16 February, Sun 2025
support@thecriticalscript.com
Blog image

ভাৰতৰ কেইখনমান বিখ্যাত সুন্দৰ বন্যপ্ৰাণী অভয়াৰণ্য!

23 Jan,2025 06:49 PM, by: Ankita Gogoi
1 minute read Total views: 106
0 Like 0.0

চহকী বনাঞ্চলৰে পৰিপূৰ্ণ দেশত অগণন সংখ্যক বন্যপ্ৰাণী অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আছে। ইয়াত আমি বহুতো বিপন্ন আৰু বিৰল প্ৰাণী প্ৰজাতি, চৰাই, সৰীসৃপ আদি বহুতো দেখা পাওঁ। যিসকলে ভাৰতৰ চহকী বন্যপ্ৰাণীসমূহ অন্বেষণ কৰিব বিচাৰে, তেওঁলোকৰ বাবে কেইখনমান উল্লেখযোগ্য বন্যপ্ৰাণী অভয়াৰণ্য বিষয়ে তলত আলোচনা কৰা হৈছে। 

জিম কৰবেট:


ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান আৰু ১৯৩৬ চনত বিলুপ্তপ্ৰায় বেংগল বাঘক সুৰক্ষা প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। উত্তৰাখণ্ডৰ নেইনিতাল জিলাৰ ৰামনগৰ চহৰৰ সমীপত অৱস্থিত আৰু ইয়াৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা জিম কৰবেটৰ নামেৰে নামাকৰণ কৰা হৈছে। বাঘৰ সূৰক্ষাৰ পদক্ষেপৰ অধীনত অহা এইখনেই আছিল প্ৰথমখন উদ্যান। এইখন গৌৰৱময় চিৰিয়াখানা। ৰামগংগাৰ পাটিডুন উপত্যকাত ১৩১৮.৫৪ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত, য’ত ৮২১.৯৯ বৰ্গ কিলোমিটাৰ জিম কৰবেট টাইগাৰ ৰিজাৰ্ভো অন্তৰ্ভুক্ত।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 


পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়গযুক্ত গঁড়ৰ বাসস্থান কাজিৰঙ বিশ্ব ঐতিহ্যক্ষেত্ৰসমূহৰ এখন। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। 'আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন' সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্র' বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় 'জৈৱ বৈচিত্র্যৰ উল্লেখ্য স্থান'ত অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়।

এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আন এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বিভিন্ন প্ৰজাতিৰ পখিলাৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ভিতৰত এক অন্যতম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। দেশৰ সর্বাধিক পখিলা প্রজাতি থকা অৰুণাচল প্ৰদেশৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যানৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান পাইছে।

নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান

 

নন্দা দেৱী ৰাষ্ট্ৰীয় অভয়াৰণ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ নন্দ দেৱী পৰ্বতৰ আশে-পাশে থকা অঞ্চল, যাক নন্দ দেৱী ৰাষ্ট্ৰীয় অভয়াৰণ্য বুলিও জনা যায়।প্ৰায় ৬৩০.৩৩ বৰ্গ কিলোমিটাৰত বিস্তৃত নন্দা দেৱী ৰাষ্ট্ৰীয় অভয়াৰণ্য উত্তৰ ভাৰতৰ সৰ্ববৃহৎ অভয়াৰণ্য। ১৯৮২ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা আৰু ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ১৯৮৮ চনত বিশ্ব সংস্থা ইউনেস্কোৱে ইয়াক বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰে।এই ৰাষ্ট্ৰীয় উদ্যানখন ৬৩০.৩৩ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত আৰু ফুলৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে মিলি নন্দা দেৱী জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল গঠন কৰে যাৰ মুঠ আয়তন ২২৩৬.৭৪ বৰ্গ কিলোমিটাৰ। এই সংৰক্ষিত বনাঞ্চল ২০০৪ চনৰ পৰা ইউনেস্ক'ৰ বিশ্বৰ জৈৱমণ্ডলৰ সংৰক্ষিত বনাঞ্চলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

কানহা ৰাষ্ট্ৰীয় উদ্যান


কানহা বাঘ সংৰক্ষিত বনাঞ্চল, যাক কানহা ৰাষ্ট্ৰীয় উদ্যান বুলিও কোৱা হয়, ভাৰতৰ অন্যতম বাঘ সংৰক্ষিত বনাঞ্চল আৰু মধ্য ভাৰতত অৱস্থিত মধ্যপ্ৰদেশ ৰাজ্যৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান। বৰ্তমানৰ কানহা অঞ্চলটো হল্লান আৰু বাঞ্জাৰ নামৰ দুটা অভয়াৰণ্যত ভাগ কৰা হৈছিল আৰু ইয়াৰ আয়তন ক্ৰমে ২৫০ আৰু ৩০০ কিলোমিটাৰ।

সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান 


ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ দক্ষিণ অংশৰ গংগা নদীৰ সুন্দৰবন বদ্বীপ অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান তথা বাঘ সংৰক্ষিত আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। ঘন মেংগ্ৰোভ অৰণ্যৰে আবৃত এই অঞ্চলটো ৰয়েল বেংগল টাইগাৰৰ বাবে সৰ্ববৃহৎ সংৰক্ষিত অঞ্চল। পৃথিৱীৰ এইটোৱেই একমাত্ৰ নদীৰ বদ্বীপ য’ত বাঘ পোৱা যায়। বৰ্তমানৰ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখনক ১৯৭৩ চনত মূল সুন্দৰবন বাঘ সংৰক্ষিত বনাঞ্চলৰ মূল অঞ্চল আৰু ১৯৭৭ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ১৯৮৪ চনৰ ৪ মে'ত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.