পুতলা নাচ : অসমৰ এক লোক সংস্কৃতি
অসমত পুতলা নাচ কিমান প্ৰাচীন তাক সঠিক জানিব পৰা নাযায়। কিন্তু শংকৰদেৱৰ আদি-দশমত পুতলা নাচৰ প্ৰচলন শংকৰী যুগৰ আগৰ পৰাই চলি আহিছিল বুলি জানিব পৰা যায়।ভাগৱত, কালিকাপুৰাণ, গুৰুচৰিতত পুতলা নাচৰ উপস্থিতিৰ উমান পোৱা যায়। মহাপুৰুষ শঙ্কৰদেৱৰ দ্বাৰ ৰচিত চিহ্নযাত্ৰা নাট খনিত পুতলা নাচ অন্তৰ্ভুক্ত কৰিছিল। চিহ্নযাত্ৰা নাটকত চিহ্ন আঁকি আখ্যানৰ বিশদ বিৱৰণ বুজাবলৈ চেষ্টা কৰা হৈছিল।অসমত ব্যৱসায়িক ভিত্তত পুতলা নাট্যদল হিচাপে ৰাজহুৱা সভা-সমিতি, গুৰুজনাৰ জন্মোৎসৱ, নামঘৰ প্ৰতিষ্ঠাৰ দিন আদিত পুতলা নাট প্ৰৰ্দশন কৰা হয়।
ভাৰতৰ পৰম্পৰাগত লোকসংস্কৃতিৰ ভিতৰত পুতলা নাচ ভাৰতৰ আটাইতকৈ পুৰণি লোকনাট্য। ভাৰতৰ পুতলা নৃত্যৰ কথা প্ৰথমে মহাকাব্য মহাভাৰতত খ্ৰীষ্টপূৰ্ব নৱম শতিকাত উল্লেখ কৰা হৈছে। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ সংস্কৃত ব্যাকৰণবিদ পানিনি আৰু যুগসূত্ৰৰ ৰচক পতঞ্জলিয়ে তেওঁলোকৰ গ্ৰন্থত পুতলাৰ কথা উল্লেখ কৰিছিল।
অসমত ‘কুহিলা’ৰ সহায়ত পৰম্পৰাগত কপাহৰ পুতলা তৈয়াৰ কৰা হয়। পুতলাটোক আঠাযুক্ত বোকা, গৰুৰ গোবৰ, কাপোৰ ইত্যাদিৰে মেৰিয়াই পুতলাৰ চৰিত্ৰ অনুযায়ী কাপোৰ আৰু গহনা পিন্ধাই দিয়া হয়। ধনু, কাঁড়, গোঁফ আদিও প্ৰয়োজন অনুসৰি তৈয়াৰ কৰা হয়। পটভূমিৰ কাপোৰৰ আঁৰত থকা এজন ব্যক্তিয়ে পুতলাটোৰ হাত, ভৰি, কঁকাল আৰু মূৰত ক’লা সূতা বান্ধি পুতলাটোক ভিতৰৰ পৰা নিয়ন্ত্ৰণ কৰে।বিগত পঞ্চাশ বছৰত ভাৰতত পুতলা নৃত্যক নতুন কৌশল প্ৰয়োগৰ জৰিয়তে নতুন ৰূপ দিয়া হৈছে। নৃত্যৰ কিছু পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তন অসমত পুতলা নৃত্য শিল্পক জীয়াই ৰখাৰ এক শুভ লক্ষণ। পুতলা নৃত্যক কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, শিক্ষা আৰু জীৱিকাৰ মাধ্যম হিচাপে পৰিগণিত হৈছে।
পুতলা নাচ মঞ্চখন বাঁহ আৰু কাঠৰ তক্তাৰ সহায়ত সজোৱা হয়। ওপৰ ভাগ ধুনীয়া ৰঙীন ৰঙীন কাপোৰেৰে ঢাকি লোৱা হয়। মঞ্চৰ তিনিওফালে কলা আঁৰ কাপোৰেৰে ঢাকনি দিয়া হয়। দৰ্শকৰ কাৰণে সন্মুখৰ ফালটো খোলা থাকে। মঞ্চৰ দীঘ প্ৰায় পাঁচ-ছয় মিটাৰ মান আৰু ওখই প্ৰায় এক-ডেৰ মিটাৰ মান কৰা হয়। সন্মুখৰ ফালে অৰ্থাৎ দৰ্শকৰ ফালে এখন আঁৰ কাপোৰ লগোৱা থাকে, প্ৰথমে দৰ্শনী আৰম্ভ হোৱাৰ আগে আগে সন্মুখৰ আঁৰ কাপোৰখন ভিতৰৰ পৰা টানি মুকলি কৰি দিয়া হয়।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments