18 October, Fri 2024
support@thecriticalscript.com
Blog image

এই পৰ্যন্ত কোনো সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ! পুৱাৰে পৰা ব্ৰহ্মপুত্ৰত NDRF-SDRFৰ অভিযান

23 Jul,2024 06:04 PM, by: Ankita Gogoi
1 minute read Total views: 145
0 Like 0.0

প্ৰথিতযশা সংগীত পৰিচালক, সংগীত শিল্পী ৰমেন বৰুৱা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ২৪ ঘণ্টা উকলিল, এতিয়াও কোনো সন্ধান নাই তেখেতৰ।সোমবাৰে পুৱা প্ৰায় ১০.৩০ বজাত লতাশিলস্থিত গণেশ মন্দিৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল তেওঁ ৷ তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে সংগীত শিল্পীগৰাকী। তাৰ পাছতে পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকা বুলি জানিব পাৰি গৈছে৷

মঙলবাৰে পুৱাৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকুত SDRF আৰু NDRF বাহিনীয়ে ৰমেন বৰুৱাক বিচাৰি অব্যাহত ৰাখিছে অভিযান।  সোমবাৰে পুৱা ১০ বজাত ৰমেন বৰুৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালে খোজ কাঢ়ি যোৱাৰ চিচিটিভি ফুটেজ লাভ কৰিছে আৰক্ষীয়ে। আনহাতে, ম’বাইলৰ শেষ লোকেচন উচ্চ ন্যায়ালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত লাভ কৰিছিল আৰক্ষীয়ে। দিনৰ প্ৰায় ১.৩০ বজালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে তেওঁক ফোন কৰে ৷ কিন্তু তেতিয়াৰে পৰা তেওঁৰ ফোনটো অফ হৈ আছে।ৰমেন বৰুৱাই প্ৰতিদিনে পুৱা গণেশ মন্দিৰলৈ যায় । আনহাতে বিষ্ণু মন্দিৰৰ পৰা নৱগ্ৰহ মন্দিৰলৈ যোৱা পথচোৱাত কেইবাবাৰো খোজকাঢ়ি অহা-যোৱা কৰা দেখিছে প্ৰত্যক্ষদৰ্শীয়ে।ম’বাইলৰ শেষ লোকেচন উচ্চ ন্যায়ালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত লাভ কৰিছিল আৰক্ষীয়ে। সেই লোকেচনৰ আঁত ধৰিয়েই চলিছে অভিযান। ডুবাৰুৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ তলতো অভিযান চলাবলৈ সাজু হৈছে উদ্ধাৰকাৰী বাহিনী। জানিব পৰা মতে, সোমবাৰে নিশা আৰক্ষীৰ দলে ৰমেন বৰুৱাৰ জোতাৰ খোজ পাইছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত। যাৰ বাবে সকলোৱে ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰত পৰি যোৱাৰ সন্দেহ কৰিছে।জানিব পৰা মতে, সোমবাৰে নিশা আৰক্ষীৰ দলে ৰমেন বৰুৱাৰ জোতাৰ খোজ পাইছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত। যাৰ বাবে সকলোৱে ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰত পৰি যোৱাৰ সন্দেহ কৰিছে।

শিল্পী জুবিন গাৰ্গে মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলায়। মহানগৰীৰ লাচিত ঘাট, কামাখ্যা মন্দিৰ, শুক্লেশ্বৰ, ভূতনাথ, উজান বজাৰত ৰমেন বৰুৱাক বিচাৰি অভিযান জুবিনৰ। লতাশিল থানাত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লয় জুবিন গাৰ্গে। ৰাজ্যৰ বহুকেইগৰাকী কণ্ঠশিল্পীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উদ্বেগ প্ৰকাশ কৰিছে ৷

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.