12 November, Wed 2025
support@thecriticalscript.com
Blog image

জানি লওক কোন আছিল সাহসী ছিকিম কন্যা- হেলেন লেপচা

11 Sep,2025 05:56 PM, by: Ankita Gogoi
1 minute read Total views: 427
0 Like 0.0

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত এগৰাকী বীৰ নাৰী হেলেন লেপচাৰ জন্ম হৈছিল ছিকিমৰ এখন সৰু গাঁও চাংমুত। দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ আৰ্তজনক সহায় কৰাই নহয়, তেওঁ সকলোৰ মাজত স্বাধীনতাৰ মনোভাৱো জাগ্ৰত কৰিছিল। ১৯৭৬ চনত নেতাজী সুভাষ চন্দ্ৰ বসু গৃহবন্দী হৈ থকাৰ সময়ত নেতাজীক গৃহবন্দীত্বৰ পৰা মুক্ত কৰাত তেওঁৰ ভূমিকা যথেষ্ট প্ৰশংসনীয় আছিল।সমগ্ৰ উত্তৰ-পূর্বাঞ্চলে স্বাধীনতা সংগ্রামত ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল৷ মহাত্মা গান্ধীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ বীৰ মহিলাসকলে বিদেশী সামগ্ৰী বৰ্জন, মদ্যপান বৰ্জন, খাদী আৰু স্বাধীনৰ প্ৰচাৰ, অসহযোগ আন্দোলন, আইন ভংগ, ভাৰত ত্যাগ ইত্যাদি আন্দোলনত সমগ্ৰ দেশৰ লগত কান্ধত কান্ধ মিলাই থিয় দিছিল।

১৯২০ চনত যেতিয়া বিহাৰত বানপানী হৈছিল, তেতিয়া হেলেনে  বিহাৰৰ মুজাফ্ফৰপুৰলৈ আহি ভুক্তভোগীক সহায় কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাতে বানাক্ৰান্ত সকলৰ বাবে প্ৰাণেৰে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছিল। এদিন গান্ধীজীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক চাবলৈ মুজাফ্ফৰপুৰলৈ আহিছিল। এই সময়ছোৱাত গান্ধীজীয়ে হেলেন লেপচাক লগ পাইছিল। ইয়াত গান্ধীজীয়ে হেলেনক অন্তৰেৰে প্ৰশংসা কৰিছিল আৰু লগতে তেওঁক তেওঁৰ সাবৰমতী আশ্ৰমলৈ (গুজৰাটৰ আহমেদাবাদত অৱস্থিত) নিমন্ত্ৰণ জনাইছিল। এইদৰে হেলেন লেপচা গান্ধীজীৰ সংস্পৰ্শলৈ আহিছিল। সাৱৰমতী আশ্ৰমলৈ যোৱাৰ সময়ত গান্ধীজীয়ে হেলেন লেপচাৰ নাম সলনি কৰি সাবিত্ৰী দেৱী বুলি কয়।

পিছত হেলেনে বিহাৰ আৰু উত্তৰ প্ৰদেশক নিজৰ কৰ্মস্থলী কৰি তুলিলে। তেওঁ ঝাৰিয়াৰ কয়লা শ্ৰমিকসকলক সংগঠিত কৰি কংগ্ৰেছ আন্দোলনত অংশগ্ৰহণ কৰাইছিল। আন্দোলনত হেলেনৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে ব্ৰিটিছ চৰকাৰে তেওঁৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল যদিও সঘনাই নিজৰ স্থান সলনি কৰি নিজকে লুকুৱাই ৰাখিছিল।১৯২১ চনত ড° সৰোজিনী নাইডুৰ সৈতে আহমেদাবাদ কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ গৈছিল। কংগ্ৰেছৰ সাংগঠনিক কামৰ বেছিভাগেই হেলেনে বিহাৰ আৰু উত্তৰ প্ৰদেশত কৰিছিল। হেলেনে বিহাৰৰ (বৰ্তমান ঝাৰখণ্ডত) ঝৰীয়া কয়লাক্ষেত্ৰৰ দহ হাজাৰৰো অধিক খনি শ্ৰমিকৰ শোভাযাত্ৰাৰ নেতৃত্ব দি জনজাতীয় শ্ৰমিকৰ শোষণ আৰু প্ৰতিস্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই ব্ৰিটিছক অশান্ত‌ কৰিছিল।কেৱল এয়াই নহয়, ব্ৰিটিছে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিলে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এলাহাবাদৰ (বৰ্তমান প্ৰয়াগৰাজ) আনন্দ ভৱনতো কিছু সময় লুকাই থাকিল।

এবাৰ তেওঁ গোৰ্খা সত্যগ্ৰহীৰ সৈতে শিলিগুৰিত স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈছিল। এই সময়ছোৱাত আইন ভংগ কৰাৰ অপৰাধত বাৰজন সত্যগ্ৰহীৰ সৈতে তাইক গ্ৰেপ্তাৰ কৰা হয়। ছমাহৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰে ছানীক। ইয়াৰ পিছত তাই তিনি বছৰ গৃহবন্দী হৈ থাকিব লগা হৈছিল।১৯৭৬ চনৰ ‘দ্য ডাইৰেক্টৰী অৱ ইণ্ডিয়ান উইমেন টুডে’ত লিখা আছে যে ১৯৩৯-৪০ চনত যেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুক গৃহবন্দী হৈ আছিল, তেতিয়া হেলেনে ৰ’টিৰ ভিতৰত ৰাখি তেওঁক গোপন তথ্য প্ৰেৰণ কৰিছিল। নেতাজী সুভাষ চন্দ্ৰ বসুক গৃহবন্দীত্বৰ পৰা মুক্ত কৰাত হেলেনে অতি প্ৰশংসনীয় ভূমিকা পালন কৰিছিল, কাৰণ তেওঁ নেতাজীৰ বাবে পাঠান সাজ-পোছাক প্ৰস্তুত কৰিছিল।

স্বাধীনতাৰ পিছত কঠোৰ পৰিশ্ৰমৰ বাবে হেলেন কুৰ্চেয়ং পৌৰসভাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। ১৯৫৮ চনত বংগ চৰকাৰে তেওঁক পৰ্বত জনজাতিৰ মুৰব্বী উপাধিৰে সম্বৰ্ধনা জনায়। ১৯৭২ চনত তেওঁক তাম্ৰপাত্ৰ সন্মান আৰু স্বাধীনতা সংগ্ৰামীৰ পেঞ্চন দিয়া হয়।জনসেৱাৰ প্ৰতি উৎসৰ্গিত হেলেন লেপচা ১৯৮২ চনৰ ১৮ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰে যদিও ভৱিষ্যত প্ৰজন্মই তেওঁৰ জাতি সেৱাৰ প্ৰতি উৎসৰ্গিত জীৱনৰ পৰা সদায় প্ৰেৰণা লাভ কৰিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.