27 July, Sat 2024
support@thecriticalscript.com
Blog image

হেংদাং আহোমসকলৰ পৰম্পৰাগত এবিধ অস্ত্ৰ

29 Nov,2023 06:19 PM, by: Ankita Gogoi
1 minute read Total views: 1872
7 Likes 3.0

হেংদাং হল আহোমসকলৰ পৰম্পৰাগত এবিধ অস্ত্ৰ। আহোম সকলৰ মতে হেংদাং অকল যুদ্ধৰ অস্ত্ৰই নহয়, ই বশ্যতা স্বীকাৰ কৰোৱাত, ৰাজকাৰ্য চলোৱাত, কৰ-কাটল আদি আদায় কৰাত দিগ্বিজয় কৰাত সাৰথি হোৱা এবিধ আপুৰুগীয়া আহিলা। হেংদাং টাই-আহোম ভাষাৰ শব্দ।আহোমৰ চকলং অৰ্থাৎ বিবাহ কাৰ্যত, ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ হাতত আৰু কঁকালৰ খাপত, অন্যান্য মাংগলিক অনুষ্ঠানত, ৰজা শিঙৰি ঘৰত উঠোতে আৰু শিঙৰি ঘৰত উঠাৰ আগত মাহচেৰেক সময়ৰ বাবে নিজৰ আত্মসংযমৰ পৰীক্ষা লোৱাৰ কালত হেংদানেই আছিল সবাতোকৈ গুৰুত্বপূৰ্ণ হাথিয়াৰ।

আহোমৰ হেংদাং সাতটা ধাতুৰে গঢ় দিয়া হয় আৰু চুক ভেকুলী ধৰি কুমলীয়া বাহৰ চুঙাত খুন্দিয়াই ভৰাই তিনিমাহ দিন ৰখাৰ পিছত তাৰ পৰা ওলোৱা ৰসৰ প্ৰলেপ দি বিহৰ সংমিশ্ৰন কৰা হয়। পৰৱৰ্তী সময়ত এই হেংদানৰ এটা এটা আঘাতে বা আঁচোৰে বৰ্তমান যুগৰ চেপ্টিকৰ দৰে ৰোগৰ সৃষ্টি কৰিব পাৰে। এনে ধৰণৰ অসাধাৰণ গুণৰ বাবেই কোৱা হৈছিল। দেও_লগা_হেংদাং ফেঁটি সাপৰ বিহ, জেঠী, ভেলুৱা গুটিৰ চূর্ণ, আকণ আঠা, বান্দৰ কেঁকোৰা, চুৰত পাত ইত্যাদি খুন্দিও চুঙাত ভৰাই থৈ হেংদাং, যাঠী আদি যুদ্ধাস্ত্রত প্রলেপ সানিছিল বুলি বুঢ়া লোকে কয়।উল্লেখ্য যে হেংদাং যদি এবাৰ খাপৰ পৰা বাজ ওলাই, তেন্তে কাকো আঘাট নকৰাকৈ বা ৰক্ত ক্ষৰণ নকৰাকৈ পুনৰ খাপৰ ভিতৰত সুমুৱাই থোৱা নিয়ম নাছিল, সেয়ে নিজৰ গাৰ তেজ হ'লেও হেংদাঙত লগাইহে পুনৰ খাপত ভৰাইছিল বুলি কথিত আছে।

আহোম যুগৰ হেংদাংৰ কেইটামান প্ৰকাৰ এনেধৰণৰ-

দেও হেংদান, মন্ত্ৰপুত হেংদাং, হাত হেংদাং, তৰোৱাল, মুঠি তৰোৱাল, লাঠী তৰোৱাল, কালিকা লগা তৰোৱাল, বিজুলী তৰোৱাল, খাপৰি তৰোৱাল, মৰাণ তৰোৱাল, ৰা তৰোৱাল, বৰাহী তৰোৱাল, দুমুখীয়া তৰোৱাল, গুপ্তি তৰোৱাল, বিহ তৰোৱাল, জুই তৰোৱাল, জোং তৰোৱাল আৰু দুতৰপীয়া তৰোৱাল।

আনহাতে, একো একোখন হেংদাংৰ অৱয়ৱ অৰ্থাৎ আকৃতি-প্ৰকৃতিলৈ লক্ষ্য কৰি ইবোৰে বিভিন্ন নাম পাইছিল। তেনে নামবোৰ হল- খাড়া, তেঁগা, অশ্বৌ, জুনৰবি, কম্প্ৰাই, ধ্ৰুৱ আৰু কৃচ। হেংদানবোৰৰ কোনোখন দীঘল আৰু পোন, কোনোখন আগফালে জোঙা আৰু তীক্ষ্ণ ধাৰ থকা, কোনোখন হাতৰ মুঠিত আপোনা-আপুনি নুৰ খাই থকা।

ওপৰত উল্লেখ কৰা খাড়া নামৰ হেংদাংবিধ দেখাত দীঘল, পোন, আগফালে ক্ৰমে জোঙা আৰু দুয়োফালে তীক্ষ্ণ ধাৰ থকা। তেঁগা নামৰ হেংদাংবিধ দীঘল আৰু মেচ থকা, আগফালটো জোঙা আৰু দুয়োফালে ধাৰযুক্ত। এইবিধ হেংদাংৰ আন এটা বৈশিষ্ট্য হল ইয়াৰ গাদিৰ ফালে আগলৈ এটা অংশতহে ধাৰ থাকে। অশ্বৌ নামৰ হেংদাংবিধ হাতৰ মুঠিত নুৰ খাই থকা তীক্ষ্ণ ধাৰযুক্ত। এইবিধ হেংদাং চলাব পৰা লোকজন বিশেষভাৱে পাৰদৰ্শী আছিল।

হেংদাং খান খাম্ ফা ফা (আদি হেংদাং): খুন-লুং খুন-লাইক শাসন কৰিবলৈ মুঙফিৰ পৰা নমাই পঠাওঁতে লেং-দনে এখন হেংদাং প্ৰদান কৰিছিল।য়াচিংফাই হেংদাং ৰাজসভাৰ ফ-কাম্ খুঁটাত বান্ধি ৰাখিবলৈ তেওঁলোকক উপদেশ দিছিল।

হেংদাং তাও ছেং আৰু হেংদাংলা চাৎ (ৰাজদণ্ড হেংদাং বা মূল আহোম হেংদাং আৰু চিকাৰী হেংদাং): চাও-লুং চ্যু-কা-ফা মু'ঙ দ'ন চ'ন খাম অভিমুখে ৰাওনা হওঁতে এনায়েকে তেখেতক দুখন, চাও থাও লুং আৰু চাও ফ্ৰুঙ মুঙক দুখন আৰু পাঁচজন হাতীমূৰীয়াক পাঁচখন হেং-দান্ দিছিল। ছ্যু-কা-ফাক দিয়া প্ৰথমখন হেং-দান্ টোক টোকালে মাছ, পহু, চৰাই আদি মৰে আৰু দ্বিতীয়খন হেংদাং যি দেশলৈ দাঙে, সেই দেশে বশ্যতা স্বীকাৰ কৰে। প্ৰথমখন হেংদাং লা-চাৎ আৰু দ্বিতীয়খন হেং-দান্ তাও-ছেং হিচাবে জনাজাত। গোহাঁই দুজনে অনা দুখনক হেংদাং কুন-হাই আৰু হাতীমূৰীয়া কেইজনে অনা কেইখনক হেং-দান্ ৰু-চাৎ বুলি কোৱা হয়।

হেংদাং থৎ-নাপ্ (খোলা হেংদাং): ৰাজ অভিষেকৰ দিনা স্বৰ্গদেউ সকলে হাতত খোলা হেংদাং লৈ হাতীত উঠি চৰাইদেউলৈ গৈছিল। এইখনক হেংদাং থৎ-নাপ বোলা হয়।

হেংদাং থিন্ (সিংহাসনৰ হেংদাং): চাওঁফাট সাত খলপীয়া ৰাজ আসন ঠি ৰুণ খামত ঠাকে ঠাকে সোণৰ নালেৰে বিবিধ বাখৰ খজা নাল আৰু মুঠিত বাখৰ পতা হেংদাং ৰাখিছিল। এই হেংদাংবোৰক হেংদাং থিন্ কৈছিল।

হেংদাংলুক্ (গুপুত হেংদাং): চাওফাসকলৰ আত্ম ৰক্ষাৰ অৰ্থে নিজৰ লগত এখন সৰু হেংদাং গুপুতে ৰখা হৈছিল। এইখনক হেংদাং লুক্ বোলা হৈছিল। গুৱাহাটীৰ যাদু ঘৰত এনেকুৱা এবিধ হেং-দান্ সংৰক্ষিত আছে।

হেংদাং ময়্-দাম্ (মৈদাম হেংদাং): স্বৰ্গদেউ সকলৰ মৈদাম দিয়াৰ সময়ত সোণৰ হীৰা বাখৰ কৰোৱা ফাক সহ হেংদাং কাষত ৰখা হৈছিল। এইবিধ হ'ল হেংদাং ময়-দাম্।

হেংদাং চাও-চেঙ (ধৰ্মীয় হেংদাং): পূজা আদিত অন্যান্য প্ৰাণী পাৎ কৰোঁতে যি হেংদাং ব্যৱহাৰ কৰা হ'য় সেইখনেই হ'ল হেংদাং চাও-ছেঙ।

হেংদাং আন্-চাই-কান্ ( উপহাৰ হেং-দান্): স্বৰ্গদেউ চ্যু-হ্যুণ-মু'ঙে কছাৰী ৰাজ্য দেত্ চনক এখন হেংদাং, এটা সোণালী হিলৈ আৰু বহুতো বস্তু উপহাৰ দিছিল। পাছৰ স্বৰ্গদেউসকলে বহু সময়ত বহু মিত্ৰ ৰজাক হেংদাং উপহাৰ দিছিল। এই হেংদাং'ক হেংদাং আন্-চাই-কান্ কোৱা হয়।

হেংদাং ক্কাং আৰু হেংদাং উ (বেঁকা আৰু পোন হেং-দান্): বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰ দেৱৰ মতে হেংদান্ এবিধ মুঠি থকা দীঘল নালৰ আগখঁৰা দা। ই আহোমৰ নিজৰ অস্ত্ৰ। উল্লেখযোগ্য যে ইয়াক আহোম সেনাপতি সকলৰ বাহিৰে অন্যে ব্যৱহাৰ নকৰিছিল।


তথ্য সংগৃহীত

 


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

1 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.