21 January, Tue 2025
support@thecriticalscript.com
Blog image

২০২২ ত গঢ়ি তুলিব পৰা কেইটামান কাৰ্যদক্ষতা

13 Jan,2022 04:52 PM, by: Jyoti Rekha Kalita
1 minute read Total views: 716
1 Likes 0.0

আমি সকলোৱে জানো, দক্ষজনেহে জীৱনত আগবাঢ়ি যায়। যিয়ে নতুন যোগৰ সৈতে মিলি যাব পৰাকৈ যোগ্যতা অৰ্জন কৰিব পাৰিছে, সেইজনেহে সফলতাৰ শীৰ্ষ চুব পাৰিছে। সফলতা যিহেতু এদিনতে অহা বস্তু নহয়, গতিকে নিতে নতুন কৌশল শিকি নতুনকৈ পদক্ষেপ ল’ব পাৰিব লাগিব। একৈশ শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সকলোৱে ব্যৱহাৰ কৰা মাধ্যমটো হৈছে ইন্টাৰনেট। আৰু একমাত্ৰ এই মাধ্যমৰ জৰিয়তে সমগ্ৰ বিশ্বতে মানুহে কোটি কোটি টকাৰ ব্যৱসায় কৰি আছে। ইন্টাৰনেট এটা আশ্বৰ্য্যতকৈ কম নহয়। ব্যৱসায়, নতুন কৌশল অথবা নতুন শিক্ষালাভৰ বাবেই হওঁক, ইন্টাৰনেট হৈছে আটাইতকৈ লাভজনক মাধ্যম আজিৰ দিনত। সেই বিষয়েই এটি পৰ্যালোচনা আজি কৰিব লৈছো। পিছে অফলাইন যোগেও এই বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰি।

১) সুদক্ষ বিক্ৰেতা- যিকোনো বস্তু যিকোনো মানুহক বিকিব পৰাটো এটা বৰ ডাঙৰ আৰু লাভদায়ক গুণ। বিক্ৰী কৰা নিয়ম অতি কমেও হাজাৰ বছৰ পুৰণি। ইন্টাৰনেটত আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চৰ সহায়ত এই বৃত্তি আৰু সহজ হৈ পৰিল। গ্ৰাহকৰ সৈতে এটা সম্পৰ্ক ৰচনা কৰিব পাৰিলে আৰু ভাল। অভিজ্ঞতাৰ আধাৰত এজন বিক্ৰেতা আৰু দক্ষ হৈ পৰে।

২) সম্পৰ্ক গঢ়া আৰু নেটৱৰ্কিং- নতুন বছৰত শিকিব লগীয়া এটা গুৰু্ত্বপূৰ্ণ কৌশল। সম্পৰ্ক গঢ়া আৰু নেটৱৰ্কিং এটা কলা, যিয়ে আয়ত্ব কৰিব পাৰে, তেওঁক জীৱন পথত আগুৱাই যোৱাত হয়তো কোনেও ৰখাব নোৱাৰে। বিভিন্ন সময়ত নেটৱৰ্কিঙে মানুহৰ বহুতো কাম সহজ কৰি তোলে।

৩) কোডিং- কোডিং যে উল্লেখনীয় শিকিব লগীয়া বিষয়, তাত কোনো সন্দেহ নাই। প্ৰযুক্তিগত অৰ্থনীতিত ডেভেলপাৰ সকলৰ গুৰুত্ব অতি বেছি। আৰু ভাল লগা কথাটো হল কোডিং সকলোৱে শিকিব পাৰে, ইয়াৰ বাবে কোনো ধৰণৰ কম্পিউটাৰ ছায়েঞ্চৰ ডিগ্ৰীৰ প্ৰয়োজন নহয়। অনলাইনযোগে শিকিব পৰা সুবিধাও আছে কোডিঙৰ ক্ষেত্ৰত।

৪) কন্টেন্ট বা কপি ৰাইটিং- যদি কোনোৱে লিখি ভাল পায়, তেনেহলে এইটো এটা উত্তম উপায় কাম কৰাৰ লগতে টকা অৰ্জন কৰা। কপি ৰাইটিং হৈছে শব্দৰ ব্যৱহাৰ কৰি যিকোনো বস্তু বিক্ৰী কৰা। সঠিক শব্দৰ প্ৰয়োগে মানুহৰ মনত যথেষ্ট সাঁচ বহুৱাব পাৰে, গতিকে নতুন বছৰত এই কৌশল শিকাৰ ওপৰত নিশ্চয় গুৰুত্ব দিব পাৰে যদিহে আপুনিও লিকি ভাল পায়।

৫) ক্লাউড কম্পিউটিং- ইন্টাৰনেটত হোষ্ট কৰা ৰিমট চাৰ্ভাৰৰ নেটবৰ্ক ব্যৱহাৰ কৰি ষ্টোৰ কৰা, মেনেজ কৰা, ডাটা প্ৰচেছ কৰা ইত্যাদিবোৰ কৰা হয় ক্লাউড পদ্ধতিৰ জৰিয়তে। ফোনৰ বা কম্পিউটাৰৰ ঠাই ব্যৱহাৰ নকৰি ক্লাউডত থোৱা হয়। এইটো এটি শক্তিশালী আৰু খৰচী বিষয়। কিন্তু নতুন যুগত ইয়াৰ প্ৰভাৱ খুব বেছি।

উপৰোক্ত বিষয়কেইটাৰ উপৰিও আৰু বহু ধৰণৰ এনে বিষয়বস্তু আছে যাৰ দ্বাৰা সকলো লাভাম্বিত হব পাৰে। এইয়া নৱজাগৰণৰ সময়। সমগ্ৰ বিশ্ব এতিয়া নতুন নতুন পদ্ধতি আৰু প্ৰযুক্তিৰ গৰাহত। গতিকে এইসকলোবোৰৰ সৈতে যিসকলে নিজকে আগুৱাই নিবলৈ সক্ষম হৈছে, তেওঁ নিশ্চয়কৈ এজন সফল ব্যক্তি। যদিহে আপুনিও আগ্ৰহী, তেনেহলে অনতিপলমে যিকোনো এটি সময়োপযোগী বৃত্তি বাছনি কৰি লোৱাত আপত্তি কত, নহয়নে বাৰু? এই বৃত্তিসমূহে আপোনাৰ গুৰুত্ব আৰু উপাৰ্জন বঢ়াই তুলিব। 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.