শক্তিপীঠ কামাখ্যা
উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰস্থল অসমৰ এটা সমৃদ্ধিশালী ইতিহাস আছে। ইয়াৰে ভিতৰত দেৱী কামাখ্যাৰ চৰণত যাদু, তন্ত্ৰ-মন্ত্ৰৰ অনুশীলন কৰাৰ কথাও প্ৰচলিত আছে। প্ৰাচীন কালৰে পৰা অসমৰ ইতিহাসৰ ধাৰ্মিক আৰু ৰাজনৈতিক, দুয়োটা দিশতে শক্তিপীঠ কামাখ্যাৰ ভূমিকা গুৰুত্বপূৰ্ণ। সমগ্ৰ ভাৰতবৰ্ষত থকা একাৱন্নখন জাগ্ৰত শক্তিপীঠৰ ভিতৰত কামাখ্যাও এখন। কামাখ্যা মা'ক জগধাত্ৰী, কালী, কেচাইখাইতি ইত্যাদি বহু ধৰণৰ নামেৰে মতা হয়। কামাখ্যা মন্দিৰ কামৰূপৰ নীলাচল পাহাৰত অৱস্থিত। কামাখ্যা মন্দিৰৰ স্থাপন সম্পৰ্কে বহু ধৰণৰ মিছা ধাৰণা প্ৰচলিত আছে। কোৱা হয়, পিতৃয়ে শিৱৰ সৈতে যাবলৈ নিদিয়াৰ বাবে দেৱী সতীয়ে আত্মজাহ দিছিল আৰু শিৱই ক্ৰোধত তাণ্ডব নৃত্য কৰিছিল দেৱী সতীৰ মৃতদেহ লৈ। তেতিয়া ভগৱান বিষ্ণুয়ে সুদৰ্শন চক্ৰৰে দেৱীৰ মৃতদেহ কাটি পেলাইছিল আৰু শৰীৰৰ ৫১ ভাগ কৰিছিল। দেৱী সতীৰ ৫১ টা অংগ যি ঠাইত পৰিছিল, তাতেই একোটা শক্তিপীঠ গঢ় লৈ উঠিছিল। নীলাচল পাহাৰত দেৱীৰ যোনী ভাগ পৰিছিল। এই সম্পৰ্কে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত উল্লেখ আছে। কিন্তু সকলোতে কথা বোৰৰ কিছু সালসলনি ঘটা দেখা যায়। কামাখ্যা শক্তিপীঠৰ প্ৰতিটো কথাই যেনে, ভিন্ন ৰঙীন পোচাক পৰিহিত দৰ্শনাৰ্থী সকল, দীঘল জতাৰে অহা সাধু সকল, তান্ত্ৰিক সন্ন্যাসী, সুন্দৰ পৰিৱেশ ইত্যাদিয়ে আকৰ্ষিত আৰু ৰোমাঞ্চিত কৰি তোলে। বৰ্তমানৰ কামাখ্যা মন্দিৰৰ আমি ৭ টা ভাগত বিভক্ত কৰিব পাৰি।
১) গৰ্ভগৃহ: এইয়া মন্দিৰৰ কেন্দ্ৰস্থল য'ত দেৱীৰ যৌনাংগ অৱস্থিত আছে, যাক মহাপীঠ বুলিও কোৱা হয়।
২) কালন্ত: মন্দিৰৰ এই অংশত কামেশ্বৰ আৰু কামেশ্বৰী নামে দুটা চলনশীল মূৰ্তি ৰখা হৈছে।
৩) ভোগমণ্ডপ: এই অংশত তৈয়াৰ কৰা ভোগ দেৱীলৈ অৰ্পন কৰা হয়।
৪) পঞ্চৰত্ন: এই অশংই কালন্ত আৰু নাটমন্দিৰক একেলগে সংযোগ কৰিছে।
৫) নাটমন্দিৰ: মন্দিৰৰ এই অংশ বিভিন্ন ধৰণৰ কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হয়, যেনে- কুমাৰী পূজা, দেওধ্বনী নৃত্য ইত্যাদি। ১৮ শতিকাত ৰজা ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত এই অংশৰ নিৰ্মাণ কৰা হয়।
৬) পিতল ঘৰ: সৰু আৰু ঠেক এই পথ অথবা কৰিডৰটোৱে নাটমন্দিৰ আৰু বলিঘৰক একেলগে সংযুক্ত কৰিছে। ৰজা কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এই অংশৰ নিৰ্মাণ কৰা হয়।
৭) বলিঘৰ: মন্দিৰৰ এই অংশত পূজাৰ বাবে অথবা বিভিন্ন দৰ্শনাৰ্থীয়ে মান্তি কৰি থোৱা জীৱ-জন্তুৰ বলি দিয়া হযয় আৰু দেৱীক উচৰ্গা কৰা হয়।
কামাখ্যা মন্দিৰ সম্পৰ্কে বিভিন্ন ধৰণৰ ধাৰণা সকলোৰে মাজত প্ৰচলিত আছে। ঠিক তেনেদৰে মন্দিৰত হোৱা পশুবলিৰ ওপৰতো ভিন্নজনৰ ভিন্নমত আছে। শাত্কসতলে পশু বলি বিশ্বাস কৰে, জনজাতীয় মানুহেও পশু বলিত বিশ্বাস কৰে। তেওঁলোকৰ এই পশুবাদী বিশ্বাসৰ বাবেই মাতৃ দেৱী কামাখ্যাক বিভিন্ন জন্তু তথা চৰাই বলি দি উচৰ্গা দিয়ে। বলি প্ৰকাশ বিশ্বাস নকৰা বহুত লোকো আহে মন্দিৰলৈ। বৈষ্ণৱ আৰু খ্ৰীষ্টান ধৰ্মী লোকসকলো আহে মন্দিৰলৈ দৰ্শনাৰ্থে। তাৰে কিছুলোক হিন্দু ধৰ্মলৈও ৰূপান্তৰিত হয়। তান্ত্ৰিক বিদ্যাৰ জ্ঞান আহৰণৰ অৰ্থে বহুসময়ত মুচলমান সম্প্ৰদায়ৰ লোক সকলো আহে। কিন্তু মা কামাখ্যা ৰ বেছিভাগ দৰ্শনাৰ্থীয়ে হিন্দু।
বৰ্তমান লিখিতৰূপে মন্দিৰৰ মাত্ৰ ১৯ বিঘা মাটি আছে। ইয়াৰে বহুখিনি মাটি বিভিন্ন সময়ত দেশৰ বিভিন্ন শাসকসকলে মন্দিৰলৈ দান কৰি গৈছিল। কিন্তু সেই শাসকসকল মন্দিৰৰ পৰা যথেষ্ট দূৰৈত থাকিছিল।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments