বিধ্বস্ত কংগ্ৰেছ! ভূপেন বৰাৰ পিছতে প্ৰদ্যুত বৰদলৈৰ পদত্যাগে কঁপাইছে ৰাজনীতি
বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। আৰু এনে সময়তে ইজনৰ পিছত সিজন নেতাই ত্যাগ কৰিছে দল। এতিয়া কংগ্ৰেছ এৰি বুধবাৰে বিজেপিত যোগ দিয়ে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷মঙলবাৰে মল্লিকাৰ্জুন খৰ্গেলৈ ২৬টা শব্দৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ ত্যাগ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। 1975 চনৰ পৰাই কংগ্ৰেছৰ হৈ কাম কৰা বৰদলৈয়ে দলত্যাগৰ সময়ত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে আৰু কৈ যে তেওঁক তাত বহুতো অপমান কৰা হৈছে।আজি দিল্লীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ প্ৰদান বৰুৱা, ৰামেশ্বৰ তেলীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে।
সংবাদ মাধ্যমৰ আগত প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ‘‘কংগ্ৰেছ ত্যাগ কৰাটো মোৰ বাবে বৰ বেদনাদায়ক। এই সিদ্ধান্ত ল’বলৈ পাই মই মুঠেই সুখী নহয়। চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিলোঁ। বিগত এটা বছৰে মোক বাৰে বাৰে হেয় কৰা হৈছিল। কংগ্ৰেছ দলত থাকিও অকলশৰীয়া হৈ পৰিছিলোঁ। বিজেপিয়ে মোক নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰস্তাৱ আগবঢ়াইছে।’’উল্লেখ্য যে অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই তিনি দশক ধৰি দলত কাৰ্যনিৰ্বাহ কৰাৰ পাছত এমাহ পূৰ্বে বিজেপিত যোগদান কৰিছিল ৷ ভূপেন বৰাৰ পিছত এতিয়া প্ৰদ্যুৎ বৰদলৈয়েও ত্যাগ কৰিলে কংগ্ৰেছ । APCCৰ সভাপতি হিচাপে গৌৰৱ গগৈ ৭৫ শতাংশ সফল। ৪ মে'ৰ ভিতৰত বাকীখিনি সফলতাও তেওঁ লাভ কৰিব'। বিহপুৰীয়া সমষ্টিত প্রার্থীত্ব নিশ্চিত হোৱাৰ পাছতেই ন-বিজেপি ভূপেন বৰাৰ তৎপৰতা বৃদ্ধি। গৌৰৱ গগৈক কটাক্ষ ভূপেন বৰাৰ।
মুখ্যমন্ত্ৰীয়ে মঙলবাৰে ঘোষণা কৰিছিল যে বৰদলৈৰ বাবে এটা সমষ্টি সংৰক্ষণ কৰি ৰখা হৈছে ৷ বুধবাৰে মুখ্যমন্ত্ৰীৰ লগতে অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু বিজেপিৰ কেবাগৰাকীও সাংসদে নতুন দিল্লীত প্ৰদ্যুৎ বৰদলৈক দললৈ আদৰণি জনায় ৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে আৰু কেবাজনো কংগ্ৰেছ নেতাই আগন্তুক সময়ত বিজেপিত যোগদান কৰিব ৷
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে সদ্য কংগ্ৰেছ ত্যাগী প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৱজ্যোতি তালুকদাৰৰ লগতে আন কেবাগৰাকীও নেতাই অতি শীঘ্ৰেই গুৱাহাটীত বিজেপি শিবিৰত যোগদান কৰিব ৷ তেওঁ কয়, ‘‘নৱজ্যোতি তালুকদাৰৰ লগতে আন বহুগৰাকী নেতাই গুৱাহাটীত বিজেপিত যোগদান কৰিব ৷ আজি বিয়লি আমি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিম ৷ আন ব্যক্তিসকলে অহা দুই-তিনিদিনৰ ভিতৰত যোগদান কৰিব ৷’’
ইফালে ৰকিবুল হুছেইনৰ কয় যে,"মুখ্যমন্ত্ৰীৰ সৈতে প্ৰদ্যুৎ বৰদলৈৰ মিতিৰালি বহু পুৰণি। মই এই অভিযোগ নেতৃত্বক পূর্বেই দিছিলোঁ'। আনহাতে, মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰাৰ্থী বাতিলৰ সম্ভাৱনা পিতৃৰ দল ত্যাগৰ পাছতে মাৰ্ঘেৰিটা এৰিলে পুত্ৰই । মাৰ্ঘেৰিটা সমষ্টিত কংগ্রেছে প্রার্থিত্ব দিছিল প্রতীক বৰদলৈক।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments