27 July, Sat 2024
support@thecriticalscript.com
Blog image

পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া

08 Apr,2023 02:41 PM, by: Ankita Gogoi
1 minute read Total views: 726
2 Likes 0.0

অসমৰ বয়ন শিল্পী তথা শিপিনী শ্ৰীযুতা হেমপ্ৰভা চুতীয়াক তেওঁ তাঁতশালত ৰচা শিল্পকৰ্মৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মুৰ্মূৱে এই বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰে।তেওঁ প্ৰধানকৈ ধৰ্মগ্ৰন্থৰ পদ আদিৰ চানেকি তাঁতৰ কাপোৰত বৈ উলিওৱাৰ বাবে জনাজাত।তাঁতশালত তেওঁৰ অনন্য আৰু ব্যতিক্ৰমী সৃষ্টি অভূতপূৰ্ব।তেওঁ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত “গুণমালা” মাধবদেৱৰ নামঘোষা আৰু ভাগৱত গীতা ক্ৰমে অসমীয়া, সংস্কৃত আৰু ইংৰাজী ভাষাত তাঁতশালত বৈ উলিয়াইছিল। আৰু আটাইকেইখন গ্ৰন্থ চাৰিবিধ ভিন ভিন কাপোৰত বৈ উলিয়াইছিল।।তাঁতশালত সৃষ্ট এই সম্পদসমূহৰ বাবেই হেমপ্ৰভা চুতীয়াক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।ধৰ্মগ্ৰন্থ তেওঁ কেইবাটাও ভাষাত বৈ উলিয়াইছে। ১৯৫৫ চনৰ ২২ ছেপ্টেম্বৰত অসমৰ ডিব্ৰুগড় জিলাৰ ফটিকাচোৱা অভয়পুৰিয়া গাঁৱত হেমপ্ৰভা চুতীয়াই জন্মগ্ৰহণ কৰিছিল।তেওঁৰ পিতৃ আছিল এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক।২০১৩ চনত ব'বলৈ আৰম্ভ কৰা এই  ক’লা ঊণেৰে মুগাত বৈ উলিওৱা এই বস্ত্ৰখনৰ দৈৰ্ঘ্য হৈছে ৮০ ফুট আৰু প্ৰস্থ হৈছে ১৮ ইঞ্চি। আনফালে মাধৱদেৱ বিৰচিত নামঘোষা বৈ উলিয়াইছে ২০০ ফুট দৈৰ্ঘ্যৰ আৰু ২ ফুট প্ৰস্থৰ মুগা আৰু ক’লা ঊণৰ এখন বৰ্ণ বস্ত্ৰত। শ্ৰীযুতা চুতীয়াই ভাগৱত গীতা গ্ৰন্থখন বৈ উলিয়াইছে সংস্কৃত আৰু ইংৰাজী ভাষাত। এই বৰ্ণবস্ত্ৰ দুখন সেউজীয়া ঊণ আৰু মুগাৰে প্ৰস্তুত কৰা হৈছে। ইয়াৰে সংস্কৃত বৰ্ণবস্ত্ৰখনৰ দৈৰ্ঘ্য ১৫০ ফুট আৰু প্ৰস্থ ২ ফুট। আনফালে ইংৰাজী ভাষায় প্ৰস্তুত কৰা বৰ্ণবস্ত্ৰখনৰ দৈৰ্ঘ্য ২৮০ ফুট আৰু প্ৰস্থ ২ ফুট।২০১৩ চনৰ পৰা তেওঁ এই কামত মনোনিবেশ কৰে।  তেখেতৰ এই কৰ্মৰাজীক প্ৰথমবাৰৰ বাবে সমাজলৈ আগবঢ়াই দিয়াত অসম সাহিত্য সভাৰ কলিয়াবৰ শাখাই আগভাগ লৈছিল। তাঁতশালত সৃষ্ট এই সম্পদসমূহৰ বাবেই হেমপ্ৰভা চুতীয়াই বিগত বৰ্ষত অসম গৌৰৱ বঁটা আৰু শেহতীয়াকৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছিল । এইসমূহ সৃষ্টিৰাজী সংৰক্ষণৰ বাবে বিগত সময়ছোৱাত হেমপ্ৰভা চুতীয়াৰ লগতে বিভিন্ন সচেতন মহলে চৰকাৰক দাবী জনাই আহিছিল যদিও সেয়া হৈ উঠা নাছিল।উল্লেখ্য যে হেমপ্ৰভা চুতীয়াই এইপৰ্যন্ত ভালেমান সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত অসম চৰকাৰে ২০২২ চনত আগবঢ়োৱা সন্মানীয় অসম গৌৰৱ (অসম চৰকাৰৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান), ২০২০ চনত প্ৰাগ নিউজে আগবঢ়োৱা প্ৰাগ প্ৰেৰণা সন্মান অন্যতম। ঠিক তেনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ পৰা আই কনকলতা বঁটা, ২০১৭ চনত বকুলবন ন্যাসৰ বকুলবন বঁটা, ২০২১ চনত ডাউন-টাউন বিশ্ববিদ্যালয়ে প্ৰদান কৰা শিপিনী কলাকাৰ বঁটাও অন্যান্য বহু বঁটা-বাহনৰ মাজত অন্যতম। ২০২৩বৰ্ষত ভাৰত চৰকাৰে হেমপ্ৰভা চুতীয়াক কলা বিষয়ত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে। শেহতীয়াকৈ মৰাণৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ উদ্যোগত গঠন কৰা হ'ল হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ বাবে "হেমপ্ৰভা চুতীয়া সৃষ্ট কলা-শিল্প সংৰক্ষণ ট্ৰাষ্ট" নামেৰে এটা ট্ৰাষ্ট । হেমপ্ৰভা চুতীয়াৰ তাঁতশালত সৃষ্ট সম্পদসমূহ সুৰক্ষিত হোৱাকৈ আৰু ৰাইজৰ প্ৰদৰ্শনৰ সুবিধা হোৱাকৈ এই সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব । এই অনুষ্ঠানত অংশ লৈ পদ্মশ্ৰী বঁটাপ্ৰাপক হেমপ্ৰভা চুতীয়াই কয়, "মই চাৰিখনকৈ ধৰ্মগ্ৰন্থ তাঁতশালত বৈ উলিয়াইছো । এতিয়া গুণমালা ভাগি ইংৰাজীত বাঁহৰ কাঠীৰে বৈ আছো । ইতিমধ্যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এই সৃষ্টিৰাজিক স্বীকৃতি প্ৰদান কৰিছে । সেইকাৰণে মই এই সৃষ্টিৰাজিক মোৰ সম্পদ নহয় অসমৰ সম্পদ বুলি ভাবিছো । গতিকে এই সম্পদৰাজিক সংৰক্ষণৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিছো । সেইকাৰণে আজি সভা অনুষ্ঠিত হোৱা এই স্থানতে এটি সংগ্ৰহালয় নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছো"


