25 April, Sat 2026
support@thecriticalscript.com
Blog image

গৰমৰ দিনত শৰীৰৰ ঠাণ্ডা ৰাখিবলৈ কি কি খাব লাগে জানি লওক!

24 Apr,2026 05:23 PM, by: Ankita Gogoi
1 minute read Total views: 27
0 Like 0.0

গৰমৰ দিনত ই‌ আমাৰ দৈনন্দিন জীৱনত বহু প্ৰভাৱ পেলায়। কেৱল ফেন বা AC নহয়, আমি কি খাওঁ তাৰ ওপৰতো আমাৰ শৰীৰ কিমান ঠাণ্ডা থাকিব সেয়া নিৰ্ভৰ কৰে। সঠিক খাদ্য বাছনি কৰিলে শৰীৰ ঠাণ্ডা থাকে, পানীৰ অভাৱ নহয় আৰু শক্তিও বজাই ৰাখিব পাৰি। আহক, গৰমত সহায় কৰা কিছুমান খাদ্যৰ বিষয়ে জানো।

দৈ 

গৰমৰ দিনত দৈ বহু উপকাৰী। পেট ঠাণ্ডা কৰি ৰাখিবলৈ আপুনি দৈ খাব পাৰে।দৈত ছ'ডিয়াম, পটাছিয়াম, আঁহ, কেলচিয়াম, আইৰণ আৰু ভিটামিন-ডিৰ দৰে পুষ্টি থাকে। দৈ খোৱাৰ ফলত পাকস্থলী ঠাণ্ডা হোৱাৰ লগতে হাড় শক্তিশালী হয়। ই আমাৰ হজম শক্তিও উন্নত কৰে আৰু শৰীৰটোক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

তৰমুজ 

তৰমুজ গৰমৰ দিনত আটাইতকৈ উপকাৰী ফলসমূহৰ বিধত এটা। ই পানী, এন্টিঅক্সিডেন্ট আৰু ভিটামিন A আৰু Cৰে সমৃদ্ধ, যাৰ বাবে দেহত পানীৰ অভাৱ নোহোৱা ৰাখে আৰু হজমতো সহায় কৰে। আপুনি ইয়াক ৰাতিপুৱাও খাব পাৰিব অথবা ইয়াৰ ৰস বনাইয়ো খাব পাৰিব।

ডাবৰ পানী: শৰীৰৰ ভিতৰৰ পৰা ঠাণ্ডা কৰিবলৈ আৰু ডিহাইড্ৰেচন দূৰ কৰিবলৈ ডাবৰ পানী আটাইতকৈ বিশ্বাসযোগ্য পানীয়।

তিয়ঁহ 

গ্ৰীষ্মকালত তিয়ঁহ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ই শৰীৰক শীতল আৰু হাইড্ৰেটেড কৰি ৰাখে। 

পুদিনা 

গ্ৰীষ্মকালত পুদিনা খোৱাটোও শৰীৰৰ বাবে খুব লাভজনক। পুদিনাৰ প্ৰভাৱ শৰীৰত ঠাণ্ডা। সেয়েহে ই পেটৰ তাপ আঁতৰ কৰাত সহায় কৰে। পুদিনাই বদহজম, গেছ আৰু পেটৰ সমস্যাৰ পৰাও সকাহ দিয়ে।

নেমুৰ ৰস

তৰল আৰু ইলেক্ট্ৰলাইট পূৰণ কৰাত সহায় কৰে, যাৰ ফলত গৰমৰ দিনত ইয়াক এক উৎকৃষ্ট বিকল্প হিচাপে বিবেচনা কৰা হয়। নেমুৰ ৰসে হজমত সহায় কৰে, ফুলা হ্ৰাস কৰে আৰু বদহজম আৰু বুকু জ্বলাৰ লক্ষণবোৰ হ্ৰাস কৰে।

লাউ / জুকিনি

এইবোৰ কম কেল’ৰিযুক্ত আৰু পানীত ভৰপূৰ সব্জী, যিয়ে পচন প্ৰক্ৰিয়াত সহায় কৰে আৰু দেহত পানীৰ অভাৱ পূৰণ কৰে। এইবোৰক মছলা দি হালকা ভাৱে ৰান্ধি খাব পাৰে বা গৰমৰ দিনত ঠাণ্ডা প্ৰদান কৰা খাদ্য হিচাপে কাৰীত ব্যৱহাৰ কৰিব পাৰে।

জিকা

জিকাত পানী আৰু আঁহ (fiber) প্ৰচুৰ পৰিমাণে থাকে, যি গৰমত পেট ঠাণ্ডা ৰাখে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.