26 September, Fri 2025
support@thecriticalscript.com
Blog image

সমৃদ্ধ সংস্কৃতিত লোক ঔষধৰ পৰম্পৰা

15 Sep,2025 05:45 PM, by: Super Admin
1 minute read Total views: 76
0 Like 0.0

মানুহৰ সমগ্ৰ জীৱন পদ্ধতিয়েই সংস্কৃতি। সমাজ জীৱনত মানুহে পালন কৰা বা মানি চলা নীতি-নিয়ম, ৰীতি-নীতি, আচাৰ-আচৰণ, নৈতিকতা, ইত্যাদিয়ে সংস্কৃতিক সমৃদ্ধশালী কৰি তুলিছে 'সংস্কৃতি সংজ্ঞা আৰু স্বৰূপ' গ্রন্থত মাণিক শইকীয়াই কৈছে যে "কোনো এক ব্যক্তি বা জনসমষ্টিয়ে, সংশ্লিষ্ট সমাজখনব অনুমোদন সাপেক্ষে, জৈৱিক আৰু নান্দনিক প্রয়োজনীয়তা সমূহ সাধন কৰিবৰ বাবে যিবোৰ কৃত্য যেনেকৈ সম্পাদন কৰে আৰু যিসমূহ লোকবিশ্বাস মানি চলে বা লোকাচাৰ আচৰণ কৰে সিয়ে সংস্কৃতি। "গতিকে সংস্কৃতিক সমৃদ্ধ কৰি তোলাব পৰম্পৰা আৱাহমান কালৰে পৰা চলি আহিছে আৰু চলি থাকিব।সংস্কৃতিৰ ভিতৰুৱা সামাজিক লোকাচাৰ সমূহৰ অন্যতমএটা ভাগ হ'ল লোকঔষধ। অসমীয়া সমাজ জীবনব লোকবিশ্বাস আৰু পৰম্পৰাত লোক ঔষধৰ ভূমিকা অন্যতম। এই লোকঔষধ পৰম্পৰাগত আৰু থলুৱা। সংস্কৃতিক সমৃদ্ধশালী কৰি তোলাত অৰিহণা যোগোৱা কেইবিধমান উপাদান হ'ল-

অসমীয়া সংস্কৃতিৰ পৰম্পৰাত তামোলখনঃ

অসমীয়া সমাজৰ তামোলখনৰ পৰা আৰম্ভ কৰি সকলো বিলাক পৰম্পৰাগত খাদ্যসম্ভাৰতে আমি নজনাকৈ ঔষধি গুণ আছে।আমি যদি পৰম্পৰাগত ককা, আজুককা দিনৰ পৰা প্রচলিত এখন ঔষধিযুক্ত তামোলৰ কথালৈ আহো সাধাৰণতে তামোলৰ সৈতে পাণ, চুল, চাদাৰে সৈতে খোৱা তামোলখন নহয়। লগত উপকৰণ হিচাপে তামোলৰ সৈতে আমৰ চালি, আম আদা, কলা হালধি, ভেকুৰী, জেষ্ঠমধু, মেকুৰীৰ চালি, কর্মূল, লং, কাবাব চেনী, তবাবাঘিনী, এই বস্তুখিনি দি তামোলখন খোৱাৰ লগে লগে বহুখিনি ৰোগৰ পৰা পৰিত্রাণ পব পাৰি আৰু ই প্রতিষেধক হিচাপে কাম কৰে। চালি অর্থাৎ বহত গছৰ ছাল, ইয়াৰ জৰিয়তে পেলু-কৃমি নাশ হয় আৰু নার্ভ সবল কৰি তোলাত সহায় কৰে।

জেষ্ঠমধু ডায়েবেটিছ ৰোগৰ প্রতিষেধক, কাবাব চেনীয়ে মানুহৰ স্বৰভংগ ঠিক কবে। ভেকুৰীয়ে পেলু, কৃমি, নাশ কৰে। তৰাবাঘিনীয়ে লিভাৰ দুৰ্বল হোৱাৰ পৰা পৰিত্ৰাণ কৰিব পাৰে। দেখা যায় যে ইয়াত উল্লেখ কৰা প্ৰায়বোৰ উপকৰণ মানুহে চিনিব নোৱাৰিব পাৰে বা পাবলৈও দুর্লভ। সেয়েহে ইয়াক সংৰক্ষণ কৰাৰো আমাৰ দায়িত্ব। ই আমাৰ অসমীয়া পৰম্পৰাগত সংস্কৃতিক অধিক সমৃদ্ধশালী কৰি তোলাৰ এক প্রয়াস। লগতে বহুবোৰ ৰোগৰপৰাওপবিত্ৰাণ দিবপৰাকৈ সক্ষমএই তামোলখন। এইদৰে আমি আমাৰ চৌপাশত দেখি থকা বহুবোৰ উদ্ভিদৰ ঔষধি গুণ থকা স্বতেও আমি ইয়াৰ গুণাগুণ নাজানো বা ব্যৱহাৰ নকৰো কিন্তু আমাৰ ককা-আইতাই এই সমূহ পৰম্পৰাগতভাবে লোকঔষধ হিচাপে ব্যৱহাৰ কবি বহু ৰোগৰ পৰা পৰিত্ৰাণ পাইছিল। এই চিকিৎসা পদ্ধতি অতি পুৰণি। আনকি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে "ধন্বন্তবি" অবতাৰ বর্ণনা কৰোতে "কীর্তন" শাস্ত্রত দিছে " সাগৰ মথন্তে অমৃতৰ যট ধবি। ধন্বন্তৰি ৰূপে অবতাব ভৈলা হবি।। যত বৈদ্য শাস্ত্রচয় কবিলা প্রকাশ। যাহাক জানিলে হয় ব্যাধিন বিনাশ।"

আমি বিভিন্ন উদ্ভিদৰ পৰা প্ৰস্তুত কৰা ঔষধৰ কথা কম-বেছি পৰিমাণে সকলোৱে জানো। কিন্তু জীৱ অর্থাৎ প্ৰাণীৰঅংগ, পতংগ, হাড়, ছাল, গাঁঠি, মল-মূত্র আদিও বনৌষধৰ পৰিপূৰক আৰু স্বতন্ত্রভাৱেও ৰোগ নিৰাময়ত ব্যৱহাৰ হৈ আহিছে আৰু এইসমূহ বিভিন্ন ঔষধি গছৰ সৈতেও মিহলাই ঔষধ প্রস্তুত কৰা হৈছিল। এই ঔষধ সমূহ আমাৰ গাঁওবে-ভূঞে প্রচলন আছিল। এইসমূহ পৰম্পৰাইও আমাৰ অসমীয়া সংস্কৃতিক সমৃদ্ধশালী কৰিছে।কিন্তু গুৰুত্বপূর্ণ এইয়ে যে সেইবুলি আমি সকলোবে জানো যে ঔষধৰ বাবে নিৰীহ প্রাণী হত্যা কৰিব নোৱাৰো কাৰণ ভাৰতৰ দণ্ডবিধিৰ নিয়ম অনুসৰি 'প্রাণী হত্যা আইন'ৰ দ্বাৰা আমাক এনেধৰণৰ পদক্ষেপ ল'লে শাস্তি প্রদান কৰা হ'ব। তদুপৰি ঔষধত দিয়া উপৰণসমূহ গোপনে ৰখাৰ পৰম্পৰা এটাও আছে কাৰণ ৰোগীয়ে জানিলে ঔষধ সমূহ লবলৈ ঘিণ কৰিবও পাৰে। কিন্তু জানি আচৰিত হ'ব পৰা ধৰণৰ কিছুমান উপাদান আমি পাঁও, সেইসমূহ এনেধৰণৰ -

ঔষধৰ পৰম্পৰাত প্ৰাণীৰ উপকৰণৰ প্ৰয়োগঃ 

প্রথমেই জীব বা প্রাণী বুলি কওঁতেই মানুহৰ কথাই সর্বপ্রথমে আহে।মানুহৰ চুলিও ঔষধতব্যৱহাৰ হয় ।মকৰাই দংশন কৰিলে মূৰৰ চুলি পুৰি নাৰিকল তেলৰ সৈতে প্রলেপ দিলে বিষ উপশম হৈছিল ।মানুহৰ পিছতে আহে বাকী বিভিন্ন প্রাণীসমূহ। ককুৰীকণা, তেজ গ্রহণী ৰোগৰ পৰা উপশম পাবলৈ বৰ ভেকুলীৰ মাংস খাবলৈ দিয়া হ'য়। সেইদবে গুঁইৰ মাংসও তেজ গ্রহণী ৰোগৰ প্ৰতিষ্কেক লগতে কাণগাঁৰ হ'লে শুকান গুইব নেজেৰে কাণ খরকীয়ালে কাণগাঁৰ কাৰণে ভাল বুলি কোৱা হয়। কাণলতিত, কাণৰ বাহিৰৰ অংশত ঘা হ'লে গাগিনী (ফৰিং জাতীয় প্রাণী)ব বাহ জুইত পুৰি ছাইবোৰ নাৰিকল তেলৰ সৈতে সানি ঘা শুকোৱাইছিল। কুচিয়াৰ মূৰ তিনিটা চেংমৰা শাকৰ সৈতে বান্ধি জোল কবি খালে, সঞ্চিত গ্রহণী ভাল হোৱা বুলি কোৱা হৈছিল। এটা বাঁহৰ চুঙাত বৰাধানৰ পিঠাগুৰি কুচিয়া তেজেৰে সানি তিনি দিন সেই চুত্তাৰ পিঠা পুবি খালেও সৃঞ্চিত গ্রহণীৰ বাবে ঔষধত খাটিছিল। তদুপৰি গৰুৰ গাখীৰৰ সৈতে চতিয়না গছৰ ছাল, আৰু শিপাৰ ছালৰ ৰস উলিয়াই উতলা গাখীৰৰ সৈতে ঢালি ঠাণ্ডা কৰি খুৱাইও সঞ্চিত গ্রহণীৰ ৰোগ ভাল কৰা হৈছিল। জুইয়ে পোৰা ঘাত কাছৰ চলং পুৰি ছাই কৰি, কাপোৰত বান্ধি ঘা থকা জেগাত টুকুৰিয়াই টুকুৰিয়াই ঘা শুকোৱাইছিল আৰু ভৱিষ্যতেও ঘাৰ নতুন ছাল বগা হৈ নাথাকে বুলি ধাৰণা আছিল। তুৰা মাছৰ মূৰ জুইত ছাই হোৱাকৈ পুৰি এচামুচ হালধি গুড়িৰ সৈতে মিহলাই বিন্ধা অংশত লগাই সাপৰ কাঁইট উলিওৱা হৈছিল। খলিহনা মাছ, চেংমৰা আৰু আহু ধানৰ সান্দহ গুড়িৰ সৈতে খুৱাই অৰ্শ ৰোগ ভাল কৰা হৈছিল। অৰ্শ বা কেচুমুৰীয়া ৰোগত মাংস বাঢ়ি আহিলে এটা বোন্দা কেচুৰ (বৰ কেচু) মূৰ আনি জুইত পুৰি ছাই কৰি জেতুলী পকা আগৰ লগত পিহি অলপ নাৰিকল তেলৰ লগত মিহলাই শৌচদ্বাৰত লগাই অৰ্শ ৰোগ ভাল কৰা হৈছিল। পাঁচটা মালভোগ কলত এটাকৈ কলগছৰ কেচু মুৰ সুমুৱাই খালি পেটত পাঁচ দিন খালেও অৰ্শ ৰোগৰ ঔষধ হৈছিল। নাৰেংগা বোগত এটা জাঁইফল পটাত পিহি দুই,তিনি টোপাল চুক ভেকুলীৰ তেজ দি বড়ি এটা কৰি খুৱাই ভাল কৰা হৈছিল। ঋতুশূল ৰোগত তৰুৱা কদমৰ ছাল, মিতাৰ দক্ষিণৰ শিপা, জালুকৰ সৈতে এৰী বা মুগাৰ লেটা এটা লগত লৈ পিহি উলিয়াই ঋতুকালত খাবলৈ দি ঋতুশূল ৰোগ ভাল কৰা হৈছিল। কুঁজী থেকেৰা নহৰু মৰাণ আদা, বগা মদাৰ ছাল, বৌ মাছৰ পিতৰ সৈতে গুটি জালুক আৰু পাঁচডাল দুবৰি বনৰ আগ, এই সকলো দ্রব্য একেলগে পটাত পিহি পীত্ত ৰোগৰ ঔষধ বনোৱা হৈছিল। অসমীয়াৰ পৰম্পৰাত লোকবিশ্বাস যে গৰু বিহুৰ দিনা আমৰলি টোপৰ বস কেঁচাই খাই বছৰটোলৈ এঁৰা নভঙাৰ ঔষধ খোৱা হ'ল বুলি ভবা হয় তদুপৰি আমৰলি পৰুৱাৰ টোপৰ ৰসৰ সৈতে পুৰণা গুৰ মিহলাই শিশুক খুবালে হাপানী বোগ দূৰ হয়। চপা গছৰ আমৰলি পৰুৱা বিশ, ত্রিশটা মান হাতেৰে মোহাৰি তাৰ গোন্ধ নাকেৰে নিশ্বাস লালে মূৰ কামোৰণি দূৰ হোৱাৰ ঔষধত খাতে।দলকচু ধানৰ পইতা ভাত ছাগলী গাখীৰ সৈতে মিহলাই দুসাঁজ বা তিনিসাঁজ ভাত খালেই গা পোৰণি অখুস ভাল হয়। বেচু ঘা হ'লে বতা মাছৰ পেটু গা অংশত প্রলেপ দি ভাল কৰা হৈছিল। জলাতংক ৰোগ হ'লে আহোম বগৰীৰ পাত, আমগুটিৰ ভিতৰ শাহ অংশ, ক'লা মেকুৰীৰ মল (শৌচ) এই