বঁটা আৰু সন্মানসমূহ

যোৰহাটৰ বকুলবন ন্যাসৰ বকুলবন বঁটা (২৭ জানুৱাৰী ২০১৭)

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই কনকলতা বঁটা (০৬ ফেব্ৰুৱাৰী ২০১৭)

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ শ্ৰেষ্ঠা শিপিনী বঁটা (১৫ আগষ্ট ২০১৬)

অসম চৰকাৰৰ অসামৰিক সন্মান অসম গৌৰৱ বঁটা' (২০২১-২২)

গহপুৰ চুতীয়া যুৱ সন্মিলনৰ সূবৰ্ণবালা বৰা সাংস্কৃতিক বঁটা (২৯ জানুৱাৰী ২০১৮)

গুৱাহাটীৰ ঋষি কপিল মেম'ৰিয়েল ট্ৰাষ্টৰ শিল্পী ঋষি কপিল মেম'ৰিয়েল বঁটা

লোকশিল্পী ডলী দাস বঁটা-২০১৮ (Maramland Welfare Society)

নাৰী মহিয়সী বঁটা-২০১৯ (গতি সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা)

আৰতি দাস সোঁৱৰণী সদিচ্ছা সমাজসেৱা বঁটা (০৮ মাৰ্চ ২০২০)

প্ৰাগ প্ৰেৰণা বঁটা (০৮ মাৰ্চ ২০২০)

পদ্মশ্ৰী বঁটা (২০২৩)


সহায় লৈ

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.