27 July, Sat 2024
support@thecriticalscript.com
Blog image

'পদ্মশ্ৰী পাৰ্বতী বৰুৱা' ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত

10 May,2024 05:55 PM, by: Ankita Gogoi
1 minute read Total views: 304
1 Likes 0.0

গৌৰীপুৰৰ ৰাজপৰিয়ালৰ ৰাজকন্যা পাৰ্বতী বৰুৱা। সকলো বিলাসী জীৱন ত্যাগ কৰি সৰুতে সপোন‌ দেখিলে হাতীৰ মাউত‌‌ হোৱাৰ। তেওঁৰ দেউতাকেও তেওঁৰ এই সপোনৰ সম্পূৰ্ণ সহযোগীতা‌ প্ৰদান কৰিছিল।এইগৰাকী পাৰ্বতী বৰুৱাই পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত হিচাপে বিৰল স্বীকৃতি লাভ কৰিলে। যোৱা ৯ মে'ত তেওঁ পদ্মশ্ৰী উপাধিৰে বিভূষিত হ'ল।

তেওঁ কেৱল হাতীৰ মাউতেই নহয়, পাৰ্বতী বৰুৱা এগৰাকী সুদক্ষ হাতী প্ৰশিক্ষিকাও।হাতীৰ সৈতে ওমলি ডাঙৰ হৈছিল পাৰ্বতী বৰুৱা। তেওঁৰ ঘৰতে আছিল হাতী। সেই লোকসকলৰ সৈতে হাতীৰ আলপৈচান ধৰি শৈশৱৰে পৰা পাৰ্বতী বৰুৱাই হাতীৰ বিষয়ে বহু কথা শিকিলে।

সমগ্ৰ বিশ্বতে তেওঁ “কুইন অৱ দ্য এলিফেণ্টছ” বুলি পৰিচিত।১৯৬৭ চনত তেওঁ অসমৰ কচুগাঁৱত ১৪ বছৰ বয়সতে জীৱনৰ প্ৰথমটো হাতী ধৰিছিল ৷ সমগ্ৰ বিশ্বতে তেওঁ “কুইন অৱ দ্য এলিফেণ্টছ” বুলি পৰিচিত ৷পাৰ্বতী বৰুৱাৰ তত্বাৱধান তথা নিৰ্দেশনাত ৪০০ তকৈও অধিক সংখ্যক হাতীক প্ৰশিক্ষণ দিয়া হৈছে ৷জীৱনজোৰা কৃতিত্বৰ বাবে অসম চৰকাৰে তেওঁক ২০০৩ চনত ‘অনাৰেৰি চীফ এলিফেণ্ট ৱাৰ্ডেন অফ আছাম’ সন্মানেৰে বিভূষিত কৰিছিল ৷১৯৮৯ চনত পাৰ্বতী বৰুৱাক ইউনাইটেড নেশ্যনেছ এনভায়ৰনমেণ্ট প্ৰ’গ্ৰামছৰ (ইউ এন ই পি) “গ্ল’বেল ৫০০-ৰ’ল অৱ অনাৰ” সন্মান আগবঢ়োৱা হৈছিল।২০০৩ চনত অসম চৰকাৰে পাৰ্বতী বৰুৱাক জীৱনজোৰা কৃতিৰ বাবে ‘অনাৰেৰি চিফ এলিফেণ্ট ৱাৰ্ডেন অফ অসম’ সন্মানেৰে বিভূষিত কৰে।জীৱনজোৰা কৃতিত্বৰ বাবে অসম চৰকাৰে তেওঁক ২০০৩ চনত ‘অনাৰেৰি চীফ এলিফেণ্ট ৱাৰ্ডেন অফ আছাম’ সন্মানেৰে বিভূষিত কৰিছিল ৷অসম গৌৰৱ বঁটা, ২০২৩ সন্মানিত কৰা‌ হৈছিল।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.