১১ মে'ৰ পাছত হ'ব নতুন মন্ত্ৰীসভাৰ শপতগ্রহণ : ড০ হিমন্ত বিশ্ব শর্মা
ঐতিহাসিক জয়ৰ পিছত এতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে। ৰাজ্যত বিজেপি মিত্ৰজোঁটে ১০২খন আসন লাভ কৰাৰ পিছত এতিয়া চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত। ৰাজ্যপালৰ অনুমোদনৰ পিছতে চৰকাৰী গঠনৰ বাকী প্ৰক্ৰিয়া আৰম্ভ হ’ব।মুখ্যমন্ত্ৰীয়ে কয় যে ১১ মে’ৰ পিছতে অসমৰ নৱগঠিত চৰকাৰে শপত গ্ৰহণৰ সম্ভাৱনা আছে।
১০২ আসন দখল কৰি অসমত বিজয়ৰ হেটট্ৰিক অৰ্জন কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে। এইবাৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিলে ৮২খন আসন, অসম গণ পৰিষদ আৰু BPFএ লাভ কৰে ১০খনকৈ আসন। ইতিমধ্যে ৰাজ্যপালক বিজয়ী ১২৬ সমষ্টিৰ প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে অৰ্পণ কৰিছে নিৰ্বাচন আয়োগৰ দলে। লোকভৱনত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ নেতৃত্বত বিজয়ী সমষ্টিৰ তালিকা অৰ্পণ কৰিছে। ৰাজ্যত নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপালে প্ৰদান কৰিছে অনুমতি। ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিলে হিমন্ত বিশ্ব শর্মাই।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments