21 December, Sat 2024
support@thecriticalscript.com
Blog image

ৰঞ্জু হাজৰিকা: অসমৰ ৰহস্য সম্ৰাট

04 Sep,2024 01:18 PM, by: Super Admin
1 minute read Total views: 328
0 Like 0.0

১৯৫২ চনৰ ২৪ জুলাইত অসমৰ শোণিতপুৰ জিলাত জন্মগ্ৰহণ কৰা এজন কণমানি ল’ৰাই লেখক হোৱাৰ সপোন দেখিছিল।তেওঁৰ প্ৰকৃত নাম কুমুদ হাজৰিকা। কিন্তু আমি সকলোৱে তেওঁক ৰঞ্জু হাজৰিকা নামেৰে জানো। তেওঁ প্ৰথমে কুমুদ হাজৰিকা নামেৰে লিখামেলা কৰিছিল। কিন্তু সেই নামেৰে কিতাপ লিখিলে কোনেও কিতাপ নপঢ়ে৷ কিতাপবোৰ ঘুৰি ঘুৰি আহে৷ তাৰ পাছত তেওঁক এজন ককায়েকে নামটো সলনি কৰি ৰঞ্জু হাজৰিকাৰ নামটো দিবলৈ পৰামৰ্শ দিলে আৰু নামটো দিয়াৰ লগে লগে কিতাপবোৰ ভাল পাব ল'লে, পঢ়িবলৈ ল'লে। সেই তেতিয়াৰ পৰাই ৰঞ্জু হাজৰিকাৰ নামটো থাকি গ’ল ।‘বহুৰুপী’ নামৰ থ্ৰিলাৰ উপন্যাসখনৰ পৰা আৰম্ভ হোৱা ৰঞ্জু হাজৰিকাৰ এতিয়ালৈকে থ্ৰিলাৰ, কল্পবিজ্ঞান, শিশু সাহিত্য, কমেডী, ভয়ানক কাহিনীৰ পৰা আৰম্ভ কৰি ৰহস্যময় আৰু সামাজিক ৰোমাঞ্চলৈকে ৭৫০ খনতকৈও অধিক প্ৰকাশিত গ্ৰন্থ আছে। বিগত চাৰিটা দশকৰ পৰা বিস্ময়, ৰহস্য , ত্ৰিশুল, হিয়া আদি জনপ্ৰিয় আলোচনীৰ পৃষ্ঠাত তেওঁৰ চাচপেন্সফুল সাহিত্যই পাঠকক আকৰ্ষণ কৰি আহিছে। তেওঁৰ সঁচা অৰ্থত অনন্য আৰু বিস্ময়কৰ।  মোনাবাৰী চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা, সৰুৰে পৰা তেওঁৰ বৰ কৌতুহল আছিল। তেওঁৰ প্ৰাৰম্ভিক চুটিগল্প আৰু কবিতা কেইটামান স্থানীয় বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। মাত্ৰ পোন্ধৰ বছৰ বয়সতে দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ঠিক আগতেই তেওঁ প্ৰথমখন উপন্যাস বহুৰূপী সমাপ্ত কৰিছিল।  ৰঞ্জু হাজৰিকাই মোনাবাৰী চাহ বাগিছাত গাণনিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ তিনি বছৰৰ বাবে SSB-ত চাকৰি কৰে। তেওঁ সেই সময়তেই বহুকেইখন কিতাপ লিখি উলিয়ায় যদিও প্ৰকাশ কৰা নাছিল।SSB-ৰ চাকৰি এৰি তেওঁ এখন পান-তামোলৰো দোকান দিয়ে। তাৰ পিছত তেওঁ বালিপাৰা চাহ বাগান আৰু আন দুখন চাহ বাগিছাত চাকৰি কৰে। ১৯৭৩ চনত গ্ৰন্থপীঠ পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন উপন্যাস

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগতেই লিখি উলিওৱা 'বহুৰূপী' উপন্যাস এই প্ৰকাশ পায়। ১৯৮২ চনত তেওঁ বিখ্যাত ত্ৰিশুল আলোচনীৰ সম্পাদক হিচাপে চাকৰি আৰম্ভ কৰে। ১৯৮৪ চনত প্ৰনিতা হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ গুৱাহাটীলৈ স্থানান্তৰিত হয়। ৰঞ্জু হাজৰিকাৰ এগৰাকী কন্যা আৰু পুত্ৰ আছে। আলোচনী এখনত সম্পাদক হিচাপে নতুন চাকৰিৰ সমান্তৰালকৈ তেওঁ “কন কন” নামৰ শিশুৰ ওপৰত আধাৰিত এখন নতুন অসমীয়া আলোচনী আৰম্ভ কৰে, কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই আলোচনীবোৰ বহুদিনলৈ চলি নাথাকিল। তেওঁ পুনৰ হিয়া, তাল আৰু কাৰেঙৰ দৰে বিখ্যাত অসমীয়া আলোচনীত সম্পাদক হিচাপে কাম কৰে।

ৰঞ্জু হাজৰিকাদেৱে একাধিক গ্ৰন্থ ৰচনা কৰি এক অভিলেখ সৃষ্টি কৰাৰ লগতে ২০০৮ চনত ‘ৰহস্য সম্ৰাট’ উপাধি লাভ কৰে। তেওঁৰ কেইবাখনো উপন্যাসৰ পৰা কথাছবি, দূৰদৰ্শনৰ ধাৰাবাহিক নিৰ্মাণ হৈছে। থোৰতে তেওঁৰ কেইখনমান কিতাপৰ নাম হ’ল, বিভৎস শিহৰণ, তেজত আচ্ছন্ন অন্ধকাৰ, জান্তৱ, আহত সৰ্পৰ দংশন, স্বৰ্ণ শিহৰণ, নগ্ন প্ৰহৰ, মৰণ জয়ী, দুহাতত তেজৰ চেঁ‌কুৰা, ভৌতিক, নন্দেশ্বৰ সংবাদ, পলাতক পখীৰ সন্ধানত, এটা দ্বীপ সাতটা কবৰ, সেই প্ৰেম আস্বাদন,কুঁ‌ৱলীৰ আঁ‌ৰত সোণালী কাঁ‌ড় আদি।

উপন্যাস লিখাৰ বাহিৰেও হাজৰিকা চুটিগল্প লিখাৰ বাবে বিখ্যাত। বিস্ময়, ত্ৰিশূল", ৰহস্য, হিয়া, মৌচাক আদি বহুতো অসমীয়া আলোচনীত তেখেতৰ চুটিগল্প প্ৰকাশ পাইছে। তেওঁ বহু বছৰৰ পৰা জ্যোতিষ বিজ্ঞানৰ চৰ্চা কৰি আহিছে, আৰু জ্যোতিষ আৰু Palmistyৰ ওপৰত ১১খন গ্ৰন্থ লিখিছে।



তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.