তিনিও বিধ পিহি ঔষধ হিচাপে খুওৱা হৈছিল ।ইয়াৰ একসপ্তাহৰ পাছত মকাল বা মুকাল বাঁহৰ শুকান খৰিচাৰ লগত, আমৰলিয়া মতা হাঁহৰ অণ্ড ভাজি খুওৱা হৈছিল। বলিয়া কুকুৰে কামুৰিলে জাতি বেতৰ ৰসৰ সৈতে একে বৰণীয়া গৰুৰ গাখীৰৰ লগত ঔষধ হিচাপে খুওৱা হৈছিল। ওলকচু জুইত পুৰি গৰু গাখীৰৰ লগত খালে কুষ্ঠ-কাঠিন্য দূৰ হৈছিল। হাড় জোৰা ঔষধত পানীত থকা লেধাই শামুক-দুটামান পানীত ধুই তিনি ঘণ্টা তিয়াই থৈ ঔষধটো বান্ধিবৰ সময়ত শামুক জিবোবা পানী অলপ দি ঔষধখিনি খামোচিয়া কবি প্রয়োজন অনুপাতে বান্ধিব লাগে।হাড় জোৰা ঔষধ হিচাপে এই নিয়মত তিনি দিন বন্ধা হৈছিল। কেচুৱা ল'ৰা-ছোৱালীৰ ঘুমুৰীয়া (ডিঙি বাজে,কাহ হয়, পানী লাগে) হয়। এই ৰোগত কেএলবনৰ চেঁচো এটা, পলাই যোৱা এবী বা মৃগাল খোলা এটাত ভৰাই ডিঙিত মণিৰ দৰে পিন্ধাই দিলে ঘুমুৰীয়া ৰোগ ভাল হোৱাৰ ঔষধত খাতিছিল। তদুপৰি প্ৰাণীৰ বিভিন্ন অংগও ঔষধ হিচাপে ব্যৱহাৰ হোৱা দেখা যায়। তেনে এবিধ প্রাণী হ'ল উদ,ই মাছ খায়, ইয়াৰ হাতোৰাই যদি মানুহৰ ডিঙিত মাছ বা মাংসৰ কাইট লাগি ধৰে, আচুৰি দিলেই সেই কাঁইট গুচি যায় বুলি বিশ্বাস কৰিছিল। নেউলৰ জিহ্বা পুৰি ছাই কৰি আৰু ইয়াৰ সৈতে ঢেকীয়াৰ শিপা মিশ্ৰণ কৰি ঔষধ হিচাপে সাপে খুটা অংশত লগোৱা হৈছিল।সাধাৰণতে পানীত থকা এবিধ প্রাণী শিশু। ইয়াৰ পৰা তেল প্ৰস্তুত কৰি পয়ালগা ৰোগৰ বাবে ঔষধ বনোৱা হৈছিল। তাৰোপৰি গড়ৰ ছাল, হৰিণৰ শিঙ, গাহৰিৰ দাঁত, বাঘৰ দাঁত, কেটেলা পহুৰ ভূ, মহ'ৰ শিঙ, মেচেকাৰ মল, বান্দৰৰ মল, আৰু ধনেশপক্ষীৰ ঠোঁট, ইত্যাদি বিভিন্ন প্ৰাণীৰ পৰা পোৱা উপকৰণ ঔষধ প্ৰস্তুত কৰিবৰ বাবে প্রয়োজন হৈছিল। কিন্তু এই বস্তু সমুহ পোৱাতো দুর্লভ আৰু ইয়াৰ বাবে আমি নিৰীহ প্রাণী হত্যা কৰি ঔষধ প্রস্তুত কৰিব নোৱাৰো। সেয়েহে এইসমূহ ঔষধি মানুহে ব্যৱহাৰ কৰিবলৈ নোপোৱাও হৈছে। হ'লেও আমি এই পৰম্পৰা সংগ্ৰহ কৰি ৰখা প্রয়োজন।

