25 October, Sat 2025
support@thecriticalscript.com
Blog image

ডুমডুমা নাট্য মন্দিৰ মহিলাই অভিনয় কৰা প্ৰথম মঞ্চ

24 Oct,2025 05:50 PM, by: Ankita Gogoi
1 minute read Total views: 79
0 Like 0.0

সমাজৰ দৃষ্টিত সেই সময়ত এই কথাটো যেন আছিল এক অস্পৃশ্য সত্য। কিন্তু তেনে সময়তে অসমৰ সমাজ জীৱনত ভুল চিন্তাধাৰা আঁতৰাই, তিনিচুকীয়া জিলাৰ ডুমডুমা নাট্য মন্দিৰৰ মঞ্চত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা শিল্পীয়ে অভিনয় কৰি সৃষ্টি কৰিছিল এক ইতিহাস।

১৯৩৩ চনত সাধাৰণতে, অসমৰ প্ৰথম মহিলা অভিনেত্ৰী বুলি ক’লে সকলোৰে মনলৈ আহে ‘জয়মতী’ৰ মূল অভিনেত্ৰী আইদেউ সন্দিকৈৰ নাম। কিন্তু আইদেউ সন্দিকৈ আছিল প্ৰথমগৰাকী মহিলা যিয়ে অসমীয়া চিনেমাত অভিনয় কৰিছিল, কিন্তু তাৰ পূৰ্বে এগৰাকী সাহসী মহিলা ডুমডুমা নাট্য মন্দিৰৰ মঞ্চত উঠি সমাজৰ অন্ধবিশ্বাস ভাঙি দিছিল। তিনিচুকীয়া জিলাৰ ডুমডুমাত ১৯৩৩ চনত প্ৰথমবাৰৰ বাবে মহিলাই নাটকৰ মঞ্চত অভিনয় কৰি নতুন ইতিহাসৰ সূচনা কৰে। মহিলাসকলক অভিনয় জগতলৈ খোজ পেলাবলৈ সুযোগ দিয়া প্ৰথম মঞ্চখন আছিল ঐতিহাসিক ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰ, যিয়ে এতিয়া শতাব্দীৰ সীমাও অতিক্ৰম কৰিছে।

১৯৩৩ চনৰ আগলৈকে অসমত কোনো মহিলা বা যুৱতীয়েই নাটকৰ মঞ্চত অভিনয় কৰিব নোৱাৰিছিল। তেনে কৰিলে সমাজৰ সমালোচনা, নিন্দা আৰু প্ৰতিবন্ধকতাৰে ভৰিপূৰ্ণ হৈছিল। পুৰুষ অভিনেতাসকলোও মহিলাৰ সৈতে একেলগে অভিনয় কৰিবলৈ আগ্ৰহী নাছিল। সেই সামাজিক বিৰোধিতাৰ মাজতো ১৯৩৩ চনত এগৰাকী অসমীয়া মহিলাই প্ৰথমবাৰৰ বাবে নাটকত অভিনয় কৰে, আৰু সেই ঐতিহাসিক স্থানটো আছিল ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰ, যিটো প্ৰতিষ্ঠা হৈছিল ১৯০৪ চনত।

প্ৰায় এক শতাব্দী আগৰ কথা। নামনি অসমৰ পৰা কিছু খিলঞ্জীয়া ব্যৱসায়ী ব্যৱসায়ৰ উদ্দেশ্যে ডুমডুমালৈ আহিছিল। ব্যৱসায়ৰ সৈতে-সাথে তেখেতসকলে স্থানীয়ভাৱে পূজা আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰিছিল। সেই ধাৰাৰ ফলস্বৰূপে ১৯০৪ চনত স্থাপন কৰা হয় এটা পূজা মন্দিৰ। পূজাৰ সময়ত মনোৰঞ্জনৰ অংশ হিচাপে সেই ঠাইত আৰম্ভ হয় নাটক প্ৰদৰ্শনৰ পৰম্পৰা। মন্দিৰৰ কাষতে এক যুৰীয়া ঘৰ নিৰ্মাণ কৰি নাট্যাভিনয়ৰ বাবে উপযোগী কৰা হৈছিল। যিটো আজিও ডুমডুমা নাট্য মন্দিৰ নামত পৰিচিত। এই মঞ্চতেই ১৯৩৩ চনত নটসৈনিক আৰু অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই ৰচনা কৰিছিল এক ইতিহাস। তেখেতে নামনি অসমৰ লগতে নগাঁও, শিৱসাগৰ আৰু যোৰহাটৰ পৰা ছজন মহিলা-যুৱতী অভিনেত্রীক লৈ বিভিন্ন প্ৰান্তত নাটক মঞ্চস্থ কৰিবলৈ প্ৰচেষ্টা কৰিছিল, যদিও সমাজে প্ৰথমতে তেনে অনুমতি দিবলৈ একেবাৰে অস্বীকাৰ কৰিছিল।

