09 December, Mon 2024
support@thecriticalscript.com
Blog image

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু অল কাদিৰ ট্ৰাষ্টৰ গোচৰ

31 May,2023 06:34 PM, by: Ankita Gogoi
1 minute read Total views: 570
0 Like 0.0

পাকিস্তানৰ বিপুল জনপ্ৰিয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক মঙলবাৰে ৯ মে' আকস্মিকভাৱে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। যোৱা বছৰ আস্থা ভোট হেৰুৱাই তেওঁক পদচ্যুত কৰাৰ পিছৰে পৰা দুৰ্নীতিৰ পৰা আৰম্ভ কৰি দেশদ্ৰোহলৈকে তেওঁ বহুতো অভিযোগৰ সন্মুখীন হৈছে। ভূমি কেলেংকাৰী সংক্ৰান্ত এটি গোচৰত ইমৰান খানক ইছলামাবাদ উচ্ছ ন্যায়ালয়ৰ চৌহদৰ পৰা পাক অৰ্ধসামৰিক বাহিনী ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰাৰ লগে লগে পাকিস্তানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰতিবাদত নামিছিল ইমৰাণৰ খান দল পিটিআইৰ সমৰ্থক। পিটিআইৰ সমৰ্থকে সেনাবাহিনীৰ মুখ্য কাৰ্যালয়, আইএছআইৰ মুখ্য কাৰ্যালয়, লাহোৰৰ সেনাবাহিনীৰ কেণ্টনমেণ্টত আৰু বায়ুসেনাৰ মীনাৱালি বিমানঘাটিত আক্ৰমণ কৰে আৰু ৰাৱালপিণ্ডিত সেনা মুখ্য কাৰ্যালয় আৰু লাহোৰত কমাণ্ডাৰৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰিবলগীয়া হয় আৰু ছচিয়েল মিডিয়াও বন্ধ কৰি দিয়া হয়। গ্ৰেপ্তাৰৰ সময়ত ইমৰান খান আন গোচৰ সংক্ৰান্তত উচ্ছ ন্যায়ালয়লৈ আহিছিল৷

ইমৰান খান আৰু তেওঁৰ এতিয়াৰ পত্নী বুছৰা বিবিৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ থকা অল কাদিৰ ভূমি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ এই গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নীয়ে কোটি কোটি টকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে। PKR ৫০ বিলিয়ন ধনৰাশিক বৈধ কৰি তোলাৰ অভিযোগ উত্থাপন হৈছে যিটো ব্ৰিটেইনে চিনাক্ত কৰি দেশলৈ ঘূৰাই পঠিয়াইছিল পিটিআই চৰকাৰৰ কাৰ্যকালত। বাহৰিয়া টাউন নামৰ এটা ৰিয়েল ইষ্টেট কোম্পানীৰ জৰিয়তে ৫০ বিলিয়ন ধন সৰবৰাহ কৰা হৈছিল। ইছলামবাগৰ আৰক্ষী মহাপৰিদৰ্শক আকবৰ নাছিৰ খানে এক বিবৃতিত কয় যে ইমৰাণ খানক বিগত সময়তো গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰা হৈছে যদিও সমৰ্থকৰ বাবে প্ৰতিবাৰেই পিছুৱাই দিবলগীয়া হৈছিল।

