই স্থানত দিছিল বুলি জনা যায়। ইয়াত থকা মন্দিৰটোৰ নাম কন্যাশ্ৰম। কথিত আছে যে বান ৰজাই তপস্যাৰ অন্তত এই স্থানতে প্ৰথম শিৱৰ দৰ্শন লাভ কৰে। ১৭০৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই মন্দিৰটো নিৰ্মাণ কৰিছিল যদিও পিছলৈ মন্দিৰটো ধ্বংস হৈ যায়।
১২) গুপ্তেশ্বৰ দেৱালয়ঃ- তেজপুৰ নগৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত গুপ্তেশ্বৰ দেৱালয় বা শিঙৰী মন্দিৰ অৱস্থিত। কিম্বদন্তি অনুসৰি বান ৰজাই এই স্থানত সদাশিৱক তপস্যা কৰি মহাবলী তথা মহাপ্ৰতাপী হৈ পৰিছিল। আহোম স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰি উলিয়ায়। এই মন্দিৰৰ ভিতৰৰ গহ্বৰ বৰ গভীৰ। এই গহ্বৰৰ সৈতে ব্ৰহ্মপুত্ৰ নদীৰ সংযোগ আছিল বুলি কোৱা হয়৷ এই মন্দিৰৰ শিৱলিংগ পানীৰ তলত গুপ্ত হৈ থকা বাবে মন্দিৰটোক গুপ্তেশ্বৰ মন্দিৰ নামেৰে নামকৰণ কৰা হয়৷
আন এক প্ৰবাদ অনুসৰি শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাৰ কপিলী গাই এজনীয়ে নিশা ব্ৰহ্মপুত্ৰ পাৰ হৈ এই গুপ্তেশ্বৰ শিৱৰ দেৱালয়ত শিৱক গাখীৰেৰে ধুৱাই পুনৰ ঘূৰি গৈছিল। পিছত কুসুম্বৰ ভূঞা আৰু পত্নী সত্যসন্ধ্যাই এই দেৱালয়ত শিৱক আৰাধনা কৰি এটি পুত্ৰ সন্তান লাভ কৰে। এই পুত্র সন্তানটিয়েই হৈছে শংকৰদেৱ। শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্র কন্দলীয়ে এই শিঙৰী দেৱালয়ৰ প্ৰাংগনতে ছাত্ৰশাল বা টোল স্থাপন কৰি ছাত্ৰসকলক শিক্ষাদান কৰিছিল বুলি জনা যায়।
১৩) নাগশংকৰ দেৱালয়ঃ- তেজপুৰ চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ পূৱে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নাগশংকৰ দেৱালয় অৱস্থিত। এইটো এটা শিৱ মন্দিৰ। খ্ৰীষ্টীয় চতুৰ্থ শতিকাত সাৰশংকৰ বা নগাক্ষ নামৰ এগৰাকী ৰজাই এই দেৱালয় নিৰ্মাণ কৰিছিল। ইয়াত থকা বৃহৎ পুখুৰীটোত অসংখ্য কাছ আছে।
১৪) গুপ্ত কাশী বিশ্বনাথঃ- তেজপুৰ নগৰৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ পাৰত বিশ্বনাথ ক্ষেত্র অৱস্থিত। শোণিতপুৰৰ ৰজা বানাসুৰে বিশ্বনাথত দ্বিতীয় কাশী নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰিছিল বাবে এই স্থান বান কাশী বা বান গুপ্ত কাশী হিচাপেও জনাজাত। আহোম স্বৰ্গদেউ গদাধৰ সিংহই এই দেৱালয় নিৰ্মাণ কৰি পুৰোহিতক ৯৯৯০ পুৰা মাটি দান কৰিছিল। বিশ্বনাথ ঘাটৰ কেইখনমান উল্লেখযোগ্য দেৱালয় হৈছে উমা-টুমুনী, বৰলা শিল, কাল-ভৈৰৱ, চণ্ডী মন্দিৰ, সূৰ্য মন্দিৰ ইত্যাদি।
১৫) হলেশ্বৰ দেৱালয়ঃ- তেজপুৰ নগৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ আঁতৰত ৫২ নং ষ্ট্ৰীয় ঘাইপথৰ কাষত হলেশ্বৰ দেৱালয় অৱস্থিত। শালস্তম্ভ বংশৰ উপাস্য দেৱতা আছিল হলেশ্বৰ, হাট্টপেশ্বৰ, হাড়পেশ্বৰ, হাৰুপেশ্বৰ আদি। ড° বাণীকান্ত কাকতিৰ মতে শালস্তম্ভ বংশৰ ৰাজধানীৰ এই মূল মন্দিৰৰ মূৰ্ত্তিটো সোণেৰে নিৰ্মিত আছিল।