এনেধৰণে বিভিন্ন প্ৰাণীৰ পৰা পোৱা উপকৰণৰ সৈতে ঔষধি গছ মিহলাই পৰম্পৰাখিত লোকঔষধি তৈয়াৰ কৰা হৈছিল।বিভিন্ন অঞ্চলত বিভিন্ন ধৰণেৰে সুকীয়াকৈ লোক ঔষধ তৈয়াৰ কৰা নিয়মো থাকিব পাৰে।কিন্তু সম্প্রতি বৈজ্ঞানিক চিকিৎসা পদ্ধতিয়ে এই পৰম্পৰাক কমাই আনিছে যদিও আমি এই লোকঔষধৰ চিকিৎসা পদ্ধতিক কালৰ গৰাহত হেৰাই যাবলৈ দিব নোৱাৰো আৰু আমি এই পৰম্পৰাক একেবাৰে উলাই কৰিবও নোৱাৰো কাৰণ কিছুমান উপাদান স্বাস্থ্যসন্মত আৰু প্রয়োজনীয় । (এই প্রবন্ধত দিয়া তথ্য সমূহ, যোৰহাট লাহদৈগড়, হোলোঙাপাৰ গোহাঁই গাঁৱৰ জীৱেশ্বৰ বৰপাত্ৰ গোহাঁইৰ পৰা সাক্ষাৎকাৰ যোগে সংগ্ৰহ কৰা হৈছে। তেখেত পৰম্পৰাগত লোক ঔষধি চিকিৎসাৰ সৈতে জড়িত এজন ব্যক্তি তদুপৰি অসম লোক ঔষধি চিকিৎসক সন্থাৰ সভাপতি।)


Anamika Borgohain

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.