২০১৮ চন, যেতিয়া ইমৰান খান প্ৰধানমন্ত্ৰী আছিল তেতিয়া ইমৰান খানে‌ তেওঁৰ তৃতীয় পত্নী বুছৰা বিবি‌‌ আৰু দুজন সহযোগী জুলফিকৰ বুখাৰি আৰু বাবৰ আৱানৰ লগত মিলি এটা ট্ৰাষ্টৰ নিৰ্মাণ কৰিছিল। যিটো আছিল অল কাদিৰ ট্ৰাষ্ট। ইয়াৰ উদ্দেশ্য আছিল পঞ্জাৱৰ ঝিলাম জিলাৰ গুণগত শিক্ষাপ্ৰদানৰ বাবে অল কাদিৰ বিশ্ববিদ্যালয় স্থাপন কৰা। অল কাদিৰ নামৰ বিশ্ববিদ্যালয়খন ২০২১ চনত অৰ্ধনিৰ্মিত অৱস্থাতে ইমৰান খানে উদ্বোধন কৰিছিল৷ তেওঁ এতিয়াও বন্ধ হৈ থকা বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ৷ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী মিফটাহ ইছলামৰ মতে এই ভূমিৰ বিনিময়ত ইমৰান খানে ১৯০ নিযুত পাউণ্ড লাভ কৰিছে৷ জানিব পৰা মতে UK পাকিস্তানৰ ডাঙৰ ব্যৱসায়ী ‌মালিক ৰিয়াজ ২০১৯ চনত ৫০ বিলিয়ন টকাৰ মনি লণ্ড্ৰী কেচত ধৰা পৰিছিল। আৰু এই কথা ইউনাইটেড চৰকাৰে পাকিস্তানৰ চৰকাৰক‌ অৱগত‌‌ কৰিছিল।‌ পাকিস্তানী চৰকাৰে মালিক ৰিয়াজৰ বিপৰীতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে তেওঁক সুৰক্ষা প্ৰদান কৰি এই গোচৰৰ পৰা মুক্তি কৰিব বুলি কোৱা হ'ল। ইয়াৰ বাবে ইমৰান খানে মালিক ৰিয়াজৰ পৰা বহু ধনৰ লেনদেন কৰে।পিছত বুছৰা বিবিয়ে ২০১৯ চনত মালিক ৰিয়াজৰ বাহাৰিয়া টাউন নামৰ এটা ৰিয়েল ইষ্টেট কোম্পানীৰ সৈতে এই  ভূমিৰ বিনিময়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি বিশাল পৰিমাণৰ ধন অৰ্জন ট্ৰাষ্টে চুক্তিৰ অংশ হিচাপে বাহৰিয়া চহৰত ৪৫৮টা কানাল, ৪টা মাৰ্লা আৰু ৫৮ বৰ্গফুট মাটি লাভ কৰে। সেই ৰিয়েল ইষ্টেট কোম্পানীলৈ ভূমি হস্তান্তৰ কৰা বুলিও দেশৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে অভিযোগ কৰিছিল৷

ভূমি হস্তান্তৰৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰভাৱ খটুৱাই ইমৰান খানে ভূমিৰ মূল্য হ্ৰাস কৰি দেখুৱাইছিল৷ শিক্ষা প্ৰতিষ্ঠানৰ নামত পোৱা চৰকাৰী ভূমি বেচৰকাৰী কোম্পানীলৈ হস্তান্তৰ আৰু তাৰ বিনিময়ত ধন সংগ্ৰহ তথা মূল্য কমাই দেখুৱাই প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ ক্ষেত্ৰত গুৰুতৰ অপৰাধ হিচাপে গণ্য হৈছে৷ ইমৰান খানৰ বিৰুদ্ধে দেশৰ আদালতত ১৪০টা গোচৰ চলি আছে৷ মঙলবাৰে তেওঁক কৰা গ্ৰেপ্তাৰৰ সৈতে পূৰ্বৰ এই গোচৰৰ কোনো সম্পৰ্ক নাই কোৱা হয়৷ইমৰান খানে কোটি কোটি টকাৰ অনুদান লাভ কৰিছিল আৰু ৰেকৰ্ডত কম দেখুৱাইছিল। এই কেলেংকাৰী পোহৰলৈ আহে তেতিয়া আহে যেতিয়া পাকিস্তানৰ সংবাদ মাধ্যমে ১৮ কোটি পাকিস্তানী টকা ট্ৰাষ্টে লাভ কৰা বুলি প্ৰকাশ কৰাৰ বিপৰীতে ৰেকৰ্ডত প্ৰায় ৮.৫২ মিলিয়ন পাকিস্তানী টকা ব্যয় হোৱা বুলি প্ৰকাশ পাইছে।

অৱশেষত ১২ মে' পাকিস্তানৰ আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে কেইবাটাও গোচৰত জামিন মঞ্জুৰ কৰি চলিত সপ্তাহৰ আৰম্ভণিতে নাটকীয়ভাৱে গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক মুকলি কৰি দিয়াৰ অনুমতি প্ৰদান কৰিছে।শুকুৰবাৰে এক অধিৱেশনত ইছলামবাদ উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে দুর্নীতিৰ গোচৰত দুসপ্তাহৰ জামিন মঞ্জুৰ কৰে৷

    

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.