১৬) জ্যোতি ভাৰতী বা পকীঃ- তেজপুৰ নগৰৰ মাজমজিয়াত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ পৈত্রিক আৱাসগৃহ পকী অৱস্থিত। ১৮৭৬ চনত জ্যোতিপ্রসাদ আগৰৱালাৰ ককাক হৰিবিলাস আগৰৱালাদেৱে এই পকী নিৰ্মাণ কৰিছিল। সেই সময়ৰ প্ৰথমটো পকা ঘৰ আছিল বাবে ইয়াক পকী বুলি কোৱা হয়। পিছলৈ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে ইয়াক জ্যোতি ভাৰতী ৰূপে নামকৰণ কৰে। ৰাজস্থানী আৰু আহোম শৈলীৰ সূক্ষ্ম কাৰু-কাৰ্যৰে নিৰ্মাণ কৰি উলিওৱা পকীয়ে সাংস্কৃতিক চহৰ তেজপুৰৰ স্বৰ্ণিল গৌৰৱগাঁথা সোঁৱৰণ কৰি আছে। ডেৰশ বছৰ গৰকা প্ৰাচীন ভৱন পকী হৈছে অসমীয়া জাতীয় জীৱনৰ বহু স্মৰণীয় অধ্যায় তথা অসমৰ ইতিহাসৰ এছোৱা বৰ্ণিল সময়ৰ জীৱন্ত সাক্ষী। ১৯২১ আৰু ১৯৩৪ চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে এই পকীতে আছিল। পকীত জ্যোতিপ্রসাদ আগৰৱালাদেৱে ব্যৱহাৰ কৰা বয়-বস্তু, সাজ-পাৰ, আচবাব, পুৰণি গ্ৰামোফ’ন ৰেকৰ্ড, বহু বাদ্য-যন্ত্ৰ, বিভিন্ন ব্যক্তিলৈ লিখা চিঠি, তেওঁৰ হাতৰ আখৰৰ লগতে বিখ্যাত আগৰৱালা পৰিয়ালৰ বহু স্মৃতি নিবিড়ভাৱে জড়িত হৈ আছে। ইয়াৰ উপৰি পকীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সা-সৰঞ্জাম, পোছাক-পৰিচ্ছদ, আচবাব আৰু মহাত্মা গান্ধীয়ে অসমলৈ আহোঁতে ব্যৱহাৰ কৰা শোৱাপাটীখন সযতনে সংৰক্ষণ কৰি থোৱা আছে।
১৭) বিষ্ণু ৰাভাৰ সমাধিক্ষেত্রঃ- ১৯৬৯ চনৰ ২০ জুনত ইহলীলা সম্বৰণ কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা স্থানটোৱেই হৈছে বিষ্ণু ৰাভাৰ সমাধিক্ষেত্র। ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই স্থানত বিভিন্ন সুন্দৰ মূৰ্ত্তি স্থাপন কৰি এখনি আটকধুনীয়া উদ্যান নিৰ্মাণ কৰা হৈছে।
এইসমূহৰ উপৰি তেজপুৰ নগৰত মঠ-মন্দিৰ, বৈষ্ণৱ সত্ৰ-থান, স্থাপত্য কলাৰ লগতে বিভিন্ন ধর্মাৱলম্বী লোকৰ ধৰ্মীয় অনুষ্ঠান অৱস্থিত। ইয়াৰ উপৰি সাংস্কৃতিক নগৰী ৰূপে পৰিগণিত তেজপুৰ চহৰত চৰকাৰী-বেচৰকাৰী ভিন ভিন সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান স্থাপন কৰা হৈছে।
ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা, লোকনায়ক অমিয় কুমাৰ দাস, কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা, দণ্ডিনাথ কলিতা ইত্যাদি অসংখ্য মহান মনীষীৰ মহীয়ান ব্যক্তিত্বৰে জীপাল তেজপুৰৰ ঐতিহ্য তথা সৃষ্টিৰাজিৰ তুলনা নাই। শান্তি-সম্প্ৰীতি তথা প্ৰগতিৰ চিৰপ্ৰবাহমান মানৱীয়তাৰ সমন্বয় সংস্কৃতিৰ ফল্গুধাৰা হৈ বৈচিত্ৰময় ইতিহাস সোঁৱৰা তেজপুৰৰ প্ৰবাহ চিৰদিন প্ৰবাহিত হৈ থাকিব। সুধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱে তেজপুৰৰ প্ৰেমত বন্দী হৈ "মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ" বুলি গীতৰ জৰিয়তে কৈ গৈছে।
ইতিহাস প্ৰসিদ্ধ নগৰ তেজপুৰৰ অপৰূপ সৌন্দর্যত মোহিত হৈ মহাত্মা গান্ধীয়ে গণেশ ঘাটত বহি এইদৰে অনুভৱ প্ৰকাশ কৰি গৈছে - "লণ্ডনৰ টেমচ্ নদীৰ বুকুৰ বৰ্ণোজ্জ্বল দৃশ্য মই দেখিছোঁ, কিন্তু প্ৰচুৰ সৌন্দর্যৰে বিভূষিত এই ব্ৰহ্মপুত্ৰৰ লগত তাৰ তুলনা নহয়। ইয়াত অধিক মনোৰম দৃশ্য আন কৰবাত দেখা পোৱা মোৰ মনত নপৰে।"
পৰিশিষ্ট
১. ভৈৰৱী মন্দিৰ -
২. মহাভৈৰৱ মন্দিৰ –
৩. দ-পৰ্বতীয়াৰ শৈলদ্বাৰ
৪. অগ্নিগড় –
৫. চিত্ৰলেখা উদ্যান –
৬. গণেশ ঘাট –