পৰৱৰ্তী সময়ত নটসৈনিক ব্ৰজনাথ শৰ্মাক ডুমডুমাবাসীয়ে নাট মঞ্চস্থ কৰাৰ বাবে ডুমডুমা নাট্য মন্দিৰলৈ আমন্ত্ৰণ জনায়। তাৰ পিছত অসমত সহ-অভিনয়ৰ প্ৰচলন আৰম্ভ কৰাৰ উদ্দেশ্যে তেওঁ কহিনুৰ অপেৰা পাৰ্টী গঠন কৰে। ১৯৩৩ চনত ডুমডুমা নাট্য মন্দিৰত ব্ৰজনাথ শৰ্মাই নটসূৰ্য ফণী শৰ্মা আৰু ডুমডুমাৰ কিছু সংস্কৃতিপ্ৰেমী ব্যক্তিক লগত লৈ সহ-অভিনয়ৰ নতুন দিশ খুলে দিয়ে। সেই সময়তেই প্ৰথমবাৰৰ বাবে অসমত মহিলাই সহ-অভিনয়ত অংশগ্ৰহণ কৰে “মৰাণ জীয়াৰী” নামৰ এই নাটখনৰ জৰিয়তে।এই ঐতিহাসিক নাটখনৰ পিছত পৰিৱেশ ধীৰে ধীৰে সলনি হ’বলৈ ধৰিলে। ফলস্বৰূপে ১৯৩৫ চনত “জয়মতী” চলচ্চিত্ৰত আইদেউ সন্দিকৈয়ে প্ৰথমবাৰৰ বাবে অভিনেত্ৰীৰ ৰূপত পৰ্দাত অৱতীৰ্ণ হয়।

ডুমডুমা নাট্য মন্দিৰৰ সেই ঐতিহাসিক মঞ্চতেই প্ৰথমবাৰৰ বাবে সর্বেশ্বৰী দাস, গোলাপী দাস, ফুলেশ্বৰী দাস, বিনোদা গগৈ, লাবণ্য দাস আৰু শৈলবালা দেৱীয়ে সহ-অভিনয় আৰম্ভ কৰে। নলবাৰীৰ কহিনুৰ অপেৰা পাৰ্টীৰ জৰিয়তে তেওঁলোকে অসমীয়াৰ নাট্যজগতত মহিলাৰ অংশগ্ৰহণৰ নৱ দিগন্ত উন্মোচন কৰে, যাৰ ফলত অসমীয়াৰ নাট্যধাৰা সম্পূৰ্ণ ৰূপে সলনি হৈ যায়।

ইতিহাস ৰচনা হ’ল ঠিকেই, কিন্তু সমাজে প্ৰথমে এই নতুন ধাৰাৰ নাট্যচর্চা সহজভাৱে গ্ৰহণ কৰা নাছিল। মহিলা শিল্পীসকল অভিনয় কৰি ঘৰলৈ ওলালেই সমাজৰ তিৰস্কাৰৰ সন্মুখীন হ’ব লগা হৈছিল। সেই সময়তে সমাজৰ এই সংকীর্ণতা ভাঙিবলৈ আগবাঢ়ি আহে নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী। অভিনয় কৰাৰ বাবে সমাজে যাক গ্ৰহণ কৰা নাছিল সেই বিনোদা গগৈক চন্দ্ৰ চৌধুৰীয়ে ডুমডুমা নাট্য মন্দিৰৰ মঞ্চতে ৰাইজৰ সন্মুখত বিবাহ কৰি সমাজক এক দৃঢ় বাৰ্তা দিয়ে।

বহু ইতিহাস বিজড়িত ডুমডুমা নাট্য মন্দিৰ আজিও আছে। ব্ৰজনাথ শৰ্মা আৰু চন্দ্ৰ চৌধুৰীৰ পিছত এই মঞ্চত নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদিৰ দৰে বিশিষ্ট শিল্পীৰ আগমন ঘটিছিল। এইসকল মহান শিল্পীয়ে এই মঞ্চতে বহু প্ৰসিদ্ধ নাটক মঞ্চস্থ কৰিছিল। এইদৰে, ১৯৩৩ চনৰ সেই সময়চোৱাত ডুমডুমা নাট্য মন্দিৰে অসমীয়াৰ নাট্যইতিহাসত অম্লান স্বাক্ষৰ ৰাখিছিল।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.