১২ মে’ত অসমৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী
১০২ আসন দখল কৰি অসমত বিজয়ৰ হেটট্ৰিক অৰ্জন কৰিছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটে। এইবাৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিলে ৮২খন আসন, অসম গণ পৰিষদ আৰু BPFএ লাভ কৰে ১০খনকৈ আসন।
১২ মে’ত অনুষ্ঠিত হ’ব অসমৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১২ মে’ৰ পুৱা ১০.১৫ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। ১১ বজাত শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল’ব মোদীয়ে। ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হ’ব বৈঠক।
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো উপস্থিত থাকিব। NDA-শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকিব অসমৰ শপতগ্ৰহণ অনুষ্ঠানত।কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত।ৰাজ্যিক বিজেপিৰ শীৰ্ষ সূত্ৰই। জনোৱা মতে এই শপত গ্ৰহণ অনুষ্ঠানত লক্ষাধিক লোক উপস্থিত থাকিব বুলি সদৰী কৰিছে। ১০ মে’ত অনুষ্ঠিত হ’ব বিজেপি বিধায়নী দলৰ বৈঠক।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments